অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভগৎ সিং

ভগৎ সিং (ਭਗਤ ਸਿੰਘ,; ২৭ ছেপ্তেম্বৰ ১৯০৭ – ২৩ মাৰ্চ ১৯৩১) আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৮১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভগৎ সিং (ਭਗਤ ਸਿੰਘ,; ২৭ ছেপ্তেম্বৰ ১৯০৭১ – ২৩ মাৰ্চ ১৯৩১) আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়।

ভগৎ সিঙৰ জন্ম হৈছিল জাট নামৰ এক শিখ পৰিয়ালত। তেওঁৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুনা কৰিছিল আৰু নৈৰাজ্যবাদ আৰু সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল।২ ইয়াৰোপৰি তেওঁ একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচনৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেওঁ অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচনলৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেওঁ আৰু তেওঁৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেওঁ ক্ষুৰধাৰ যুক্তিৰে তাক খণ্ডন কৰিছিল। জে'লত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবীত তেওঁ ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেওঁক ফাঁচী দিয়া হয়। তেওঁৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন

ভগৎ সিঙৰ জন্ম পঞ্জাবৰ লায়ালপুৰ জিলাৰ বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গাঁৱৰ এটা সান্ধু জাট পৰিয়ালত হৈছিল।২ পিতাৰ নাম চৰ্দাৰ কিছান সিং সান্ধু আৰু মাকৰ নাম বিদ্যাৱতী আছিল।৪ ভগতৰ নামৰ অৰ্থ "ভক্ত"। তেওঁ যিটো পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেয়া আছিল এটা দেশপ্ৰেমিক শিখ পৰিয়াল। এই পৰিয়ালৰ কোনো কোনো সদস্য ভাৰতৰ বিভিন্ন স্বাধীনতা আন্দোলনৰ সতে জড়িত আছিল। অতীতত এই পৰিয়ালৰ কোনো কোনো সদস্য মহাৰাজ ৰঞ্জিত সিঙৰ সেনাবাহিনীত কাম কৰিছিল।৫ ভগতৰ আজোককাক অৰ্জুন সিং দয়ানন্দ সৰস্বতীৰ হিন্দু সমাজ সংস্কাৰ আন্দোলন আৰ্যসমাজৰ সৈতে জড়িত আছিল।৬ ভগতৰ ওপৰতো এই সংগঠনৰ গভীৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল। ভগতৰ পিতা আৰু দুই ককা অজিত সিং আৰু স্বৰণ সিং কৰ্তাৰ সিং চৰভ গ্ৰেউৱাল আৰু হৰদয়াল নেতৃত্বাধীন গদৰ পাৰ্টিৰ সৈতে যুক্ত আছিল। অজিত সিঙৰ নামত এই ঘটনা দাখিল কৰা বাবে তেওঁ পাৰস্যলৈ পলাই যাবলৈ বাধ্য হৈছিল। আনহাতে ১৯২৫ চনৰ কাকোৰি ট্ৰেন ডকাইটি ঘটনাত দোষী সাব্যস্ত হোৱাৰ বাবে ১৯২৭ চনৰ ১৯ ডিচেম্বৰত স্বৰণ সিঙক ফাঁচী দিয়া হৈছিল।৭

আৰু চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (19 March 2006). He left a rich legacy for the youth. The Tribune
  2. ↑ Rao, Niraja. Bhagat Singh and the Revolutionary Movement. Revolutionary Democracy
  3. ↑ Reeta Sharma. (21 March 2001). What if Bhagat Singh had lived. The Tribune
  4. ↑ Nijjar, Bakhshish Singh. (1974). Panjab Under the British Rule, 1849-1947. K. B. Publications. পৃ. 172
  5. ↑ O. P. Ralhan. (2002). Encyclopaedia of Political Parties. Anmol Publications. পৃ. Vol. 26, p349. ISBN 81-7488-313-4
  6. ↑ Sanyal, Jitendra N. (2006). Bhagat Singh: Making of a Revolutionary: Contemporaries' Portrayals. Hope India Publications. পৃ. 25. ISBN 81-7871-059-5
  7. ↑ Sanyal (2006), p30

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভগৎ সিং” প্ৰবন্ধৰ সংশোধন ৬৩২৬১৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।