২০১৭ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ
৯ প্ৰবন্ধ
-
মাজ ৰাতি কেতেকী
মাজ ৰাতি কেতেকী (ইংৰাজী: Maj Rati Keteki) সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ২০১৭ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা আদিল হুছেইনে।
-
কোঁৱৰপুৰৰ কোঁৱৰ (চলচ্চিত্ৰ)
কোঁৱৰপুৰৰ কোঁৱৰ ২০১৭ বৰ্ষত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ৰোমান্টিক একশ্বনধৰ্মী এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই আৰু প্ৰযোজনা ৰ'জী ভূঞা আৰু নয়ন নীলিমৰ।
-
মিছন চাইনা (চলচ্চিত্ৰ)
মিছন চাইনা (Mission China) হ'ল ২০১৭ বৰ্ষৰ ৮ ছেপ্তেম্বৰত মুক্তি লাভ কৰা এখন এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া…
-
লোকেল কুং ফু ২
লোকেল কুং ফু ২ (Local Kung Fu 2) এখন এক্সনধৰ্মী হাস্যৰসাত্মক অসমীয়া ছবি। ছবিখনৰ পৰিচালক কেনী বসুমতাৰী। কেনী বসুমতাৰীয়ে দুৰ্লভ বৰুৱাৰ সৈতে যুগ্মভাবে প্ৰযোজনাও কৰিছে। এইখন ২০১৩ত মুক্তি পোৱা লোকেল কুং ফুৰ চিকুৱেল।
-
মৃগনাভি (চলচ্চিত্ৰ)
মৃগনাভি (ইংৰাজী: Mriganabhi) হ'ল ২০১৭ বৰ্ষৰ ৩ মাৰ্চত লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট পৰিচালক হেমেন দাসৰ দ্বাৰা পৰিচালিত আৰু বিষ্ণু ডেকাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত আধাৰিত।
-
সোণাৰ বৰণ পাখি (চলচ্চিত্ৰ)
সোণাৰ বৰণ পাখি হ’ল গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত আধাৰিত ২০১৬ চনত মুক্তি লাভ কৰা এখন অসমীয়া ছবি। ছবিখনৰ পৰিচালক হ’ল ববী শৰ্মা বৰুৱা।
-
এই মাটিতে (চলচ্চিত্ৰ)
এই মাটিতে (Aei Maatite) ডাইনী হত্যাৰ আধাৰত নিৰ্মিত, ২০১৭ চনৰ ৬ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা, কাহিনী, সংলাপ, গীত ৰচনা ড° সীতানাথ লহকৰৰ। তেখেতৰে এখন মঞ্চনাট ‘তমসা’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে।
-
বিউটিফুল লাইভ্জ (চলচ্চিত্ৰ)
বিউটিফুল লাইভছ হৈছে ২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। কংকন ডেকাৰ কাহিনী আৰু পৰিচালনাৰে এই ছবিখনে ২০০৮ চনৰ ৩০ অক্টোবৰত হোৱা বোমা বিষ্ফোৰণৰ ফলত এটা পৰিয়ালে সন্মুখীন হ'ব লগীয়া পৰিস্থিতিসমূহৰ কথা বৰ্ণনা কৰে।
-
২০১৭ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা