মধ্য প্ৰদেশৰ ব্যক্তি
১১ প্ৰবন্ধ
-
ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী
ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী (Dhirendra Krishna Shastri; জন্ম: ৪ জুলাই ১৯৯৬ চনত ধীৰেন্দ্ৰ কৃষ্ণ গাৰ্গ নামেৰে) বাগেশ্বৰ ধাম সৰকাৰ নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় স্বঘোষিত ঈশ্বৰ-মানৱ। তেওঁ ভাৰতৰ মধ্যপ্ৰদেশৰ হিন্দু তীৰ্থস্থান বাগেশ্বৰ ধামৰ নেতা।
-
কপিল পৰমাৰ
কপিল পৰমাৰ (জন্ম ২০০০) এজন ভাৰতীয় পেৰা-জুডো খেলুৱৈ। ২০২৪ চনৰ পেৰালিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে জুডোত ভাৰতৰ প্ৰথমটো পেৰালিম্পিক পদক লাভ কৰি ইতিহাস ৰচনা কৰে।
-
জাকিৰ খান (কমেডিয়ান)
জাকিৰ খান ( Zakir Khan; জন্ম: ২০ আগষ্ট ১৯৮৭) এজন ভাৰতীয় কমেডিয়ান। ২০১২ চনত কমেডী চেণ্ট্ৰেলৰ কমেডী প্ৰতিযোগিতা ‘ইণ্ডিয়াছ বেষ্ট ষ্টেণ্ড আপ’ত জয়লাভ কৰি জাকিৰ খানে জনপ্ৰিয়তা লাভ কৰিছিল। খান এআইবিৰ (AIB) সৈতে অন এয়াৰ নামৰ এটা নিউজ কমেডী শ্ব'ৰ অংশ আছিল।
-
ৰুবিনা ফ্ৰান্সিছ
ৰুবিনা ফ্ৰান্সিছ (Rubina Francis, জন্ম: ১৯৯৯ চন) এগৰাকী ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ। ২০২৪ চনৰ জুলাই মাহত দ্বিপাক্ষিক নীতিৰ অধীনত পেৰিছ পেৰালিম্পিকৰ বাবে তেওঁ যোগ্যতা লাভ কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত পেৰালিম্পিকত তেওঁ পি২ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
ক্ৰান্তি গৌড়
ক্ৰান্তি গৌড় ( ইংৰাজী: Kranti Gaud; জন্ম: ১১ আগষ্ট ২০০৩) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত মধ্যপ্ৰদেশ আৰু মহিলা প্ৰিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্জক তেওঁ প্ৰতিনিধিত্ব কৰে।. ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলটোৰ তেওঁ প্ৰতিনিধি আছিল।
-
গুল বৰ্ধন
গুল বৰ্ধন (Gul Bardhan; ১৯২৮-২৯ নবেম্বৰ ২০১০) এগৰাকী কৰিঅ’গ্ৰাফাৰ আৰু মধ্য প্ৰদেশৰ ভূপাল ভিত্তিক নাট্যমঞ্চৰ সৈতে, লগতে ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত ব্যক্তিত্ব আছিল। তেওঁ ১৯৫২ চনত বম্বেত গঠন হোৱা এটা নৃত্য আৰু পুতলা কোম্পানী- লিটিল বেলে ট্ৰুপৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
জধিয়া বাঈ বাইগা
জধিয়া বাঈ বাইগা (Jodhaiya Bai Baiga; ১৯৩৭/১৯৩৮ - ১৫ ডিচেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বাইগা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে আৰু মধ্য প্ৰদেশৰ উমৰিয়া জিলাৰ লোৰহা গাঁৱত বাস কৰে। জধিয়া বাঈ দুটি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তানৰ মাতৃ।
-
নিতেশ তিৱাৰী
নিতেশ তিৱাৰী (Nitesh Tiwari; জন্ম: ২২ মে' ১৯৭৩) হিন্দী ছবি-জগতত পৰিচিত এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, আৰু গীতিকাৰ। তেওঁ চিলাৰ পাৰ্টি (২০১১) ছবিৰ সহ-পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে যিখন ছবিয়ে শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
বিহাৰী লাল
বিহাৰী লাল চৌবে বা বিহাৰী (১৫৯৫–১৬৬৩) এজন হিন্দী কবি, ব্ৰজ ভাষা, সাতছাই (সাতশ পদ) গ্ৰন্থৰ বাবে বিখ্যাত। প্ৰায় সাতশ কম্পলেটৰ এই সংকলন সম্ভৱতঃ কাব্যিক শিল্পৰ আটাইতকৈ বিখ্যাত হিন্দী ৰচনা, ইয়াৰ আখ্যান আৰু সৰল শৈলীৰ ভিন্নতা আছে।বৰ্তমান ইয়াক ৰীতিকাল বা 'ঋতি কাল' অৰ্থাৎ কবিসকলে ৰজাৰ বাবে কবিতা লিখা…
-
যমুনা দেৱী
যমুনা দেৱী (Jamuna Devi, ১৯২৯ চনৰ ১৯ নৱেম্বৰ – ২০১০ চনৰ ২৪ ছেপ্টেম্বৰ) মধ্যপ্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰী আছিল। মধ্যপ্ৰদেশ বিধানসভাৰ তেওঁ সদস্য আছিল৷ লগতে তেওঁ বিৰোধীৰ নেত্ৰী আৰু ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰাজ শ্বামানি
ৰাজ শ্বামানি(জন্ম: ২৯ জুলাই ১৯৯৭ তেওঁৰ প'ডকাষ্ট, "ফিগাৰিং আউট উইথ ৰাজ শ্বামানি"-লৈ বিশ্বৰ বহু পৰিচিত অতিথিৰ আগমন ঘটিছে৷ তাৰ ভিতৰত আছে বিল গেটছ, ইমানুৱেল মেক্ৰন, বিজয় মাল্য, আমীৰ খান, কৰণ জোহৰ, মিষ্টাৰ বিষ্ট, এছ. জয়শংকৰ, এম এছ ধোনী