অসমৰ মুখ্যমন্ত্ৰী
১৭ প্ৰবন্ধ
-
তৰুণ গগৈ
তৰুণ গগৈ (১৯৩৪–২০২০) অসমৰ সবাতোকৈ দীৰ্ঘকালীন সময় মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ আগশাৰীৰ নেতা। ২০০১ চনৰ পৰা ২০১৬ চনলৈ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ শাসনকাল, একেৰাহে তিনিবাৰ বিধানসভা নিৰ্বাচনী জয় আৰু মৰণোত্তৰ পদ্মভূষণ লাভ—এইবোৰে তেওঁক অসমৰ আধুনিক ৰাজনৈতিক…
-
হিমন্ত বিশ্ব শৰ্মা
হিমন্ত বিশ্ব শৰ্মা অসমৰ এগৰাকী প্ৰভাবশালী ৰাজনীতিবিদ আৰু ১০ মে’ ২০২১ৰ পৰা অসমৰ ১৫তম মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ পৰা ৰাজনীতি আৰম্ভ কৰি ২০১৫ চনত বিজেপিলৈ যাত্ৰা কৰা এই নেতাজনে বিধানসভা, মন্ত্ৰীসভা আৰু উত্তৰ-পূব আঞ্চলিক সমন্বয়ৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
-
সৰ্বানন্দ সোণোৱাল
সৰ্বানন্দ সোণোৱাল অসমৰ এগৰাকী উল্লেখযোগ্য ৰাজনীতিবিদ, যিয়ে ২০১৬–২০২১ চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। ছাত্ৰ আন্দোলনৰ নেতৃত্বৰ পৰা আৰম্ভ কৰি লোকসভা আৰু বিধানসভাৰ সংসদীয় ৰাজনীতিলৈকে তেখেতৰ ৰাজনৈতিক জীৱন বিস্তৃত আৰু বহুমাত্ৰিক।
-
গোপীনাথ বৰদলৈ
গোপীনাথ বৰদলৈ (১৮৯০–১৯৫০) আছিল অসমৰ স্বাধীনতা-উত্তৰ যুগৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী গুৰুত্বপূৰ্ণ কংগ্ৰেছী নেতৃ। ধৰ্মভিত্তিক বিভাজনৰ টানাপোৰেণত অসমক প্ৰস্তাৱিত পূব পাকিস্তানৰ অন্তৰ্ভুক্তিৰ পৰা আঁতৰাই ৰখাত তেওঁৰ ৰাজনৈতিক ভূমিকা বিশেষভাৱে উল্লেখযোগ্য।
-
প্ৰফুল্ল কুমাৰ মহন্ত
প্ৰফুল্ল কুমাৰ মহন্ত (জন্ম ১৯৫২) অসমৰ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী আছিল। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে অসম আন্দোলন-ত নেতৃত্ব দিয়া আৰু পাছলৈ অসম গণ পৰিষদ তথা অসম গণ পৰিষদ (প্ৰগতিশীল)ৰ নেতৃত্বত থকা তেওঁৰ ৰাজনৈতিক জীৱনৰ মুখ্য বৈশিষ্ট্য।
-
বিষ্ণুৰাম মেধি
বিষ্ণুৰাম মেধি (১৮৮৮–১৯৮১) অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা আছিল। তেওঁ ১৯৫০–১৯৫৭ চনত অসমৰ মুখ্যমন্ত্ৰী, আৰু ১৯৫৭–১৯৬৪ চনত তেতিয়াৰ মাদ্ৰাছ ৰাজ্য (বৰ্তমান তামিলনাডু)ৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰে।
-
শৰৎ চন্দ্ৰ সিংহ
শৰৎ চন্দ্ৰ সিংহ (১৯১৪–২০০৫) অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাজনীতিত দীৰ্ঘদিন সক্ৰিয় থকা নেতা। তেওঁ সততা, সৰলতা, গান্ধীবাদী মূল্যবোধ আৰু দলিতজনৰ সেৱাৰ প্ৰতি দায়বদ্ধতাৰ বাবে বিশেষভাৱে স্মৰণীয়।
-
অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
এইখন তালিকা ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত ৰাজ্য অসমৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত প্ৰস্তুত কৰি তৈয়াৰ কৰা হৈছে।
-
বিমলা প্ৰসাদ চলিহা
বিমলা প্ৰসাদ চলিহা (Bimala Prasad Chaliha, জন্ম:১৯১২ – মৃত্যু: ১৯৭১) হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭১ চনত তেওঁক পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল।
-
হিতেশ্বৰ শইকীয়া
হিতেশ্বৰ শইকীয়া (Hiteswar Saikia, জন্ম: ১৯৩৪ – মৃত্যু: ১৯৯৬) হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
-
মহেন্দ্ৰ মোহন চৌধুৰী
মহেন্দ্ৰ মোহন চৌধুৰীৰ (Mahendra Mohan Choudhury) জন্ম ১৯০৯ চনত অসমৰ বৰ্তমান বৰপেটা জিলাৰ অৰ্ন্তগত নগাঁও নামৰ গাঁৱত। এল এল বি পাচ কৰি তেওঁ মহাত্মা গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনৰ আগৰণুৱা হৈ পৰে।
-
চৈয়দা আনোৱাৰা টাইমূৰ
চৈয়দা আনোৱাৰা টাইমূৰ (Syeda Anwara Taimur, ১৯৩৬ – ২০২০) আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল।
-
গোলাপ বৰবৰা
গোলাপ বৰবৰা (Golap Borbora, জন্ম: ১৯২৫ – মৃত্যু: ২০০৬) অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
-
কেশৱ চন্দ্ৰ গগৈ
কেশৱ চন্দ্ৰ গগৈ (Kesab Chandra Gogoi, ১৯২৫ – ১৯৯৮) অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮২ চনৰ ১৩ জানুৱাৰীৰ পৰা সেই বছৰৰে ১৯ মাৰ্চলৈকে মুখ্যমন্ত্ৰীৰ পদত তেওঁ আছিল। তেওঁ ডিব্ৰুগড় সমষ্টিৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
-
চৈয়দ মহম্মদ ছাদুল্লা
ছাৰ চৈয়দ মহম্মদ ছাদুল্লা (Sir Syed Muhammad Saadulla; ২১ মে' ১৮৮৫ - ৮ জানুৱাৰী ১৯৫৫) অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। স্বাধীনতাৰ আগত ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ তেওঁ মুখ্যমন্ত্ৰী (তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল) আছিল।
-
ভূমিধৰ বৰ্মন
ডাঃ ভূমিধৰ বৰ্মন (Dr. Bhumidhar Barman; ১২ অক্টোবৰ, ১৯৩১ – ১৮ এপ্ৰিল, ২০২১) হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন উল্লেখযোগ্য ৰাজনীতিক আছিল। তেওঁ ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ চনৰ ১৪ মে’লৈ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল।
-
যোগেন্দ্ৰ নাথ হাজৰিকা
যোগেন্দ্ৰ নাথ হাজৰিকা (Jogendra Nath Hazarika, জন্ম: ফেব্ৰুৱাৰী, ১৯২৪, মৃত্যু: ৩০ ছেপ্তেম্বৰ, ১৯৯৭) হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।