কনচেং বৰপাত্ৰগোঁহাই (Kan Chyeng Bar Patra Gohain) আছিল আহোম শাসনতন্ত্ৰৰ বৰপাত্ৰগোঁহাই পদবী লাভ কৰা প্ৰথমজন বিষয়া। স্বৰ্গদেৱ চুপিম্ফাৰ (১৪৯৩-১৪৯৭ খ্ৰী:) নক্টে খুনবাও (নগাৰজা) কাৰঙ্গপাৰৰে মিত্ৰতা আছিল। এদিন চমুৱা কুঁৱৰী এগৰাকীয়ে "নগা খুনবাওটো দেখিবলৈ ভাল" বুলি কোৱাত খং উঠি ৰজাই চাৰিমহীয়া গৰ্ভৱতী কুঁৱৰীক কাৰঙ্গপাক দিলে।১ নগাৰজাই "তেওঁ যে দেৱতাই দিবলৈ পালে মঞো আই বুলি ৰাখিম", এইবুলি নিলে। নগাচাঙতে কুঁৱৰীৰ ল'ৰা জন্মে।২ ইয়াৰ পাছত ১৪৯৭ খৃষ্টাব্দত চুহুন্মুং বা দিহিঙ্গীয়া ৰজা আহোম সিংহাসনত আৰোহণ কৰে। এই গৰাকী স্বৰ্গদেউৰ দিনত নগা চাঙৰ পৰা চমুৱা কুঁৱৰীৰ পুতেকে আহোম ৰাজধানীলৈ কৰ সোধাবলৈ আহোঁতে দিহিঙ্গীয়া ৰজাই এই ল’ৰাটিৰ গাত ৰাজকীয় তেজ দেখি তাৰ আতি-গুৰি জানিব পাৰি তেওঁ বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ লগত আলোচনা কৰি ভবিষ্যতে আহোম ৰাজ্যৰ বিপদৰ আশংকা কৰি এই ল’ৰাটিক কনচেং নাম দি বৰপাত্ৰগোঁহাইৰ বাব দিলে। বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সৈতে এওঁৰ সমান মৰ্যাদা হ’ল।
স্বৰ্গদেউ খোৰা ৰজাৰ দিনত ১৪৭৯ শকত তেখেতৰ মৃত্যু হয়।৩
উল্লেখনীয় ঘটনা
- ৰাজ্যৰ সীমা বিস্তাৰ: কনচেং বৰপাত্ৰগোঁহাই নেতৃত্বত বল প্ৰয়োগ আৰু ছলেৰে দেৰগাঁও আৰু মৰঙ্গীলৈকে আহোম সৈন্যই ৰাজ্যৰ পশ্চিমৰ সীমা বৃদ্ধি কৰে।
- তুৰ্বকৰ অসম আক্ৰমণ: চুহুন্মুংৰ দিনতে তুৰ্বকৰ নেতৃত্বত ১৫৩২ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত মোগলে অসম আক্ৰমণ কৰে। আহোম সেনাপতি কনচেঙৰ হাতত তুৰ্বকৰ মৃত্যু হয় আৰু তেওঁৰ নেতৃত্বত আহোম সৈন্যই মোগল সৈন্যক কৰতোৱা নদী পাৰ কৰি থৈ আহে।১২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনচেং বৰপাত্ৰগোঁহাই” প্ৰবন্ধৰ সংশোধন ৬১০৮৮০ (২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।