আনন্দ বাজাৰ পত্ৰিকা (এবিপি) গোট (ইংৰাজী ভাষা: Ananda Bazar Patrika (ABP) Group) হ'ল এটা ভাৰতীয় মিডিয়া কোম্পানী। ১৯২২ খ্ৰীষ্টাব্দত স্থাপিত এই কোম্পানীৰ মুখ্য কাৰ্যালয় পশ্চিমবংগৰ কলিকতাত অৱস্থিত।১ আনন্দ প্ৰকাশন এই এ.বি.পি. গোটৰেই এটা বিভাগ।
বৰ্তমানৰ সম্পত্তি
বাতৰি কাকত
- আনন্দবাজাৰ পত্ৰিকা বাংলা ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকত২
- এবেলা বাংলা ভাষাত প্ৰকাশিত সংক্ষিপ্ত বাতৰি কাকত
- দ্যা টেলিগ্ৰাফ ইংৰাজী ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকত
আলোচনী
- আনন্দমেলা
- উনীশ-কুৰী
- সানন্দা
- আনন্দলোক
- দ্যা টেলিগ্ৰাফ ইন্ স্কুল(TTIS)
- দেশ
- ''বৈয়েৰ দেশ
''
- ফৰচুন ইণ্ডিয়া
সংবাদ মাধ্যম
- এবিপি লাইভ - বিশ্বজুৰি ইংৰাজী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ লাইভ নামেৰে জনাজাত আছিল।
- এবিপি নিউজ - ভাৰতত হিন্দী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ নিউজ নামেৰে জনাজাত আছিল।
- এবিপি আনন্দ - ভাৰতত বাংলা ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ আনন্দ নামেৰে জনাজাত আছিল।
- এবিপি সাঁঝা৩ - ভাৰতত পঞ্জাবী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম।
- এবিপি মাঁঝা - ভাৰতত মাৰাঠী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ মাঁঝা নামেৰে জনাজাত আছিল।
- '''এবিপি গুজৰাটী'- ভাৰতত গুজৰাটী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম।
বঁটা
বাংলা ভাষাত সাহিত্যজগতলৈ অৱদান আগবঢ়োৱা লেখকসকলক প্ৰতি বছৰে এবিপি গোটৰ পৰা আনন্দ পুৰস্কাৰ প্ৰদান কৰা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Ananda Publishers>History and Status. Ananda Publishers
- ↑ (2012). Indian Readership Survey (IRS) 2012 — Quarter 2. Hansa Research. পৃ. 11
- ↑ ABP Sanjha Official
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এবিপি গ্ৰুপ” প্ৰবন্ধৰ সংশোধন ৫৬৫১৯৪ (১৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।