ভাৰতীয় চিত্ৰশিল্পী
২৫ প্ৰবন্ধ
-
ৰাজা ৰবি বৰ্মা
ৰাজা ৰবি বৰ্মা (২৯ এপ্ৰিল, ১৮৪৮- ২ অক্টোবৰ, ১৯০৬) ভাৰতৰ ট্ৰেভানক'ৰ (Travancore) নামৰ দেশীয় ৰাজ্য(princely state) (বৰ্তমান দক্ষিণ কেৰালা আৰু তামিলনাডুৰ কিছু অংশ) এখনৰ এজন বিখ্যাত চিত্ৰশিল্পী আৰু কলাকাৰ আছিল।
-
মকবুল ফিদা হুছেইন
মকবুল ফিদা হুছেইন (Maqbool Fida Husain, চমুকৈ এম এফ হুছেইন, জন্ম: ১৭ ছেপ্টেম্বৰ, ১৯১৫, মৃত্যু: ৯ জুন, ২০১১) ভাৰতৰ এজন চিত্ৰশিল্পী আছিল। তেওঁ পৰিবৰ্তিত কিউবিষ্ট শৈলীত কৰা ৰঙীন চিত্ৰসমূহৰ বাবে জনাজাত। তেওঁ বিংশ শতিকাৰ আন্তঃৰাষ্ট্ৰীয় ভাৱে স্বীকৃতি প্ৰাপ্ত ভাৰতীয় শিল্পীসকলৰ ভিতৰত অন্যতম আছিল।
-
অৱনীন্দ্ৰনাথ ঠাকুৰ
অৱনীন্দ্ৰনাথ ঠাকুৰ (অবনীন্দ্ৰনাথ ঠাকুৰ); (Abanindranath Tagore) (৭ আগষ্ট, ১৮৭১ - ৫ ডিচেম্বৰ, ১৯৫১) হ'ল আধুনিক ভাৰতীয় চিত্ৰকলাৰ প্ৰাণ পুৰুষ তথা ইণ্ডিয়ান ছ'চাইটি অৱ অৰিয়েণ্টেল আৰ্ট (ইংৰাজী: Indian Society of Oriental Art)ৰ সৃষ্টিকৰ্তা। অৱনীন্দ্ৰনাথ ঠাকুৰ চিত্ৰশিল্পীৰ উপৰি এজন ভাল লেখক ও আছিল।
-
যামিনী ৰয়
যামিনী ৰয় (Jamini Roy; ১১ এপ্ৰিল ১৮৮৭ – ২৪ এপ্ৰিল ১৯৭২) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী আছিল। ১৯৫৫ চনত তেওঁক ভাৰত চৰকাৰৰ পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয়। তেওঁ শিল্পী অৱনীন্দ্ৰনাথ ঠাকুৰৰ শিষ্য আছিল, যাৰ শৈল্পিক মৌলিকতা আৰু ভাৰতত কলাৰ উদ্ভৱত অৱদান সন্দেহাতীত হৈ আছে।
-
ৰামকিঙ্কৰ বেইজ
ৰামকিঙ্কৰ বেইজ (২৫ মে’, ১৯০৬ - ২ আগষ্ট, ১৯৮০) আছিল এজন ভাৰতীয় বঙালী ভাস্কৰ্যশিল্পী। তেওঁ আধুনিক ভাৰতীয় ভাস্কৰ্যকলাৰ অন্যতম অগ্ৰপথিক আছিল। ৰামকিঙ্কৰ আছিল প্ৰথম ভাৰতীয় শিল্পী, যি আধুনিক পাশ্চাত্য শিল্প অধ্যয়ন কৰি সেই শৈলী নিজৰ ভাস্কৰ্যত প্ৰয়োগ কৰে।
-
উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী
উপেন্দ্ৰকিশোৰ ৰায় চৌধুৰী (১২ মে ১৮৬৩ – ২০ ডিচেম্বৰ ১৯১৫) এগৰাকী বিখ্যাত বাঙালী শিশু সাহিত্যিক আৰু বংগৰ ছপাশালৰ পথ প্ৰদৰ্শক। তেওঁ আছিল এজন লেখক, চিত্ৰকৰ, প্ৰকাশক, অপেশাদাৰী জ্যোতিৰ্বিজ্ঞানী, ভায়লিনবাদক আৰু সুৰকাৰ।
-
কে চি শিৱশংকৰণ
কে চি শিৱশংকৰণৰ (Karatholuvu Chandrasekaran Sivasankaran) সম্পূৰ্ণ নাম কাৰাথলভু চন্দ্ৰশেখৰণ শিৱশংকৰণ। পেচাত তেখেত এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। শিশুৰ মাজত জনপ্ৰিয়, ১২টা ভাষাত প্ৰকাশিত চান্দমামা (মূল: আম্বুলিমামা) কমিকচ্ৰ তেখেত ইলাষ্ট্ৰেটৰ আছিল।
-
গংগা দেৱী (চিত্ৰশিল্পী)
গংগা দেৱী (১৯২৮ – ১৯৯১) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ মধুবানী শৈলীত অংকন কৰে। মধুবানী চিত্ৰশিল্প হ'ল বিহাৰৰ মিথিলাৰ এক লোককলা। মধুবানী চিত্ৰকলাক ভাৰতৰ বাহিৰতো জনপ্ৰিয় কৰাৰ কৃতিত্ব গংগা দেৱীৰ। ১৯২৮ চনত বিহাৰৰ মিথিলাত, এটা কায়স্থ পৰিয়ালত তেওঁৰ জন্ম হয়।
-
বৌৱা দেৱী
বৌৱা দেৱী (Baua Devi) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়।
-
ভূৰী বাঈ
ভূৰী বাঈ (Bhuri Bai) এগৰাকী ভাৰতীয় পাৰম্পৰিক ভীল চিত্ৰশৈলীৰ লোক চিত্ৰশিল্পী। তেওঁ ভীল সম্প্ৰদায়ৰ পিটল গাঁৱত জন্মগ্ৰহণ কৰিছিল। মধ্য প্ৰদেশ আৰু গুজৰাটৰ সীমান্তত অৱস্থিত এই গাঁও মধ্য প্ৰদেশৰ ঝাবুৱা জিলাৰ এখন গাঁও। ভূৰী বাঈ ভাৰতৰ সৰ্ববৃহৎ জনজাতীয় সম্প্ৰদায় ভীলৰ অন্তৰ্ভুক্ত।
-
মহাসুন্দৰী দেৱী
মহাসুন্দৰী দেৱী (Mahasundari Devi, ১৫ এপ্ৰিল ১৯২২ - ৪ জুলাই ২০১৩) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়।
-
উমা বৰ্ধন
উমা বৰ্ধন (ইংৰাজী: Uma Bardhan; জন্ম: ১৯৪৫) এগৰাকী ভাৰতীয় সমসাময়িক চিত্ৰ শিল্পী। তেওঁৰ চিত্ৰসমূহ সাধাৰণতে কাহিনী আৰু অৱস্থানক মূল বিষয়বস্তু হিচাপে লোৱা হয় যিবোৰ মূলসুঁতি আৰু সমসাময়িক শিল্প সংস্কৃতি উভয়তে অপ্ৰতিনিধিত্বশীল।
-
গোদাৱৰী দত্ত
গোদাৱৰী দত্ত (Godawari Dutta) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়।
-
প্ৰতিমা দেৱী (চিত্ৰশিল্পী)
প্ৰতিমা দেৱী (১৮৯৩-১৯৬৯) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী আছিল, যি তেওঁৰ শৈল্পিক সামৰ্থ্যৰ বাবে বহুলভাৱে জনাজাত। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পুত্ৰ ৰথিন্দ্ৰনাথ ঠাকুৰৰ পত্নী আছিল। কবিগৰাকীয়ে তেওঁৰ সামৰ্থ্য বিকাশত বিশেষ আগ্ৰহ লৈছিল।
-
লাডো বাঈ
লাডো বাঈ (ইংৰাজী: Lado Bai) মধ্য প্ৰদেশৰ ভিল জনগোষ্ঠীৰ এগৰাকী জনজাতীয় চিত্ৰ শিল্পী। ভাৰত, ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিভিন্ন প্ৰদৰ্শনীত তেওঁৰ কৰ্মৰাজি প্ৰদৰ্শিত হৈছে। ভূপালৰ আদিবাসী লোক কলা একাডেমীত থাকে আৰু তাতে কাম কৰে।
-
শান্তি চন্দ্ৰশেখৰ
শান্তি চন্দ্ৰশেখৰ (ইংৰাজী: Shanthi Chandrasekar) হৈছে ভাৰতীয় মূলৰ এগৰাকী আমেৰিকান চিত্ৰশিল্পী। থাঞ্জাভুৰ চিত্ৰকলাৰ (Thanjavur painting) পৰম্পৰাগত শিল্পকলাৰ প্ৰশিক্ষণৰ লাভ কৰাৰ দ্বাৰা তেওঁৰ শিল্পকৰ্ম প্ৰবলভাৱে প্ৰভাৱ পৰিছে। তেওঁ বৰ্তমাৱ গ্ৰেটাৰ ৱাশ্বিংটন ডি. চি. অঞ্চলৰ মেৰিলেণ্ডত বাস কৰে।
-
সীতা দেৱী
সীতা দেৱী (Sita Devi,১৯১৪–২০০৫) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, তেওঁ বিশেষকৈ মধুবানী চিত্ৰশিল্পৰ সৈতে জড়িত। মধুবানী চিত্ৰশিল্পৰ তেওঁ এগৰাকী প্ৰখ্যাত শিল্পী আৰু এই চিত্ৰকৰ্মৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা ভাৰতৰ প্ৰথম শিল্পীসকলৰ ভিতৰৰ এগৰাকী, ১৯৮১ চনত তেওঁ পদ্মশ্ৰী আৰু ১৯৮৪ চনত বিহাৰ ৰত্ন সন্মান লাভ…
-
আমিনা আহমেদ আহুজা
আমিনা আহমেদ আহুজা (Ameena Ahmad Ahuja) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, কেলিগ্ৰাফাৰ, ভাষাবিদ আৰু সাহিত্যিক। তেওঁৰ উৰ্দু কবিতা অনুপ্ৰাণিত কলাৰ বাবে বিশেষভাৱে জনাজাত। ভাৰত চৰকাৰে কলাক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ২০০৯ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
-
আশু দেৱ
আশু দেৱ (Asu Dev), জন্ম আশুতোষ দেৱ ধুবুৰী, অসম, ভাৰত (১৩ ডিচেম্বৰ ১৯১৭ – ৬ ফেব্ৰুৱাৰী ১৯৮৩) অসমৰ এগৰাকী অগ্ৰণী শিল্পী আছিল। তেওঁ আছিল একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী আৰু কলা শিক্ষাবিদ।
-
গণেশ পাইন
গণেশ পাইন (Ganesh Pyne; ১১ জুন ১৯৩৭ - ১২ মাৰ্চ ২০১৩) এজন ভাৰতীয় চিত্ৰশিল্পী আৰু নক্সা-শিল্পী; পশ্চিম বংগৰ কলকাতাত তেওঁৰ জন্ম। পাইন হৈছে বেংগল স্কুল অৱ আৰ্টৰ অন্যতম উল্লেখযোগ্য সমসাময়িক শিল্পী যিজনে বাংলা লোককাহিনী আৰু পৌৰাণিক কাহিনীৰ বিষয়বস্তুক ভিত্তি কৰি "কাব্যিক সৰ্বজনীনতা", কল্পনা আৰু…
-
জধিয়া বাঈ বাইগা
জধিয়া বাঈ বাইগা (Jodhaiya Bai Baiga; ১৯৩৭/১৯৩৮ - ১৫ ডিচেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বাইগা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে আৰু মধ্য প্ৰদেশৰ উমৰিয়া জিলাৰ লোৰহা গাঁৱত বাস কৰে। জধিয়া বাঈ দুটি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তানৰ মাতৃ।
-
তৈয়ব মেহতা
তৈয়ব মেহতা (Tyeb Mehta; ২৬ জুলাই ১৯২৫-২ জুলাই ২০০৯) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতা আছিল। তেওঁ ব’ম্বে প্ৰগতিশীল শিল্পী গোটৰ সদস্য আছিল।
-
পি. কে. মহানন্দিয়া
প্ৰদ্যুম্ন কুমাৰ মহানন্দিয়া (ইংৰাজী: Pradyumna Kumar Mahanandia; জন্ম: ১৯৪৯) ভাৰতৰ জন্মগ্ৰহণ কৰা ছুইডেনৰ শিল্পী, যিয়ে ১৯৭৭ চনত ভাৰতৰ নতুন দিল্লীৰ পৰা ছুইডেনৰ বৰাছলৈ ছেকেণ্ড হেণ্ড চাইকেলেৰে যাত্ৰা কৰি ছুইডেনৰ পত্নী চাৰ্লট ভন শ্বেডভিনৰ সৈতে পুনৰ মিলিত হোৱাৰ বাবে বিখ্যাত।
-
সুকন্যা ৰহমান
সুকন্যা ৰহমান (Sukanya Rahman) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, দৃশ্যধৰ্মী শিল্পী আৰু লেখিকা। তেখেতৰ গ্ৰন্থ Dancing in the family হৈছে তিনিগৰাকী মহিলাৰ আত্মকথা। গ্ৰন্থখনে বহুলভাৱে সমাদৰ লাভ কৰিছে। তেখেতেৰ চিত্ৰকলা আৰু কলাজৰ কাম ভাৰতকে ধৰি অন্যান্য দেশতো প্ৰদৰ্শিত হৈছে।
-
সুভদ্ৰা দেৱী
সুভদ্ৰা দেৱী (Subhadra Devi ) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, তেওঁ পেপাৰমেকিং শিল্পৰ সৈতে জড়িত। বিহাৰৰ দৰভংগাৰ মানিগাছিতত থকা পৈতৃক ঘৰত পৰিয়ালৰ ডাঙৰবোৰক পেপাৰমেকিঙৰ কাম কৰা দেখি সুভদ্ৰাই এই কাম কৰিবলৈ শিকে আৰু সময়ত এই কলাৰ এগৰাকী প্ৰখ্যাত শিল্পী হৈ উঠে।