অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উদয় শংকৰ

উদয় শংকৰ (Uday Shankar; জন্ম: ৮ ডিচেম্বৰ ১৯০০, মৃত্যু: ২৬ ছেপ্টেম্বৰ ১৯৭৭) এজন ভাৰতীয় নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু অভিনেতা। তেওঁ ভাৰতীয় নৃত্যশৈলী আৰু ভাৰতৰ শাস্ত্ৰীয় নৃত্যক ইউৰোপীয় থিয়েটাৰ শৈলীৰ লগত সমন্বয় কৰাৰ বাবে সুপৰিচিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৪৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

উদয় শংকৰ (Uday Shankar; জন্ম: ৮ ডিচেম্বৰ ১৯০০, মৃত্যু: ২৬ ছেপ্টেম্বৰ ১৯৭৭) এজন ভাৰতীয় নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু অভিনেতা। তেওঁ ভাৰতীয় নৃত্যশৈলী আৰু ভাৰতৰ শাস্ত্ৰীয় নৃত্যক ইউৰোপীয় থিয়েটাৰ শৈলীৰ লগত সমন্বয় কৰাৰ বাবে সুপৰিচিত। ১৯২০ আৰু ১৯৩০ -ৰ দশকত উদয় শংকৰে ভাৰতীয় শাস্ত্ৰীয় নৃত্য, লোক নৃত্য আৰু জনজাতীয় নৃত্যৰ উপাদান আৰু ইউৰোপীয় থিয়েটাৰ শৈলীৰ লগত কৰা সমন্বয়ে ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপত জনপ্ৰিয়তা লাভ কৰে।১২৩৪৫ তেওঁ ভাৰতত আধুনিক নৃত্যশৈলী লগত ভাৰতীয় নৃত্যৰ উপাদানৰ সমন্বয় কৰি আধুনিক নৃত্য শৈলী প্ৰচাৰৰ বাবে খ্যাত।

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

উদয় শংকৰ জন্ম হয় বৰ্তমানৰ ৰাজস্থান উদয়পুৰত এক বঙালী পৰিয়ালত। তেওঁৰ সম্পূৰ্ণ নাম উদয় শংকৰ চৌধুৰী। তেওঁৰ দেউতাক কল্যাণ শংকৰ আছিল বাংলাদেশৰ যশোৰ জিলাৰ বাসিন্দা। পণ্ডিত শ্যাম শংকৰ যেতিয়া ঝালাওয়াৰৰ ৰজাৰ ব্যক্তিগত সচিব হিচাপে কাম কৰিছিল তেতিয়া উদয় শংকৰৰ জন্ম হয়। উদয়ে তেওঁৰ ল'ৰালিকালৰ বেছিভাগ সময়েই তেওঁৰ মাক আৰু ভায়েক-ভনীয়েকৰ সৈতে নুচৰতপুৰত কটাইছিল। তেওঁৰ দেউতাকৰ কামৰ বাবে তেওঁক নিয়মিত ভিন্ন চহৰলৈ স্থানান্তৰ হ'ব লগাত পৰিছিল। ইয়াৰ ফলস্বৰূপে উদয় শংকৰক নুচৰতপুৰ, গাজীপুৰ, বাৰনসী আৰু ঝালাওয়াৰৰ দৰে বিভিন্ন ঠাইৰ বিদ্যালয়ত নাম ভৰ্তি কৰিবলগীয়া হৈছিল। তেওঁৰ দেউতাক আছিল এজন শিল্পপ্ৰেমী মানুহ। তেওঁ নৃত্যকলাক পূজা আৰু উপাসনাও কৰিছিল। ১৯১৮ চনত উদয়ক মুম্বাইৰ জে জে স্কুল অব আৰ্টচ্ আৰু পিছত গোন্ধৰ্ব মহাবিদ্যালয় প্ৰশিক্ষণ বাবে পঠোৱা হয়। ইয়াৰ পিছত তেওঁৰ উচ্চতৰ প্ৰশিক্ষণৰ বাবে লণ্ডনৰ ৰয়েল কলেজ অব আৰ্টচ্‌ত ভৰ্তি হয়। তাতেই তেওঁ প্ৰাচ্য আৰু পাশ্চাত্যৰ চিত্ৰকলা আৰু নৃত্যকলাৰ বিষয়ে তাত্বিক আৰু ব্যৱহাৰিক জ্ঞান অৰ্জন কৰে। ৰয়েল কলেজ অব আৰ্টচ্‌ৰ পৰা বৃত্তি লৈ উদয় চিত্ৰকলা বিষয়ত উচ্চতৰ শিক্ষা অৰ্জন বাবে ৰোমলৈ যায়।

পৰিয়ালৰ আৰু কৰ্মজীৱন

উদয় শংকৰ তেওঁৰ নৃত্যসঙ্গী অমলা শংকৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৪২ চনত তেওঁলোকৰ প্ৰথম সন্তান আনন্দ শংকৰৰ জন্ম হয় আৰু ১৯৫৫ চনত তেওঁলোকৰ কন্যা মমতা শংকৰৰ জন্ম হয়। তেওঁৰ পুত্ৰ আনন্দ শংকৰ সৰুৰ পৰাই গান গোৱা আৰম্ভ কৰে আৰু পিছত এজন সঙ্গীতজ্ঞৰ আৰু সুৰকাৰ হয়। আৰু তেওঁৰ কন্যা মমতা শংকৰ এজনী বিখ্যাত অভিনেত্ৰী হয়। ১৯৪৮ চনত উদয় লিখিছিলে যে, তেওঁৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত 'কল্পনা' নামৰ চলচ্চিত্ৰখন ভাৰতৰ প্ৰথম চলচ্চিত্ৰ যাৰ মুখ্য চৰিত্ৰত দুজন শাস্ত্ৰীয় নৃত্যশিল্পী অভিনয় কৰিছে।

পুৰস্কাৰ আৰু সন্মান

  • ১৯৬০ চনত সংগীত নাটক একাডেমী বঁটা – 'সৃজনশীল নৃত্য'৬
  • ১৯৬২ চনত সংগীত নাটক একাডেমী ফেলশ্বিপ
  • ১৯৭১ চনত পদ্মবিভূষণ (ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান)
  • ১৯৭৫ চনত দেশীকোট্টামা পুৰস্কাৰ (বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ সম্মান)

তথ্যসূত্ৰ

  1. ↑ Uday Shankar Encyclopædia Britannica
  2. ↑ Uday Shankar: a tribute দ্য হিন্দু, 21 December 2001
  3. ↑ DANCE VIEW; ONE OF INDIA'S EARLY AMBASSADORS New York Times, 6 October 1985
  4. ↑ Sukanta Chaudhuri (1990) Calcutta, the Living City: The present and future. Oxford University Press. p. 280
  5. ↑ Reginald Massey (2004) India's dances: their history, technique, and repertoire. Abhinav Publications. . pp. 221–225. Ch. 21
  6. ↑ Creative Dance Sangeet Natak Akademi Award Official listings

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীপদ্মবিভূষণ বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ীবঙালী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদয় শংকৰ” প্ৰবন্ধৰ সংশোধন ৩৮০১৭৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।