তামিলনাডুৰ ব্যক্তি
২০ প্ৰবন্ধ
-
পি চিদাম্বৰম
পালানিয়াপ্পান চিদাম্বৰম বা চমুকৈ পি চিদাম্বৰম (জন্ম ১৬ ছেপ্টেম্বৰ ১৯৪৫) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন এটৰ্ণী যি বৰ্তমান ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ অলপতে গৃহ পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ (২০১৭-১৮) অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ছাই পল্লৱী
ছাই পল্লৱী ছেন্থামাৰাই (Sai Pallavi Senthamarai; জন্ম: ৯ মে' ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেখেতে তেলুগু, তামিল, আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰিছে। "প্ৰেমম" আৰু "ফিডা" নামৰ ছবিত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেতে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
-
এছ অনিতাৰ আত্মহত্যা
শন্মুগম অনিতা (৫ মাৰ্চ ২০০০ – ১ ছেপ্টেম্বৰ ২০১৭) ভাৰতৰ তামিলনাডুৰ এগৰাকী ছাত্ৰী আছিল। তামিলনাডু ৰাজ্যিক ব’ৰ্ডৰ দ্বাদশ মান পৰীক্ষাত ১১৭৬/১২০০ নম্বৰ লাভ কৰে। ৰাজ্য শিক্ষা বোৰ্ডৰ নম্বৰ বিবেচিত হোৱাহেঁতেন তেওঁৰ চিকিৎসাৰ আসন নিশ্চিত হ’লহেঁতেন।
-
তুলসীমতি মুৰুগেছান
তুলসীমতি মুৰুগেছান (Thulasimathi Murugesan; জন্ম: ১১ এপ্ৰিল ২০০২) এগৰাকী ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
নিত্যা শিৱন
নিত্যা শ্ৰী সুমতি শিৱন (জন্ম: ৭ জানুৱাৰী ২০০৫) এগৰাকী ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ বেডমিণ্টনৰ মহিলাৰ একক প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
-
মণিষা ৰামাদাস
মণিষা ৰামাদাস (জন্ম: ২৭ জানুৱাৰী ২০০৫) তামিলনাডুৰ এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰাৰ লগতে মহিলাৰ একক এছইউ৫ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
ৰমেশবাবু বৈশালী
ৰমেশবাবু বৈশালী (Vaishali Rameshbabu; জন্ম ২১ জুন ২০০১) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ গ্ৰেণ্ডমাষ্টাৰ পৰ্যায় লাভ কৰা বৈশালী ভাৰতৰ তৃতীয় গৰাকী মহিলা। তেওঁ আৰু তেওঁৰ ভাতৃ ৰমেশবাবু প্ৰজ্ঞানন্দ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰা প্ৰথম ভাতৃ-ভগ্নীৰ যুটি।
-
ৱানথি শ্ৰীনিবাসন
ৱানথি শ্ৰীনিবাসন (Vanathi Srinivasan, জন্ম ৬ জুন ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তামিলনাডুৰ অধিবক্তা।[1] ১৯৯৩ চনৰ পৰা মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আইন চৰ্চা কৰি আহিছে।[2] কইম্বাটুৰ দক্ষিণ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ তামিলনাডু বিধানসভাৰ সদস্য হৈছে।[3] বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ…
-
অপ্সৰা ৰেড্ডী
অপ্সৰা ৰেড্ডী (জন্ম: অজয় ৰেড্ডী) হৈছে এজন ভাৰতীয় ট্ৰান্সজেণ্ডাৰ মহিলা ৰাজনীতিবিদ আৰু সাংবাদিক। ২০১৬ চনত পূৰ্বৰ মুখ্যমন্ত্ৰী জয়াললিতাই তেওঁক সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুনেত্ৰ কড়গম (AIADMK)ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্ত কৰিছিল।
-
অৰ্চনা ৰামসুন্দৰাম
অৰ্চনা ৰামাসুন্দৰাম (জন্ম ১ অক্টোবৰ ১৯৫৭), অৰ্চনা ৰামাসুন্দ্ৰম বুলিও কোৱা হয়, এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী বিষয়া যি তামিলনাডু আৰক্ষীৰ সদস্য আছিল। ২০১৮ চনত অৱসৰ লোৱালৈকে ৩৭ বছৰ ধৰি ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ত কাৰ্যনিৰ্বাহ কৰা তেখেত ভাৰতৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া আছিল যিয়ে কেন্দ্ৰীয়…
-
আৰ বানুমাথি
আৰ বানুমাথি (R. Banumathi; জন্ম: ২০ জুলাই ১৯৫৫) হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ।[ তেওঁ তামিলনাডুৰ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা ষষ্ঠগৰাকী মহিলা।
-
এম চি ৰাজহ
মাইলাই চিন্না থাম্বি পিল্লাই ৰাজহ (জন্ম ১৭ জুন ১৮৮৩ – ২৩ আগষ্ট ১৯৪৩) ভাৰতীয় কেন্দ্ৰীয় ৰাজ্য তামিলনাডুৰ এজন তামিল ৰাজনীতিবিদ, শিক্ষাবিদ, সামাজিক আৰু ৰাজনৈতিক কৰ্মী আছিল। ৰাজহৰ জন্ম হৈছিল মাদ্ৰাজৰ তামিল পৰিয়ালত। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ৰাজনীতিত নামি অহাৰ লগতে জাষ্টিচ পাৰ্টিৰ নেতা আছিল।
-
কাৰ্পাগা
কাৰ্পাগা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল চলচ্চিত্ৰ পাল-ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। তেওঁ ভাৰতত মূলধাৰাৰ চলচ্চিত্ৰত মুখ্য ভূমিকাত অভিনয় কৰা প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি।
-
কুট্টি ৰেৱতী
এছ ৰেৱতী (ছদ্মনাম: কুট্টি ৰেৱতী; জন্ম ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় গীতিকাৰ, কবি, সক্ৰিয়তাবাদী আৰু চিকিৎসক। তেওঁ তিনিখন কবিতাৰ কিতাপ প্ৰকাশ কৰিছে আৰু মহিলা লেখকৰ বাবে প্ৰকাশিত সাহিত্যিক ত্ৰৈমাসিক পত্ৰিকা পানিক্কুদমৰ সম্পাদক, যি প্ৰথম তামিল নাৰীবাদী পত্ৰিকাও।
-
ডগ্গুবতী পুৰন্দেশ্বৰী
ডগ্গুবাটি পুৰন্দেশ্বৰী (Daggubati Purandeswari,জন্ম ২২ এপ্ৰিল ১৯৫৯) অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী।সম্প্ৰতি ৰাজহমুন্দ্ৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
নিগাৰ শ্বাজী
নিগাৰ শ্বাজী (Nigar Shaji; জন্ম: ১৯৬৪) এগৰাকী ভাৰতীয় মহাকাশ বিজ্ঞানী তথা অভিযন্তা। বৰ্তমান তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত কৰ্মৰত। তেওঁ ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ৰ প্ৰকল্প সঞ্চালক আছিল।
-
লতা ৰজনীকান্ত
লতা ৰজনীকান্ত (জন্ম নাম লতা ৰঙাচাৰী; ২ মাৰ্চ ১৯৫৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু প্লেবেক গায়িকা। তেওঁ অভিনেতা ৰজনীকান্তৰ পত্নী আৰু ঐশ্বৰ্যা ৰজনীকান্ত আৰু সৌন্দৰ্য ৰজনীকান্তৰ মাতৃ।
-
সংগীতা সন্তোষম
সংগীতা সন্তোষম ভাৰতৰ চেন্নাইৰ বাহিৰত বাস কৰা এগৰাকী প্ৰতিষ্ঠিত পৰিবেশন শিল্পী। তেওঁ পশ্চিমীয়া শাস্ত্ৰীয় সংগীত, সমসাময়িক জাজৰ পৰা আৰম্ভ কৰি তামিল হিট গীতলৈকে বহুতো ধাৰা গোৱাৰ কৃতিত্ব লাভ কৰা এগৰাকী বহুমুখী আৰু বহুভাষিক কণ্ঠশিল্পী।
-
হৰিচৰণ
হৰিচৰণ শেশাদ্ৰী (জন্ম ২০ মাৰ্চ ১৯৮০) যাক হৰিচৰণ নামেৰে জনা যায়; এগৰাকী ভাৰতীয় কৰ্ণাটকী কণ্ঠশিল্পী, প্লেবেক গায়ক আৰু সংগীতজ্ঞ। তেওঁ প্ৰধানকৈ তামিল, মালয়ালম, হিন্দী, তেলুগু আৰু কন্নড় ভাষাৰ সংগীত আৰু চলচ্চিত্ৰত কণ্ঠদান কৰে। তেওঁ চলচ্চিত্ৰ আৰু সংগীতৰ এলবাম মিলাই ২০০০ৰো অধিক গীতত কণ্ঠদান কৰিছে।
-
হৰিণী নাগ্ৰেণ্ডা
হৰিণী নাগ্ৰেণ্ডা (Harini Nagendra) এগৰাকী ভাৰতীয় পৰিৱেশবিদ যিয়ে দক্ষিণ এছিয়াৰ প্ৰেক্ষাপটত বনাঞ্চল আৰু চহৰসমূহৰ সামাজিক-পৰিৱেশগত বহনক্ষমতাক গঢ় দিয়া কাৰকসমূহ পৰীক্ষা কৰিবলৈ জীৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰ অধ্যয়ন, আৰ্কাইভ গৱেষণা, প্ৰতিষ্ঠানিক বিশ্লেষণ আৰু সম্প্ৰদায়ৰ সাক্ষাৎকাৰৰ সৈতে সংযুক্ত উপগ্ৰহৰ…