অনামিকা হৈছে ১৯৯২ চনত এন কে প্ৰডাক্চনৰ বেনাৰত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গে এইটো এলবামেৰে অসমৰ সংগীত জগতত প্ৰৱেশ কৰে। জুবিন আৰু উৎপল শৰ্মাই সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন, হীৰেন ভট্টাচাৰ্য, ৰেনু শৰ্মা আৰু সবিতা শৰ্মাৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন আৰু কবিতা কৃষ্ণমূৰ্তিয়ে। সংগীত ব্যৱস্থাপনা উৎপল শৰ্মাৰ।১
গীতৰ তালিকা
এলবামটিত মুঠ ৮ টা গীত আছে। 'অনামিকা' আৰু 'শুনা শুনা' গীত দুটিৰ সুৰ যুটীয়াভাৱে জুবিন আৰু উৎপল শৰ্মাৰ। বাকীকেইটি গীতৰ সুৰকাৰ জুবিন।
শ্ৰোতাৰ সঁহাৰি
জুবিন গাৰ্গে এইটো এলবামেৰে অসমৰ সংগীত জগতত খোজ দিয়ে। প্ৰথম এলবামটোতেই জুবিনে নিজৰ প্ৰতিভাৰ উমান দিয়ে আৰু অসমৰ সংগীত জগতৰ এক চিনাকি নাম হৈ পৰে। শ্ৰোতাৰ অভাৱনীয় সঁহাৰি লাভ কৰি এলবামটো বাণিজ্যিকভাৱে সফল এলবাম হিচাপে পৰিগণিত হয়। এলবামটোৰ জৰিয়তে জুবিনে অসমীয়া শ্ৰোতাক অসমীয়া থলুৱা সুৰ আৰু পশ্চিমীয়া ৰক সংগীতৰ মিশ্ৰণ ঘটাই এক অভিনৱ সুৰৰ জুতি দিয়ে। এলবামটোৱে অসমীয়া সংগীত উদ্যোগত এক নতুন মানদণ্ডৰ সৃষ্টি কৰি নতুন যুগৰ সূচনা কৰে।১২
তথ্যসূত্ৰ
- ↑ Anamika. Future Sound
- ↑ Zubeen Garg. Online Sivasagar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনামিকা (শ্ৰব্য এলবাম)” প্ৰবন্ধৰ সংশোধন ৫৩৯৪৩৪ (২০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।