তৈয়ব মেহতা (Tyeb Mehta; ২৬ জুলাই ১৯২৫-২ জুলাই ২০০৯) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতা আছিল। তেওঁ ব’ম্বে প্ৰগতিশীল শিল্পী গোটৰ সদস্য আছিল। মেহতা ভাৰতৰ প্ৰথম উত্তৰ-ঔপনিৱেশিক প্ৰজন্মৰ শিল্পী আছিল, যি জন উইলকিন্সৰ দৰে জাতীয়তাবাদী বংগ বিদ্যালয়ৰ বান্ধোন ছিঙি মুক্ত আধুনিক শিল্পকলাক ইয়াৰ উত্তৰ-প্ৰভাৱবাদী ৰং, ঘন ৰূপ আৰু ব্ৰাছিক, অভিব্যক্তিবাদী শৈলীৰ সৈতে গ্ৰহণ কৰিছিল।
পৰৱৰ্তী সময়ত অঁকা তেওঁৰ চিত্ৰসমূহৰ ভিতৰত প্ৰখ্যাত ট্ৰিপ্টিক চেলিব্ৰেশ্যন শীৰ্ষক ছবিখন ২০০২ চনত ক্ৰিষ্টিৰ নিলামত ১৫ নিযুত টকাত (৩১৭,৫০০ টকা) বিক্ৰী হৈছিল। ছবিখন বিক্ৰীৰ জৰিয়তে আহৰণ কৰা এই ধন সেই সময়ৰ কেৱল আন্তঃৰাষ্ট্ৰীয় নিলামত ভাৰতীয় চিত্ৰকলাৰ বাবে লাভ কৰা সৰ্বাধিক ধনেই নাছিল, বৰঞ্চ ই পৰৱৰ্তী কালত মহান ভাৰতীয় কলাৰ উত্থানৰো সূচনা কৰিছিল।১ তেওঁৰ আন উল্লেখযোগ্য চিত্ৰসমূহ আছিল ডায়গনেল ছিৰিজ, শান্তিনিকেতন ট্ৰিপ্টিক ছিৰিজ, কালী, মহিষাসুৰ (১৯৯৬) ইত্যাদি।২ তেওঁ জীৱনৰ বেছিভাগ সময় মুম্বাইত থাকি কাম কৰিছিল যদিও লণ্ডন, নিউয়ৰ্ক আৰু শান্তিনিকেতনত থকা সময়খিনিয়েও তেওঁৰ কামত এক বিশেষ প্ৰভাৱ পেলাইছিল। কামৰ স্বীকৃতি স্বৰূপে তেওঁ ২০০৭ চনত পদ্মভূষণকে ধৰি কেইবাটিও উল্লেখযোগ্য বঁটা লাভ কৰিছিল।৩৪৫
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯২৫ চনৰ ২৬ জুলাইত ভাৰতৰ গুজৰাট ৰাজ্যৰ খেড়া জিলাৰ কাপড়ৱঞ্জত তৈয়ব মেহতাই জন্মগ্ৰহণ কৰিছিল ৷ ৬ মুম্বাইৰ কাষৰীয়া ক্ৰফৰ্ড মাৰ্কেটত তেওঁ ডাঙৰ-দীঘল হৈছিল, য’ত ছিয়া মুছলিম সম্প্ৰদায়ৰ ডাউদী ব’হৰাছসকলে বসতি কৰিছিল। ২২ বছৰ বয়সত, ১৯৪৭ চনত মুম্বাইত হোৱা বিভাজন দাঙ্গাৰ সময়ত মহম্মদ আলী ৰোডৰ লেহৰী হাউচত থকাৰ সময়তে তেওঁ এজন লোকক এটা গোটে শিলগুটিৰে হত্যা কৰা প্ৰত্যক্ষ কৰিছিল, এই ঘটনাক তেওঁ কেৱল আঁকি প্ৰকাশ কৰাই নহয়, তেওঁৰ কামৰ ওপৰত ই স্থায়ী প্ৰভাৱ পেলাইছিল।৩৭
প্ৰথম অৱস্থাত কিছু দিনৰ বাবে তেওঁ মুম্বাইৰ টাৰ্ডিঅ’ত অৱস্থিত ফেমাছ ষ্টুডিঅ’ৰ এটি চিনেমা লেবৰেটৰীত চলচ্চিত্ৰ সম্পাদক হিচাপে কাম কৰিছিল। ১৯৫২ চনত তেওঁ ছাৰ জে. জে. স্কুল অৱ আৰ্টৰ পৰা ডিপ্ল’মা লাভ কৰে। তেওঁ ব’ম্বে প্ৰগ্ৰেছিভ আৰ্টিষ্টচ্ গ্ৰুপৰ সদস্য আছিল, যিয়ে পশ্চিমীয়া আধুনিকতাবাদপৰা শৈলীগত অনুপ্ৰেৰণা লাভ কৰিছিল। ইয়াত এফ. এন. চুজা, এছ. এইচ. ৰাজা আৰু এম. এফ. হুচেইনৰ দৰে মহান ভাৰতীয় চিত্ৰকৰসকল অন্তৰ্ভুক্ত আছিল।৮
কৰ্মজীৱন
১৯৫৯ চনত তৈয়ব লণ্ডনলৈ গুচি গৈ তাত কাম কৰা আৰম্ভ কৰে। ১৯৬৪ চনলৈকে তেওঁ তাতে বাস কৰিছিল।। ১৯৬৮ চনত জন ডি ৰ’কফেলাৰ তৃতীয় পুঁজিৰপৰা ফেলোশ্বিপ লাভ কৰাৰ পিছত তেওঁ নিউয়ৰ্কলৈ আহে।৯ শিল্পীগৰাকীয়ে লণ্ডনত অতিবাহিত কৰা বছৰবোৰত, মেহতাৰ শৈলী ফ্ৰান্সিছ বেকনৰ অভিব্যক্তিবাদী কামৰ দ্বাৰা প্ৰভাৱিত হৈছিল, কিন্তু নিউয়ৰ্কত থকাৰ সময়ত তেওঁৰ কামৰ বৈশিষ্ট্য আছিল মিনিমেলিজিম।১০ তেওঁ কুড়ল নামে তিনি মিনিটৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল, বান্দ্ৰা কচাইখানাত তেওঁ ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছিল আৰু ই ১৯৭০ চনত ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰিছিল।৯ তেওঁ ১৯৮৪ৰপৰা ১৯৮৫ লৈ শান্তিনিকেতনৰ এগৰাকী আৱাসী শিল্পী হৈ আছিল আৰু তেওঁৰ কামৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সৈতে মুম্বাইলৈ উভতি আহিছিল। ট্ৰাছড ষাঁড়, ৰিক্সাচালক আদি তেওঁৰ কামৰ সাধাৰণ বিষয়বস্তু আছিল। ইয়াৰপৰা তেওঁৰ ছবি ডায়গনেল ছিৰিজলৈ স্থানান্তৰিত হৈছিল। ১৯৭০ৰ দশকত এই চিৰিজৰ কাম আৰম্ভ হৈছিল, ১৯৬৯ চনত, সৃষ্টিশীল হতাশাৰ মুহূৰ্তত তেওঁ তেওঁৰ কেনভাছৰ ওপৰেৰে এটা ক’লা ষ্ট্ৰাইক অঁকাৰ মুহূৰ্ততে আকস্মিকভাৱে তেওঁৰ এই চিৰিজ আৰম্ভ হৈছিল।৩ জীৱনৰ পৰৱৰ্তী সময়ত, তেওঁ ১৯৪৭ চনৰ ভাৰত বিভাজন সময়ত১১ ৰাস্তাত এজন লোকৰ হিংসাত্মক মৃত্যুৰ সাক্ষী হোৱাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ১৯৯১ চনত নিৰ্মিত ফলিং ফিগাৰ যোগ কৰিছিল, ইয়াৰ উপৰিও তেওঁৰ কৰ্মৰ সৈতে কেইবাটিও পৌৰাণিক ব্যক্তিত্ব যোগ কৰাৰ উপৰি কালী দেৱী আৰু ৰাক্ষস মহিষাসুৰ বিষয়ত চিত্ৰণৰ দ্বাৰা আলোকপাত কৰিছিল।১২

২০০২ চনত ক্ৰিষ্টিত ১৫ নিযুত ভাৰতীয় টকাত বিক্ৰী হোৱা ছবিখন আছিল তৈয়ব মেহতাৰ বিক্ৰীৰ অভিলেখ ভংগকাৰী ছবি। ২০০৫ চনৰ মে’ মাহত তেওঁৰ চিত্ৰ কালী ভাৰতীয় নিলাম গৃহ চেফ্ৰ’ নাৰ্টৰ অনলাইন নিলামত ১০ নিযুত ভাৰতীয় টকা (প্ৰায় ২৩০,০০০ আমেৰিকান ডলাৰৰ সমান)ত বিক্ৰী হৈছিল।১৩ মেহতাৰ মহিষাসুৰ ৰাক্ষসৰ কাহিনীৰ পুনৰ ব্যাখ্যৰ ছবি, য’ত দেৱী দুৰ্গা ৰাক্ষসৰ আলিঙ্গনত আৱদ্ধ আছিল, ১.৫৮৪ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল।১৪১৫১৬ ২০০৮ চনত তেওঁৰ এখন ছবি ২ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল।১৭
২০০৫ চনৰ ডিচেম্বৰ মাহত মেহতাৰ চিত্ৰ গেষ্টাৰ ৩১ নিযুত ভাৰতীয় টকাত বিক্ৰী হৈছিল। ছবিখন ওচিয়ানৰ নিলামত কুঅ’মি ট্ৰেভেলৰ অধ্যক্ষ ৰঞ্জিত মল্কানীয়ে ক্ৰয় কৰিছিল। ই আছিল সেই সময়ৰ ভাৰতত নিলামত ভাৰতীয় সমসাময়িক কলাৰ কামৰ বাবে কোনো ভাৰতীয়ই দিয়া সৰ্বাধিক মূল্য।১৮
মেহতাৰ শিল্পকৰ্মসমূহ আছিল সমসাময়িক ভাৰতীয় শিল্পীৰ প্ৰথম ৰচনা যি এক মিলিয়ন ডলাৰতকৈও অধিক মূল্যত বিক্ৰী হৈছিল আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় কলাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত ই বিশেষ ভূমিকা লৈছিল। মেহতা হৈ পৰিছিল এগৰাকী সাংস্কৃতিক নায়ক।১৭
ব্যক্তিগত জীৱন
তৈয়ব মেহতাই তেওঁৰ জীৱনৰ বেছিভাগ সময় মুম্বাইত কটাইছিল। শেষৰ সময়খিনি তেওঁ মুম্বাইৰ লৌখনৱালাত আছিল। ২০০৯ চনৰ জুলাই মাহৰ ২ তাৰিখে মুম্বাই চিকিৎসালয়ত হৃদ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।১৯ মৃত্যুৰ সময়ত তেওঁ পত্নী চাকিনা, পুত্ৰ য়ুচুফ, কন্যা হিমানীৰে সৈতে কেইবাটিও নাতি-নাতিনী এৰি থৈ যায়।
বঁটা প্ৰদান
মেহতাৰ শিল্পকৰ্মসমূহ ইংলেণ্ডৰ অক্সফ’ৰ্ডৰ মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট আৰু হিৰশ্বৰ্ণ মিউজিয়ামত প্ৰদৰ্শন কৰা হৈছে। ২০০৯ চনৰ শেষৰ ফালে নতুন দিল্লীৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টত তেওঁৰ কৰ্মজীৱনৰ এটি ৰেট্ৰ’স্পেক্টিভ প্ৰদৰ্শনী কৰা হৈছিল।১৭
গ্ৰন্থপঞ্জী
- তৈয়ব মেহতাঃ আইডিয়াজ ইমেজেছ এক্সচেঞ্জ; তৈয়ব মেহতা, ৰঞ্জিত হস্কটে, ৰোশন শ্বাহানী দ্বাৰা। প্ৰকাশকঃ ভাদেৰা আৰ্ট গেলাৰী, ২০০৮।
অধিক পঢ়ক
- তৈয়ব মেহতাঃ জৰ্জিনা আৰু উলি বেইয়াৰৰ Institute of Papua New Guinea Studies, 1977।
- স্বৰাজঃ আ জাৰ্নি উইথ তৈয়ব মেহতাজ "শান্তিনিকেতন ট্ৰিপ্টিক": ৰামচন্দ্ৰ গান্ধী। ভদেৰা আৰ্ট গেলাৰী, ২০০২।
বাহ্যিক সংযোগ
- Tyeb Mehta, Tribute site
- Tyeb Mehta- List of Most expensive Indian Paintings
- Tyeb Mehta Profile
- Tyeb Mehta Artist Profile
তথ্যসূত্ৰ
- ↑ Nair, Manoj. (2009-07-03). Tyeb Mehta, who weaved metaphor into images passes away. The Economic Times
- ↑ Artist Tyeb Mehta dies after long illness Reuters, 2 July 2009
- ↑ Tyeb Mehta stood for hope over hype Nina Martyris, Times of India, 3 July 2009
- ↑ Tyeb Mehta, who weaved metaphor into images passes away The Economic Times, 3 July 2009
- ↑ Tyeb Mehta was India’s most expensive living artist, also its finest Kishore Singh, Business Standard, 3 July 2009
- ↑ Farooqi, Anis. (1996). Mehta, Tyeb · Grove Art. ISBN 978-1-884446-05-4
- ↑ Svaraj: a journey with Tyeb Mehta's "Shantiniketan triptych". by Ramchandra Gandhi. Vadehra Art Gallery, 2002. . Page 60
- ↑ 'I don't paint for money' দ্য টাইম্ছ অৱ ইণ্ডিয়া, 14 June 2009
- ↑ Tyeb Mehta: From filmmaker to painter দ্য টাইম্ছ অৱ ইণ্ডিয়া, 20 September 2002
- ↑ Tully, Judd. "Tyeb Mehta" Art+Auction, November 2009
- ↑ (20 November 2013). Christie's First India Auction Offers Lots from The Gandhys' Collection. BLOUIN Art+Auction magazine
- ↑ Tyeb Mehta passes away Press Trust of India, The Statesman, 2 July 2009
- ↑ (20 May 2005). Tyeb Metha's Kali fetches Rs 1 crore
- ↑ (28 May 2005). Bull run in art bazaar
- ↑ Sengupta, Somini. (26 January 2006). Indian Artist Enjoys His World Audience
- ↑ (22 September 2005). Tyeb Mehta painting fetches $1.54 million
- ↑ Cotter, Holland. (4 July 2009). Tyeb Mehta, Painter of Emerging India, Dies at 84. New York Times
- ↑ (5 December 2005). Tyeb Mehta painting sold for Rs. 3.1 crore. Rediff.com
- ↑ Tyeb Mehta dead হিন্দুস্তান টাইমছ. Retrieved on 3 July 2009
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৈয়ব মেহতা” প্ৰবন্ধৰ সংশোধন ৪৪২৯৫৭ (৬ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।