ভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানী
২০ প্ৰবন্ধ
-
জয়ন্তী চুতীয়া
জয়ন্তী চুতীয়া (Joyanti Chutia) এগৰাকী অসমীয়া বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখিকা। ১৯৪৮ চনৰ ১ আগষ্টত শিৱসাগৰ জিলাত আমগুৰিত তেওঁৰ জন্ম হয়। তেওঁৰ মাতৃৰ নাম কুঞ্জলতা আৰু পিতৃ সোণাৰাম চুতীয়া।
-
পূৰ্ণিমা সিন্হা
পূৰ্ণিমা সিন্হা (১২ অক্টোবৰ ১৯২৭ – ১১ জুলাই ২০১৫) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে বিখ্যাত ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ অধীনত গৱেষণা কৰিছিল। পূৰ্ণিমা সিন্হাক পদাৰ্থ বিজ্ঞানত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথমগৰাকী বঙালী মহিলা হিচাপে অভিহিত কৰা হয়।
-
অৰ্চনা ভট্টাচাৰ্য
অৰ্চনা ভট্টাচাৰ্য (জন্ম-১৯৪৮) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে আয়নমণ্ডলীয় পদাৰ্থ বিজ্ঞান, ভূচুম্বকত্ব, মহাকাশৰ বতৰ আদি বিষয়ত গৱেষণা কৰিছে। তেখেত নৱী মুম্বাইস্থিত, "ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান"ৰ সঞ্চালক আছিল।
-
বি. বিজয়ালক্ষ্মী
বি. বিজয়ালাক্ষ্মী (১৯৫২ –১২ মে', ১৯৮৫) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সত্ত্বেও তেখেতৰ বৈজ্ঞানিক অনুসন্ধিৎসা আৰু জিজ্ঞাসু মানসিকতাৰ হীনদেঢ়ি ঘটা নাছিল।
-
শোভানা নৰসিংহ
শোভানা নৰসিংহ (Shobhana Narasimhan) হৈছে বাংগালোৰস্থিত 'জৱাহৰলাল নেহৰু উচ্চ বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ'ৰ এগৰাকী অধ্যাপিকা। তেখেতে তাত্ত্বিক বিজ্ঞানত অধ্যাপনা কৰে। তেখেতৰ গৱেষণাক্ষেত্ৰৰ মূল বিষয় হৈছে গণনামূলক নেনোবিজ্ঞান।
-
অনুৰাধা মিশ্ৰ
অনুৰাধা মিশ্ৰ (Anuradha Misra) এগৰাকী পদাৰ্থ বিজ্ঞানী, অধ্যাপক আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী। তেখেতৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ ফাইজাবাদত। এলাহাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক, অনুৰাধা মিশ্ৰই ২০০৮ চনত মুম্বাই বিশ্ববিদ্যালয়ত এগৰাকী অধ্যাপক হিচাপে যোগদান কৰে।
-
চন্দা জ'গ
চন্দা জয়ন্ত জ'গ (Chanda Jayanth Jog) হৈছে এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ আইআইএছচিত কৰ্মৰত। তেখেতৰ গৱেষণাক্ষেত্ৰ হৈছে-তাৰকাপুঞ্জীয় গতিবিজ্ঞান(Galactic Dynamics), ইণ্টাৰএক্টিং এণ্ড ষ্টাৰ বাষ্ট তাৰকাৰাজ্য, আৰু অন্তৱৰ্তী আণৱিক মেঘ।
-
প্ৰিয়ম্বদা নটৰাজন
প্ৰিয়ম্বদা (প্ৰিয়া) নটৰাজন (Priyamvada (Priya) Natarajan) হৈছে এগৰাকী ভাৰতীয় মূলৰ তাত্ত্বিক জ্যোতিপদাৰ্থবিজ্ঞানী। তেখেতে য়েল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপিকা। কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ শক্তিৰ অনুসন্ধানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে তেখেতক জনা যায়।
-
বিনোদ কৃষন
বিনোদ কৃষন (Vinod Krishan), হৈছে এগৰাকী পদাৰ্থ বিজ্ঞানী, এগৰাকী জ্যেষ্ঠ অধ্যাপক, আৰু বাংগালোৰস্থিত ভাৰতীয় জ্যোতিপদাৰ্থবৈজ্ঞানিক প্ৰতিষ্ঠানৰ বিজ্ঞানৰ "ডিন"। তেখেত প্লাজমা পদাৰ্থ বিজ্ঞানৰ গৱেষণা আৰু শিক্ষণৰ সৈতে জড়িত। তদুপৰি, তেখেত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰতৰো সভ্য।
-
বিমলা বুটি
বিমলা বুটি (জন্ম ১৯৩৩) হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতেৰ গৱেষণাক্ষেত্ৰ হৈছে প্লাজমা পদাৰ্থ বিজ্ঞান। ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য হোৱা তেখেত হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানী।
-
বুলবুল চক্ৰৱৰ্তী
বুলবুল চক্ৰৱৰ্তী (en-Bulbul Chakraborty) হৈছে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ "এনিড আৰু নাটে আনচেল অধ্যাপক"। তেখেত হৈছে ঘনীভূত পদাৰ্থৰ তত্ত্ববিদ, সাম্যৱস্থাৰ পৰা বহু আঁতৰত থকা কেতবোৰ প্ৰণালী যেনে-কণিকাসদৃশ পদাৰ্থৰ তেখেতে অধ্যয়ন কৰে। .
-
লীলাৱতী ভট্টাচাৰ্য
লীলাৱতী ভট্টাচাৰ্য Lilabati Bhattacherjee আছিল এগৰাকী ভাৰতীয় খনিজবিদ্যাবিদ, স্ফটিকবিজ্ঞানী, আৰু এগৰাকী পদাৰ্থ বিজ্ঞানী। তেখেতে বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ লগত অধ্যয়ন কৰিছিল। ১৯৫১ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
-
শিখা বাৰ্মা
শিখা বাৰ্মা (Shikha Varma) হৈছে ঘনীভূত পদাৰ্থৰ পদাৰ্থ বিজ্ঞানৰ এগৰাকী সম্পৰীক্ষক। তেখেতৰ কৰ্মস্থান ভুৱনেশ্বৰস্থিত পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান। তেখেতেৰ গৱেষণাৰ বিচৰণথলী হৈছে:- পৃষ্ঠা বিজ্ঞান, প্ৰাৰম্ভিক পৰ্যায়ত Thin film ৰ বিকাশ আৰু বিকাশৰ ধৰণ, থিন ফিল্মৰ অণুবৈদ্যুতিক গঠন/দল গঠন, নেনোগঠন, আৰু…
-
শ্ৰুবৱতী গোস্বামী
শ্ৰুবৱতী গোস্বামী (Srubabati Goswami) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিছে। তদুপৰি জ্যোতিকণিকা পদাৰ্থ বিজ্ঞান আৰু নিউট্ৰিনো পদাৰ্থ বিজ্ঞানৰ লগতো তেখেত ঘনিষ্ঠভাৱে জড়িত।
-
সুচিত্ৰা চেবাষ্টিয়ান
সুচিত্ৰা চেবাষ্টিয়ান (Suchitra Sebastian) হৈছে এগৰাকী ঘনীভূত পদাৰ্থৰ পদাৰ্থবিজ্ঞানী (condensed matter physicist)। তেখেতৰ কৰ্মস্থান হৈছে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কেভেনডিশ্ব প্ৰয়োগশালা। কোৱাণ্টাম পদাৰ্থৰ ক্ষেত্ৰত কৰা বৈজ্ঞানিক চিন্তা আৰু কৰ্মৰ বাবে তেখেত পৰিচিত।
-
সুদেষ্ণা সিন্হা
সুদেষ্ণা সিন্হা (Sudeshna Sinha) মোহালিৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী অধ্যাপিকা। তেওঁ এক দশকতকৈও অধিক কাল চেন্নাইত অৱস্থিত গাণিতিক বিজ্ঞান প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে 'অৰৈখিক পদাৰ্থ বিজ্ঞান (nonlinear physics)'।
-
ৰজনী এ. ভিছেই
ৰজনী এ. ভিছেই (Rajani A. Bhisey) (জন্ম:২০জানুৱাৰি ১৯৪১) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে "পাৰিপাৰ্শ্বিক কাৰ্ছিনোজেনেছিছ", কৰ্কটৰ আণৱিক মহামাৰীবিদ্যা (molecular epidemiology of cancer), আৰু ব্যৱসায়িক বিপত্তিৰ ক্ষেত্ৰত কাম কৰিছে।
-
ৰাধা বালাকৃষ্ণন
ৰাধা বালাকৃষ্ণন (Radha Balakrishnan) হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে চেন্নাইস্থিত গাণিতিক বিজ্ঞানৰ প্ৰতিষ্ঠানত কাম কৰিছিল। তেখেতৰ গৱেষণাক্ষেত্ৰখন অৰৈখিক বলবিদ্যা আৰু পদাৰ্থ বিজ্ঞানত প্ৰয়োগৰ লগত জড়িত। অৰৈখিক বলবিদ্যা (Nonlinear Dynamics)-ৰ ক্ষেত্ৰখনত তেখেত এগৰাকী অগ্ৰগণ্য বিজ্ঞানী।
-
ৰামা গোবিন্দাৰাজন
ৰামা গোবিন্দাৰাজন (Rama Govindarajan) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী, যিয়ে তৰল গতিবিদ্যাত বিশিষ্টতা অৰ্জন কৰিছে। তদুপৰি তেখেত বিমানাকাশ অভিযান্ত্ৰিকীৰ (Aerospace Engineering) লগতো জড়িত।
-
ৰোহিনী গোডবোলে
ৰোহিনী গোডবোলে হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰে। তেখেতে বিগত তিনিটা দশকত কণিকা প্ৰপঞ্চবিজ্ঞানৰ কেইবাটাও দিশত উল্লেখনীয় কাম কৰিছে। তেখেতে ভাৰতৰ তিনিওটা বিজ্ঞান একাডেমীৰে সভ্য।