অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

টাই-আহোম লিপি

লিক টাই-আহোম (Tai Ahom Script) বা অসমাখৰ হ'ল এক প্ৰকাৰৰ লিপি যাক টাই-আহোম ভাষা আৰু কিছু ক্ষেত্ৰত অসমীয়া ভাষা লিখাত ব্যৱহাৰ কৰা হয়। এই লিপি টাই-আহোম জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। অসমৰ বুৰঞ্জী সমূহ এই লিপিত লিখা হৈছিল।

হালনাগাদ: ৫ আগষ্ট ২০২৬ ৩৭৫ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

লিক টাই-আহোম (Tai Ahom Script) বা অসমাখৰ হ'ল এক প্ৰকাৰৰ লিপি যাক টাই-আহোম ভাষা আৰু কিছু ক্ষেত্ৰত অসমীয়া ভাষা লিখাত ব্যৱহাৰ কৰা হয়।১২ এই লিপি টাই-আহোম জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। অসমৰ বুৰঞ্জী সমূহ এই লিপিত লিখা হৈছিল।৩

ইতিহাস

টাই-আহোম লিপি চীনদেশৰ টাই নোৱা সকলৰ লিপিৰ পৰা উৎপত্তি হোৱা বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰে। নোৱা লিপিৰ সৈতে টাই-আহোম লিপিৰ যথেষ্ট সাদৃশ্যত আছে। পাছত চীনৰ চৰকাৰে ইয়াক উন্নত কৰাত ই দেখাত টাই-আহোম লিপিতকৈ অলপ বেলেগ হৈ পৰে যদিও প্ৰাচীন পুথি বোৰত ব্যৱহাৰ হোৱা লিপি সমূহ প্ৰায় একে হয়।২৪ এই ভাষাৰ পৌৰাণিক পুথি সমূহ টাই-আহোম ভাষাত লিখা সাঁচিপাতৰ পুথি। টাই-আহোম ভাষা উৎপত্তি মূল কাৰণ আছিল টাই-আহোমসকলে চীনৰ দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত অঞ্চল (পূৰ্বৰ পূব মু'ঙ মাও) এৰি ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহা।৫ ৬ এই ভাষাৰ ব্যৱহাৰৰ বাবে প্ৰিণ্ট ফণ্ট নিৰ্মাণ কৰা হল। এই ফণ্টক টাই-আহোম-অসমীয়া-ইংৰাজী শব্দকোষত ব্যৱহাৰ কৰা হয়।৭

অনুবাদ

প্ৰাৰম্ভিক প্ৰচেষ্টা

টাই-আহোম পুথি সমূহৰ অনুবাদৰ প্ৰাৰম্ভিক প্ৰচেষ্টা ১৯শ শতিকাৰ সময়ত ব্ৰিটিছ বিষয়া এছ. এণ্ডল আৰু ই. এ. গেইট দ্ৱাৰা গোলাপ চন্দ্ৰ বৰুৱাৰ দ্বাৰা হৈছিল।৮

আধুনিক অনুবাদ প্ৰযুক্তি

আধুনিক অনুবাদৰ প্ৰচেষ্টা ২০ আৰু ২১ শতিকাত পুনৰ আৰম্ভ হয়। এই অনুবাদত টাই-আহোম-অসমীয়া অভিধান, বুৰঞ্জী, আৰু অন্যান্য ঐতিহাসিক গ্ৰন্থসমূহত পোৱা তথ্যৰ ওপৰত ভিত্তি কৰা হয়। ই-অভিলেখ সংৰক্ষণৰ প্ৰচেষ্টাত ব্ৰিটিছ লাইব্ৰেৰীৰ Endangered Archives Programme (EAP373) উদ্যোগে ২০০৮-২০১০ সময়সীমাত টাই-আহোম পান্ডুলিপি ডিজিটেলাইজ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।৯ এই উদ্যোগত প্ৰায় ৭৩৫টা পান্ডুলিপি ডিজিটেল ৰূপত সংৰক্ষণ কৰা হয়, যাৰ ভিতৰত টাই-আহোম ভাষাত লিখা ৰাজনৈতিক, ধৰ্মীয়, আৰু সামাজিক ঘটনাৰ বিৱৰণ পোৱা যায়।

লিপিৰ বিশেষত্ব

অধিকাংশ অবুগীদাচীয় (abugidasic) লিপিৰ দৰে টাই-আহোম লিপিৰ প্ৰতিটো আখৰত /a/ নিহিত স্বৰ থাকে।১০ অন্য স্বৰ সমূহক বিশেষণৰ প্ৰয়োগ কৰি সূচায় বিশেষণৰ সো বাওঁ ওপৰ তলত দেখা যায় যদিও ৰাগৰ তথ্য লিপিত দেখা নাযায়।

অন্য টাই সকলৰ লিপিৰ দৰে টাই-আহোম লিপিৰ দুটামান টাই বিশেষত্ব হ'ল:

  • প্ৰসঙ্গ ক্ৰিয়া উপসৰ্গ শব্দ ক্ৰম২১১
  • একপদীয় মূল২৪১২১১
  • বিশ্লেষণাত্মক বাক্য ৰচনা১১

যেতিয়া টাই-আহোম ভাষা কোৱা বা লিখা যায় তেতিয়া কিছুমান কথা ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। ক্ৰিয়াৰ কাল নাথাকে আৰু সংজ্ঞাত বহুবচন নাথাকে। সময়ৰ বিষয়ে ক্ৰিয়া,ক্ৰিয়াৰ আগত থকা সহায়ক বা ক্ৰিয়াৰ শৃঙ্খলাৰ দ্বাৰা জানিব পৰা যায়। টাই-আহোম লিপি যথেষ্ট জটিল হয় কাৰণ লিপিত স্বৰ ৰাগৰ বিষয়ে উল্লেখ নাথাকে আৰু এটা ব্যঞ্জন বৰ্ণ এটা শব্দত কেবল এবাৰেই লিখিব পৰা যায়।১২ সামান্য শব্দ সমূহ ছুটি কৰিব পৰা যায় আৰু এটা প্ৰাৰম্ভিক ব্যঞ্জনৰ সৈতে কেবাটাও শব্দ একেলেথাৰিয়ে সংকুচিত কৰিব পৰা যায়।৭

বৰ্ণ আৰু সংখ্যা

অন্যান্য আবুগিদাৰ দৰে, প্ৰতিটো ব্যঞ্জনবৰ্ণৰ অন্তৰ্গত স্বৰ /a/ ধৰা হয়।১৩ অন্য স্বৰবৰ্ণবোৰ চিহ্ন (diacritic) যোগে দেখুওৱা হয়, যি ব্যঞ্জনৰ ওপৰ, তলত, বাওঁফালে বা সোঁফালে লিখা হয়।

লিপিটোৱে স্বৰভাৱৰ সৈতে ভাষাত থকা স্বৰধ্বনিৰ পৰা পৃথকভাৱে টোন ধ্বনি সূচায় নোৱাৰে।৭

ব্যঞ্জনবৰ্ণ

+ আহোম ব্যঞ্জনবৰ্ণকাখাঙানাটা
𑜀𑜁𑜂𑜃𑜄
পাফাবামায়া
𑜆𑜇𑜈𑜉𑜊
ছাথাৰালাচা
𑜋𑜌𑜍𑜎𑜏
ঞাথহাআদা
𑜐𑜌𑜑𑜒𑜓

মধ্যবৰ্ণ

+ মধ্যবৰ্ণ (Medial consonants)লৰসংযুক্ত ৰ (ligating)
◌𑜝◌𑜞◌𑜟

স্বৰবৰ্ণ

+ আহোম স্বৰবৰ্ণআআইঈউঊএঐঅ'ঔঅম
𑜠𑜡◌𑜢◌𑜣◌𑜤◌𑜥𑜦◌𑜩◌𑜨◌𑜧◌𑜪

ব্যঞ্জনবৰ্ণৰ অন্তৰ্গত স্বৰ নাথাকিবলৈ বিৰাম (virama) চিহ্ন “◌𑜫” ব্যৱহাৰ কৰা হয়।১৪

চিহ্নসমূহ

+ চিহ্ন আৰু যতিচিহ্নক্ষুদ্ৰ অংশ বিভাজকঅংশ বিভাজকঅনুচ্ছেদ বিভাজকবিস্ময়বোধক চিহ্ন
𑜼𑜽𑜾𑜿

সংখ্যা

মূল প্ৰবন্ধ: টাই-আহোম সংখ্যা পদ্ধতি

আহোম লিপিত নিজস্ব সংখ্যাসমূহ আছে:১৪

+ আহোম সংখ্যা০১২৩৪৫৬৭৮৯১০২০
𑜰𑜱𑜲𑜳𑜴𑜵𑜶𑜷𑜸𑜹𑜺𑜻

ইউনিক’ড

মূল প্ৰবন্ধ: আহোম (ইউনিকড ব্লক)

২০১৫ চনৰ জুন মাহত টাই-আহোম লিপিক ইউনিক’ডৰ ৮.০ সংস্কৰণৰ যোগেদি অন্তৰ্ভুক্ত কৰা হয়।

টাই-আহোম লিপিৰ ইউনিক’ড ব্লক হৈছে U+11700– U+1173F:

উৎস প্ৰসংগ

বাহ্যিক সংযোগ

  1. ইংৰাজীৰ পৰা টাই-আহোমলৈ অনলাইন অভিধান - গ্ল'চবে
  2. Ahom at Omniglot.com -- A guide to writing systems

তথ্যসূত্ৰ

  1. ↑ same text in Ahom script (asamaksara). For example, etadartha-vijnapakam-acamaksarena-paraprasthe (the same meaning is carried by what is rendered in acamaksarena on the other page); etadarthakam-asamksaram-etad-apara-prstha (to get this meaning in asamksara, it is there on the other page) (বৰা মহেন্দ্ৰ (১৯৮১). The Evolution of Assamese Script. যোৰহাট, অসম: অসম সাহিত্য সভা পৃষ্ঠা: ১১-১২)
  2. ↑ Diller, A. (1993). Tai Languages. In International Encyclopedia of Linguistics (Vol. 4, pp. 128-131). Oxford, UK: Oxford University Press
  3. ↑ বৰুৱা (১৯৩০) (টাই-আহোম ভাষা, ইংৰাজী ভাষা ভাষাত), টাই-আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
  4. ↑ French, M. A. (1994). Tai Languages. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 4520-4521). New York, NY: Pergamon Press Press
  5. ↑ Court, C. (1996). Introduction. In P. T. Daniels & W. Bright (Eds.) The World's Writing Systems (pp. 443). Oxford: Oxford University Press
  6. ↑ Court, C. (1996). The spread of Brahmi Script into Southeast Asia. In P. T. Daniels & W. Bright (Eds.) The World's Writing Systems (pp. 445-449). Oxford: Oxford University Press
  7. ↑ Terwiel, B. J., & Wichasin, R. (eds.), (1992). Tai Ahoms and the stars: three ritual texts to ward off danger. Ithaca, NY: Southeast Asia Program
  8. ↑ Gait, E.A. (1906). A History of Assam. Thacker, Spink & Co. পৃ. v–vi
  9. ↑ Preserving the Ahom Manuscripts of Assam, India. Endangered Archives Programme, British Library
  10. ↑ Hosken, Martin; Morey, Stephen. (2012-10-23). N4321R: Revised Proposal to add the Ahom Script in the SMP of the UCS. ISO/IEC JTC1/SC2/WG2
  11. ↑ Blake, B. J. (1994). Language Classification. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 1952-1957). New York, NY: Pergamon Press Press
  12. ↑ Hongladarom, K. (2005). Thai and Tai Languages. In Encyclopedia of linguistics (Vol. 2, pp. 1098-1101). New York, NY: Fitzroy Dearborn
  13. ↑ Hosken, Martin; Morey, Stephen. (2012-10-23). N4321R: Revised Proposal to add the Ahom Script in the SMP of the UCS. ISO/IEC JTC1/SC2/WG2
  14. ↑ Morey, Stephen; Hosken, Martin. (2012). Revised Proposal to add the Ahom Script in the SMP of the UCS. Unicode

সম্পৰ্কিত শ্ৰেণী

লিপিটাই-আহোম সাহিত্যটাই-আহোম ভাষাঅসমৰ ভাষা আৰু লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই-আহোম লিপি” প্ৰবন্ধৰ সংশোধন ৬২৩৩৩২ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।