জম্মু আৰু কাশ্মীৰ
১২ প্ৰবন্ধ
-
জম্মু আৰু কাশ্মীৰ
জম্মু আৰু কাশ্মীৰ (Jammu and Kashmir) ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। হিমালয় পৰ্বমালাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ অধিকাংশ অৱস্থিত, ৰাজ্যখনৰ চাৰিসীমাত ভাৰতৰ আন দুখন ৰাজ্য হিমাচল প্ৰদেশ আৰু পঞ্জাব আছে, লাইন অৱ কণ্ট্ৰলে ৰাজ্যখনক পশ্ছিম দিশত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু উত্তৰ-পশ্ছিম দিশত পাকিস্তানৰ…
-
কাশ্মীৰী ভাষা
কাশ্মীৰী বা কশুৰ হৈছে ভাৰতীয়-আৰ্য ভাষাসমূহৰ দাৰ্দিক শাখাৰ এটা ভাষা, যি প্ৰায় ৭ নিযুত কাশ্মীৰী লোকৰ দ্বাৰা কাশ্মীৰ উপত্যকা আৰু ইয়াৰ চাৰিওফালৰ পাহাৰীয়া অঞ্চলসমূহত কথা কোৱা হয়, যাৰ সংখ্যা জম্মু আৰু কাশ্মীৰৰ জনসংখ্যাৰ অৰ্ধেকতকৈও অধিক।
-
অমৰনাথ মন্দিৰ
অমৰনাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বী সকলৰ এখন প্ৰধান তীৰ্থস্থান। হিন্দুসকলৰ চাৰিধামৰ ভিতৰত এইখনৰ গুৰুত্ব অসীম। জন্মু-কাশ্মীৰৰ সীমান্তৰ ওচৰত, শ্ৰীনগৰৰ পৰা প্ৰায় ১৪১ কিলোমিটাৰ দূৰৈত ৩,৮৮৮ মিটাৰ (১২,৭৫৬ ফুট) উচ্চতাত অৱস্থিত, বৰফেৰে আবৃত অমৰনাথ গুহাৰ ভিতৰত সম্পূৰ্ণ প্ৰাকৃতিক ধৰণে প্ৰতি বছৰে সৃষ্টি আৰু…
-
জম্মু আৰু কাশ্মীৰ (দেশীয় ৰাজ্য)
জম্মু আৰু কাশ্মীৰ অথবা কাশ্মীৰ আৰু জম্মু (Jammu and Kashmir) ১৮৪৬ চনৰ পৰা ১৮৫৮ চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে সহযোগী মিত্ৰতাত আবদ্ধ এখন দেশীয় ৰাজ্য আছিল। ১৮৫৮ চনৰ পৰা ১৯৪৭ চনৰ ভাৰত বিভাজনলৈকে আৰু এক বিবাদিত অঞ্চলত পৰিণত হোৱা লৈকে ব্ৰিটিছ মুকুটৰ সৰ্বোচ্চতা বা সংৰক্ষণৰ অধীনত আছিল।
-
কাশ্মীৰী চাদৰ
কাশ্মীৰ চাদৰ হৈছে ইয়াৰ স্বকীয় কাশ্মীৰী বয়ন আৰু মিহি শ্বাহতুছ বা পশমিনা উলৰ দ্বাৰা নিৰ্মিত এক প্ৰকাৰৰ চাদৰ। সমসাময়িক প্ৰকাৰভেদ সমূহৰ ভিন্নতাসমূহৰ ভিতৰত আছে পশমিনা আৰু শ্বাহতুছ চাদৰ (প্ৰায়ে একনামভাৱে কেৱল পশমিনা আৰু শ্বাহতুছ বুলি কোৱা হয়)।
-
কাশ্মীৰী ৱিকিপিডিয়া
কাশ্মীৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কাশ্মীৰী ভাষাৰ সংস্কৰণ। ২০০৪ চনত এই সংস্কৰণ মুকলি কৰা হৈছিল। ২০২১ চনৰ ২৯ নৱেম্বৰত ই ১০০০ প্ৰবন্ধৰ মাইলৰ খুঁটি অতিক্ৰম কৰে। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।
-
বৈষ্ণো দেৱী মন্দিৰ
বৈষ্ণো দেৱী মন্দিৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ ট্ৰিকোটা পৰ্বতত অৱস্থিত হিন্দুধৰ্মীসকলৰ এক অন্যতম পবিত্ৰ তীৰ্থস্থান। ‘মাতা ৰাণী’, ‘ট্ৰিকোটা’, ‘বৈষ্ণৱী’ আদি ভিন্ন নামেৰে পৰিচিত বৈষ্ণোদেৱী মন্দিৰ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পীঠ স্থান। লাখ লাখ ভক্তই প্ৰতি বছৰে এই তীৰ্থস্থান দৰ্শন কৰিবলৈ আহে।
-
ভাৰতৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ
ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদত (Article 370 of the Constitution of India) ভাৰতীয় উপমহাদেশৰ উত্তৰ অংশ আৰু কাশ্মীৰৰ বৃহত্তৰ অঞ্চলৰ অংশত অৱস্থিত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া হৈছিল যি ১৯৪৭ চনৰ পৰা ভাৰত, পাকিস্তান আৰু চীনৰ মাজত বিবাদৰ বিষয় হৈ আহিছে।
-
আৰু, জম্মু আৰু কাশ্মীৰ
আৰু (Aru, কাশ্মীৰী ভাষাত আদাব নামেৰে পৰিচিত) হৈছে বিবাদমান কাশ্মীৰ প্ৰান্তৰ অন্তৰ্গত ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন গাঁও তথা পৰ্যটনস্থলী। ই জিলা সদৰ অনন্তনাগ চহৰৰপৰা ৫৩ কিলোমিটাৰ দূৰত অৱস্থিত।
-
ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান, শ্ৰীনগৰ, কাশ্মীৰ
ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান, শ্ৰীনগৰ (Indira Gandhi Memorial Tulip Garden ), যাক পূৰ্বতে ম'ডেল ফ্ল'ৰিকালচাৰ চেণ্টাৰ বুলি কোৱা হৈছিল; ভাৰতৰ শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰত থকা এখন টিউলিপ ফুলৰ উদ্যান। ৭৪ একৰ মাটি জুৰি থকা এই উদ্যানখন সমগ্ৰ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ টিউলিপ উদ্যান।
-
কাশ্মিৰী হিন্দুৰ নিৰ্বাসন
কাশ্মীৰী হিন্দু বা কাশ্মিৰী পণ্ডিতৰ নিৰ্বাসন বা বৰ্হিগমন বা বিতাড়ন, (Exodus of Kashmiri Hindus) কাশ্মীৰৰ সংখ্যাগৰিষ্ঠ মুছলমানৰ ক্ৰমবৰ্দ্ধমান বিদ্ৰোহে সৃষ্টি কৰা হিংসাৰ পৰা পৰিত্ৰাণ পাবলৈ কাশ্মীৰ ত্যাগ কৰা এক ঘটনাপ্ৰৱাহ।
-
গুলমাৰ্গ
গুলমাৰ্গ (Gulmarg) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত থকা এটা পাহাৰীয়া অঞ্চল। ইয়াৰ মূল নাম আছিল গৌৰীমাৰ্গ (Gaurimarg)। ১৬শ শতাব্দীত ইউচুফ শ্বাহে ইয়াৰ নাম সলাই গুলমাৰ্গ কৰে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে এই অঞ্চলটোক ভূ-স্বৰ্গ বোলা হয়।