ঘটনাৱলী
- ১৯৩৫ - পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল।
- ১৯৪৯ - অসমীয়া দৈনিক বাতৰি কাকত 'নতুন অসমীয়া' প্ৰকাশ হৈছিল।
- ১৯৬২ - ভাৰতৰ বিখ্যাত সংগীত কোম্পানী এইচ এম ভিৰ হৈ দীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক' গীতটিৰ বাণীবন্ধন হয়।
- ২০১১ - ডাইনী সন্দেহত মোনাবাৰী চাহ বাগিচাত কিশোৰী সহ ৪ জনক হত্যা কৰা হয় আৰু লখিমপুৰ জিলাতো ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা হয়।
- ২০১১ - অসমত পৰিবেশ বিশ্ববিদ্যালয় লাগে বুলি ৰাজ্যৰ সকলো প্ৰান্তত ধৰ্না কাৰ্যসূচী পালন কৰে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে।
জন্ম
- ১৮৩৮ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, ভাৰতীয় সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ। বন্দে মাতৰম্ৰ লেখক।১
- ১৮৭৩ - গৌহৰ জান, ভাৰতীয় কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
- ১৮৮২ - সাৰদা মেহতা, ভাৰতীয় সমাজ-সংস্কাৰক।
- ১৯১৮ - ৰাম ৰাঘোবা ৰাণে, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ১৯২৬ - মহেন্দ্ৰ ভাটনাগৰ, ভাৰতীয় কবি।
- ১৯৪৬ - অৰুণা ৰায়, ভাৰতীয় ৰাজনীতিক আৰু সমাজকৰ্মী।
- ১৯৯২ - মনপ্ৰীত সিং, ভাৰতীয় ফিল্ড হকী খেলুৱৈ।
- ১৯৯৩ - এৰিএনা গ্ৰেণ্ড, আমেৰিকাৰ গায়িকা, লেখিকা আৰু অভিনেত্ৰী।
মৃত্যু
- ১৮৩০ - চতুৰ্থ জৰ্জ, ইংলেণ্ডৰ ৰজা।
- ২০০১ - সত্য প্ৰসাদ বৰুৱা, অসমীয়া নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক আৰু গৱেষক।
দিৱস
- আন্তৰ্জাতিক নিৰ্যাতনবিৰোধী দিৱস।
- আন্তৰ্জাতিক মাদকবিৰোধী দিৱস।
- পতাকা দিৱস (ৰোমানিয়া)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Library, S.T.N.Y.P.; Skillion, A. (2001). The New York Public Library Literature Companion. Free Press. পৃ. 160. ISBN 978-1-4391-3721-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৬ জুন” প্ৰবন্ধৰ সংশোধন ৩৭৮৫৮৬ (১৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।