উদ্ভাৱক
১৪ প্ৰবন্ধ
-
সত্যব্ৰত নিৰালা
সত্যব্ৰত নিৰালা (জন্ম: ১০ অক্টোবৰ ১৯৮৮) অসমৰ ডিগবৈৰ এজন এজাইল ৰূপান্তৰ পৰামৰ্শদাতা, প্ৰশিক্ষক, উদ্ভাৱক আৰু গৱেষক। তেওঁ এজাইল শিক্ষা ঘোষণাপত্ৰৰ মুখ্য লেখক, HiMirrorly.comৰ সহ-প্ৰতিষ্ঠাপক আৰু উদ্ভাৱক, আৰু অসমীয়া বিশ্বকোষৰ প্ৰতিষ্ঠাতা।
-
থমাছ আলভা এডিচন
থমাছ আলভা এডিচন (ইংৰাজী: Thomas Alva Edison, জন্ম: ১১ ফ্ৰেব্ৰুৱাৰী, ১৮৪৭ - মৃত্যু: ১৮ অক্টোবৰ, ১৯৩১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী আছিল।
-
আলেকজেণ্ডাৰ গ্ৰাহাম বেল
আলেকজেণ্ডাৰ গ্ৰাহাম বেল (Alexander Graham Bell) হৈছে বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁ টেলিফোন আৱিষ্কাৰ কৰিছিল।
-
উদ্ধৱ ভৰালী
উদ্ধৱ ভৰালী (Uddhab Bharali) অসমৰ লখিমপুৰ জিলাৰ এজন বিজ্ঞানী, উদ্ভাৱক আৰু অভিযন্তা। ২০১২ চনৰ জুলাই মাহৰ ৫ তাৰিখে ভৰালী তেওঁৰ আৱিস্কৃত ডালিমৰ গুটি গুচোৱা যন্ত্ৰ (benchtop pomegranate de-seeder)-ৰ বাবে The Create the Future Design Contest-ৰ দ্বিতীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়।
-
লুইছ ব্ৰেইল
লুইছ ব্ৰেইল (Louis Braille;; জন্ম: ৪ জানুৱাৰী, ১৮০৯ - মৃত্যু: ৬ জানুৱাৰী, ১৮৫২ ) এগৰাকী ফৰাচী উদ্ভাৱক আৰু শিক্ষাবিদ আছিল। তেওঁৰ জন্ম হৈছিল ফ্ৰান্সৰ ক'পভ্ৰেত। তিনি বছৰ বয়সত তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল। পৰৱৰ্তী সময়ত তেওঁ অন্য অন্ধ লোকক পঢ়ুৱাবলৈ আৰম্ভ কৰিছিল।
-
জে’মচ্ ৱাট
জে’মচ্ ৱাট (JAMES WATT.) হৈছে এগৰাকী বৈজ্ঞানিক।
-
নিক'লা টেছলা
নিক'লা টেছলা (Nikola Tesla) (১০ জুলাই ১৮৫৬ – ৭ জানুৱাৰী ১৯৪৩) আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়।
-
এঞ্জেলো মৰিঅণ্ডো
এঞ্জেলো মৰিঅণ্ডো (Angelo Moriondo; টুৰিন, ৬ জুন ১৮৫১ – মাৰেণ্টিনো, ৩১ মে' ১৯১৪) আছিল এজন উদ্ভাৱক। সাধাৰণতে ১৮৮৪ চনত আটাইতকৈ প্ৰাচীন এস্প্ৰেছ' মেচিনটোৰ পেটেণ্টৰ বাবে এঞ্জেলো মৰিঅণ্ডোক কৃতিত্ব দিয়া হৈছিল। তেওঁৰ মেচিনত ভাপ আৰু উতলা পানীৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি কফি দক্ষতাৰে প্ৰস্তুত কৰা হৈছিল।
-
জোছেফ শ্বান
ছাৰ জোছেফ ৱিলছন শ্বান (Sir Joseph Wilson Swan, ৩১ অক্টোবৰ ১৮২৮-২৭ মে' ১৯১৪) আছিল এগৰাকী ইংৰাজ পদাৰ্থ বিজ্ঞানী, ৰসায়নবিদ আৰু উদ্ভাৱক। বিজুলী বাতিৰ এগৰাকী স্বতন্ত্ৰ আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ উদ্ভাৱক হিচাপে শ্বান পৰিচিত।
-
জৰ্জ ৱেষ্টিংহাউছ
জৰ্জ ৱেষ্টিংহাউছ কনিষ্ঠ (George Westinghouse Jr.) (৬ অক্টোবৰ, ১৮৪৬- ১২ মাৰ্চ, ১৯১৪) আছিল এগৰাকী আমেৰিকান উদ্যোগী আৰু অভিযন্তা; যাক বিদ্যুৎ শক্তি উদ্যোগৰ এগৰাকী অগ্ৰদূত বুলি অভিহিত কৰা হয়৷ তেওঁ ৰেলৱে বায়ু ব্ৰেকৰ সৃষ্টি কৰিছিল৷ মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ প্ৰথমটো পেটেণ্ট (Patent) লাভ কৰিছিল৷ ১৮৮০ৰ…
-
ৰণজিত সিংহ ডিচলে
ৰণজিত সিংহ ডিচলে (Ranjitsinh Disale) এগৰাকী ভাৰতীয় শিক্ষক তথা প্ৰযুক্তিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ মাঢা তালুকাৰ পৰিতেৱাড়ী জিলা পৰিষদ বিদ্যালয়ৰ প্ৰাথমিক শিক্ষক। কন্যা শিশুৰ শিক্ষাৰ প্ৰসাৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২০ বৰ্ষৰ গোলকীয় শিক্ষক বঁটা লাভ কৰে।
-
ৱাজিদ খান (শিল্পী)
ৱাজিদ খান (জন্ম: ১০ মাৰ্চ ১৯৮১) ভাৰতীয় শিল্পী, প্ৰতিকৃতি চিত্ৰকৰ, ভাস্কৰ্য-শিল্পী, উদ্ভাৱক আৰু স্বত্বাধিকাৰী। তেওঁ কেনভাছত গজালেৰে খোদিত কৰাত পাৰ্গত আছিল।
-
জি ডি নাইডু
গোপালস্বামী দোৰাইস্বামী নাইডু (Gopalaswamy Doraiswamy Naidu) (২৩ মাৰ্চ ১৮৯৩ – ৪ জানুৱাৰী ১৯৭৪) এগৰাকী ভাৰতীয় উদ্ভাৱক, আৱিষ্কাৰক, উদ্যোগপতি আৰু শিক্ষাবিদ আছিল। তেওঁ আমদানিকৃত প্ৰযুক্তিসমূহক ভাৰতৰ বাবে অধিক ব্যৱহাৰিক আৰু সুলভ কৰি তোলাৰ উদ্দেশ্যে সেইবোৰৰ পুনৰ-নক্সা আৰু ৰূপান্তৰ সাধন কৰিছিল।
-
হৰিচন্দ মেঘ দালায়া
হৰিচন্দ মেঘ দালায়া (Harichand Megha Dalaya) (২২ অক্টোবৰ ১৯২১ – ১৪ ছেপ্টেম্বৰ ২০০৪) বিশ্বৰ প্ৰথমটো ম'হৰ গাখীৰৰ বাবে স্প্ৰে-ড্ৰাইয়াৰৰ উদ্ভাৱক আছিল। তেওঁৰ এই উদ্ভাৱনে ভাৰতৰ দুগ্ধ পালন উদ্যোগত (অপাৰেচন ফ্লাড) বৈপ্লৱিক পৰিৱৰ্তন আনিছিল আৰু আমুল সমবায়ৰ অপৰিসীম সফলতাৰ ভেটি স্থাপন কৰিছিল।