আৱেশম হৈছে ২০২৪ চনৰ এখন ভাৰতীয় মালয়ালম ভাষাৰ ব্লেক কমেডী একচন চলচ্চিত্ৰ। ইয়াক ৰচনা আৰু পৰিচালনা কৰিছে জিথু মাধৱনে। ইয়াক ফাহাদ ফাচিল এণ্ড ফ্ৰেণ্ডছ আৰু আনোৱাৰ ৰছিদ এণ্টাৰটেইনমেণ্টছ প্ৰযোজনা বেনাৰৰ অধীনত ফাহাদ ফাচিল, নাজৰিয়া নাজিম আৰু আনোৱাৰ ৰছিদে প্ৰযোজনা কৰিছে। চলচ্চিত্ৰখনত ফাহাদ ফাচিল, হিপষ্টাৰ, মিথুন জয় শংকৰ, ৰোশন শানৱাজ, ছাজিন গোপু, মনচুৰ আলী খান আৰু মিধুট্টিয়ে অভিনয় কৰিছে। চলচ্চিত্ৰখনৰ কাহিনী অনুসৰি বেংগালুৰুৰ তিনিজন যুৱকে মহাবিদ্যালয়ৰ উৎপীড়কৰ ওপৰত প্ৰতিশোধ ল'বলৈ এজন স্থানীয় গেংষ্টাৰৰ সৈতে বন্ধুত্ব কৰে।
২০২৩ চনৰ মাৰ্চ মাহত প্ৰডাকচন নং ১ নামৰ অস্থায়ী শিৰোনামেৰে চলচ্চিত্ৰখনৰ আনুষ্ঠানিক ঘোষণা কৰা হৈছিল। কাৰণ এইখন ফাহাদ ফাচিল এণ্ড ফ্ৰেণ্ডছৰ প্ৰথম প্ৰকল্প আছিল। ইয়াৰ পিছৰ মে' মাহত আনুষ্ঠানিক শিৰোনামটো ঘোষণা কৰা হয়। একে মাহতে বাংগালোৰত মূল দৃশ্যগ্ৰহণ আৰম্ভ হয় আৰু ইয়াৰ বেছিভাগ দৃশ্যগ্ৰহণ তাতে কৰা হৈছিল। নৱেম্বৰ মাহৰ শেষৰফালে দৃশ্যগ্ৰহণ সমাপ্ত হয়। চলচ্চিত্ৰখনৰ সংগীত সুশিন শ্যামে ৰচনা কৰিছে। ইয়াৰ দৃশ্যগ্ৰহণ সমীৰ তাহিৰে আৰু সম্পাদনা বিবেক হৰ্ষণে কৰিছে।
আৱেশম ২০২৪ চনৰ ১১ এপ্ৰিলত ছবিঘৰত মুক্তি পায় আৰু সমালোচকৰপৰা ব্যাপক প্ৰশংসা লাভ কৰে। চলচ্চিত্ৰখন ব্যাৱসায়িকভাৱে সফল হয়। ই ₹ কোটি বাজেটৰ বিপৰীতে ₹ কোটিৰো অধিক উপাৰ্জন কৰে। বৰ্তমান ই সৰ্বাধিক উপাৰ্জনকাৰী মালয়ালম চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম আৰু ২০২৪ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী মালয়ালম চলচ্চিত্ৰ।
কাহিনীভাগ
আজু, বিবি আৰু শান্তনে ৰোনটিকেল ইঞ্জিনিয়াৰিংৰ ডিগ্ৰী পঢ়িবলৈ কেৰালাৰ পৰা বেংগালুৰুলৈ আহে। এখন ব্যক্তিগত হোষ্টেলৰ (বিকে হোষ্টেল) মালিকে তেওঁলোকৰ পিতৃ-মাতৃক তাত থাকিবলৈ সন্মত কৰায় আৰু সতৰ্ক কৰি দিয়ে যে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল বন্ধুত্বপূৰ্ণ নহয়।
সোনকালেই তেওঁলোকে কুট্টি নামৰ এজন মানসিকভাৱে অসুস্থ জ্যেষ্ঠ ছাত্ৰ আৰু তেওঁৰ গেঙৰদ্বাৰা উৎপীড়নৰ সন্মুখীন হয়। তেওঁলোকক অপহৰণ কৰি এটা গেৰেজলৈ নি অমানুষিকভাৱে প্ৰহাৰ আৰু অপমান কৰা হয়। বিবি আৰু আজুৱে ঘটনাটো পাহৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়। আজুৱে প্ৰতিশোধ ল'বলৈ বিচাৰে আৰু গেংষ্টাৰৰ সন্ধানত বন্ধুসকলক লগত লৈ কেইবাখনো বাৰলৈ যায়। শেষত তেওঁলোকে ৰঞ্জিত "ৰংগা" গংগাধৰণ নামৰ এজন শক্তিশালী আৰু অস্বাভাৱিক আচৰণৰ মালায়ালী-কন্নড় ভাষা গেংষ্টাৰৰ সৈতে বন্ধুত্ব গঢ়ি তোলে। লগতে তেওঁৰ শক্তিশালী আৰু হাস্যৰসিক সহচৰ আম্বানৰ সৈতেও তেওঁলোকৰ বন্ধুত্ব হয়।
তেওঁলোকে ৰংগাৰ সৈতে ঘনিষ্ঠ হয়। ৰংগা আচলতে এজন ভাল মনৰ মানুহ আৰু তেওঁ ল'ৰাকেইজনক আৰু নিজৰ অনুগামীসকলক সুৰক্ষা প্ৰদান কৰে। অৱশ্যে, তেওঁ নিজৰ প্ৰয়াত মাতৃক দিয়া প্ৰতিশ্ৰুতিৰ বাবে নিজে কোনো হিংসাত্মক কাৰ্যত অংশগ্ৰহণ নকৰে। ৰংগাই তেওঁলোকক পঢ়া-শুনাত মনোযোগ দিবলৈ কয়। কিন্তু ল'ৰাকেইজনে ৰংগাৰ সৈতে সম্পৰ্ক দৃঢ় কৰাৰ সুযোগ হিচাপে তেওঁৰ লগত কাজিয়াবোৰলৈ যাবলৈ জেদ ধৰে। আম্বানেও ল'ৰাকেইজনক ৰংগাৰ অতীতৰ কাহিনী শুনায়। সেইবোৰত ৰংগাই কেনেকৈ হিংসাত্মক কাৰ্যত লিপ্ত আছিল আৰু নিজৰ ভায়েকক হত্যা কৰি ঘৰৰ পাকঘৰত পুতি থৈছিল, সেই কথা বৰ্ণনা কৰে। আনকি ভায়েকৰ তেজেৰে বেৰত ৰং কৰাৰ কথাও কয়। যেতিয়া বিবিযে কুট্টিৰ লগত হোৱা ঘটনাটোৰ বিষয়ে ৰংগাক জনায়, তেতিয়া ৰংগা আৰু তেওঁৰ গেঙে মহাবিদ্যালয়ৰ হোলীৰ উৎসৱৰ মাজতে কুট্টি আৰু তেওঁৰ গেঙক সকলোৰে আগত বেয়াকৈ প্ৰহাৰ কৰে।
এদিন-ৰাতি ৰংগাৰ লগত ফুৰিবলৈ যোৱাৰ পাছত বিবিযে নিজৰ ফোনটো ৰংগাৰ গাড়ীত ৰি থৈ আহে। সাধাৰণতে তেওঁলোকে বাৰলৈ বা কাজিয়া হোৱা ঠাইলৈ গৈছিল। পাছদিনা পুৱা বিবিৰ মাকে ফোন কৰে। ৰংগাই ফোনটো ধৰে। বিবিৰ মাকে ৰংগাক জনায় যে বিবিযে ৰংগাক নিজৰ ককায়েকৰ দৰে জ্ঞান কৰে বুলি কৈছিল। এই কথাই ল'ৰাকেইজনৰ প্ৰতি ৰংগাৰ মৰম আৰু বৃদ্ধি কৰে। ৰংগাই তেওঁলোকক নিজৰ অস্ত্ৰ-শস্ত্ৰ, বন্দুক দেখুৱায় আৰু বিভিন্ন কাজিয়ালৈ লৈ যায়। তেওঁ বিশ্বাস কৰিছিল যে এনে কৰিলে তেওঁলোক সুখী হ'ব। পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা আৰু ৰংগাৰ সৈতে থকা সম্পৰ্কৰ বাবে তিনিওজনে মহাবিদ্যালয়ৰপৰা বহিস্কৃত হোৱাৰ উপক্ৰম হয়। কিন্তু ভৱিষ্যতৰ সকলো পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু গুণ্ডা বন্ধুবৰ্গক মহাবিদ্যালয়ৰপৰা আঁতৰাই ৰখাৰ চৰ্তত তেওঁলোকক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়া হয়।
ৰংগাৰ সৈতে থকা সম্পৰ্কই তেওঁলোকৰ পঢ়া-শুনাত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। ৰংগাই তেওঁলোকক নিজৰ কাজিয়া আৰু পাৰ্টিৰ জীৱন-শৈলীত জড়িত কৰি ৰাখে। এদিন-ৰাতি তিনিওজনে উপলব্ধি কৰে যে ৰংগাই তেওঁলোকক থাকিবলৈ দিয়া ঘৰটোৰ পাকঘৰত এটা মৃতদেহ পোত খাই আছে। সেয়া আছিল ৰংগাৰ নিজৰ ভায়েকৰ মৃতদেহ, যাক ৰংগাই নিজেই হত্যা কৰিছিল। এই কথা আম্বানে তেওঁৰ কাহিনীত গৌৰৱেৰে কৈছিল। এই কথা আৱিষ্কাৰ কৰাৰ পাছত তেওঁলোকে সেই ঘৰটোত থাকিবলৈ ভয় কৰে আৰু ঘৰটোৰপৰা আঁতৰি থাকিবলৈ সকলোপ্ৰকাৰৰ চেষ্টা চলায়। তেওঁলোকৰ চিন্তা তেতিয়া আৰু বাঢ়ি যায় যেতিয়া তেওঁলোকে পুৰণি হোষ্টেললৈ যায়। ৱাৰ্ডেনে তেওঁলোকক ঋণ লোৱা লোকসকলক ভাবুকি দি ধন আদায় কৰিবলৈ তেওঁৰ লগত যাবলৈ অনুৰোধ কৰে। ইয়াৰ অৰ্থ আছিল যে ৰংগাৰ সৈতে থকাৰ বাবে ল'ৰাকেইজন গুণ্ডাত পৰিণত হৈছে বুলি মানুহে ভাবিছিল। ইয়াৰ পিছতে তেওঁলোকক ৰেড্ডীয়ে অপহৰণ কৰে। ৰেড্ডী আছিল ৰংগাৰ প্ৰাক্তন বছ। ৰেড্ডীয়ে ৰংগাক তেওঁৰ পৰিচয় চুৰি কৰাৰ অভিযোগ কৰে আৰু ৰংগাক হত্যা কৰিবলৈ তেওঁলোকৰ সহায় বিচাৰে। ৰেড্ডীয়ে তেওঁলোকক এখন ভিজিটিং কাৰ্ড দিয়ে আৰু ৰংগা অকলে থকাৰ সময়ত ফোন কৰিবলৈ কয়। তেওঁলোক অতিশয় হতাশ হৈ পৰে আৰু ৰংগাৰ দৰে গুণ্ডা হোৱাৰপৰা বাচিবলৈ তেওঁৰ লগত সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে ৰংগাৰপৰা আঁতৰি থাকি সকলো পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ পঢ়া-শুনা কৰাৰ পৰিকল্পনাৰ বিষয়ে ৰংগাক জনাবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকে ৰংগাক তেওঁৰ গেং ৰিব বিচৰা দুজন 'হিন্দী' সদস্যক হত্যাৰ ভাবুকি দিয়া দেখি ভয় খায়। ভয়তে আৰু ঘৰটোত থাকিব নোৱাৰি, তিনিওজনে ফোন চুইচ অফ কৰে আৰু তুমকুৰৰ এখন বেলেগ হোষ্টেললৈ গুচি যায়। তাত তেওঁলোকে শান্তিত পঢ়া-শুনা কৰিবলৈ সক্ষম হয়।
ইফালে, ল'ৰাকেইজনক কোনোবাই অপহৰণ বা আঘাত কৰা বুলি ৰংগাই ভয় খায় আৰু ব্যাকুলভাৱে তেওঁলোকক বিচাৰিবলৈ ধৰে। তেওঁলোকক বিচাৰি উলিয়াবলৈ ৰংগাই কৰা অপ্ৰাণ চেষ্টা দেখি বিবিযে অৱশেষত সকলো কথা স্বীকাৰ কৰাৰ সিদ্ধান্ত লয়। বিবিযে ৰংগাক জনায় যে তেওঁলোকে কেৱল কুট্টি আৰু তেওঁৰ গেঙক আঁতৰাই ৰাখিবলৈহে তেওঁৰ লগত বন্ধুত্ব কৰিছিল। লগতে সেই সাক্ষাৎকাৰৰ পিছত তেওঁলোকৰ জীৱনত কেনেকৈ নেতিবাচক প্ৰভাৱ পৰিছিল, সেই কথাও কয়। বুকু ভগা অৱস্থাত ৰংগাই নিজৰ গেঙক ঘৰলৈ মাতি পঠায়। ভয়ভীত তিনিওজনে নিজৰ প্ৰাণৰ মমতাত ৰংগাক তেওঁলোকৰ জীৱনৰপৰা আঁতৰাবলৈ ৰেড্ডী আৰু তেওঁৰ গেঙক মাতি আনে।
ৰংগাৰ গেং অহাৰ আগতেই ৰেড্ডী আৰু তেওঁৰ গুণ্ডাসকল উপস্থিত হয়। ৰংগাই বুজি পায় যে ল'ৰাকেইজনে তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিছে। তেওঁলোকৰ প্ৰতাৰণাত ব্যথিত হৈ ৰংগাই মাতৃক দিয়া অহিংসাৰ প্ৰতিশ্ৰুতি ভংগ কৰে। তেওঁ ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু ৰেড্ডীৰ সকলো গুণ্ডাৰ লগতে ৰেড্ডীকো হত্যা কৰে। তেঁওৰ পিছত তেওঁ ল'ৰাকেইজনক হত্যাৰ ভাবুকি দি ঘৰটোৰ ইমূৰৰপৰা সিমূৰলৈ খেদি ফুৰে। সেই সময়লৈকে ৰংগাৰ গুণ্ডাসকলো ঘৰত উপস্থিত হয়। তেওঁলোকো ল'ৰাকেইজনক হত্যা কৰিবলৈ সাজু আছিল। কিন্তু ৰংগাই ঘৰটো ভিতৰৰপৰা তলা মাৰি দিয়ে। তেওঁ কান্দিবলৈ আৰম্ভ কৰে। তেওঁ কয় যে তেওঁ ল'ৰাকেইজনক নিজৰ লগত ৰাখিছিল কাৰণ তেওঁৰ জীৱনত কোনেও তেওঁৰ ইমান ওচৰ চাপি অহা নাছিল। মানুহ কেৱল ধন বা বিনামূলীয়া মদৰ প্ৰয়োজন হ'লেহে তেওঁৰ ওচৰলৈ আহিছিল। নিজৰ ভুল বুজি পাই ল'ৰাকেইজনে ৰংগাৰ ওচৰত ক্ষমা বিচাৰে। ৰংগাই অসন্তুষ্টিৰে তেওঁলোকক ৰি দিয়ে। তেওঁ জনাই দিয়ে যে তেওঁ আৰু তেওঁৰ গেঙে তেওঁলোকৰ লগত সম্পৰ্ক শেষ কৰিছে আৰু লগতে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ ভাবুকি দিয়ে।
আজু আৰু বিবিযে এখন কাকতত উত্তীৰ্ণ হ'ব নোৱাৰে। আনহাতে শান্তনে সকলো কাকতত উত্তীৰ্ণ হয়। মহাবিদ্যালয়ৰ বাহিৰত তেওঁলোকে ৰংগা (ৰংগাই এতিয়া নিজৰ নতুন পৰিচয় দেখুৱাবলৈ সম্পূৰ্ণ ক'লা পোছাক পিন্ধিছিল) আৰু তেওঁৰ গেঙৰ সন্মুখীন হয়। ৰংগাই আজু আৰু বিবি পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে হাস্যৰসিকভাৱে তেওঁলোকক শাস্তি দিয়ে। তেওঁলোকে লাঠী লৈ আজু আৰু বিবিৰ পিছলৈ দৌৰে।
অভিনয় শিল্পী
- ফাহাদ ফাচিল - ৰঞ্জিত গংগাধৰণ ওৰফে "ৰংগা", বেংগালুৰুৰ এজন মালায়ালী-কন্নড় ভাষা গেংষ্টাৰ হিচাপে
- ছাজিন গোপু - আম্বান, ৰংগাৰ দ্বিতীয় প্ৰধান হিচাপে
- হিপষ্টাৰ - আজাস "আজু" ভাসি হিচাপে
- মিথুন জয় শংকৰ - বিবিন "বিবি" প্ৰকাশ হিচাপে
- ৰোশন শানৱাজ - শান্তকুমাৰণ "শান্তন" হিচাপে
- মিধুট্টি - কুট্টি হিচাপে
- নীৰজা ৰাজেন্দ্ৰণ - বিবিৰ মাতৃ হিচাপে
- তংকম মোহন - ৰংগাৰ মাতৃ হিচাপে
- পূজা মোহনৰাজ - বিউটি হিচাপে
- প্ৰীতি ভৰদ্বাজ - চুইটি হিচাপে
- প্ৰমোদ ভেলিয়ানাড - ৰংগাৰ সম্পৰ্কীয় ভায়েক হিচাপে
- আশিস বিদ্যাৰ্থী - ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ কাৰ্যবাহী সঞ্চালক হিচাপে
- মনচুৰ আলী খান - ৰেড্ডী, এজন প্ৰভাৱশালী তেলেগু গেংষ্টাৰ আৰু ৰংগাৰ প্ৰাক্তন বছ হিচাপে
- শ্ৰীজিৎ বাবু - বালা কৃষ্ণন "বিকে" হিচাপে
- কৃষ্ণ কুমাৰ - নানজাপ্পা, ৰংগাৰ সহায়ক হিচাপে
- ফ্ৰীষ্টাইল কৃষ্ণ - ব্ৰুচ লী, ৰংগাৰ সহায়ক হিচাপে
- হিমাংশু - জেকি, ৰংগাৰ সহায়ক হিচাপে
প্ৰযোজনা
বিকাশ
২০২৩ চনৰ মাৰ্চ মাহত জিথু মাধৱনে তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰৰ কথা ঘোষণা কৰে। ইয়াত ফাহাদ ফাচিলে অভিনয় কৰিছিল। ফাহাদে তেওঁৰ প্ৰযোজনা প্ৰতিষ্ঠান ফাহাদ ফাচিল এণ্ড ফ্ৰেণ্ডছ আৰু আনোৱাৰ ৰছিদ এণ্টাৰটেইনমেণ্টছৰ জৰিয়তে চলচ্চিত্ৰখনৰ সহ-প্ৰযোজনাও কৰিছিল।১২ ২০২৩ চনৰ মে' মাহত চলচ্চিত্ৰখনৰ শিৰোনাম আৱেশম বুলি ঘোষণা কৰা হয়। মাধৱনে ২০২২ চনৰ ডিচেম্বৰ মাহৰ আৰম্ভণিতে চিত্ৰনাট্য লিখিছিল আৰু ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰিছিল। সেই সময়ছোৱাত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ৰোমাঞ্চম (২০২২) ২০২২ চনৰ অক্টোবৰৰপৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছিল।৩ অৱশ্যে প্ৰথমে খবৰ ওলাইছিল যে এই চলচ্চিত্ৰখন ৰোমাঞ্চমৰ এটা স্পিন-অফ। পিছলৈ মাধৱনে স্পষ্ট কৰি দিয়ে যে আৱেশম এখন সুকীয়া চলচ্চিত্ৰ আৰু ইয়াৰ লগত ৰোমাঞ্চমৰ কোনো সম্পৰ্ক নাই।৩ কাৰিকৰী দলটোত সংগীত পৰিচালক হিচাপে সুশিন শ্যাম, চিনেমাট'গ্ৰাফাৰ হিচাপে সমীৰ তাহিৰ, সম্পাদক হিচাপে বিবেক হৰ্ষণ আৰু প্ৰডাকচন ডিজাইনাৰ হিচাপে অশ্বিনী কালে আছিল।২
অভিনয় শিল্পী
ফাহাদে বাংগালোৰৰ এজন গেংষ্টাৰ ৰংগাৰ চৰিত্ৰত অভিনয় কৰিছে।৪ ২০২৩ চনৰ মে' মাহত চলচ্চিত্ৰখনৰ নিৰ্মাণৰ সময়ত ফাদ হোৱা এখন ছবিত তেওঁক ডাঠ আৰু কেঁকোৰা গোঁফৰ সৈতে সম্পূৰ্ণ বগা পোছাকত দেখা গৈছিল।৫ ফাহাদে জনাইছিল যে তেওঁ আগতে এনে চৰিত্ৰত অভিনয় কৰা নাছিল। সেইবাবেই তেওঁ কাহিনীটোত সন্মতি দিছিল। তেওঁ লগতে কয়, "জিথুৱে [মাধৱন] মোক ৰংগা কেনেকুৱা হ'ব সেই সম্পৰ্কে এটা অতি স্পষ্ট ধাৰণা দিছিল। অৱশ্যে আমি চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ পাছতহে ৰূপ আৰু পোছাক চূড়ান্ত কৰিছিলোঁ।" ৬ তেওঁৰ আগৰ চলচ্চিত্ৰসমূহৰ তুলনাত ফাহাদৰ চৰিত্ৰটো এই চলচ্চিত্ৰখনত যথেষ্ট উচ্চস্বৰৰ আছিল। তেওঁ চহৰৰ গেংষ্টাৰসকলৰ দৰে মালয়ালম আৰু কন্নড় ভাষা ভাষাৰ মিশ্ৰণত কথা পাতিছিল।৬ আগতে ৰোমাঞ্চমত অভিনয় কৰা ছাজিন গোপুক চলচ্চিত্ৰখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ দিয়া হৈছিল। লগতে মনচুৰ আলী খান আৰু আশিস বিদ্যাৰ্থীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।৭ প্ৰণৱ ৰাজ - হিপষ্টাৰ, মিথুন জয় শংকৰ, ৰোশন শানৱাজ আৰু মিধুট্টিকে ধৰি কেইবাজনো নৱাগতেও চলচ্চিত্ৰখনত অভিনয় কৰিছিল।৭
দৃশ্যগ্ৰহণ
ঘোষণা কৰা দিনটোতেই বাংগালোৰত মূল দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল।২ চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ বাংগালোৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বহুলভাৱে কৰা হৈছিল। ২০২৩ চনৰ নৱেম্বৰ মাহত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়।৮
সাজ-সজ্জা
মাচাৰ হামছাই চলচ্চিত্ৰখনৰ সাজ-সজ্জা ডিজাইনাৰ হিচাপে কাম কৰিছিল। সমগ্ৰ চলচ্চিত্ৰখনতে ফাহাদৰ চৰিত্ৰ ৰংগাই সোণৰ চেইনৰ সৈতে সম্পূৰ্ণ বগা পোছাক পৰিধান কৰিছিল। কেৱল ক্লাইমেক্সৰ দৃশ্যসমূহত ফাহাদে সম্পূৰ্ণ ক'লা পোছাক পৰিধান কৰিছিল।৯ ৰংগাৰ কম বয়সৰ চৰিত্ৰটোৱে চুলি চুটি কৰি কাটিছিল আৰু এটা উইণ্ডব্ৰেকাৰ পিন্ধিছিল। ইয়াৰ ৰূপটো ফৰাচী সংগীত যুঁটি দ্য ব্লেজৰ ছিংগল "টেৰিটৰী" (২০১৭)ৰ মিউজিক ভিডিঅ'টোত থকা ডালি বেনছালাহৰ ৰূপৰ লগতে ব্ৰিটিছ বক্সাৰ নাছিম হামেদৰ সৈতে মিলি যায়।১০
সংগীত
মূল প্ৰবন্ধ: আৱেশম (সংগীত)
চলচ্চিত্ৰখনৰ সংগীত সুশিন শ্যামে ৰচনা কৰিছিল আৰু গীতৰ কথা বিনায়ক শশীকুমাৰে লিখিছিল। ইয়াত স্বতন্ত্ৰ শিল্পীসকলৰদ্বাৰা পৰিৱেশন কৰা নটা গীত আছিল।১১ চাৰিটা ছিংগল: "জাডা", "গালাট্টা", "ইলুমিনাটি" আৰু "মাথাপিতাক্কলে" মুক্তি পোৱাৰ পিছত ২০২৪ চনৰ ১৯ এপ্ৰিলত থিংক মিউজিকে চাউণ্ডট্ৰেকটো মুকলি কৰে।১২
মুক্তি
ছবিঘৰ
আৱেশম ২০২৪ চনৰ ১১ এপ্ৰিলত ঈদ-উল-ফিতৰ আৰু বিহু সপ্তাহান্তত ছবিঘৰত মুক্তি পায়।১৩১৪ ইয়াৰ পূৰ্বে ওনাম (২৫ আগষ্ট ২০২৩) আৰু খ্ৰীষ্টমাছ সপ্তাহান্তত (২২ ডিচেম্বৰ ২০২৩) ছবিঘৰত মুক্তি দিয়াৰ কথা আছিল।১৫ কিন্তু ২০২৩ চনৰ জুলাই মাহত ফাহাদে ঘোষণা কৰে যে ২০২৪ চনৰ প্ৰথম ত্ৰৈমাসিকত চলচ্চিত্ৰখন মুক্তি দিয়া হ'ব।১৬ ইয়াৰ বৰ্তমানৰ মুক্তিৰ তেঁওৰিখ ডিচেম্বৰ মাহত ঘোষণা কৰা হৈছিল।১৩ সমগ্ৰ ভাৰততে চলচ্চিত্ৰখন এ এণ্ড এ ৰিলিজে বিতৰণ কৰে। আনহাতে ফাৰ্ছ ফিল্মছে বহিঃৰাষ্ট্ৰৰ ছবিঘৰৰ অধিকাৰ লাভ কৰে।১৩
কেইবাখনো প্ৰকাশন আৰু উদ্যোগৰ সূত্ৰই আৱেশমক "২০২৪ চনৰ আটাইতকৈ প্ৰত্যাশিত মালয়ালম চলচ্চিত্ৰ"সমূহৰ ভিতৰত এখন হিচাপে তালিকাভুক্ত কৰিছিল। একে সপ্তাহান্তত মুক্তি পোৱা বৰ্ষাংগল্ক্কু শেশম আৰু জয় গণেশৰ তুলনাত চলচ্চিত্ৰখনে মুক্তিৰ তিনিদিন পূৰ্বে মুকলি হোৱা টিকটৰ প্ৰি-চেলৰপৰা উপাৰ্জন কৰিছিল।১৭ ৫৬৭টা ট্ৰেক কৰা দৰ্শনীৰপৰা কেৰালাৰ ছবিঘৰসমূহত ৫০,০০০তকৈ অধিক লোকৰ প্ৰৱেশ পঞ্জীয়ন কৰা হৈছিল।১৮ পিভিআৰ আইনক্স মেনেজমেণ্টৰ কৰ্তৃপক্ষ আৰু কেৰালাৰ চলচ্চিত্ৰ কৰ্মচাৰী ফেডাৰেচনৰ মাজত ভাৰ্চুৱেল প্ৰিণ্ট ফীক লৈ বিবাদৰ সূত্ৰপাত হৈছিল। লগতে ফেডাৰেচনে পিভিআৰ আইনক্স ছবিঘৰসমূহৰ মূল কণ্টেণ্ট প্ৰদানকাৰী কিউব চিনেমা টেকন'লজিছৰ জৰিয়তে নিজৰ নতুনকৈ স্থাপিত কণ্টেণ্ট প্ৰদান সেৱাৰ মাধ্যমেৰে চলচ্চিত্ৰ বিতৰণৰ পৰিকল্পনা কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সমগ্ৰ ভাৰতৰ পিভিআৰ আইনক্স মাল্টিপ্লেক্স চেইনসমূহত আৱেশমৰ লগতে আন কেইবাখনো মালয়ালম চলচ্চিত্ৰ মুক্তি দিয়া হোৱা নাছিল।১৯২০ অৱশ্যে ১৩ এপ্ৰিলত এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় আৰু তেঁওৰ পাছদিনা মাল্টিপ্লেক্স চেইনসমূহত চলচ্চিত্ৰখন মুক্তি দিয়া হয়।২১
চলচ্চিত্ৰখনে মুক্তিৰ পূৰ্বে চেণ্ট্ৰেল ব'ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনৰ (CBFC) পৰা ইউ/এ চাৰ্টিফিকেট লাভ কৰিছিল। ইয়াৰ চূড়ান্ত সম্পাদনাৰ দৈৰ্ঘ্য আছিল ১৫৭ মিনিট।২২ চেন্সৰ ব'ৰ্ডৰ পৰামৰ্শ অনুসৰি কুৱেইটত ছবিঘৰত প্ৰদৰ্শনৰ পূৰ্বে চলচ্চিত্ৰখনৰ দ্বিতীয় অংশৰ এটা দৃশ্য আঁতৰোৱা হৈছিল।২৩
হোম মিডিয়া
ছবিঘৰত মুক্তিৰ পিছত ডিজিটেল ষ্ট্ৰীমিং অধিকাৰসমূহ এমাজন প্ৰাইম ভিডিঅ'ই লাভ কৰিছিল আৰু ২০২৪ চনৰ ৯ মে'ত প্ৰিমিয়াৰ কৰা হৈছিল।২৪২৫ ২০২৪ চনৰ ২০ জুনত চলচ্চিত্ৰখনৰ হিন্দী সংস্কৰণ ডিজনি+ হটষ্টাৰত মুক্তি দিয়া হৈছিল।২৬
বজাৰীকৰণ
২০২৪ চনৰ ২৬ মাৰ্চত ইউনিয়ন খ্ৰীষ্টান মহাবিদ্যালয়, আল্লুভাত এটা প্ৰচাৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল। ইয়াত ফাহাদ, মাধৱন আৰু শ্যামৰ লগতে মুখ্য অভিনয় শিল্পীসকল উপস্থিত আছিল।২৭২৮
সঁহাৰি
আৱেশম চলচ্চিত্ৰখনে সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰিছিল।২৯৩০
সমালোচকৰ সঁহাৰি
পিংকভিলাৰ গৌতম এছ-এ ৫ ৰ ভিতৰত ৪ ষ্টাৰ দি লিখিছিল যে "আৱেশম আদৰ্শগতভাৱে এনে এখন চলচ্চিত্ৰ যিখন আপুনি ছবিঘৰত উপভোগ কৰিব পাৰিব যদিহে আপুনি এখন বন্য যাত্ৰাৰ কমেডী চলচ্চিত্ৰ ভাল পায়। ফাহাদ ফাসিলে নিশ্চিতভাৱে এক বৃহৎ অভিনেতাৰ দলৰ সৈতে আপোনাক মনোৰঞ্জন দিবলৈ সাজু হৈছে।" ৩১ দি ইণ্ডিয়ান এক্সপ্ৰেছৰ আনন্দু সুৰেশে ৫ ৰ ভিতৰত ৩.৫ ষ্টাৰ দি লিখিছিল যে "জিথু মাধৱনৰ গেংষ্টাৰ কমেডীখন সম্ভৱতঃ ফাহাদ ফাচিলৰ প্ৰথম সৰ্বাংগীণ মচলা চলচ্চিত্ৰ আৰু অভিনেতাজনে নিৰ্লজ্জ্জভাৱে ইয়াক তেওঁৰ বিৰুদ্ধে থকা সকলো সমালোচনা স্তব্ধ কৰিবলৈ ব্যৱহাৰ কৰিছে যে তেওঁ মাছ চৰিত্ৰ পৰিচালনা কৰিব নোৱাৰে।" ৩২
দ্য টাইমছ অৱ ইণ্ডিয়াৰ আন্না মেথিউছে ৫ ৰ ভিতৰত ৩.৫ ষ্টাৰ দি লিখিছিল যে "সুন্দৰ পাৰ্শ্ব চৰিত্ৰ ৰচনা কৰাৰ উপৰি, জিথু মাধৱনে তেওঁৰ সংলাপসমূহৰ কমিক টাইমিং সুন্দৰভাৱে গঢ়ি তুলিছে।" ৩৩ ইণ্ডিয়া টুডেৰ জননী কে. ৫ ৰ ভিতৰত ৩.৫ ষ্টাৰ দি লিখিছিল যে "সুন্দৰভাৱে কোৰিঅ'গ্ৰাফ কৰা একচন ছিকুৱেন্স আৰু কমেডী ছিকুৱেন্সৰ সৈতে আৱেশম সঁচাকৈয়ে এক উপভোগ্য ছবি। যদি আপুনি ফাহাদ ফাচিলৰ অনুৰাগী, তেন্তে আৱেশম-এ প্ৰমাণ কৰিব যে আপুনি প্ৰথমে কিয় তেওঁৰ অনুৰাগী হৈছিল।" ৩৪ দ্য উইকৰ নিৰ্মল জোভিয়ালে ৫ ৰ ভিতৰত ৩.৫ ষ্টাৰ দি লিখিছিল যে "চলচ্চিত্ৰখনে আৰম্ভণিৰপৰা শেষলৈকে এক উৎসৱমুখৰ পৰিৱেশ বজাই ৰাখে আৰু প্ৰধানকৈ যুৱ দৰ্শকক আকৰ্ষণ কৰে।" ৩৫
ৰেডিফৰ অৰ্জুন মেননে ৫ ৰ ভিতৰত ৩ ষ্টাৰ ৰেটিং দি প্ৰশংসা কৰিছিল যে "আৱেশম ইয়াৰ কাহিনী কোৱাত মসৃণ আৰু ইয়াৰ একমাত্ৰ এণ্টি-হিৰোৰ বাবে ই এক শীতল প্ৰভাৱ ৰি যায়।" ৩৬ অ'নমনোৰমাৰ স্বাতী পি অজিতে ইয়াক "যদি আপুনি সমানে হাঁহি আৰু মনোৰঞ্জন বিচাৰিছে তেন্তে নিখুঁত পছন্দ" বুলি আখ্যা দিছিল।৩৭ দ্য হিন্দুৰ এছ. আৰ. প্ৰবীণে লিখিছিল যে "ৰোমাঞ্চমৰ পৰিচালক জিথু মাধৱনে তেওঁৰ দ্বিতীয় প্ৰচেষ্টাত ঘূৰি আহে, যাক ফাহাদ ফাচিলে তেওঁৰ অন্যতম ৰঙীন চৰিত্ৰত এক উন্মাদ অভিনয়েৰে জীয়াই ৰাখিছে।" ৩৮
বক্স অফিচ
মুক্তিৰ প্ৰথমদিনাই চলচ্চিত্ৰখনে কেৰালাত ৩.৯ কোটি টকা উপাৰ্জন কৰে। সমসাময়িক মুক্তিপ্ৰাপ্ত বৰ্ষাংগল্ক্কু শেশম আৰু জয় গণেশৰ মাজত ই প্ৰথম স্থান লাভ কৰে।৩৯ চলচ্চিত্ৰখনৰ ইতিবাচক সঁহাৰিয়ে ইয়াৰ টিকট বিক্ৰী আৰু বৃদ্ধি কৰে।২৪ ইয়াৰ ফলত ই ভাৰতত সৰ্বমুঠ ১৮.৭৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। মুক্তিৰ ৪ দিনৰ ভিতৰত সমগ্ৰ বিশ্বতে সৰ্বমুঠ ৪০.৫০ কোটি টকা উপাৰ্জন কৰে।৪০ ১৯ এপ্ৰিল ২০২৪ লৈকে চলচ্চিত্ৰখনে সমগ্ৰ বিশ্বতে ৬৫ কোটি টকা উপাৰ্জন কৰিছে।৪১
২৪ এপ্ৰিল ২০২৪ লৈকে চলচ্চিত্ৰখনে ভাৰতীয় বক্স অফিচত ৫৯.৫০ কোটি টকা আৰু বিদেশৰপৰা ৪০.৭৫ কোটি টকা (৪.৮৯ নিযুত মাৰ্কিন ডলাৰ) উপাৰ্জন কৰিছে। ইয়াৰ বিশ্বব্যাপী উপাৰ্জন হৈছে ১০০.২৫ কোটি টকা।৪২ ১৩ মে' ২০২৪ লৈকে চলচ্চিত্ৰখনে বিদেশৰপৰা ৫৪ কোটি টকা (৬.৫০ নিযুত মাৰ্কিন ডলাৰ) উপাৰ্জন কৰিছে। ইয়াৰ বিশ্বব্যাপী উপাৰ্জন হৈছে প্ৰায় ১৫৪.৬০ কোটি টকা আৰু ভাৰতৰপৰা ১০০.৬০ কোটি টকা। ই ভাৰতত ১০০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা তৃতীয়খন মালয়ালম চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ আগৰ দুখন চলচ্চিত্ৰ আছিল ২০১৮ আৰু মঞ্জুম্মেল বয়ছ।৪৩ ইয়াৰ বিশ্বব্যাপী উপাৰ্জন প্ৰায় ১৫৬ কোটি টকা বুলি অনুমান কৰা হৈছে।৪৪
সন্মান
| বৰ্ষ | বঁটা | শ্ৰেণী | প্ৰাপক(সকল) | ফলাফল | প্ৰসংগ |
|---|---|---|---|---|---|
| ২০২৪ | মাজহাবিল এণ্টাৰটেইনমেণ্ট এৱাৰ্ডছ | এণ্টাৰটেইনাৰ অৱ দা য়েৰ – চলচ্চিত্ৰ | ফাহাদ ফাচিল, নাজৰিয়া নাজিম আৰু আনোৱাৰ ৰছিদ | ৪৫ |
চিকুৱেল
আৱেশম ২ নামৰ এখন চিকুৱেল ছাজিন গোপুৱে নিশ্চিত কৰিছে আৰু বৰ্তমান ইয়াৰ কাম চলি আছে।৪৬
তথ্যসূত্ৰ
- ↑ (৯ মাৰ্চ ২০২৩). Fahadh Faasil, Jithu Madhavan, Nazriya Nazim, Sameer Thahir আৰু Anwar Rasheed to collaborate on a new project. Read details here. The Economic Times
- ↑ (৯ মাৰ্চ ২০২৩). Star couple Fahadh, Nazriya team up for 'Romancham' director's next. Manorama Online
- ↑ (৯ এপ্ৰিল ২০২৪). 'Aavesham' has no connections with 'Romancham', says director Jithu Madhavan. The Times of India
- ↑ Ranga in 'Aavesham' is not a spin-off of Chemban Vinod's character in 'Romancham', clarifies director. Manorama Online
- ↑ Fahadh Faasil's gritty look in Aavesham revealed, is this why he didn't promote Pachuvum Athbutha Vilakkum?. OTTPlay
- ↑ Those who didn't like Romancham will surely like 'Aavesham': Jithu Madhavan. Manorama Online
- ↑ (২৬ জানুৱাৰী ২০২৪). 'Aavesham' teaser: Fahadh Faasil, Jithu Madhavan promise a wacky ride. দ্য হিন্দু
- ↑ (১৬ ডিচেম্বৰ ২০২৪). Fahadh Faasil's 'Aavesham' to come out in theatres in April 2024. The Hindu
- ↑ Fahadh Faasil transforms into rowdy leader for Jithu Madhavan's 'Aavesham'. Onmanorama
- ↑ Young 'Ranga' in 'Aavesham' looks inspired by these cultural icons. Will it get a spinoff?. Onmanorama
- ↑ Aavesham – Sushin Shyam explains why he has high hopes for the Fahadh Faasil-starrer, just like Manjummel Boys. OTTPlay
- ↑ শ্যাম, সুশিন. (১৯ এপ্ৰিল ২০২৪). Aavesham (Original Motion Picture Soundtrack). থিংক মিউজিক
- ↑ (১১ মাৰ্চ ২০২৪). Fahadh Faasil confirms Aavesham release date with explosive new poster. See here. The Indian Express
- ↑ (১১ মাৰ্চ ২০২৪). It's official! Fahadh Faasil's 'Aavesham' to hit the big screens on April 11. The Times of India
- ↑ মাধৱ, বিঘ্নেশ. (১ জুন ২০২৩). Fahadh Faasil-Jithu Madhavan film pulls out of Onam race?. Cinema Express
- ↑ Fahadh Faasil shares release plans of Aavesham আৰু Odum Kuthira Chaadum Kuthira. OTTPlay
- ↑ 'Aavesham' pre-release buzz peaks with record-breaking advance bookings. Onmanorama
- ↑ (৯ এপ্ৰিল ২০২৪). 'Aavesham' generates impressive pre-sales of Rs 78 lakhs. The Times of India
- ↑ ৰাও, অনীশ. (১২ এপ্ৰিল ২০২৪). Explained: Why PVR-INOX has stopped screening Malayalam films across India?. India Today
- ↑ (১১ এপ্ৰিল ২০২৪). PVR-INOX stops screening Malayalam films including Varshangalkku Shesham, Aavesham আৰু Aadujeevitham across India. Here's why. The Indian Express
- ↑ (১৩ এপ্ৰিল ২০২৪). Crisis ends, PVR to screen Malayalam films. দ্য হিন্দু
- ↑ Aavesham gets a U/A certificate from censor board; no official trailer for Fahadh Faasil's film?. OTTPlay
- ↑ (১১ এপ্ৰিল ২০২৪). A scene cut from 'Aavesham' for Kuwait release, says Jithu Madhavan. Mathrubhumi
- ↑ শেখৰ, বিনীলা. (১২ এপ্ৰিল ২০২৪). Fahadh Fazil's Aavesham Takes Theatres by Storm with Positive Buzz, OTT Rights Secured by Amazon Prime Video. The Hans India
- ↑ (7 May 2024). Aavesham OTT release date: How to watch Fahadh Faasil's blockbuster Malayalam movie online. The Mint
- ↑ (২৩ জুন ২০২৪). Aavesham Hindi OTT release date: When আৰু where to watch Fahadh Faasil's film. The Times of India
- ↑ (২৭ মাৰ্চ ২০২৪). Watch: Fahadh Faasil dances with college students at 'Aavesham' promotions. India Today
- ↑ (২৭ মাৰ্চ ২০২৪). Fahadh Faasil dances with abandon at college event during Aavesham promotions. Watch. The Indian Express
- ↑ (১১ এপ্ৰিল ২০২৪). Aavesham Twitter Review: Is Fahadh Faasil's action comedy worth watching in theaters? Find out. PINKVILLA
- ↑ Aavesham Twitter review: Fahadh Faasil's fun entertainer is everything a festival release should be, say FDFS viewers. OTTPlay
- ↑ (১১ এপ্ৰিল ২০২৪). Aavesham Movie Review: Fahadh Faasil unleashes a storm with unhinged performance in this comedy flick. PINKVILLA
- ↑ (১১ এপ্ৰিল ২০২৪). Aavesham movie review: Fahadh Faasil delivers 'verithanam' performance in this all-encompassing comedy masala. The Indian Express
- ↑ Aavesham Movie Review: Fahadh & Sajin Gopu excels in goofball gangster film. The Times of India
- ↑ (১১ এপ্ৰিল ২০২৪). 'Aavesham' Review: Fahadh Faasil hits it out of the park in Jithu Madhavan film. India Today
- ↑ 'Aavesham' review: This Fahadh Faasil movie is a fun ride. The Week
- ↑ (১২ এপ্ৰিল ২০২৪). Aavesham Review: Fahadh Faasil Is The Picasso Of Malayalam Cinema. Rediff
- ↑ 'Aavesham': Fahadh Faasil reigns supreme as 'Ranga' in Jithu Madhavan's comedy-entertainer · Movie Review. www.onmanorama.com
- ↑ 'Aavesham' movie review: Fahadh Faasil's uninhibited act carries this thinly-plotted film. onmanorama.com
- ↑ (১৫ এপ্ৰিল ২০২৪). What is happening to 'Jai Ganesh'? Who won the Vishu Day? Goat life not falling in front of opponents. Asianet News Network Pvt Ltd
- ↑ যোগানি, ৰিশিল. (১৫ এপ্ৰিল ২০২৪). Aavesham আৰু Varshangalkku Shesham Box Office: Vishu releases continue the glory streak of Mollywood; Read on. PinkVilla
- ↑ (১৯ এপ্ৰিল ২০২৪). Aavesham box office collection: Fahadh Faasil starrer blockbuster grosses Rs 65 crore worldwide in first week. PinkVilla
- ↑ (২৪ এপ্ৰিল ২০২৪). Aavesham box office collections: Fahadh Faasil starrer Tops 100Cr Worldwide. PINKVILLA
- ↑ (১৩ মে' ২০২৪). Aavesham box office collections: 3rd Malayalam film to Gross 100Cr in India. PINKVILLA
- ↑ (১ জানুৱাৰী २०२५). Year Ender 2024: Top 10 highest-grossing Mollywood movies at worldwide box office; Manjummel Boys emerges victorious. PINKVILLA
- ↑ Mazhavil Entertainment Awards 2024: Jagathy is ultimate entertainer; Urvashi, Sathyan Anthikad honoured. Manorama
- ↑ (২০ জানুৱাৰী ২০২৫). Blockbuster Mollywood: Malayalam Cinema soars higher in Crore Club. English.Mathrubhumi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৱেশম (২০২৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৭২৭১ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।