দক্ষিণ ভাৰতৰ খাদ্য
৬ প্ৰবন্ধ
-
ইডলি
ইডলি বা আইডলি হৈছে দক্ষিণ ভাৰতৰ পৰা উৎপত্তি হোৱা এক প্ৰকাৰৰ টেঙা চাউলৰ পিঠা, দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত ব্ৰেকফাষ্ট খাদ্য হিচাপে জনপ্ৰিয়। কিম্বন কৰা ক’লা মচুৰ দাইল (ডি-হাস্কড) আৰু চাউলৰে গঠিত বেটাৰ ভাপত দি কেক তৈয়াৰ কৰা হয়।
-
ডোছা (খাদ্য)
ডোছা হৈছে একপ্ৰকাৰ ভাৰতীয় খাদ্য। ইয়াক চাম্বাৰ আৰু চাটনীৰ সৈতে পৰিৱেশন কৰা হয়।
-
অপ্পম
অপ্পম (Appam) বা হপাৰ্ছ (Hoppers) হৈছে দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ এক প্ৰকাৰৰ পাতল পেনকেক। ই সাধাৰণতে চাউলৰ গুড়ি কৰা মিশ্ৰণ আৰু নাৰিকল দুগ্ধৰ সৈতে প্ৰস্তুত কৰা হয়। অপ্পম পৰম্পৰাগতভাৱে আপ্পাচট্টি নামেৰ গভীৰ পেনত ৰন্ধা হয়, যিয়ে আকাৰত ৱকৰ দৰে।
-
উডুপি (খাদ্য)
উডুপি খাদ্য (উদিপি বুলিও জনা যায়) দক্ষিণ ভাৰতত প্ৰচলিত খাদ্য। ই দক্ষিণ ভাৰতৰ টুলুসকলৰ তুলুভা খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঠিত আৰু কৰ্ণাটক ৰাজ্যৰ তুলুনাদ অঞ্চলৰ ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ এখন চহৰ উডুপিৰপৰাই ইয়াৰ নাম লোৱা হৈছে। উডুপি ৰন্ধনশৈলীৰ বেছিভাগ খাদ্যই কঠোৰভাৱে নিৰামিষ।
-
পুৰনালু
বুৰেলু গুড় মিহলি দালিৰ পেষ্ট আৰু শুকান ফলৰ সৈতে ভৰোৱা পিঠাগুড়িৰে তৈয়াৰী ভাৰতীয় মিঠাই আৰু ডাম্পলিং। প্ৰায়ে ঘিউৰ লগত গৰমে গৰমে পৰিবেশন কৰা হয়। তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত ইয়াক পূৰনাম বুলি কোৱা হয়। পূৰ্নাম প্ৰস্তুত কৰাত সকলো দক্ষিণ ভাৰতীয় খাদ্যৰ সাধাৰণ পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰা হয়।
-
মেডু বড়া
মেডু বড়া'ভিগনা মুংগো (ক'লা মাটি মাহ)ৰপৰা তৈয়াৰী দক্ষিণ ভাৰতীয় ব্ৰেকফাষ্ট স্নেক। ইয়াক সাধাৰণতে ডোনাটৰ আকৃতিত তৈয়াৰ কৰা হয়, ইয়াৰ বাহিৰৰ অংশ খৰখৰীয়া আৰু ভিতৰৰ অংশ কোমল। দক্ষিণ ভাৰতীয় খাদ্যৰ জনপ্ৰিয় খাদ্য সামগ্ৰী ইয়াক সাধাৰণতে ব্ৰেকফাষ্ট বা জলপান হিচাপে খোৱা হয়।