কৰন সিং গ্ৰোভাৰ (জন্ম, ফেব্ৰুৱাৰী ২৩, ১৯৮২) এজন ভাৰতীয় টেলিভিছনৰ অভিনেতা আৰু মডেল। এম টিভি ইণ্ডিয়াৰ কিতনী মস্তি হ্যে জিন্দেগীৰ যোগেদি তেওঁ নিজৰ টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰে। .১ ষ্টাৰ ৱান চেনেলৰ দিল মিল গয়েৰ ড॰ অৰমান মালিক আৰু জী টিভিৰ ধাৰাবাহিক কবুল হ্যেৰ আছাদ আহমেদ খান নামৰ জনপ্ৰিয় চৰিত্ৰ দুটিত কৰা অভিনয়ৰ বাবে কৰন বিখ্যাত।
ব্যক্তিগত জীৱন
কৰন সিং গ্ৰোভাৰৰ জন্ম হৈছিল ১৯৮২ চনৰ ২৩ ফেব্ৰুৱাৰীত ভাৰতৰ দিল্লীত, মূলতঃ হাৰিয়ানাৰ অম্বালাৰ এক পঞ্জাবী শিখ পৰিয়ালত। তেওঁৰ সৰু ভায়েকৰ নাম ইস্মিত সিং। ল’ৰালিকালত কৰনে তেওঁৰ পৰিয়ালৰ সৈতে চৌদি আৰৱৰ আল্ খোবৰত থাকিবলৈ লয়। তেওঁ ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান স্কুল ডামামত শিক্ষা গ্ৰহণ কৰে। ২০০০ চনত, তেওঁ পুনৰ মুম্বাইলৈ ঘূৰি যায় আৰু আই এইচ্ এম মুম্বাইৰ পৰা হোটেল মেনেজমেণ্টৰ ডিগ্ৰী অৰ্জন কৰে, দাদৰ কেটাৰিং কলেজ.২ কলেজীয়া দিনবোৰত তেওঁ থাউজেণ্ড ডেচিবেলছ্ নামৰ বেণ্ড এটাত আছিল। ডিগ্ৰী সমাপ্ত কৰি কৰন, মাস্কাট, ওমানত থাকিবলৈ লয়, য’ত তেওঁৰ পৰিয়াল আছিল আৰু শ্বেৰাটন হোটেলত প্ৰায় এবছৰৰ কাৰণে মাৰ্কেটিং এক্সিউটিভ হিচাপে কাম কৰে। পাছত তেওঁ মডেলিংৰ কেৰিয়াৰ গঢ়িবলৈ ভাৰতলৈ ঘূৰি আহে আৰু ২০০৪ চনত গ্লাডৰাগচ মেগা মডেল মেনহাণ্ট কণ্টেষ্টত অংশগ্ৰহণ কৰে। তাত তেওঁ মোস্ত পপুলাৰ মডেলপুৰস্কাৰটি পায়। ২০০৮ৰ ২ ডিচেম্বৰত, গোৱাত শ্ৰদ্ধা নিগমৰ সৈতে কৰন বিবাহপাশতআবদ্ধ হয় কিন্তু ২০০৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছদ হয়।৩৪। ২০১২ৰ ৯এপ্ৰিলত এক ব্যক্তিগত অনুষ্ঠানত তেওঁ তেওঁৰ বান্ধৱী আৰু দিল মিল গয়ে ধাৰাবাহিকৰ সহতাৰকা জেনিফাৰ উইংগেটৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
পেছাদৰী জীৱন
টেলিভিছনত অভিনয় কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে কৰনে বহুতো মডেলিং, ৰেম্প অনুষ্ঠান, বিজ্ঞাপনৰ কাম কৰিছিল আৰু এক ৰেডিঅ’ অনুষ্ঠানো পৰিৱেশন কৰিছিল। পাছত, তেওঁ ২০০৪ চনত গ্লাডৰাগচ মেগা মডেল মেনহাণ্ট কনটেষ্টত অংশগ্ৰহণ কৰে আৰু মোস্ত পপুলাৰ মডেল পুৰস্কাৰ পায়। এক দেশব্যাপী প্ৰতিভাসন্ধানী প্ৰতিযোগিতাৰ দ্বাৰা তেও, আন পাঁচজনৰ সৈতে এম টিভিৰ অনুষ্ঠান কিতনী মস্তি হ্যে জিন্দেগীত প্ৰধান ভূমিকা অভিনয় কৰাৰ বাবে মনোনীত হয় আৰু পাছত প্ৰিনচেছ ডলী অউৰ উচকা মেজিক বেগ ধাৰাবাহিকত অভিনয় কৰে।
কচৌটি জিন্দেগী কে ধাৰাবাহিকত তেওঁক ঋণাত্মক চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। এইখন ধাৰাবাহিকৰ দ্বাৰা তেওঁ তেওঁৰ প্ৰশংসকসকলৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ধাৰাবাহিকখনৰ তেওঁৰ চৰিত্ৰটিৰ বাবে তেওঁ এতিয়াও স্মৰণিত। ইয়াৰ পাছত তেওঁ চাহাৰা ওৱান চেনেলৰ ষোলহ শিংগাৰ ধাৰাবাহিকত অভিনয় কৰিছিল আৰু লগতে সীমিত সময়ৰ বাবে চি.আই.ডি. (ইণ্ডিয়ান টেলিভিছন ছিৰিজ) আৰু পৰিৱাৰত অভিনয় কৰিছিল। পাছত তেওঁ দিল মিল গয়ে ধাৰাবাহিকত অভিনয় কৰা ড॰ অৰমান মালিক চৰিত্ৰটিৰ দ্বাৰা প্ৰখ্যাত হয়, যিটো বহুলভাৱে জনপ্ৰিয় হৈ পৰে আৰু তেওঁ একাংশ প্ৰশংসক মণ্ডলী অৰ্জন কৰে। দিল মিল গয়ে ধাৰাবাহিকৰ লগতে তেওঁ ষ্টাৰ ৱানৰ ৰিয়েলিটী অনুষ্ঠান ঝৰা নাচকে দিখা ৰ প্ৰথম ছিজন আঁত ধৰিছিল। তেওঁ ৰিয়েলিটী নৃত্যানুস্থান ঝলক দিখলা যাৰ তৃতীয় ছিজনৰ দ্বিতীয় ৰানাৰ আপ আছিল।
২০০৯ চনত কালাৰ্চ টিভিৰ সংগীতানুস্থান আইডিয়া ৰকচ ইণ্ডিয়াৰ আঁত ধৰিছিল। ২০১০ চনত তেওঁ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী (ছিজন ৩)ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল। ২০১১ চনত তেওঁ চেনেল ভিৰ পাৰফেক্ট কাপল নামৰ ৰিয়েলিটী পৰিভ্ৰমণানুস্থানটি আঁত ধৰিছিল। তেওঁ চেনেল ভি ৰ ধাৰাবাহিক দিল দোস্তি ডান্স ত অতিথী শিল্পী হিচাপে, প্ৰফেছাৰ কৰন মালিক ৰূপেও অভিনয় কৰিছিল। তেওঁ ২০১২ চনৰ আগষ্টত ষ্টাৰ প্লাচ ৰ ধাৰাবাহিক টেলিফিল্ম তেৰি মেৰি লাভ ষ্টোৰীজত অভিনয় কৰিছিল। বৰ্তমান কৰন জী টিভিৰ এখন নতুন জনপ্ৰিয় ধাৰাবাহিক কবুল হ্যেত আছাদ আহমেদ খান চৰিত্ৰটিত অভিনয় কৰি আছে।
টেলিভিছন
| বৰ্ষ | ধাৰাবাহিক | চৰিত্ৰ | চেনেল | টোকা |
|---|---|---|---|---|
| ২০০৪–২০০৫ | কিতনী মস্তি হ্যে জিন্দেগী | অৰ্ণৱ দেওল | এম টিভি ইণ্ডিয়া | কৰনে অভিনয় কৰা প্ৰথম ধাৰাবাহিক। পঞ্চী বৰা, বৰ্খা বিষ্ট আৰু মানসী পাৰেখৰ বিপৰীতে অন্যতম প্ৰধান ভূমিকা। |
| ২০০৫ | প্ৰিনচেছ ডলী অউৰ উচকা মেজিক বেগ | অমন | ষ্টাৰ প্লাচ | কাল্পনিক অনুষ্ঠান। তেওঁ কৰিশ্মা ৰনদেৱাৰ বিপৰীতে মূল চৰিত্ৰ ডলীৰ লাভ ইণ্টাৰেষ্টৰ চৰিত্ৰটিত অভিনয় কৰিছিল। |
| 2005-2006 | কচৌটি জিন্দেগী কে | শৰদ গুপ্তা | ষ্টাৰ প্লাচ | প্ৰাৰম্ভণিত জেনিফাৰ উইংগেটৰ বিপৰীতে ধনাত্মক চৰিত্ৰ, তেওঁলোকৰ চৰিত্ৰদুটাৰ বিবাহৰ পাছত তেওঁৰ চৰিত্ৰটি ঋণাত্মক চৰিত্ৰলৈ পৰিৱৰ্তিত হয়। |
| ২০০৬–২০০৭ | ষোলহ শিংগাৰ | অভিমন্যু | চাহাৰা ওৱান | প্ৰাৰম্ভণিত, এইটো মীৰাৰ চৰিত্ৰত অভিনয় কৰা আকাঙ্ছা ৰাৱতৰ বিপৰীতে প্ৰধান চৰিত্ৰ আছিল। কিন্তু, পাছত কাহিনী সলনি হয়, যেতিয়া মীৰাৰ বিবাহ হয়। তেওঁৰ চৰিত্ৰটি ২০০৭ৰ মধ্যভাগত কিছু সময়ৰ বাবে পুনঃপ্ৰৱেশ কৰে আৰু ২০০৭ৰ আগষ্টত প্ৰস্থান কৰে। |
| ২০০৭ | চি.আই.ডি. | ৰাহুল আৰু সমীৰ(চিড) | ছোনী টিভি | মাত্ৰ দুটা খণ্ডত, ৰাহুল ৰূপে “কেছ অৱ দ্য ইনভিজিবল কিলাৰ”ত আৰু চিড ৰূপে “বডী ইন মিড এয়াৰ”ত। |
| ২০০৭ | পৰিৱাৰ | অধিৰাজ শ্বেৰগিল | জী টিভি | দিল মিল গয়েৰ মূল চৰিত্ৰত অভিনয় কৰিবৰ বাবে মাত্ৰ এসপ্তাহ থাকি এইখন ধাৰাবাহিকৰ পৰা বিদায় লয় আৰু চৰিত্ৰৰ মুখ সলনি হয়। |
| ২০০৭–২০১০ | দিল মিল গয়ে ছিজন ১আৰু ২ | ড॰ অৰমান মালিক | ষ্টাৰ ৱান | শিল্পা আনন্দ, সুকৃতি কান্দপাল আৰু জেনিফাৰ উইংগেটৰ বিপৰীতে ছিজন ১ত ইণ্টাৰ্ণ ৰূপে আৰু ছিজন ২ত জ্যেষ্ঠ চিকিৎসক ৰূপে মূল চৰিত্ৰত। |
| ২০০৮ | নাচ বলিয়ে ৩ | স্বয়ং | ষ্টাৰ প্লাচ | এটা খণ্ডত শ্ৰদ্ধা নিগমৰ সৈতে বিশেষ নৃত্য পৰিৱেশন। |
| ২০০৮ | দ্য গ্লোবেল ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন ওনাৰ্চ | স্বয়ং | নাইন এক্স | শিল্পা আনন্দৰ সৈতে বিশেষ নৃত্য পৰিৱেশন। |
| ২০০৮ | ঝৰা নাচকে দিখা ছিজন ১ | পৰিৱেশক | ষ্টাৰ ৱান | শ্বেতা গুলাতীৰ সৈতে অনুষ্ঠানটিৰ প্ৰথম ছিজন আঁত ধৰিছিল। |
| ২০০৯ | ঝলক দিখলা যা ছিজন ৩ | স্বয়ং | ছোনী টিভি | ৰিয়েলিটী নৃত্যানুস্থান ছিজন ৩ৰ দ্বিতীয় ৰানাৰ আপ। |
| ২০০৯ | আইডিয়া ৰকচ ইণ্ডিয়া | পৰিৱেশক | কালাৰ্চ টিভি | ৰিয়েলিটী নৃত্যানুস্থান মানসী পাৰেখৰ সৈতে আঁত ধৰিছিল। |
| ২০১০ | ফিয়েৰ ফেক্টৰ – খতৰো কে খিলাড়ী তৃতীয় লেভেল | স্বয়ং | কালাৰ্চ টিভি | অনুষ্ঠানটিৰ তৃতীয় ছিজনৰ প্ৰতিযোগী ব্ৰাজিল। |
| ২০১১ | পাৰফেক্ট কাপল | আঁত ধৰোঁতা | চেনেল ভি | ৰিয়েলিটী পৰিভ্ৰমণানুস্থানটিৰ আঁত ধৰোঁতা। |
| ২০১১ | গ্লাডৰাগচ মেগা মডেল মেনহাণ্ট | স্বয়ং | চেনেল ভি | অতিথী বিচাৰক ৰূপে দুটা খণ্ডত। |
| ২০১১ | দিল দোস্তি ডান্স | প্ৰফেছাৰ কৰন মালিক | চেনেল ভি | ষ্টুডেণ্ট কাউন্সেলৰ ৰূপে প্ৰায় এমাহৰ বাবে অতিথী চৰিত্ৰত। |
| ২০১২ | তেৰি মেৰি লাভ ষ্টোৰীজ | ৰঘূৱীৰ | ষ্টাৰ প্লাচ | এক নেনো চী লাভ ষ্টোৰীশিৰোনামৰ তৃতীয় টেলিফিল্ম, অনিতা হাচানন্দনীৰ বিপৰীতে মূল ভূমিকা। |
| ২০১২–বৰ্তমানলৈ | কবুল হ্যে | আছাদ আহমেদ খান | জী টিভি | মুছলমান পৰিয়ালক ভিত্তি কৰা ধাৰাবাহিকখনত সুৰভি জ্যোতিৰ বিপৰীতে প্ৰধান অভিনেতা। |
| ২০১২ | জী ৰিস্তে এৱাৰ্ডছ | স্বয়ং | জী টিভি | সুৰভি জ্যোতি আৰু ৰিষভ সিনহাৰ সৈতে বিশেষ নৃত্য পৰিৱেশন। |
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৮ | ভ্ৰম | সৰু চৰিত্ৰ | কাৰ্লটন ৰূপে, মূল চৰিত্ৰটিৰ অন্যতম বন্ধু। |
| ২০১২ | আই এম ২৪ | সৰু চৰিত্ৰ | অমন সিং ৰূপে, ২০০৮ৰ পৰা সম্পূৰ্ণ, ২০১২ৰ ৩০ আগষ্টত মুক্তি লাভ, সৰু ধেমেলীয়া চৰিত্ৰ। |
| ২০১২ | লৰী/দ্য লাভিং ডল | প্ৰধান পুৰুষ | অৰ্জুন কাপুৰ ৰূপে, বৰ্তমান পোষ্ট প্ৰডাকচনত, সহ-তাৰকা ডায়েনা হেইডেন আৰু নিৰ্দেশক পৱন কৌল।৫ |
পুৰস্কাৰ আৰু মনোনয়ন
| বৰ্ষ | পুৰস্কাৰ | ফলাফল | পুৰস্কাৰ অনুষ্ঠান | টোকা |
|---|---|---|---|---|
| ২০০৪ | মোস্ত পপুলাৰ মডেল | গ্লাডৰাগচ মেনহাণ্ট কনটেষ্ট৬ | ||
| ২০০৭ | মোস্ত প্ৰমিজিং এক্টৰ | কলাকাৰ এৱাৰ্ডছ | কলাকাৰ এৱাৰ্ডছ ফাউণ্ডেশ্বন কলিকতা। | |
| ২০০৮ | গ্ৰেট ফেচ মেল অৱ দ্য ইয়াৰ | ইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ডছ | আই টি এ এৱাৰ্ডছ (ইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ডছ) দিল মিল গয়েৰ বাবে ড॰ অৰমান হিচাপে। | |
| ২০০৮ | বেষ্ট এক্টৰ(মেল) | দিল মিল গয়ে | দিল মিল গয়েৰ বাবে ড॰ অৰমান হিচাপে। | |
| ২০০৮ | বেষ্ট এংকৰ | ইণ্ডিয়ান টেলী এৱাৰ্ডছ | ঝৰা নাচকে দিখা ছিজন১ শ্বেতা গুলাতীৰ সৈতে। | |
| ২০১০ | মোষ্ট ফিট এক্টৰ(মেল) | জী গোল্ড এৱাৰ্ডছ | ||
| ২০১২ | ফেৱৰিট নয়া সদস্য | জী ৰিস্তে এৱাৰ্ডছ | কবুল হ্যেৰ বাবে আছাদ আহমেদ খান হিচাপে। | |
| ২০১২ | ফেৱৰিট ভাই | জী ৰিস্তে এৱাৰ্ডছ | কবুল হ্যেৰ বাবে আছাদ আহমেদ খান হিচাপে ৰিষভ সিনহাৰ সৈতে। | |
| ২০১৩ | টিভি পাৰচনেলিটী অৱ দ্য ইয়াৰ | ইণ্ডিয়ান টেলী এৱাৰ্ডছ |
ভূমিকা
| বৰ্ষ | অনুষ্ঠান | টোকা |
|---|---|---|
| ২০১০ | বৰোপ্লাচ গোল্ড এৱাৰ্ডছ | জেনিফাৰ উইংগেটৰ সৈতে পুৰস্কাৰ প্ৰদান। |
| ২০১০ | পাৰ্ল ৱেভ ২ কনচাৰ্ট | ৰশ্মি দেশাইক পুৰস্কাৰ প্ৰদান। |
| ২০১১ | ঝলক দিখলা যা ৪ | অতিথী শিল্পী ৰূপে এটা খণ্ডত চেংগক সমৰ্থন কৰে। |
| ২০১২ | জী ৰিস্তে এৱাৰ্ডছ | সুৰভি জ্যোতি আৰু ৰিষভ সিনহাৰ সৈতে বিশেষ নৃত্য পৰিৱেশন। |
| ২০১৩ | হোলী লড়কপন কী | হোলি বিশেষ হিচাপেসুৰভি জ্যোতিৰ সৈতে বিশেষ নৃত্য পৰিৱেশন। |
| ২০১৩ | ইণ্ডিয়ান টেলী এৱাৰ্ডছ | জেনিফাৰ উইংগেটৰ সৈতে দুটা পুৰস্কাৰ প্ৰদান। |
বিজ্ঞাপন
| বৰ্ষ | বিজ্ঞাপন | টোকা |
|---|---|---|
| ২০০৯ | ৰূপা ফ্ৰণ্টলাইন | ৰাজপাল যাদৱৰ সৈতে ৰূপা গেঞ্জীৰ বিজ্ঞাপন। |
| ২০০৯ | Cleartrip.com | Cleartrip.com টিভি বিজ্ঞাপন। |
| ২০০৯ | ইণ্ডিয়ান জেম এণ্ড জুৱেলাৰী | পুৰুষৰ জুৱেলাৰী কোম্পানীৰ বাবে প্ৰিণ্ট বিজ্ঞাপন। |
| ২০১০ | ৰূপা ফ্ৰণ্টলাইন | ৰশ্মি দেশাইৰ সৈতে ৰূপা গেঞ্জীৰ বিজ্ঞাপন। |
তথ্যসূত্ৰ
- ↑ (2008-07-17). 'I am just like Dr Armaan' - Rediff.com Movies. Getahead.rediff.com
- ↑ name=Armaan 'I am just like Dr. Armaan'. rediff.com, 17 July 2008
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ The witching hour, 24 January 2011
- ↑ 'I am just like Dr. Armaan'. rediff.com, 17 July 2008
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰন সিং গ্ৰোভাৰ” প্ৰবন্ধৰ সংশোধন ৫০৭৪৪৭ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।