অসমীয়া ভাষা
১১ প্ৰবন্ধ
-
অসমীয়া ভাষা
অসমীয়া ভাষা ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত এক প্ৰাচ্য ভাৰতীয়-আৰ্য ভাষা, আৰু অসমৰ ৰাজ্যিক ভাষা হিচাপে ই অঞ্চলটোৰ মুখ্য সংযোগী ভাষা। প্ৰাচীন কালৰ পৰা নিজা লিপি আৰু সাহিত্যিক পৰম্পৰাৰে পুষ্ট এই ভাষাই দীঘলীয়া বিৱৰ্তনৰ মাজেদি আহি ২০২৪ চনৰ ৩ অক্টোবৰ তাৰিখে ভাৰতৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰে।
-
অসমীয়া লিপিৰ বুৰঞ্জী
অসমীয়া ভাষা অসমীয়া লিপিত লিখা হয়। লিপিবিদসকলে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা সম্পৰ্কে দুইধৰণৰ মত পোষণ কৰে। সেই দুটা হ’ল- * প্ৰথম মত অনুসৰি: ব্ৰাহ্মী লিপি → গুপ্ত লিপি → কুটিল বা সূক্ষ্মকোণী বা সিদ্ধমাতৃকা লিপি → পুৰণি অসমীয়া লিপি হৈ বৰ্তমানৰ অসমীয়া লিপি (সৰ্বেশ্বৰ কটকী, ড॰ মহেশ্বৰ নেওগ, ড॰…
-
ইউনিক'ডত অসমীয়া–বঙালী লিপি
বঙালী আৰু অসমীয়া ইউনিক'ড ব্লকত অসমীয়া, বঙালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, গাৰো, হাল্লাম, খাছী, মুণ্ডা, মিজো, নগা, ৰিয়ান, ডফলা আৰু চাঁওতালি ভাষাত বঙালী আৰু অসমীয়া লিপিৰ চিহ্ন ব্যৱহাৰ কৰা হৈছে।
-
অসমীয়া অভিধান
অসমীয়া আৰু ইংৰাজী ডিজিটেল অভিধান (Assamese & English Digital Lexicon) হৈছে অসমীয়া আৰু ইংৰাজী ভাষাৰ এটা বৃহৎ কলেবৰৰ মুক্ত অনলাইন অভিধান আৰু ভাষিক তথ্যভঁৰাল।
-
অসমীয়া ব্যাকৰণৰ ণত্ববিধি আৰু ষত্ববিধি
ণত্ববিধি আৰু ষত্ববিধি অসমীয়া ভাষাৰ দুটা গুৰুত্বপূৰ্ণ বৰ্ণ পৰিৱৰ্তনৰ নিয়ম। এই নিয়মসমূহ মূলতঃ সংস্কৃত ভাষাৰ পৰা আহৰণ কৰা হৈছে আৰু অসমীয়া ভাষাত ব্যৱহৃত তৎসম শব্দসমূহৰ শুদ্ধ প্ৰয়োগৰ বাবে প্ৰয়োজনীয়। এই বিধিসমূহে ভাষাৰ উচ্চাৰণ আৰু বানানৰ মানদণ্ড নিৰ্ধাৰণ কৰাত সহায় কৰে।
-
অসমীয়া ব্যাকৰণৰ সন্ধি
সন্ধি হৈছে অসমীয়া ব্যাকৰণৰ এক গুৰুত্বপূৰ্ণ বিষয়। সংস্কৃত 'সন্ধি' শব্দৰ অৰ্থ হৈছে 'সংযোগ' বা 'মিলন'। অসমীয়া ভাষাত সন্ধি হৈছে দুটা বা ততোধিক বৰ্ণ বা ধ্বনিৰ নিকটবৰ্তী স্থানত মিলিত হোৱাৰ ফলত সৃষ্টি হোৱা ধ্বনিগত পৰিৱৰ্তনৰ নিয়ম।
-
অসমীয়া গালি-গালাজ
অসমীয়া গালি-গালাজ, শাও-শপনি লোকভাষাৰ এক অংগ। এইসমূহ সাধাৰণতে অসমৰ গাঁওসমূহত সহজ-সৰল মানুহৰ মাজত প্ৰথমে সৃষ্টি হৈছিল। এইসমূহ সমাজত মুকলিকৈ ব্যৱহাৰ কৰাটো অবাঞ্ছনীয় বুলি ধৰা হয়। লোকসকলে খং-ৰাগ, সুখ-দুখ ইত্যাদি আৱেগসমূহ প্ৰকাশৰ বাবে এনে শব্দৰ ব্যৱহাৰ কৰিছিল।
-
ফঁকৰা-যোজনা
ফঁকৰা-যোজনা হ'ল অসমীয়া লোকসাহিত্য আৰু মৌখিক ঐতিহ্যৰ এটি অমূল্য আৰু বিশিষ্ট সম্পদ। দৈনন্দিন জীৱনৰ অভিজ্ঞতা, নীতিশিক্ষা, সমাজ-দৰ্শন, ব্যংগ আৰু আধ্যাত্মিক তত্ত্বক চমুকৈ আৰু ছন্দোবদ্ধভাৱে প্ৰকাশ কৰা বিশেষ খণ্ডবাক্য বা পদসমূহকে সামূহিকভাৱে "ফঁকৰা-যোজনা" বোলা হয়।
-
অসমীয়া ভাষাৰ শব্দসম্ভাৰ
ভাষাৰ প্ৰকাশিকা শক্তি প্ৰধানকৈ শব্দসম্ভাৰৰ ওপৰত নিৰ্ভৰ কৰে। যি ভাষাৰ শব্দসম্ভাৰ চহকী সেই ভাষাৰ প্ৰকাশিকা শক্তিও বেছি। অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা বাবে ইয়াত প্ৰয়োগ হোৱা অধিকাংশ শব্দই সংস্কৃতমূলীয়।
-
অসমীয়া ভাষাৰ ৰোমানীকৰণ
অসমীয়া ভাষাৰ ৰোমানীকৰণ হৈছে অসমীয়া ভাষাক ৰোমান লিপিত উপস্থাপন কৰা। অসমীয়া ভাষাৰ বাবে বহুতো ধৰণৰ ৰোমানীকৰণ ব্যৱহাৰ কৰা হয়।
-
অসমীয়া সংখ্যা পদ্ধতি
অসমীয়া-বঙালী সংখ্যা পদ্ধতি হৈছে অসমীয়া, বঙালী, ছিলঠীয়া, মণিপুৰী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত ব্যৱহাৰ হোৱা সংখ্যা পদ্ধতি। অসমীয়া-বঙালী সংখ্যা পদ্ধতি অসমীয়া আৰু বঙালী ভাষাত বেছিকৈ ব্যৱহাৰ হয়, কিন্তু আন ভাষাত আৰৱী সংখ্যা পদ্ধতি বেছিকৈ ব্যৱহাৰ হয়।