ঘটনাৱলী
- ১৯৩৬ - ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি আকাশবাণী কৰা হয়।
- ১৯৪৮ - ভাৰত আৰু ইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে, আৰম্ভণিত এই বিমান কাইৰো আৰু জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।
- ১৯৫৭ - দেৱকান্ত বৰুৱাদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।
- ১৯৭৫ - ৰুছ মহাকাশযান ‘‘ভেনেৰা—৯’’ই শুক্ৰ গ্ৰহ অভিমুখে ঢাপলি মেলিছিল।
- ১৯৯০ - দক্ষিণ আফ্ৰিকাত চাৰিবছৰ ধৰি চলা জৰুৰী অৱস্থাৰ আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছিল।
- ২০২৪ - ৰামোজী ৰাও, ভাৰতীয় ব্যৱসায়ী, চলচ্চিত্ৰ প্ৰযোজক। ৰামোজী ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক।
জন্ম
- ১৯১৫ - সোণাৰাম চুতীয়া, শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু, বৈষ্ণৱ পণ্ডিত, দলিত দৰদী।
- ১৯৫৫ - টিম বাৰ্নাৰ্ছ লী, ৱৰ্ল্ড ৱাইড ৱেব (www)ৰ উদ্ভাৱক তথা কম্পিউটাৰ বিজ্ঞানী।
- ১৯৫৭ - ডিম্পল কপাড়িয়া, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৭৫ - শিল্পা শেট্টী, বলিউডৰ অভিনেত্ৰী।
- ১৯৮১ - আতিশী সিং, ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিক।
মৃত্যু
- ৬৩২ - মুহাম্মাদ, ইছলাম ধৰ্মৰ সৰ্ৱশেষ নবী।
- ১৯৬৯ - ৰবাৰ্ট টেইলৰ, আমেৰিকান অভিনেতা।
- ২০১০ - গৌৰীশংকৰ কলিতা, ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই টিভিলৈকে ছপা আৰু বৈদ্যুতিক উভয় মাধ্যমত সাংবাদিকতাৰ গুৰু দায়িত্ব পালন কৰিছিল।
- ২০১৯ - কিৰণ কুমাৰ গগৈ, ভাৰতীয় ৰাজনীতিক।
- ২০২০ - পদ্ম কৈৰী, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী।
দিৱস
- বিশ্ব মহাসাগৰ দিৱস
- অভিযন্তা দিৱস (পেৰু)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৮ জুন” প্ৰবন্ধৰ সংশোধন ৪২২৪৯১ (৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।