বঙালী আৰু অসমীয়া ইউনিক'ড ব্লকত অসমীয়া, বঙালী, বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা, গাৰো, হাল্লাম, খাছী, মুণ্ডা, মিজো, নগা, ৰিয়ান, ডফলা আৰু চাঁওতালি ভাষাত বঙালী আৰু অসমীয়া লিপিৰ চিহ্ন ব্যৱহাৰ কৰা হৈছে। ইয়াৰে U+0981..U+09CDলৈ চিহ্নসমূহ ১৯৮৮ ISCII মানৰ বঙালী চিহ্ন A1-EDৰ প্ৰত্যক্ষ প্ৰতিলিপি, লগতে U+09F0 স্তম্ভৰ বহুকেইটা চিহ্ন হৈছে অসমীয়া ISCII চিহ্ন। একেধৰণে দেৱনাগৰী, গুৰুমুখী, গুজৰাটী, ওড়িয়া, তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ইউনিক'ড ব্লকবোৰো ISCII ইনক'ডিঙত গঠিত হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউনিক'ডত অসমীয়া–বঙালী লিপি” প্ৰবন্ধৰ সংশোধন ৫৬৫৫৯২ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।