নাস্তিকতা (Atheism)-ৰ বহল অৰ্থ হ'ল ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসক বৰ্জন কৰা।১২ ইয়াৰ সংকীৰ্ণ অৰ্থ হৈছে যে সেই বিচাৰধাৰা যাৰ মতে কোনোধৰণৰ ভগৱান বা অলৌকিক শক্তিৰ অস্তিত্ব নাই।৩৪৫ সকলোতকৈ উদাৰ অৰ্থ হ'ল ভগৱানৰ অস্তিত্ব থকা বুলি কোনো বিশ্বাসৰ অনুপস্থিতি।৪৫৬৭ নাস্তিকতাৰ বিপৰীত হৈছে আস্তিকতা,৮৯ যাৰ সকলোতকৈ সাধাৰণ অৰ্থ হৈছে যে ন্যূনতম এজন ভগৱানৰ অস্তিত্ব আছে।৯১০
নাস্তিকতা শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'atheism', যাৰ উৎস গ্ৰীক ভাষাত ἄθεος (atheos), যাৰ মানে "ভগৱান অবিহনে। " ই এক তিৰস্কাৰমূলক শব্দ যি এনেলোকৰ বাবে ৱ্যবহাৰ কৰা হয় যিসকলে সমাজৰ বৃহৎ অংশই বিশ্বাস কৰা ভগৱানক নাকচ কৰে। কিন্তু মুক্ত চিন্তা, সন্দেহমূলক অনুসন্ধান আৰু পৰৱৰ্তী সময়ত বৃদ্ধি হোৱা ধৰ্মৰ সমালোচনাৰ বাবে ইয়াৰ ব্যৱহাৰৰ পৰিশীমা সংকীৰ্ণ হৈ গৈছে।
নাস্তিকতাৰ সপক্ষে বিভিন্ন যুক্তি সামাজিকৰ পৰা আৰম্ভ কৰি বুৰঞ্জী বিদ্যা আদি দিশৰ পৰা দিয়া হৈছে। ভগৱান বা কোনো অলৌকিক শক্তিৰ ওপৰত নথকা বিশ্বাসৰ বিভিন্ন কাৰণৰ মূল কাৰণ সমূহ হ'ল পৰীক্ষা-লব্ধ প্ৰমাণৰ (Empirical Evidence) অভাৱ,১১ অনৈতিকতাৰ সমস্যা (Problem of Evil), সংগতিহীন প্ৰকাশনৰ পৰা যুক্তি (Argument from inconsistent revelations), আৰু অবিশ্বাসৰ পৰা যুক্তি (argument from nonbelief)। যদিও কিছু সংখ্যক নাস্তিকে ধৰ্মনিৰপেক্ষ দৰ্শন অৱলম্বন কৰিছে,১২১৩ এনে কোনো এক ভাবধাৰা নাই যাক সকলো নাস্তিকে মানি চলে।১৪ বহুসংখ্যক নাস্তিকে বিশ্বাস কৰে যে নাস্তিকতা আস্তিকতাতকৈ জগতৰ প্ৰতি এক মিতব্যয়ী দৃষ্টিভঙ্গী, আৰু সেইবাবে ভগৱানৰ অস্তিত্বহীনতাক প্ৰমাণ কৰাৰ প্ৰমাণৰ বোজা নাস্তিকৰ ওপৰত নহয়, কিন্তু আস্তিক সকলেহে আস্তিকতাৰ সপক্ষে প্ৰমাণ দিয়াৰ প্ৰয়োজন।১৫
কিছুমান ধাৰ্মিক আৰু আধ্যাত্মিক চিন্তাধাৰাত আস্তিকতাক গ্ৰহণ কৰা হয় যেনে জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম, Raelism, Neopagan movements১৬ such as Wicca,১৭ and Nontheistic religions. জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ কিছুসংখ্যক গোটে ভগৱানৰ ওপৰত বিশ্বাসক দৰকাৰী বুলি নাভাবে,১৮ হিন্দু ধৰ্ম ই নাস্তিকতাক বৈধ বুলি গ্ৰহণ কৰে, কিন্তু কিছুমান পন্থাই নাস্তিকতাৰ পথক আধ্যাত্মিক দিশৰ পৰা কঠিন বুলি গণনা কৰে।১৯
যিহেতু নাস্তিকতাৰ ধাৰণা সমূহ ভিন্ন প্ৰকাৰৰ, পৃথিৱীত কিমান নাস্তিক আছে তাৰ অনুমান কৰাটো কঠিন।২০ এক অনুমানৰ মতে, পৃথিৱীৰ প্ৰায় ২.৩% মানুহ নাস্তিক হয়, আৰু ১১.৯% মানুহ অধাৰ্মিক হয়।২১ আন এক অনুমান মতে, নিজে নাস্তিক বুলি সদৰি কৰা মানুহৰ সংখ্যা পাশ্চাত্য দেশ সমূহত সৰ্বাধিক, কিন্তু বিভিন্ন মানলৈ: আমেৰিকা যুক্তৰাষ্ট্ৰ (৪%), ইটালী (৭%), স্পেইন (১১%), গ্ৰেট ব্ৰিটেইন (১৭%), জাৰ্মানী (২০%), আৰু ফ্ৰান্স (৩২%)।২২ Pew Research Centerৰ ২০১২ৰ এক প্ৰতিবেদন মতে, নিজকে "নাস্তিক" বা "নিৰজ্ঞ (Agnostic)" বুলি পৰিচয় দিয়া মানুহৰ সংখ্যা আমেৰিকান যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ ৬%।২৩
সংজ্ঞা আৰু পাৰ্থক্য
"নাস্তিকতা"ক সঠিককৈ কেনেকৈ সংজ্ঞা আৰু আখ্যা দিব পাৰি তাৰ ওপৰত বিভিন্ন লিখক সকল একমত নহয়,২৪ যেনে কি আলৌকিক শক্তিৰ ওপৰত ই প্ৰজোয্য, ই এক নিজস্ব অভিমত নে কেৱল এক মতৰ অনুপস্থিতি, বা ইয়াৰ বাবে এক সচেতন অৱস্থাত নাকচ কৰাটো দৰকাৰী নে। নাস্তিকতাৰ লগত নিৰগ্য (Agnostic)তা খাপ খাই বুলি ধৰা হয়,২৫২৬২৭২৮২৯৩০৩১ কিন্তু অমিল হোৱা পক্ষ বোৰো আলোচনা কৰা হৈছে।৩২৩৩৩৪ নাস্তিকতাৰ বিভিন্ন সুকীয়া ভাগ বোৰৰ মাজৰ পাৰ্থক্যবোৰ কেইবাটাও বিভাজনৰে বুজাৱা হৈছে।
পৰিসৰ
নাস্তিকতাৰ সংজ্ঞাক লৈ হোৱা দ্ব্যৰ্থতা আৰু মতানৈক্যৰ কিছু উৎস আছে কিছুমান শব্দ যেনে "ভগৱান" আৰু "দেৱতা" আদিৰ সংজ্ঞাক লৈ নথকা ঐক্যমত। বিভিন্ন ধৰণৰ ভগৱানৰ ধাৰণাৰ বাবে নাস্তিকতাৰ প্ৰযোজ্যতাৰ ওপৰত ভিন্ন মত আছে। প্ৰাচীন ৰোমান সকলে খ্ৰীষ্টানধৰ্মীক পেগান (Pagan) দেৱতা সকলক পূজা নকৰাৰ বাবে নাস্তিক বুলি অভিহিত কৰিছিল। পৰ্যায়ক্ৰমে এই দৃষ্টিভঙ্গীটো সলনি হ'ল আৰু যি কোনো ধৰণৰ ঐশ্বৰৰ্য্যিক শক্তিৰ ওপৰত বিশ্বাসেই আস্তিকতা বুলি মানি ল'বলৈ ধৰা হ'ল। ৩৫
ইম্প্লিচিত বনাম এক্সপ্লিচিত
ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসৰ মানৰ ওপৰত ভিত্তি কৰি নাস্তিকতা আৰু কোন নাস্তিক তাৰ পৰিভাষা সলনি হয়। সঘনে নাস্তিকতাক কোনো ধৰণৰ দৈৱিক শক্তিৰ ওপৰত বিশ্বাস নথকাটো বুজায়। এই বহল সংজ্ঞাটোৱে নৱজাতক শিশু আৰু এনে লোক যাৰ দৈৱিক শক্তিৰ ধাৰণাৰ লগত পৰিচয় হোৱা নাই, তেনে লোককো সাঙুৰি লয়। ১৭৭২ৰতে Baron d'Holbach কৈছিল "সকলো শিশু জন্মৰ পৰাই নাস্তিক হয়, কাৰণ তেওঁলোকৰ ভগৱানৰ ধাৰণা নাই। "৩৬ একেদৰে, George H. Smithএ (১৯৭৯) এনেকৈ কৈছিল: "যিজন মানুহ আস্তিকতাৰ লগত অৱগত নহয়, তেওঁ এজন নাস্তিক কাৰণ তেওঁ ভগৱানৰ উপৰত বিশ্বাস নকৰে। এই সংজ্ঞাই এনে শিশুকো সাঙুৰি লৈছে যাৰ কোনো বিষয়ৰ মূলভাৱ আয়ত্ত কৰাৰ ক্ষমতা আছে, কিন্তু এনে বিশ্বাসৰ প্ৰতি শিশুতো অৱগত নহয়। যিহেতু শিশুতোৰ ভগৱানৰ ওপৰত বিশ্বাস নাই, সেইবাবেই শিশুটো নাস্তিক হিচাপে পৰিগণিত কৰিব পৰা যায়। "৩৭ চ্মিথে (Smith) implicit atheism বা নিহিত নাস্তিকতা ৰ সংজ্ঞাটোৰ উদ্ভাৱন কৰিছিল যিয়ে "সচেতনভাৱে নাকচ নকৰিলেও আস্তিক বা ধাৰ্মিক বিশ্বাসৰ অভাৱ" আৰু explicit atheism বা explicit নাস্তিকতা যিয়ে বেছিকৈ প্ৰচলিত "সচেতনভাৱে অবিশ্বাস কৰা ক্ৰিয়াটোক বুজাই"।
Ernest Nagelএ চ্মিথ (Smith)ৰ নাস্তিকতাৰ সংজ্ঞাক নাকচ কৰিছিল আৰু ইয়াক কেৱল "আস্তিকতা বা ধাৰ্মিকতাৰ অভাৱ" বুলিহে অভিহিত কৰিছিল আৰু কেৱল explicit নাস্তিকতাকহে আচল নাস্তিকতা বুলি স্বীকৃতি দিছিল।৩৮
ধনাত্মক বনাম ঋণাত্মক
বিভিন্ন দাৰ্শনিক যেনে Antony Flew৩৯ আৰু Michael Martin৪০এ ধনাত্মক (strong/hard) আৰু ঋণাত্মক (weak/soft) নাস্তিকতাক তুলনা কৰি বিশ্লেষণ কৰিছে। ঋণাত্মক নাস্তিকতা মানে দৃঢ়তাৰে প্ৰতিপন্ন কৰা যে ভগৱানৰ কোনো অস্তিত্ব নাই। ধনাত্মক নাস্তিকতাই আন সকলো প্ৰকাৰৰ অধাৰ্মিক সংজ্ঞা বুজাই। এনে শ্ৰেনী বিভাগৰ মতে, সকলো অধাৰ্মিক মানুহে ঋণাত্মক বা ধনাত্মক নাস্তিক হয়।
নাস্তিকতাৰ এনে বিভাজনৰ মতে, প্ৰায়ভাগ নিৰজ্ঞ (Agnostic) লোককে ঋণাত্মক নাস্তিক বুলিব পৰা যায়।
যদিও Martin এ, উদাহৰণস্বৰূপে, দাবী কৰে যে বহুল সংখ্যক নিৰজ্ঞতাবাদীয়ে (agnostics) নিজৰ বিচাৰধাৰাক নাস্তিকতাৰ ভাৱধাৰাৰ পৰা সুকীয়া বুলি বিশ্বাস কৰে, যাক তেওঁলোকে আস্তিকতাৰ সমানে যুক্তিহীন বুলি প্ৰতিপন্ন কৰে।৪১ ভগৱানৰ অস্তিত্বৰ সপক্ষে বা বিপক্ষে জ্ঞান আহৰণ কৰিব নোৱাৰাৰ যুক্তিৰ কাৰণে নাস্তিকতাৰ বাবে কেতিয়াবা বিশ্বাসৰ জাঁপৰ Leap of faith প্ৰ্য়োজন হয় বুলি কোৱা হয়।৪২ সাধাৰণতে নাস্তিক সকলৰ এনে যুক্তিৰ প্ৰতি কেইবাটাও প্ৰত্যুত্তৰৰ ভিতৰত অন্যতম হ'ল যে যি কোনো অপ্ৰমাণিত religious উপস্থাপনকে আন সকলো অপ্ৰমাণিত উপস্থাপনৰ লেখিয়াই অবিশ্বাস কৰাটো যুক্তিসিদ্ধ,৪৩ আৰু ভগৱানৰ অস্তিত্বহীনতাৰ হকে প্ৰমাণৰ অভাৱে তাৰ বিপৰীত পক্ষৰ সমান সম্ভাৱনীয়তাক নুবুজায়।৪৪ নাস্তিকতাৰ ওপৰত লিখা কেইবাজনো নাস্তিক লিখক যেনে ৰিচাৰ্ড ড'কিনছে আস্তিকতা, নিৰজ্ঞতা আৰু নাস্তিকতাৰ যুক্তিগত অৱস্থানৰ পাৰ্থক্যতাক আস্তিকতাৰ সম্ভাৱনীয়তাৰ Spectrum of theistic probability এক বহল পৰিসৰেৰে তুলনা কৰে। ৪৫
অসম্ভৱ বা অস্থায়ী সংজ্ঞা
১৮ষ শতিকাৰ আগত পশ্চিমীয়া জগতত ভগৱানৰ অস্তিত্বতাক ইমান সৰ্বজনীনভাৱে মানি লোৱা হৈছিল যে সঠিক নাস্তিকতাৰ অস্তিত্বকে প্ৰশ্ন কৰা হৈছিল। ইযাকে আভ্যন্তৰিক আস্তিকতা theistic Innatism বুলা হয় - সেই ধাৰণা যে সকলো মানুহে জন্মৰ পৰাই ভগৱানৰ ওপৰত বিশ্বাস কৰে।৪৬
আন এক ধাৰণাৰ মতে নাস্তিক সকলে সংকটৰ সময়ত অতি সোনকালে ভগৱানৰ ওপৰত বিশ্বাস কৰে, আৰু মৃত্যুশয্যাত ধৰ্মান্তৰকৰণ Deathbed conversion কৰে। "৪৭
কিছু নাস্তিকে "নাস্তিকতা" সংজ্ঞাৰ প্ৰয়োজনীয়তাকে সন্দেহ কৰিছে। তেওঁৰ কিতাপ Letter to a Christian Nationত, Sam Harrisএ লিখিছে:
আচলতে, "নাস্তিকতা" সংজ্ঞাৰ অস্তিত্বই থাকিব নালাগে। কোনোৱে নিজকে "অ-জ্যোতিষী" বা "অ-এলকেমিশ্ট" বুলি পৰিচয় দিয়াৰ প্ৰয়োজন নহয়। এলভিচ (Elvis) জিয়াই থকা বুলি বিশ্বাস কৰা মানুহৰ বাবে আমাৰ কোনো বিশেষ নাম নাই। নাস্তিকতা কেৱল যুক্তিসন্মত লোকে অবৈধ ধাৰ্মিক বিশ্বাসৰ উপস্থিতিত কৰা কিছু কোলাহলতকে বেছি একো নহয়। ৪৮
ধাৰণা
৪৯}}" loading="lazy" data-zoom="The System of Nature৪৯}}">নাস্তিক যুক্তিৰ আটাইতকৈ বহল বিভাজন ব্যৱহাৰিক আৰু তাত্ত্বিক নাস্তিকতাৰ মাজত।
ব্যৱহাৰিক নাস্তিকতা
ব্যৱহাৰিক নাস্তিকতা বা Apatheismত, সকলো মানুহে ভগৱান নাই বুলিয়ে জীৱন যাপন কৰে আৰু যি কোনো প্ৰাকৃতিক পৰিঘটনাক দৈৱিক শক্তিৰ সহায় নোলোৱাকৈ ব্যাখ্যা কৰে। ভগৱানৰ অস্তিত্বক নাকচ কৰা নহয়, কিন্তু বহুসময়ত তাক অপ্ৰয়োজনীয় বা অলাগতিয়াল বুলি অভিহিত কৰা হয় কাৰণ ভগৱানে জীৱনক উদ্দেশ্য নিদিয়ে, আৰু দৈনন্দিন জীৱনত কোনো প্ৰভাৱ নেপেলাই।৫০ ব্যৱহাৰিক নাস্তিকতাৰ এক ৰূপ যাৰ বৈজ্ঞানিক সম্প্ৰদায়ৰ প্ৰতি এক বিশেষ তাৎপৰ্য্য আছে, সেইয়া হৈছে কৌশলগত প্ৰকৃতিবাদ (Methodological naturalism)— দাৰ্শনিক প্ৰকৃতিবাদক (philosophical naturalism) বৈজ্ঞানিক পদ্ধতিৰ মাজত গ্ৰহণ বা নাকচ নকৰাকৈ মানি লোৱা। "৫১
ব্যৱহাৰিক নাস্তিকতা বিভিন্ন ৰূপ ল'ব পাৰে:
- ধাৰ্মিক ৰুচি-বিশ্বাসৰ অভাৱ - ভগৱানৰ ওপৰত বিশ্বাসে কোনো ধৰণৰ নৈতিক কাৰ্য্য,ধাৰ্মিক ক্ৰিয়া বা আন কোনো ধৰণৰ ক্ৰিয়াক উদগণি নজগোৱা।
- যি কোনো বৌদ্ধিক আৰু ব্যৱহাৰিক কাৰ্য্যৰ পৰা ভগৱান বা ধৰ্মৰ সমস্যাবোৰক সক্ৰিয়ভাৱে বৰ্জন কৰে।
- উদাসীনতা—ভগৱান বা ধৰ্মৰ সমস্যাবোৰৰ ওপৰত কোনো ধৰণৰ ৰুচি নথকা। বা
- দৈৱিক ধাৰণাৰ বিষয়ে অজ্ঞাত।৫২
তাত্ত্বিক নাস্তিকতা
সত্তাতাত্ত্বিক যুক্তি (Ontological arguments)
তাত্ত্বিক নাস্তিকতাই (Theoretical atheism) সাধাৰণ ভাৱে উত্থাপিত ভগৱানৰ অস্তিত্বৰ হকে যুক্তি। আস্তিকতাবাদী যুক্তি (theistic arguments) যেনে ৰূপাঙ্কণৰ পৰা যুক্তি (Argument from design) বা পাস্কেলৰ পণ (Pascal's Wager)ৰ উত্তৰ দি ভগৱানৰ অস্তিত্বৰ বিপক্ষে পোনপটীয়াকৈ যুক্তি তুলি ধৰে। তাত্ত্বিক নাস্তিকতা কেৱল এক ontology হে, সঠিকভাৱে কবলৈ গ'লে ভৌতিক ontology (Physical ontology)।
জ্ঞানশাস্ত্ৰৰ যুক্তি (Epistemological Arguments)
জ্ঞানশাস্ত্ৰ নাস্তিকতাই তৰ্ক আগবঢ়াই যে মানুহে কেতিয়াও ভগৱানক জানিব নোৱাৰে বা ভগৱানৰ অস্তিত্বক ঠাৱৰ কৰিব নোৱাৰে। জ্ঞানশাস্ত্ৰৰ নাস্তিকতাৰ ভেঁটি হ'ল নিৰজ্ঞতা (agnosticism), যিয়ে কেইবাটাও ৰূপ ল'ব পাৰে। Immanenceৰ দৰ্শন মতে, ঐশ্বৰিক শক্তিক জগতৰ পৰা বিচ্ছিন্ন কৰিব পৰা নাযায়। ইয়াত মানুহৰ মনো সোমাই আছে আৰু প্ৰতিজন মানুহৰ সচেতনতা কৰ্তাৰ লগত সঁচাৰ হৈ থাকে। এই বিধ নিৰজ্ঞতাৰ মতে, এই অৱৰোধে ভগৱানৰ অস্তিত্বৰ বিষয়ে কোনো ধৰণৰ বিষয়গত উপলব্ধি (objective inference)কৰাৰ পৰা মানুহক প্ৰতিৰোধ কৰে। Kant আৰু Enlightenmentৰ যুক্তিবাদী নিৰজ্ঞতাবাদে (Rationalistic agnosticism) কেৱল মানৱ যুক্তিবাদেৰে আহৰণ কৰা জ্ঞানকহে গ্ৰহণ কৰে। এই প্ৰকাৰৰ নাস্তিকতাই বিশ্বাস কৰে যে ভগৱানৰ অস্তিত্বৰ কথা নীতি হিচাপে গম পোৱা নাযায়, আৰু সেইকাৰণে অস্তিত্বৰ কথা ঠাৱৰ কৰিব পৰা নাযায়। Humeৰ বুদ্ধিৰ ওপৰত ভিত্তি থকা সন্দেহবাদ (Skepticism)ৰ মতে যি কোনো বিষয়তে নিশ্চয়তাৰে দাবী প্ৰতিপন্ন কৰাটো অসম্ভৱ, সেইকাৰণে কোনোৱে কেতিয়াও ভগৱান আছে নে নাই তাৰ কথা সঠিকভাৱে ক'ব নোৱাৰিব। হোমে কিন্তু এয়াও কৈছিল যে তেনে পৰ্যবেক্ষণ কৰিব নোৱাৰা আলৌকিক ধাৰণাবোৰক ঐন্দ্ৰজালিক ভ্ৰম বুলি প্ৰত্যাখান কৰিব লাগে।৫৩
প্ৰাৰম্ভিক ভাৰতীয় চিন্তন
প্ৰাৰম্ভিক ভাৰতীয় চিন্তনত কেইবাটাও নাস্তিকতাবাদী শাখা আছিল যাৰ অস্তিত্ব বুৰঞ্জীমূলক বৈদিক ধৰ্মৰ সময়তো দেখা যায়।৫৪ হিন্দু দৰ্শনৰ ৬টা শাখাৰ পৰম্পৰাগত ভিতৰত, ছামখ্যা (Samkhya), যি সকলোতকৈ পুৰনি দৰ্শন শাখা হয়, ভগৱানক মানি নলয় আৰু প্ৰাৰম্ভিক মিমামসা (Mimamsa) শাখায়ো ভগৱানৰ ধাৰণাক খন্দন কৰে।৫৫ সম্পূৰ্ণ বস্তুবাদী আৰু নাস্তিকতাবাদী দাৰ্শনিক শাখা চাৰ্বাক (Cārvāka) (also called Nastika or Lokaiata) শাখাৰ উৎপত্তি ভাৰতত প্ৰায় 6th century BCE হৈছিল আৰু বোধহয় সকলোতকৈ প্ৰত্যক্ষ ভাৱে নাস্তিকতাবাদী দৰ্শনৰ শাখা আছিল। ইয়াৰ সাদৃশ্যতা গ্ৰীক Cyrenaic schoolৰ লগত কৰা হয়। ভাৰতীয় দৰ্শনৰ এই শাখাক heterodox বুলি কোৱা হয় কাৰণ ই বেদৰ শক্তিক মানি নলয় আৰু ৬টা পৰম্পৰাগত হিন্দু শাখাৰ ভিতৰত নপৰে, কিন্তু হিন্দু ধৰ্মৰ ভিতৰত বস্তুবাদী আন্দোলনৰ প্ৰমাণ হিচাপে ই লেখত ল'ব লগিয়া.৫৬ ছেটাৰ্জী আৰু দত্তই ব্যাখ্যা কৰা মতে চাৰ্বাক দৰ্শনৰ বুজাবুজি আমাৰ সীমিত, আৰু অন্য শাখাৰ সমালোচনাৰ ওপৰতহে ইয়াৰ আজিৰ ভিত্তি আৰু ই এক জিৱীত পৰম্পৰাত নপৰে:
"Though Materialism in some form or other has always been present in India, and occasional references are found in the Vedas, the Buddhistic literature, the Epics, as well as in the later philosophical works we do not find any systematic work on materialism, nor any organized school of followers as the other philosophical schools possess. But almost every work of the other schools states, for refutation, the materialistic views. Our knowledge of Indian materialism is chiefly based on these."৫৭
অন্য ভাৰতীয় দৰ্শনৰ শাখাৰ ভিতৰত প্ৰাচীন সংখ্যা আৰু পূৰ্ব মিমামসাক আস্তিকতাবাদী বুলি ধৰা হয়। ব্যক্তিগত সৃষ্টিকৰ্ত্তা ভগৱানৰ ধাৰণাক ভাৰতৰ জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মটো দেখা যায়।৫৮
নব্য নাস্তিকতা
মূল প্ৰবন্ধ: নব্য নাস্তিকতাবাদ
২১দশ শতিকাৰ প্ৰথমফালৰ কিছুসংখ্যক নাস্তিকতাবাদী লিখকৰ লগত আৰম্ভ হোৱা আন্দোলনক "নব্য নাস্তিকতা" নাম দিয়া হৈছে। "ধৰ্মক কেতিয়াও সহ্য কৰিব নালাগে, আৰু য'তে তাৰ প্ৰভাৱ বেছি হয়, তাক যুক্তিবাদী মতেৰে সমালোচনা কৰিব লাগে আৰু খন্দন কৰি উদঙাই দিব লাগে" - এই মতৰ তেওঁলোকে পোষকতা কৰে।
নব্য নাস্তিকতা ২১দশ শতিকাৰ প্ৰথমফালৰ কিছুসংখ্যক নাস্তিকতাবাদী লিখকৰ লগত আৰম্ভ হোৱা আন্দোলনক "নব্য নাস্তিকতা" নাম দিয়া হৈছে। "ধৰ্মক কেতিয়াও সহ্য কৰিব নালাগে, আৰু য'তে তাৰ প্ৰভাৱ বেছি হয়, তাক যুক্তিবাদী মতেৰে সমালোচনা কৰিব লাগে আৰু খন্দন কৰি উদঙাই দিব লাগে" - এই মতৰ তেওঁলোকে পোষকতা কৰে।৫৯ এই আন্দোলনটোক সঘনে ৰিচাৰ্ড ড'কিনছ্, Daniel C. Dennett, Sam Harris, Christopher Hitchens, আৰু Victor J. Stenger আদি মানুহৰ লগত জঢ়িত কৰা হয়।৬০৬১ এই লিখক সকলে ২০০৪-২০০৭ৰ ভিতৰত লিখা কেইবাখনো জনপ্ৰিয় আৰু সৰ্বাধিক বিত্ৰী হোৱা কিতাপে নব্য নাস্তিকতাৰ ওপৰত আলোচনাৰ আধাৰ হয়। ৬২
জনগাঁথনি


পৃথিৱীত কিমান নাস্তিক আছে তাৰ অনুমান কৰাটো কঠিন। ধৰ্মীয় বিশ্বাসৰ বিভিন্ন লোকপিয়লত "নাস্তিকতা"ৰ সংজ্ঞা ঠাই-ভেদে বিভিন্ন ধৰণে দিয়া হয় আৰু বিভিন্ন মানুহে "নাস্তিকতা", "অধাৰ্মিক বিশ্বাস" আৰু "আধ্যাত্মিক বিশ্বাস"ৰ মাজত পাৰ্থক্য আছে বুলি বিশ্বাস কৰে।৬৩ এজন হিন্দু নাস্তিকে নিজকে হিন্দু হিচাপেই পৰিচয় দিব, যদিও তেওঁ এজন নাস্তিকো হয় একে সময়তে।৬৪ ২০০৫ত Encyclopædia Britannicaত প্ৰকাশ হোৱা এক সমীক্ষা মতে অধাৰ্মিক মানুহে পৃথিৱীৰ জনসংখ্যাৰ ১১.৯% গঠন কৰে আৰু নাস্তিকে প্ৰায় ২.৩%. এই সংখ্যাত নাস্তিকতাবাদী ধৰ্ম অনুশৰন কৰা সকলক সাঙুৰি লোৱা হোৱা নাই, যেনে কিছুসকল বৈ বৌদ্ধধৰ্মী লোক২১। এক বহল অনুমান মতে পৃথিৱীত নাস্তিক আৰু নিৰগ্য লোকৰ সংখ্যা প্ৰায় ১.১ বিলিয়ন (110 কোটি)।৬৫
২০০৬ নৱেম্বৰ-ডিচেম্বৰৰ "Financial Times"ত প্ৰকাশ হোৱা এক সমীক্ষাই আমেৰিকান যুক্তৰাষ্ট্ৰ আৰু ৫খন ইউৰোপীয় দেশৰ অনুমান দিছিল। সকলোতকৈ কম নাস্তিকৰ সংখ্যা আমেৰিকান যুক্তৰাষ্ট্ৰত আছিল (৪%), কিন্তু ইউৰোপীয় দেশবোৰত নাস্তিকতাৰ হাৰ তুলনামূলক ভাৱে বেছি আছিল: ইটালী (৭%), স্পেইন (১১%), গ্ৰেট ব্ৰিটেইন (১৭%), জাৰ্মেনী (২০%) আৰু ফ্ৰান্স (৩২%)।২২ এই সংখ্যাবোৰৰ ইউৰোপিয়ান ইউনিয়নৰ সেই সমীক্ষাৰ লগত মিল আছে যিয়ে সংঘৰ ১৮% লোকে ভগৱানত বিশ্বাস নকৰে বুলি সদৰি কৰিছিল।৬৬ আন কিছু গৱেষণাই নাস্তিক, নিৰগ্য আৰু অবিশ্বাসী সকলৰ পৰিসংখ্যা প'লেণ্ড, ৰোমানীয়া, চাইপ্ৰাচ আৰু আন কিছুমান দেশত বহুত কম বুলি প্ৰতিপন্ন কৰিছে,৬৭ আৰু কিছুমান দেশত বহুত বেছি যেনে চুইদেন (৮৫%), ডেনমাৰ্ক (৮০%), নৰৱে (৭২%) আৰু ফিনলেণ্ড (৬০%)।২০ According to the Australian Bureau of Statistics ২২% অস্ত্ৰেলীয়া বাসীৰ কোনো ধৰ্ম নাই সি সংখ্যাৰ ভিতৰত নাস্তিকতাও আছে।৬৮ ৬৫%২০ জাপানী আৰু প্ৰায় ৮১%৬৯ ভিয়েতনামী লোক নাস্তিক, নিৰগ্য বা ভগৱানত বিশ্বাস নকৰে। ২০১২ৰ এক গেল'প (Gallup) সমীক্ষাই সদৰি কৰা মতে পৃথিৱীৰ ১৩% লোকে নিজকে নাস্তিক বুলি ঘোষণা কৰিছে।৭০ আমেৰিকান যুক্তৰাষ্ট্ৰত ২০০৫ৰ পৰা ২০১০লৈ নাস্তিকৰ জনসংখ্যা ১% পৰা ৫% লৈ বৃদ্ধি পাইছে।৭১
নাস্তিকতাৰ আধাৰত ৰচিত অসমীয়া সাহিত্য
- নাস্তিকৰ জেল ডায়েৰী: আয়ুব আলী শৰ্মা৭২
- মানৱ বন্দনা (কবিতা) - কবি: চন্দ্ৰকুমাৰ আগৰৱালা
তথ্য সংগ্ৰহ
- Armstrong, Karen. (1999). A History of God. Vintage. ISBN 0-09-927367-5
- Baggini, Julian. (2003). Atheism: A Very Short Introduction. Oxford: Oxford University Press. ISBN 0-19-280424-3
- Barker, Dan. (2008). Godless: How an Evangelical Preacher Became One of America's Leading Atheists. Ulysses Press. ISBN 9781569756775
- Bradlaugh, Charles. (1884). The Atheistic Platform. Freethought Publishing
- Dawkins, Richard. (2006). The God Delusion. Bantam Press. ISBN 0-593-05548-9
- Edwards, Paul. (2005). Atheism. The Encyclopedia of Philosophy. MacMillan Reference USA (Gale). পৃ. 359. ISBN 978-0-02-865780-6
- Flew, Antony. (1976). The Presumption of Atheism, and other Philosophical Essays on God, Freedom, and Immortality. Barnes and Noble
- Flint, Robert. (1903). Agnosticism: The Croall Lecture for 1887–88. William Blackwood and Sons
- Flynn. (25 October 2007). http://books.google.com/books?id=YR4RAQAAIAAJ. The New Encyclopedia of Unbelief. Prometheus Books. ISBN 9781591023913
- Harris, Sam. (2005). The End of Faith: Religion, Terror, and the Future of Reason. W. W. Norton & Company
- Harris, Sam. (19 September 2006). Letter to a Christian Nation. Knopf. ISBN 978-0-307-27877-7
- Harris, Sam. (2006a). The Myth of Secular Moral Chaos. Free Inquiry
- Hitchens, Christopher. (2007). god Is Not Great: How Religion Poisons Everything. Random House
- Hume, David. (1779). Dialogues Concerning Natural Religion
- Hume, David. (1748). An Enquiry Concerning Human Understanding
- Landsberg, Mitchell. (28 September 2010). Atheists, agnostics most knowledgeable about religion, survey says. Los Angeles Times
- Martin, Michael. (1990). Atheism: A Philosophical Justification. Temple University Press. ISBN 978-0-87722-642-0
- Martin. (2006). The Cambridge Companion to Atheism. Cambridge University Press. ISBN 0-521-84270-0
- Nielsen, Kai. (2011). Atheism. Encyclopædia Britannica
- Rafford, R. L. (1987). Atheophobia—an introduction. Religious Humanism. পৃ. 32–37
- Russell, Bertrand. (1957). Why I am not a Christian, and other essays on religion and related subjects. Simon and Schuster
- Sartre, Jean-Paul. (2001). Jean-Paul Sartre: Basic Writings. Routledge. পৃ. 45. ISBN 0-415-21367-3
- Sartre, Jean-Paul. (2004). Ethics: Contemporary Readings. Routledge. পৃ. 127. ISBN 0-415-25680-1
- Shermer, Michael. (1999). How We Believe: Science, Skepticism, and the Search for God. William H Freeman. ISBN 0-7167-3561-X
- Smith, George H. (1979). Atheism: The Case Against God. Prometheus Books. ISBN 0-87975-124-X
- Stenger, Victor J. (2007). God: The Failed Hypothesis—How Science Shows That God Does Not Exist. Prometheus Books. ISBN 978-1-59102-652-5
- Stenger, Victor J. (22 September 2009). The New Atheism: Taking a Stand for Science and Reason. Prometheus. ISBN 1-59102-751-9
- Zuckerman. (2010). Atheism and secularity. Praeger. ISBN 978-0-313-35183-9
- Zdybicka, Zofia J. (2005). Universal Encyclopedia of Philosophy. Polish Thomas Aquinas Association
অতিৰিক্ত পঠন
- Berman, David. (1990). A History of Atheism in Britain: From Hobbes to Russell. London: Routledge. ISBN 0-415-04727-7
- Buckley, M. J. (1990). At the Origins of Modern Atheism. New Haven, CT: Yale University Press. ISBN 0-300-04897-1
- Flew, Antony. (2005). God and Philosophy. Prometheus Books. ISBN 1-59102-330-0
- Tom Flynn. (2007). The New Encyclopedia of Unbelief. Prometheus Books. ISBN 1-59102-391-2
- Gaskin, J.C.A. (1989). Varieties of Unbelief: From Epicurus to Sartre. •New York: Macmillan. ISBN 0-02-340681-X
- Germani, Alan. (15 September 2008). The Mystical Ethics of the New Atheists. The Objective Standard. Glen Allen Press
- Harbour, Daniel. (2003). ((An Intelligent Person's Guide to Atheism)). London: Duckworth. ISBN 0-7156-3229-9
- Harris, Sam. (2 October 2007). The Problem with Atheism. The Washington Post
- Howson, Colin (2011). Objecting to God. Cambridge: Cambridge University Press. ISBN 978-0-521-18665-0
- Jacoby, Susan. (2004). Freethinkers: A History of American Secularism. Metropolitan Books. ISBN 978-0-8050-7442-0
- Krueger, D. E. (1998). What is Atheism?: A Short Introduction. New York: Prometheus. ISBN 1-57392-214-5
- Le Poidevin, R. (1996). Arguing for Atheism: An Introduction to the Philosophy of Religion. London: Routledge. ISBN 0-415-09338-4
- Mackie, J. L. (1982). The Miracle of Theism: Arguments For and Against the Existence of God. Oxford University Press. ISBN 0-19-824682-X
- Maritain, Jacques. (1953). The Range of Reason. London: Geoffrey Bles. ISBN B0007DKP00
- Martin, Michael. (1990). Atheism: A Philosophical Justification. Temple University Press. ISBN 0-87722-943-0
- Michael Martin & Ricki Monnier. (2003). The Impossibility of God. Prometheus Books. ISBN 1-59102-120-0
- Michael Martin & Ricki Monnier. (2006). The Improbability of God. Prometheus Books. ISBN 1-59102-381-5
- McTaggart, John; McTaggart, Ellis. (1930). Some Dogmas of Religion. Edward Arnold & Co. ISBN 0-548-14955-0
- Nielsen, Kai. (1985). Philosophy and Atheism. New York: Prometheus. ISBN 0-87975-289-0
- Nielsen, Kai. (2001). Naturalism and Religion. New York: Prometheus. ISBN 1-57392-853-4
- Onfray, Michel. (2007). Atheist Manifesto. Arcade Publishing. ISBN 978-1-55970-820-3
- Oppy, Graham. (2006). Arguing about Gods. Cambridge University Press. ISBN 0-521-86386-4
- Robinson, Richard. (1964). An Atheist's Values. Oxford: Clarendon Press. ISBN 0-19-824191-7
- Rosenberg, Alex (2011). The Atheist's Guide to Reality: Enjoying Life Without Illusions. New York: W. W. Norton & Co. ISBN 978-0-393-08023-0
- Russell, Paul. (4 October 2005). Hume on Religion. Stanford Encyclopedia of Philosophy. Metaphysics Research Lab
- Sharpe, R.A. (1997). The Moral Case Against Religious Belief. London: SCM Press. ISBN 0-334-02680-6
- Thrower, James. (1971). A Short History of Western Atheism. London: Pemberton. ISBN 0-301-71101-1
- Walters, Kerry (2010). Atheism: A Guide for the Perplexed. New York: Continuum. ISBN 978-0-8264-2493-8
বাহ্যিক সংযোগ
- The New Atheists in The Internet Encyclopedia of Philosophy
- – Includes links to organizations and websites.
- Positive atheism: Great Historical Writings Historical writing sorted by authors.
- Religion & Ethics—Atheism at Bbc.co.uk.
- Secular Web library – Library of both historical and modern writings, a comprehensive online resource for freely available material on atheism.
- The Demand for Religion – A study on the demographics of Atheism by Wolfgang Jagodzinski (University of Cologne) and Andrew Greeley (University of Chicago and University of Arizona).
- Atheism at enotes.com
- Kai Nielsen. (July 1963). Can Faith Validate God-Talk?. Theology Today
- Investigating Atheism University of Cambridge and Oxford project
তথ্যসূত্ৰ
- ↑ Nielsen 2011: "Instead of saying that an atheist is someone who believes that it is false or probably false that there is a God, a more adequate characterization of atheism consists in the more complex claim that to be an atheist is to be someone who rejects belief in God for the following reasons...: for an anthropomorphic God, the atheist rejects belief in God because it is false or probably false that there is a God; for a nonanthropomorphic God... because the concept of such a God is either meaningless, unintelligible, contradictory, incomprehensible, or incoherent; for the God portrayed by some modern or contemporary theologians or philosophers... because the concept of God in question is such that it merely masks an atheistic substance—e.g., "God" is just another name for love, or ... a symbolic term for moral ideals."
- ↑ Edwards 2005: "On our definition, an 'atheist' is a person who rejects belief in God, regardless of whether or not his reason for the rejection is the claim that 'God exists' expresses a false proposition. People frequently adopt an attitude of rejection toward a position for reasons other than that it is a false proposition. It is common among contemporary philosophers, and indeed it was not uncommon in earlier centuries, to reject positions on the ground that they are meaningless. Sometimes, too, a theory is rejected on such grounds as that it is sterile or redundant or capricious, and there are many other considerations which in certain contexts are generally agreed to constitute good grounds for rejecting an assertion."
- ↑ Rowe, William L. (1998). Atheism. Routledge Encyclopedia of Philosophy. Taylor & Francis. ISBN 978-0-415-07310-3
- ↑ Harvey, Van A. in Flynn 2007, পৃ. 35: "The terms ATHEISM and AGNOSTICISM lend themselves to two different definitions. The first takes the privative a both before the Greek theos (divinity) and gnosis (to know) to mean that atheism is simply the absence of belief in the gods and agnosticism is simply lack of knowledge of some specified subject matter. The second definition takes atheism to mean the explicit denial of the existence of gods and agnosticism as the position of someone who, because the existence of gods is unknowable, suspends judgment regarding them... The first is the more inclusive and recognizes only two alternatives: Either one believes in the gods or one does not. Consequently, there is no third alternative, as those who call themselves agnostics sometimes claim. Insofar as they lack belief, they are really atheists. Moreover, since absence of belief
- ↑ Simon Blackburn. (2008). atheism. The Oxford Dictionary of Philosophy. Oxford University Press
- ↑ Most dictionaries (see the OneLook query for "atheism") first list one of the more narrow definitions. * Runes, Dagobert D. (editor). (1942 edition). Dictionary of Philosophy. Littlefield, Adams & Co. Philosophical Library. ISBN 0-06-463461-2 – entry by Vergilius Ferm
- ↑ atheism. Oxford Dictionaries. Oxford University Press
- ↑ Definitions: Atheism. Department of Religious Studies, University of Alabama
- ↑ (1989). Oxford English Dictionary
- ↑ Merriam-Webster Online Dictionary
- ↑ Shook, John R. Skepticism about the Supernatural
- ↑ Honderich, Ted (Ed.) (1995). "Humanism". The Oxford Companion to Philosophy. Oxford University Press. p 376. ISBN 0-19-866132-0
- ↑ Fales, Evan. Naturalism and Physicalism in Martin 2006, পৃ. 122–131
- ↑ Baggini 2003, পৃ. 3–4
- ↑ Stenger 2007, পৃ. 17–18, citing Parsons, Keith M. (1989). God and the Burden of Proof: Plantinga, Swinburne, and the Analytical Defense of Theism. Prometheus Books. ISBN 978-0-87975-551-5
- ↑ Carol S. Matthews. (19 October 2009). A New Vision A New Heart A Renewed Call - Volume Two. William Carey Library. ISBN 978-0-87808-364-0
- ↑ Carol S. Matthews. (19 October 2009). New Religions. Chelsea House Publishers. ISBN 978-0-7910-8096-2
- ↑ Kedar, Nath Tiwari. (1997). Comparative Religion. Motilal Banarsidass. পৃ. 50. ISBN 81-208-0293-4
- ↑ Chakravarti, Sitansu. (1991). Hinduism, a way of life. Motilal Banarsidass Publ. পৃ. 71. ISBN 978-81-208-0899-7
- ↑ Zuckerman, Phil. (2007). The Cambridge Companion to Atheism. Cambridge University Press. পৃ. 56. ISBN 978-0-521-60367-6
- ↑ (2005). Worldwide Adherents of All Religions by Six Continental Areas, Mid-2005. Encyclopædia Britannica * 2.3% Atheists: Persons professing atheism, skepticism, disbelief, or irreligion, including the militantly antireligious (opposed to all religion). * 11.9% Nonreligious: Persons professing no religion, nonbelievers, agnostics, freethinkers, uninterested, or dereligionized secularists indifferent to all religion but not militantly so
- ↑ (20 December 2006). Religious Views and Beliefs Vary Greatly by Country, According to the Latest Financial Times/Harris Poll. Financial Times/Harris Interactive
- ↑ Cary Funk, Greg Smith. "Nones" on the Rise: One-in-Five Adults Have No Religious Affiliation. Pew Research Center. পৃ. 9, 42
- ↑ (1911). Atheism. Encyclopædia Britannica
- ↑ Martin 1990, পৃ. 467–468: "In the popular sense an agnostic neither believes nor disbelieves that God exists, while an atheist disbelieves that God exists. However, this common contrast of agnosticism with atheism will hold only if one assumes that atheism means positive atheism. In the popular sense, agnosticism is compatible with negative atheism. Since negative atheism by definition simply means not holding any concept of God, it is compatible with neither believing nor disbelieving in God."
- ↑ Flint 1903, পৃ. 49–51: "The atheist may however be, and not unfrequently is, an agnostic. There is an agnostic atheism or atheistic agnosticism, and the combination of atheism with agnosticism which may be so named is not an uncommon one."
- ↑ Holland, Aaron in Flynn 2007, পৃ. 34: "It is important to note that this interpretation of agnosticism is compatible with theism or atheism, since it is only asserted that knowledge of God's existence is unattainable."
- ↑ Martin 2006, পৃ. 2: "But agnosticism is compatible with negative atheism in that agnosticism entails negative atheism. Since agnostics do not believe in God, they are by definition negative atheists. This is not to say that negative atheism entails agnosticism. A negative atheist might disbelieve in God but need not."
- ↑ Barker 2008, পৃ. 96: "People are invariably surprised to hear me say I am both an atheist and an agnostic, as if this somehow weakens my certainty. I usually reply with a question like, "Well, are you a Republican or an American?" The two words serve different concepts and are not mutually exclusive. Agnosticism addresses knowledge; atheism addresses belief. The agnostic says, "I don't have a knowledge that God exists." The atheist says, "I don't have a belief that God exists." You can say both things at the same time. Some agnostics are atheistic and some are theistic."
- ↑ Besant, Annie. Why Should Atheists Be Persecuted? in Bradlaugh 1884, পৃ. 185–186: "The Atheist waits for proof of God. Till that proof comes he remains, as his name implies, without God. His mind is open to every new truth, after it has passed the warder Reason at the gate."
- ↑ Holyoake, George Jacob. (1842). Mr. Mackintosh's New God. The Oracle of Reason, Or, Philosophy Vindicated. পৃ. 186
- ↑ Nielsen 2011: "atheism, in general, the critique and denial of metaphysical beliefs in God or spiritual beings. As such, it is usually distinguished from theism, which affirms the reality of the divine and often seeks to demonstrate its existence. Atheism is also distinguished from agnosticism, which leaves open the question whether there is a god or not, professing to find the questions unanswered or unanswerable."
- ↑ Atheism. Encyclopædia Britannica Concise. Merriam Webster
- ↑ (1911). Atheism. Encyclopædia Britannica
- ↑ Martin 2006
- ↑ d'Holbach, P. H. T. (1772). Good Sense
- ↑ Smith 1979, পৃ. 14
- ↑ Nagel, Ernest. (1959). Basic Beliefs: The Religious Philosophies of Mankind. Sheridan House reprinted in Critiques of God, edited by Peter A. Angeles, Prometheus Books, 1997
- ↑ Flew 1976, পৃ. 14ff: “এই ব্যাখ্যাত এজন নাস্তিক মানুহে হয়টো ভগৱানৰ অস্তিত্বহীনতাক দৃঢ়তাৰে প্ৰতিপন্ন কৰে বা যি কেৱল ধাৰ্মিক নহয়। ভৱিষ্যতৰ পৰা প্ৰথম শ্ৰেনীৰ নাস্তিকক 'ঋণাত্মক নাস্তিক' আৰু দ্বিতীয় শ্ৰেনীৰ নাস্তিকক 'ধনাত্মক নাস্তিক'ৰ সংজ্ঞাৰে অভিহিত কৰা হক। ”
- ↑ Martin 2006
- ↑ Kenny, Anthony. (2006). What I believe. Continuum. ISBN 0-8264-8971-0
- ↑ O'Brien, Breda. (7 July 2009). Many atheists I know would be certain of a high place in heaven. Irish Times
- ↑ Baggini 2003, পৃ. 30–34। "Who seriously claims we should say 'I neither believe nor disbelieve that the Pope is a robot', or 'As to whether or not eating this piece of chocolate will turn me into an elephant I am completely agnostic'. In the absence of any good reasons to believe these outlandish claims, we rightly disbelieve them, we don't just suspend judgement."
- ↑ Baggini 2003, পৃ. 22। "A lack of proof is no grounds for the suspension of belief. This is because when we have a lack of absolute proof we can still have overwhelming evidence or one explanation which is far superior to the alternatives."
- ↑ Dawkins 2006, পৃ. 50
- ↑ Cudworth, Ralph. (1678). The True Intellectual System of the Universe: the first part, wherein all the reason and philosophy of atheism is confuted and its impossibility demonstrated
- ↑ See, for instance, (3 September 1996). Atheists call for church head to retract slur
- ↑ Harris 2006, পৃ. 51
- ↑ Paul Henri Thiry, Baron d'Holbach, System of Nature; or, the Laws of the Moral and Physical World (London, 1797), Vol. 1, p. 25
- ↑ Zdybicka 2005, পৃ. 20
- ↑ Schafersman, Steven D. (February 1997). Naturalism is an Essential Part of Science and Critical Inquiry. Conference on Naturalism, Theism and the Scientific Enterprise. Department of Philosophy, The University of Texas Revised May 2007
- ↑ Zdybicka 2005, পৃ. 21
- ↑ Hume 1748: "If we take in our hand any volume; of divinity or school metaphysics, for instance; let us ask, Does it contain any abstract reasoning concerning quantity or number? No. Does it contain any experimental reasoning concerning matter of fact and existence? No. Commit it then to the flames: for it can contain nothing but sophistry and illusion."
- ↑ Pandian. (1996). India, that is, sidd. Allied Publishers. পৃ. 64. ISBN 978-81-7023-561-3
- ↑ Dasgupta, Surendranath. (1992). A history of Indian philosophy, Volume 1. Motilal Banarsidass Publ. পৃ. 258. ISBN 978-81-208-0412-8
- ↑ Sarvepalli Radhakrishnan and Charles A. Moore. A Sourcebook in Indian Philosophy. (Princeton University Press: 1957, Twelfth Princeton Paperback printing 1989) pp. 227–249. ISBN 0-691-01958-4
- ↑ Satischandra Chatterjee and Dhirendramohan Datta. An Introduction to Indian Philosophy. Eighth Reprint Edition. (University of Calcutta: 1984). p. 55
- ↑ Joshi, L.R. (1966). A New Interpretation of Indian Atheism. Philosophy East and West. পৃ. 189–206
- ↑ Hooper, Simon. The rise of the New Atheists. CNN
- ↑ Gribbin, Alice. (22 December 2011). Preview: The Four Horsemen of New Atheism reunited. New Statesman
- ↑ Stenger 2009
- ↑ Stenger 2009
- ↑ Major Religions of the World Ranked by Number of Adherents, Section on accuracy of non-Religious Demographic Data
- ↑ Huxley, Andrew. (2002). Religion, Law and Tradition: Comparative Studies in Religious Law. Routledge. পৃ. 120. ISBN 978-0-7007-1689-0
- ↑ (2010). Secularization and the World Religions. Liverpool University Press. পৃ. 122 (footnote 1). ISBN 978-1-84631-187-1
- ↑ (2005). Social values, Science and Technology. Directorate General Research, European Union. পৃ. 7–11
- ↑ Zuckerman, Phil. Atheism: Contemporary Numbers and Patterns in Martin 2006, পৃ. 51
- ↑ (2012). Cultural Diversity In Australia. Australian Bureau of Statistics
- ↑ (3 January 2008). Average intelligence predicts atheism rates across 137 nations
- ↑ (6 August 2012). WIN-Gallup International "Religiosity and Atheism Index" reveals atheists are a small minority in the early years of 21st century
- ↑ (22 August 2012). BBC News - Viewpoints: Why is faith falling in the US?. BBC Online
- ↑ অন্য এগৰাকী অখ্যাত লেখকৰ "নাস্তিকৰ জেল ডায়েৰী" বিখ্যাত হোৱাৰ পথত", EastMojo অসম, ০৮/০১/২০২১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাস্তিকতা” প্ৰবন্ধৰ সংশোধন ৬৩২০১৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।