ছুইডেনৰ ব্যক্তি
১৩ প্ৰবন্ধ
-
কাৰ্ল লিনিয়াছ
কাৰ্ল লিনিয়াছ (২৩ মে' পুৰণা নিয়মত ১৩ মে, ১৭০৭ - ১০ জানুৱাৰী, ১৭৭৮) হৈছে ছুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী। তেওঁ আধুনিক দ্বৈৰাশিক নামকৰণৰ ভিত্তি স্থাপন কৰি থৈ গৈছিল। তেওঁক আধুনিক বৰ্গীকৰণৰ জনক বোলা হয়। ইয়াৰোপৰি তেওঁ আধুনিক বাস্তুবিজ্ঞানৰ জনকসকলৰ ভিতৰত অন্যতম।
-
আলফ্ৰেড ন'বেল
আলফ্ৰেড বাৰ্ণাড ন'বেল (Alfred Bernhard Nobel; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেতে ডিনামাইটৰ উদ্ভাৱন কৰিছিল। ন'বেলে ব'ফ'ৰ্ছ নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল।
-
তছলিমা নাছৰিন
তছলিমা নাছৰিন (বাংলা: তসলিমা নাসব়িন, জন্ম: ২৫ আগষ্ট ১৯৬২) এগৰাকী বাংলাদেশী চুইডিছ সাহিত্যিক আৰু চিকিৎসক। তেওঁ ১৯৯৪ চনৰ পৰা তেওঁ নিৰ্বাসনত আছে। বিংশ শতিকাৰ আশীৰ দশকত তেওঁ এগৰাকী উদয়ীমান কবি হিচাপে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল।
-
ইংমাৰ বাৰ্গমেন
আৰ্নষ্ট ইংমাৰ বাৰ্গমেন (Ernst Ingmar Bergman) (; ১৪ জুলাই, ১৯১৮ – ৩০ জুলাই, ২০০৭) ছুইডেনৰ এগৰাকী প্ৰখ্যাত পৰিচালক, লেখক, চলচ্চিত্ৰ প্ৰযোজক, নাটক আৰু টেলিভিছন-ৰো পৰিচালক। তেখেতক সৰ্বকালৰ অতি কুশলী আৰু প্ৰভাৱশালী পৰিচালকৰ শাৰীত স্থান দিয়া হয়।
-
গ্ৰেটা থুন্বাৰি
গ্ৰেটা থুন্বাৰি (Greta Thunberg; ৩ জানুৱাৰী, ২০০৩) এগৰাকী চুইডিছ পৰিৱেশ কৰ্ম্মী। বিগত এটা বছৰ ধৰি তেওঁ জলবায়ু পৰিবৰ্তন সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰি আহিছে।
-
এলি আভৰাম
এলি আভৰাম (Elli Avram; পূৰ্বে এলিজাবেট আভৰামিড; ২৯ জুলাই, ১৯৯০) বৰ্তমান ভাৰতৰ মুম্বাইত বসবাস কৰা এগৰাজী চুইডিছ গ্ৰীক অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত আৰু মিকী ভাইৰাছ নামৰ বোলছবিৰ জৰিয়তে বলিউডত খোজ পেলাব। তেওঁ বৰ্তমান টেলিভিজনৰ অনুষ্ঠান বিগ্ বছৰ সপ্তম চিজনত অংশগ্ৰহণ কৰিছে।
-
চেইণ্ট ব্ৰীজেট
চেইণ্ট ব্ৰীজেট বা ছুইডেনৰ ব্ৰীজেট, অ'এছএছএছ (প্ৰায় ১৩০৪ – ২৩ জুলাই ১৩৭৩), যাক ভাডষ্টেনাৰ বাৰ্গিটা বাৰ্গাৰ্ছডটাৰ আৰু ভাডষ্টেনাৰ বিৰ্গিটা (ছুইডিছ: heliga Birgitta) বুলিও জনা যায়, এগৰাকী ছুইডেনৰ কেথলিক ৰহস্যবাদী আৰু ব্ৰীজটিনৰ প্ৰতিষ্ঠাপক।
-
টমাছ ট্ৰান্সট্ৰ'মাৰ
টমাছ ট্ৰান্সট্ৰ'মাৰ (Tomas Tranströmer)২০১১ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী ছুইডেনৰ কবি। তেওঁৰ কবিতা বিশ্বৰ ৬০টা ভাষাতকৈও অধিক ভাষালৈ অনূদিত হৈছে।
-
ভাডষ্টেনাৰ কেথেৰিন
ছুইডেনৰ কেথেৰিন, কাটাৰিনা এভ ভাডষ্টেনা, ভাডষ্টেনাৰ কেথেৰিন বা কাটাৰিনা উলফছডটাৰ (প্ৰায় ১৩৩২ – ২৪ মাৰ্চ ১৩৮১) ছুইডেনৰ এগৰাকী সম্ভ্ৰান্ত মহিলা আছিল। ৰোমান কেথলিক গীৰ্জাত তেওঁক এগৰাকী সন্ত হিচাপে পূজা কৰা হয়।
-
আন্না বাৰ্টেলছ
আন্না কাটাৰিনা বাৰ্টেলছ ৰ ( Anna Katarina Bartels; জন্ম: ৯ ডিচেম্বৰ ১৮৬৯ – মৃত্যু: ১৭ ফেব্ৰুৱাৰী ১৯৫০) জন্ম হৈছিল ফাৰ্নকুইষ্ট আছিল এগৰাকী ছুইডেনৰ অপেৰা ছ'প্ৰানো। ১৮৯৭ চনত ৰয়েল ছুইডিছ অপেৰাত ফ্ল’ট’ৰ মাৰ্থাৰ শিৰোনাম চৰিত্ৰত অভিষেক হৈছিল।
-
এলিচিয়া বিকান্দৰ
এলিচিয়া আমাণ্ডা বিকান্দৰ (জন্ম ৩ অক্টোবৰ ১৯৮৮) এগৰাকী ছুইডেনৰ অভিনেত্ৰী। তেওঁৰ সাফল্যসমূহৰ ভিতৰত আছে এটা একাডেমী বঁটা আৰু এটা স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা, লগতে তিনিটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা আৰু দুটা গ'ল্ডেন গ্ল'ব বঁটা বাবে মনোনয়ন।
-
কেমেৰন কাৰ্টিঅ’
কামৰান চবাহী (ফাৰ্চী: کامران صباحی; জন্ম ৯ এপ্ৰিল ১৯৭৮) হৈছে পেছাগতভাৱে কেমেৰন কাৰ্টিঅ’ নামেৰে পৰিচিত এগৰাকী ইৰানী মূলৰ চুইডিছ পপ গায়ক। চনী মিউজিকৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত তেওঁ ২০০৫ চনত নিজৰ প্ৰথম এলবাম *বৰ্ডাৰলেছ* মুকলি কৰে।
-
মৰিয়ম জাকাৰিয়া
মৰিয়ম জাকাৰিয়া হৈছে ইৰানত জন্মগ্ৰহণ কৰা এগৰাকী অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰে। তেওঁ হিন্দী, তেলেগু আৰু তামিল ভাষাৰ বোলছবিত অভিনয় কৰিছে। তেওঁ বিশেষকৈ মদথা কাজা, এজেণ্ট বিনোদ আৰু গ্ৰেণ্ড মাষ্টি দৰে বোলছবিত কৰা অভিনয়ৰ বাবে জনাজাত।