হৰি ওঁম হৈছে ২০১৬ বৰ্ষত মুক্তি প্ৰাপ্ত এখন ৰোমাণ্টিক একশ্বনধৰ্মী অসমৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে অৰূপ জ্যোতি ৰাভাই। মূখ্য অভিনয়ত আছে ভাষ্কৰ ৰঞ্জন,প্ৰিন্স,তৃষ্ণা কুৰ্মী আৰু দেৱাশ্ৰী গগৈ। চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিবেশন ব্ৰহ্মপুত্ৰ বয়জ এণ্টাৰটেইনমেণ্টৰ।
কাহিনী
দুজন বন্ধু, যিকেইজনে সৰু কালৰে পৰা একেলগে আছিল। কিন্তু কোনো কাৰণত তেওঁলোক বেলেগ হব লগাত পৰে। এজন বন্ধুৱে কিদৰে বেয়া পথত যাবলৈ লয়। ইয়াৰ মাজতে ভাহি আহে এক নিভাঁজ প্ৰেম কাহিনী। এয়াই হৈছে হৰি ওঁমৰ কাহিনী।
অভিনয় শিল্পী
- প্ৰিন্স
- ভাস্কৰ ৰঞ্জন
- তৃষ্ণা কুৰ্মী
- দেৱাশ্ৰী গগৈ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰি ওঁম” প্ৰবন্ধৰ সংশোধন ২৭১৫৭৩ (১৭ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।