অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

জিঅ' টিভি

জিঅʼ টিভি (JioTV) হৈছে জিঅʼ প্লেটফৰ্মছৰ অধীনস্থ ৰিলায়েন্স ইণ্ডষ্ট্ৰিজৰ এটা ভাৰতীয় ষ্ট্ৰিমিং টেলিভিছন সেৱা। জিঅʼ টিভিয়ে হাজাৰৰো অধিক লাইভ টেলিভিছন চেনেল আৰু ৭ দিনৰ ‘কেচ আপ’ বিষয়-বস্তু উপলব্ধ কৰায়।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৬ ৩৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জিঅʼ টিভি (JioTV) হৈছে জিঅʼ প্লেটফৰ্মছৰ অধীনস্থ ৰিলায়েন্স ইণ্ডষ্ট্ৰিজৰ এটা ভাৰতীয় ষ্ট্ৰিমিং টেলিভিছন সেৱা। জিঅʼ টিভিয়ে হাজাৰৰো অধিক লাইভ টেলিভিছন চেনেল আৰু ৭ দিনৰ ‘কেচ আপ’ বিষয়-বস্তু উপলব্ধ কৰায়।১২

ইতিহাস

জিঅʼ টিভি ২০১৬ চনত LYF ডিজিটেল কৰ্জাৰজেন্স লিমিটেডৰ (জিঅʼৰ ডিজিটেল শাখা) অংশ হিচাপে আৰম্ভ হৈছিল। এই সেৱাটোৱে ম'বাইল ফোন, টেবলেট, লেপটপ, ডেস্কটপ, ইনটাৰনেট টিভি বক্স আৰু সংযুক্ত টিভিত লাইভ টিভি আৰু কেচ আপ বিষয়-বস্তু দেখাৰ সুবিধা দেয়।

ডিচেম্বৰ ২০১৭ চনত জিঅʼ টিভিৰ ৱেব সংস্কৰণ আৰম্ভ কৰা হৈছিল,৩ যদিও দুদিনৰ পিছতেই কিছুমান আইনী আৰু প্ৰযুক্তিগত সমস্যাৰ বাবে ইয়াক আঁতৰাই লোৱা হৈছিল।৪

FAQs অনুসৰি, জিঅʼ টিভিৰ ৱেব সংস্কৰণত কেৱল বিষয়-বস্তু বিচাৰি উলিয়াব পৰা যায়; ষ্ট্ৰিমিং কেৱল ম'বাইল এপত উপলব্ধ।

বিষয়-বস্তু অংশীদাৰ

জিঅʼ টিভিয়ে এবিপি গ্ৰুপ, Culver Max, এনডিটিভি, ছান নেটৱৰ্ক, দ্য টাইম গ্ৰুপ, ৰিডিং মিডিয়া, Viacom18, Warner Bros. Discovery India আৰু Zee Entertainment Enterprises আদিৰ সৈতে অংশীদাৰত্ব কৰিছে।৫

ব্যাৱসায়িক, ধৰ্মীয়, শিক্ষা, মনোৰঞ্জন, তথ্যভিত্তিক, শিশু, সংবাদ, ক্ৰীড়া আদি বিভিন্ন ধৰণৰ চেনেল ইয়াত উপলব্ধ।

জিঅʼ টিভিৰ নিজা ১৭টা ‘জিঅʼ দৰ্শন’ চেনেলে বিভিন্ন মন্দিৰৰ অনুষ্ঠান সম্প্ৰসাৰণ কৰে।৬

জিঅʼ টিভিৰ ৩২টা চৰকাৰী শিক্ষা চেনেল স্বয়ম প্ৰভাৰ অংশ।৭

২০২০ চনত জিঅʼ টিভিয়ে অসম চৰকাৰৰ সৈতে "জ্ঞান বৃক্ষ" চেনেল প্ৰচাৰৰ বাবে অংশীদাৰ হয়,৮ লগতে মণিপুৰ, মহাৰাষ্ট্ৰ, হৰিয়ানা আৰু তেলেংগানা চৰকাৰৰ সৈতে ই-ক্লাছ চেনেলসমূহ প্ৰচাৰ কৰিবলৈ যুক্ত হয়।৯

২০২২ চনত জিঅʼ টিভিত খেল আৰু সংগীতৰ সুবিধা যোগ হয়। ২০২৩ চনত এনিমেক্স চেনেল জিঅʼ টিভিত মুকলি কৰা হয়।১০

কৌশলগত অংশীদাৰত্ব

নৱেম্বৰ ২০২০ত জিঅʼ টিভিয়ে Rewind Network–ৰ সৈতে অংশীদাৰত্ব কৰি ‘HITS’ চেনেলৰ বিষয়-বস্তু উপলব্ধ কৰে।১১

দৰ্শকসংখ্যা

জিঅʼ এ ১০০০+ চেনেল উপলব্ধ কৰায়। ২০২০ চনৰ মাৰ্চ মাহত জিঅʼ টিভিৰ ৮৪ মিলিয়ন (৮.৪ কোটি) অনন্য দৰ্শক আছিল।১২ কালাগাটো প্ৰতিৱেদন (২০১৮) অনুসৰি, সক্ৰিয় দৰ্শকৰ ভিত্তিত জিঅʼ টিভি ১৮% দৰ্শকৰে দ্বিতীয় স্থানত আছিল। ২০১৯ চনৰ মাৰ্চত জিঅʼ টিভিৰ দৰ্শকসংখ্যা আছিল ৭৪.৫ মিলিয়ন।১৩

চেনেলসমূহ

জিঅ' টিভিত ইংৰাজী ভাষাৰ Comedy Central, Zee Café, Colors Infinity, CNN News18, BBC World News আদি চেনেল উপলব্ধ। হিন্দী ভাষাৰ চেনেলসমূহৰ ভিতৰত Star Plus, Zee TV, Colors, Sony SAB, ABP News আদি উপলব্ধ। অসমীয়া ভাষাৰ চেনেলসমূহৰ ভিতৰত News Live, Rang, Prag News, DY365, Jonack, Indradhanu আদি চেনেল উপলব্ধ। ইয়াৰ উপৰিও তেলুগু, তামিল, বাংলা, কন্নড়, মাৰাঠী আদিৰ বহুসংখ্যক আঞ্চলিক চেনেলো জিঅ' টিভিৰ যোগেদি চাব পৰা যায়।

তথ্যসূত্ৰ

  1. ↑ JioTV: Latest News & Videos ... The Economic Times
  2. ↑ Jio tv Latest News... Firstpost
  3. ↑ Reliance Jio Silently Introduces Web Version of JioTV
  4. ↑ Reliance JioTV Web Version Pulled Down
  5. ↑ Zee channels back on JioTV
  6. ↑ (24 August 2019). गोविंद देवजी मंदिर के आयोजन का सीधा प्रसारण Jio TV एप पर. Live Hindustan
  7. ↑ (10 January 2018). Education channels to be available on Reliance Jio mobile app, JioTV. India Today
  8. ↑ (7 June 2020). Assam's Educational channel 'Gyan Brikshya' available on Jio TV. Pratidin Time
  9. ↑ (21 Nov 2018). With 40% active users Hotstar rules OTT space in India, Jio TV grabs #2 slot: Kalagato. Kalagato
  10. ↑ JioTV (Wikipedia)
  11. ↑ (27 November 2020). Jio partners HITS for offering Hollywood content to JioTV users. The Economic Times
  12. ↑ India: unique visitors Jio TV 2020. Statista
  13. ↑ Number of unique visitors on Jio TV in India 2017-2019. Statista

সম্পৰ্কিত শ্ৰেণী

প্ৰচাৰ মাধ্যমটেলিভিছন চেনেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিঅ' টিভি” প্ৰবন্ধৰ সংশোধন ৫৭২৭১৯ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।