অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

এমিবা

এমিবা (Amoeba) শব্দটো গ্ৰীক ভাষাৰ "এম'বি" (amoibe) শব্দৰপৰা আহিছে,যাৰ অৰ্থ হ'ল "পৰিৱৰ্তন"। ১৭৫৫ চনত ৰ'ছেল ফন ৰ'ছিনহফ (Rossel von Rosenhoff) এ এমিবা আৱিষ্কাৰ কৰে। এমিবা এককোষী আৰু মুক্তভাৱে জীৱন-যাপন কৰা আদ্যপ্ৰাণী। এই প্ৰাণীবোৰ প্ৰাণীজগতৰ আটাইতকৈ নিম্নখাপৰ প্ৰাণী।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৪ ৫৯৩ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

এমিবা (Amoeba) শব্দটো গ্ৰীক ভাষা ভাষাৰ "এম'বি" (amoibe) শব্দৰপৰা আহিছে,যাৰ অৰ্থ হ'ল "পৰিৱৰ্তন"। ১৭৫৫ চনত ৰ'ছেল ফন ৰ'ছিনহফ (Rossel von Rosenhoff) এ এমিবা আৱিষ্কাৰ কৰে। এমিবা এককোষী আৰু মুক্তভাৱে জীৱন-যাপন কৰা আদ্যপ্ৰাণী। এই প্ৰাণীবোৰ প্ৰাণীজগতৰ আটাইতকৈ নিম্নখাপৰ প্ৰাণী। ইহঁতৰ দেহ অলপ প্ৰ'ট'প্লাজমৰ দ্বাৰা গঠিত। মাত্ৰ এটা কোষ (জীৱবিজ্ঞান)ৰ দ্বাৰা গঠিত হ'লেও এমিবাই শ্বসন,পুষ্টি,ৰেচন,প্ৰজনন আদি যাৱতীয় জৈৱিক-কাৰ্য সম্পন্ন কৰে। বহুকোষী প্ৰাণীবোৰৰ দৰে আকাৰগত জটিলতা নাথাকিলেও ইহঁতৰ জীৱন-ক্ৰিয়াত যথেষ্ট জটিলতা দেখা যায়।১।

প্ৰাণী জগতত এমিবাৰ স্থান

শ্ৰেণীস্থানবৈশিষ্ট্য১
পৰ্ব (Phylum)প্ৰ'ট'যৱা (Protozoa)এককোষী প্ৰাণী
উপপৰ্ব (Sub-phylum)ছাৰ্ক'মেষ্টিগ'ফ'ৰা (Sarcomastigophora)একেধৰণৰ এটা মাত্ৰ কোষকেন্দ্ৰ থাকে
অধিশ্ৰেণী (Super-class)ছাৰ্ক'ডিনা (Sarcodina)কুটপদ (pseudopodia) প্ৰধান চলন অংগ
শ্ৰেণী (Class)ৰাইয'প'ডা (Rhizopoda)ভূমিলগ্ন চলন (creeping movement) দেখা যায়
উপশ্ৰেণী (Sub-class)ল'ব'ছা (Lobosa)কূটপদ পিণ্ড আকাৰৰ
বৰ্গ (Order)এমিবিডা (Amoebida)চলনৰ সময়ত এটা সক্ৰিয় কূটপদ সৃষ্টি হয়
গণ (Genus)এমিবা (Amoeba)সংকোচনশীল গহ্বৰ থাকে
প্ৰজাতি−প্ৰ'টিয়াছ (Proteus)জীৱিত অৱস্থাত দেহৰ কোনো নিৰ্দিষ্ট আকাৰ নাথাকে,দেহৰ আকাৰ সদায় পৰিৱৰ্তনশীল।

১

আকাৰ আৰু আকৃতি

এমিবা এককোষী ক্ষুদ্ৰ প্ৰাণী। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ইয়াৰ স্থিতি স্পষ্টকৈ ধৰিব পাৰি। ইয়াৰ দেহৰ আকাৰ সাধাৰণতে ০.২৫-০.৬ mm পৰ্যন্ত। কিছুমান বৃহৎ আকৃতিৰ এমিবাৰ দেহৰ ব্যাস ১-১.৫ mm পৰ্যন্ত হয় আৰু এইবোৰ প্ৰাণীক খালি চকুৰে ক্ষুদ্ৰ ধোঁৱাবৰণীয়া বিন্দু এটাৰ দৰে দেখা যায়।

বিভিন্ন দিশত,বিভিন্নভাৱে কূটপদ সৃষ্টি হোৱাৰ ফলত এমিবাৰ দেহৰ কোনো নিৰ্দিষ্ট আকৃতি নাই,জীৱিত এমিবাৰ দেহৰ আকাৰ ক্ষণে ক্ষণে পৰিৱৰ্তন হৈ থাকে। ইয়াৰ দেহ বৰণহীন,অৰ্দ্ধস্বচ্ছ,দানাযুক্ত প্ৰ'ট'প্লাজমৰ দ্বাৰা গঠিত। দেহৰ কোনো পৃষ্ঠীয় আৰু অংকীয় ভাগ নাথাকে।১

বাসস্থান

এমিবা প্ৰট্ৰিয়াছত নিৰ্মল পানীত বাস কৰা এককোষী প্ৰাণী। সাধাৰণতে সেউজীয়া উদ্ভিদ থকা খাল,বিল,পুখুৰী,নিজৰা আদিত ইহঁতক পোৱা যায়। পুখুৰী নাইবা খাল,বিল আদিৰ তলৰ বোকা মাটিত নাইবা পানীত থকা সেউজীয়া উদ্ভিদৰ গাত ইহঁত লাগি থাকে।১

গঠন

প্লাজমাৱৰণ (Plasmalemma)

এমিবাৰ অন্তৰ্গঠন (Anatomy)
এমিবাৰ অন্তৰ্গঠন (Anatomy)ছবি: el:User:Kupirijo · CC BY-SA 3.0

এমিবাৰ দেহ এখন পাতল,অৰ্দ্ধস্বচ্ছ,স্থিতিস্থাপক গুনসম্পন্ন আৰু অৰ্দ্ধভেদ্য প্লাজমাৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। এই আৱৰণখন ০.২৫μ-২μ পৰ্য্যন্ত ডাঠ। এই আৱৰণখনে চলন ক্ৰিয়াৰ সময়ত কূটপদ (pseudopodia) সৃষ্টি কৰা তথা প্ৰাণীটোক ভিত্তিপদাৰ্থত লাগি ধৰাত সহায় কৰে। ইয়াৰ উপৰিও ই প্ৰাণীদেহত থকা প্ৰ'ট'প্লাজমখিনি আৱৰি ৰাখে আৰু ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাণীদেহ আৰু বৰ্হিজগতৰ মাজত অম্লজান,পানী তথা কাৰ্বন ডাই অক্সাইডৰ বিনিময় ঘটায়।

কূটপদ (Pseudopodia)

এমিবাৰ দেহৰ আকৃতি সঘনাই পৰিৱৰ্তন হৈ থাকে,কাৰণ ইয়াৰ দেহৰপৰা বিভিন্ন দিশত আঙুলিৰ দৰে ভোটা কিছুমান প্ৰক্ষেপণ (projection) ওলায় নাইবা প্ৰক্ষেপণবোৰ নোহোৱা হৈ যায়। এই প্ৰক্ষেপণবোৰক কূটপদ (pseudopodia; pseud-fal) বোলা হয়। কূটপদৰ সহায়ত এমিবাই খাদ্য গ্ৰহণ কৰা তথা চলন ক্ৰিয়া সম্পন্ন কৰে। এমিবা প্ৰটিয়াছৰ কূটপদ দীঘল,ভোটা আৰু সন্মুখপ্ৰাপ্ত কিছু ঘূৰণীয়া আকাৰৰ হোৱা বাবে ইয়াক ল'ব'প'ডিয়া (lobopodia) বোলা হয়।

চাইট'প্লাজমা (Cytoplasm)

প্লাজমাৱৰণে আৱৰি থকা ডাঠ জেলীৰ দৰে অংশক চাইট'প্লাজমা বোলা হয়। ই দুটা ভাগত বিভক্ত-ব্যাহ্যিক বহি:প্লাজমা (ectoplasm) আৰু অভ্যন্তৰীণ অন্ত:প্লাজমা (endoplasm)।

  • বহি:প্লাজমা (Ectoplasm;ektos-outside): প্লাজমাৱৰণৰ ঠিক তলৰ স্বচ্ছ আৰু দানাহীন অংশটোক বহি:প্লাজমা বোলে। কূটপদৰ সন্মুখপ্ৰান্তত ই কিছু পৰিমাণে ডাঠ আৰু পশ্চাদপ্ৰান্তত পাতল।
  • অন্ত:প্লাজমা (Endoplasm): বহি:প্লাজমৰ দ্বাৰা পৰিবেষ্টিত এমিবাৰ দেহৰ অভ্যন্তৰ অংশক অন্ত:প্লাজম বোলে। এই অংশ জুলীয়া,অৰ্দ্ধস্বচ্ছ আৰু দানাযুক্ত। অন্ত:প্লাজম দুটা ভাগত বিভক্ত-বহি:প্লাজমৰ তলত থকা কিছু ডাঠ,দানাযুক্ত জেলীৰ দৰে অংশক প্লাজমাজেল (plasmagel) আৰু প্লাজমাজেলেৰে আবৃত অভ্যন্তৰীণ পনীয়া দানাযুক্ত অংশক প্লাজমাছল (plasmasol) বোলা হয়। প্লাজমাছল অংশত ব্ৰাউনিয়ান গতি দেখা যায়। সময়বিশেষে প্লাজমাছল প্লাজমাজেললৈ নাইবা প্লাজমাজেল প্লাজমাছললৈ পৰিৱৰ্তিত হয়।১

আন্তঃপ্লাজমীয় অংগাণু

এমিবাৰ আন্তঃপ্লাজমত কোষকেন্দ্ৰ,সংকোচনশীল ৰিক্তিকা বা ভেকুঅ'ল,খাদ্যৰিক্তিকা,পানীৰ ৰিক্তিকা,অন্ত:কোষীয় জালিকা,মাইটকণ্ড্ৰিয়া,গলগি বডি আদি দেখা যায়।

  • কোষকেন্দ্ৰ (Nucleus): এমিবা প্ৰ'ট্ৰিয়াছৰ দেহত এটা উভউত্তল (biconvex) থালৰ আকৃতিৰ ঘূৰণীয়া কোষকেন্দ্ৰ থাকে। এচিট'কাৰমাইন (acetocarmine) নাইবা মিথাইল গ্ৰিনএচেটিক অম্লৰ দ্বাৰা ৰঞ্জিত কৰিলে কোষকেন্দ্ৰটো ডাঠ ৰঙৰ দেখা যায়। কোষকেন্দ্ৰটো কোষকেন্দ্ৰ আৱৰণৰদ্বাৰা আবৃত হৈ থাকে। নিউক্লিঅ'প্লাজমত কেইবাটাও অতিকেন্দ্ৰ (nucleoli) আৰু প্ৰায় ৫০০ ডাল ক্ৰ'ম'জ'ম থাকে।
  • সংকোচনশীল ৰিক্তিকা (Contractile):অন্ত:প্লাজমৰ পশ্চাৎ দিশত ঘূৰণীয়া জুলীয়া পদাৰ্থৰে পূৰ্ণ,সদায় স্পন্দিত হৈ থকা অংশ এটা দেখা যায়। ইয়াক সংকোচনশীল ৰিক্তিকা বোলে। এই ৰিক্তিকাটো এখন পাতল আৱৰণেৰে আবৃত। এমিবাৰ দেহত ইয়াৰ কোনো নিৰ্দিষ্ট স্থান নাই। এণ্ড'প্লাজমৰ যি কোনো অংশত ইয়াৰ সৃষ্টি হ'ব পাৰে। সংকোচনশীল ৰিক্তিকা সংকোচন আৰু প্ৰসাৰণ গুণবিশিষ্ট। সৃষ্টি হোৱাৰ পিছত বৰ্জিত পদাৰ্থ শোষণ কৰাৰ বাবে ইয়াৰ আকাৰ ক্ৰমে বৃদ্ধি হয় আৰু ই ক্ৰমে কোষপৃষ্ঠৰ পিনে গতি কৰে। কোষপৃষ্ঠৰ ওচৰত ই সংকুচিত হৈ ফাটি যায় আৰু ইয়াৰ ফলত তাত থকা জলীয় পদাৰ্থখিনি কোষ (জীৱবিজ্ঞান)ৰ বাহিৰত নিক্ষিপ্ত হয়। সংকোচনশীল ৰিক্তিকাই ৰেচন,আস্ৰাবন চাপৰ ভাৰসাম্য ৰক্ষা কৰা কাৰ্য (osmoregulation) আৰু শ্বাসকাৰ্য সমাধা কৰে।
  • খাদ্য গহ্বৰ (Food vacuole):আন্তঃপ্লাজমত একাধিক সৰু তথা ডাঙৰ আকৃতিৰ খাদ্যগহ্বৰ থাকে আৰু ইয়াত পানী নাইবা বিভিন্ন আকৃতিৰ খাদ্যবস্তু থাকে। খাদ্যগহ্বৰৰ ভিতৰত প্ৰাণীটোৰ পাচনক্ৰিয়া সম্পন্ন হয়। হজম নোহোৱা খাদ্যদ্ৰব্যবোৰ খাদ্যগহ্বৰে নিষ্কাশন কৰে।
  • পানী গহ্বৰ (Water vacuole):ইয়াৰ দেহত একাধিক পানী গহ্বৰ থাকে। ইহঁত স্বচ্ছ আৰু ইহঁতৰ আকাৰ নিৰ্দিষ্ট।১

ইহতে মানুহৰ জৰে প্রজনন নকৰে. ইহতে কোষৰ দ্বাৰা প্রজনন কৰে 8822052630

আলোকচিত্ৰৰ ভঁৰাল

খাই থকা অৱস্থাত]]

তথ্য সংগ্ৰহ

আাাাাাাাাাাাাাাাাা ৰেেেেেেেেেেে ভাাাাাইিিইিইই

তথ্যসূত্ৰ

  1. ↑ উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং: ২৮৩।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমিবা” প্ৰবন্ধৰ সংশোধন ৪০৬৬৭৩ (২০ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।