অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আক্কিনেনি নাগেশ্বৰ ৰাও

আক্কিনেনি নাগেশ্বৰ ৰাও ( Chorus; ২০ ছেপ্টেম্বৰ ১৯২৩ – ২২ জানুৱাৰী ২০১৪) এজন ভাৰতীয় অভিনেতা আৰু প্ৰযোজক। তেওঁক বহুলভাবে এ.এন.আৰ. নামেৰে জনা যায়। ৰাও মূলতঃ তেলুগু চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৫৭১ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আক্কিনেনি নাগেশ্বৰ ৰাও ( Chorus; ২০ ছেপ্টেম্বৰ ১৯২৩১ – ২২ জানুৱাৰী ২০১৪) এজন ভাৰতীয় অভিনেতা আৰু প্ৰযোজক। তেওঁক বহুলভাবে এ.এন.আৰ. নামেৰে জনা যায়। ৰাও মূলতঃ তেলুগু ভাষা চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। পয়সত্তৰ বছৰীয়া কৰ্মজীৱনত তেওঁ বহুতো মহত্বপূৰ্ণ ছবিত অভিনয় কৰিছিল আৰু তেলেগু চলচ্চিত্ৰৰ অন্যতম বিশিষ্ট ব্যক্তি হিচাপে পৰিগণিত হৈছিল।২ তেওঁ সাতটা ৰাজ্যিক নন্দী বঁটা আৰু পাঁচটা ফিল্মফেয়াৰ বঁটা দক্ষিণ লাভ কৰে। শিল্প আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক দাদা চাহেব ফালকে বঁটা আৰু ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ প্ৰদান কৰা হয়।৩৪৫

জীৱনীমূলক ছবিৰ ৰাও বিশেষভাবে জনাজাত। ১৯৫৪ চনৰ বিপ্ৰ নাৰায়ণ ছবিত তেওঁ তামিল সন্ত বিপ্ৰ নাৰায়ণৰ, ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰা ১৯৫৬ চনৰ ছবি তেনালি ৰামকৃষ্ণত তেলেগু কবি তেনালি ৰামকৃষ্ণৰ, ১৯৬০ চনৰ ছবি মহাকবি কালিদাসুত সংস্কৃত কবি কালিদাসৰ, ১৯৬০ চনৰ ছবি ভক্ত জয়দেৱত ১২ শতিকাৰ সংস্কৃত কবি জয়দেৱৰ, ১৯৭১ চনৰ ছবি ভক্ত তুকাৰামত মাৰাঠী সন্ত তুকাৰামৰ, ২০০৬ চনৰ ছবি শ্ৰীৰামদাসুত ৰহস্যবাদী কবি কবীৰৰ আৰু ২০০৯ চনৰ ছবি ৰামৰাজ্যত ৰামায়ণৰ কবি বাল্মিকী চৰিত্ৰত অভিনয় কৰিছিল। একেদৰে তেওঁ চেঞ্চু লক্ষ্মীত (১৯৫৮) ভগৱান বিষ্ণু ভূ-কৈলাশত (১৯৫৮) নাৰদ আৰু শ্ৰীকৃষ্ণাৰ্জুন যুদ্ধামুত (১৯৬৩) অৰ্জুনৰ দৰে বহু পৌৰাণিক চৰিত্ৰতো অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯২৪ চনৰ ২০ ছেপ্টেম্বৰত বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ ৰামপুৰমত এটা নিম্ন মধ্যবিত্ত পৰিয়ালত আক্কিনেনী নাগেশ্বৰ ৰাওৰ জন্ম হৈছিল। পাঁচজন ভাতৃৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সৰু। তেওঁৰ পিতৃ-মাতৃ আক্কিনেনি ভেংকটাৰত্নম আৰু আক্কিনেনী পুন্নম্মা৬ খেতিয়কৰ সন্তান আছিল। পিতৃ-মাতৃৰ আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁৰ আনুষ্ঠানিক শিক্ষা প্ৰাথমিক বিদ্যালয়তে সীমাবদ্ধ আছিল।

১০ বছৰ বয়সৰ পৰাই তেওঁ থিয়েটাৰত কাম কৰিবলৈ আৰম্ভ কৰে।৭ তেওঁ মঞ্চত মহিলা চৰিত্ৰত অভিনয় কৰাত পাৰদৰ্শী আছিল। সেই সময়ত মহিলাসকলক অভিনয় কৰাত বাধা আৰোপ কৰা হৈছিল। উল্লেখযোগ্য চৰিত্ৰত তেওঁ অভিনয় কৰা নাটক- হৰিশ্চন্দ্ৰ, কনকতাৰা, বিপ্ৰনাৰায়ণ, তেলেগু তল্লী, আশাজ্যোতি আৰু সত্যঅন্বেষণম। এজন বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক ঘন্টাশালা বালৰাময়াই তেওঁক বিজয়াৱাড়া ৰেলৱে ষ্টেচনত আৱিষ্কাৰ কৰিছিল আৰু ইয়ে আছিল ৰাওৰ কৰ্মজীৱনৰ এক টাৰ্ণিং পইণ্ট। ধৰ্মপত্নীত (১৯৪১) এটা সহযোগী চৰিত্ৰত অভিনয়েৰে চলচ্চিত্ৰীয় জীৱন আৰম্ভ কৰা ৰাৱক শ্ৰীসীতা ৰাম জনম (১৯৪৪) ছবিখনত ৰামৰ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰা হৈছিল।

কৰ্মজীৱন

ৰাৱে তেলেগু, তামিল আৰু হিন্দী ভাষাৰ ২৫৫ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।৮ তেওঁৰ বেছিভাগ ছবিয়েই বাণিজ্যিক আৰু সমালোচনাত্মক দুয়োটা দিশতে সফলতা লাভ কৰিছিল।৯১০ যদিও তেওঁ ৰাম আৰু কৃষ্ণৰ দৰে পৌৰাণিক ব্যক্তিত্বৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত, তেওঁ এজন নাস্তিক লোক আছিল।১১

অনুৰাগীসকলে তেওঁক মৰমেৰে নটসম্ৰাট বুলি সম্বোধন কৰিছিল। ১৯৫৩ চনত ৰাৱে শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ্মিত দেৱদাসু (১৯৫৩) ছবিখনত নাম ভূমিকাত অভিনয় কৰে। ডেক্কান হেৰাল্ডে লিখিছিল যে কেইবাজনো সমালোচকৰ মতে ৰাওৰ এই ছবিখনে সকলো ভাষাতে নিৰ্মিত সংস্কৰণৰ ভিতৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে।১২ নৱৰাত্ৰিয়ে (১৯৬৬) ৰাৱক শিৱাজী গণেশনৰ পিছত একেখন ছবিতে ৯টাকৈ চৰিত্ৰত অভিনয় কৰা দ্বিতীয় অভিনেতা হিচাপে পৰিগণিত কৰে।১৩

লাইলা মজনু (১৯৪৯), আনাৰকলী (১৯৫৫), প্ৰেমনগৰ (১৯৭১) আদি ছবিত ৰোমান্টিক চৰিত্ৰত কৰা অভিনয়ৰ বাবে ৰাও পৰিচিত। তেওঁ মায়াবজাৰ (১৯৫৭), মহাকবি কালিদাসু (১৯৬৫), ভক্ত টুকাৰাম (১৯৭৩), আৰু শ্ৰী ৰামদাসু (২০০৬) আদি ছবিত পৌৰাণিক চৰিত্ৰত অভিনয় কৰিছিল।১৪

তেওঁৰ অলেখ ব্যৱসায়িকভাবে সফল ছবিৰ ভিতৰত আছে- মায়া বজাৰ, শামচৰণ, ব্ৰতুকু থেৰুভু, আৰাধনা, ডংগা ৰামুডু, ড° চক্ৰৱৰ্তী, অৰ্ধাংগী, মাংগল্য বালম, ইল্লাৰিকাম, শান্তিনিবাসম, ভেলুগু নিদালু, দশৰা বুল্লোডু, ভৰ্য ভাৰতলু, ধৰ্মদাতা, বাতাছাৰী আৰু কলেজ বুল্লোডু। তেওঁ অভিনয় জীৱনত প্ৰৱেশ কৰাৰ প্ৰায় ৫০ বছৰৰ পাছত ১৯৯১ চনত মুক্তি পোৱা সীতাৰময়াগৰী মানৱৰালু বক্স অফিচত সফল হৈছিল।

তেলেগু চলচ্চিত্ৰৰ কেন্দ্ৰবিন্দু মাদ্ৰাছৰ পৰা হাইদৰাবাদলৈ স্থানান্তৰিত কৰাত ৰাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৭৬ চনত তেওঁ হায়দৰাবাদত পত্নীৰ নামেৰে অন্নপূৰ্ণা ষ্টুডিঅ' স্থাপন কৰে।১৫

বঁটা আৰু সন্মান

অসমাৰিক সন্মান

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ফিল্মফেয়াৰ বঁটা দক্ষিণ

  • শ্ৰেষ্ঠ ছবি (তেলেগু) – ছুদিগুণ্ডালু (১৯৬৮)২১২২
  • শ্ৰেষ্ঠ অভিনেতা (তেলেগু) – মাৰাপুৰানি মনিষী (১৯৭৩)''২৩
  • শ্ৰেষ্ঠ অভিনেতা (তেলেগু) – আত্ম বন্ধুভুলু (১৯৮৭)২৪
  • ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা- দক্ষিণ (১৯৮৮)২৫
  • শ্ৰেষ্ঠ অভিনেতা (তেলেগু) – সীতাৰামায়া গৰি মনভৰালু (১৯৯১)২৬২৭

তথ্যসূত্ৰ

  1. ↑ Nageshwara Rao Akkineni Biography · Nageshwara Rao Akkineni Girlfriend, Wife, Family & Net Worth - FilmiBeat. www.filmibeat.com
  2. ↑ Shankar Dayal Sharma. (1997). President Dr. Shanker Dayal Sharma: January 1995 – July 1997. Publication Divisions, Ministry of Information and Broadcasting, AGovernment of India. পৃ. 74. ISBN 9788123006147
  3. ↑ (22 January 2014). Akkineni Nageswara Rao lived and breathed cinema. Rediff.com
  4. ↑ (23 January 2014). ANR, Actor Par Excellence, Student and Humanist. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  5. ↑ (14 October 2013). Romance Is All. Outlook India
  6. ↑ (2000). India Who's who. INFA Publications
  7. ↑ Narasimham, M. L. (25 January 2014). Irreplaceable icon. The Hindu
  8. ↑ Legendary telugu actor ANR passes away at 91. Eenadu
  9. ↑ Nagarjuna about God. MyFirstShow.com
  10. ↑ Interview with A. Nageswara Rao. Telugu Filmfun
  11. ↑ (29 January 2014). Nageswara Rao, my father was a humble human being: Son Nagarjuna. Daily News and Analysis
  12. ↑ (2014-01-25). Tribute to an acting powerhouse. Deccan Herald
  13. ↑ (2014-01-22). Nageswara Rao: little known facts. Hindustan Times
  14. ↑ IANS. (2014-01-22). Akkineni Nageswara Rao: Titan of Telugu cinema (Obituary). Business Standard India
  15. ↑ (2014-01-23). ANR inspired Telugu film industry's shift from Chennai. The Hindu
  16. ↑ Krishnamoorthy, Suresh. (22 January 2014). Akkineni Nageswara Rao passes away. The Hindu
  17. ↑ Legendary Telugu Actor Nageswara Rao Passes Away. The New Indian Express
  18. ↑ Telugu legend Akkineni Nageswara Rao dies aged 91. ibnlive.in
  19. ↑ (26 January 2011). Legendary Telugu Actor Nageswara Rao Passes Away. One India Entertainment
  20. ↑ K Rajnikanth. (22 January 2014). Doyen of Telugu cinema ANR dies at 91. Business Standard
  21. ↑ (1991). Collections
  22. ↑ Reed, Sir Stanley. (1969). The Times of India Directory and Year Book Including Who's who
  23. ↑ (1980). The Times of India Directory and Year Book Including Who's who. Bennett, Coleman. পৃ. 308
  24. ↑ (5 February 2017). 35th Annual Filmfare Awards South Winners: Santosh: Free Download &…. archive.is
  25. ↑ Lifetime Achievement Award (South) winners down the years... filmfare.com
  26. ↑ (7 February 2017). 39th Annual Filmfare Best Actor Director Telugu Winners: santosh: F…. archive.is
  27. ↑ (1993). Sainik Samachar: The Pictorial Weekly of the Armed Forces, Volume 40. Government of India. পৃ. 30

সম্পৰ্কিত শ্ৰেণী

তেলেগু চলচ্চিত্ৰৰ অভিনেতাতামিল চলচ্চিত্ৰৰ অভিনেতাচলচ্চিত্ৰ প্ৰযোজকদাদাচাহেব ফাল্কে বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীকৰ্কট ৰোগত মৃত্যুনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আক্কিনেনি নাগেশ্বৰ ৰাও” প্ৰবন্ধৰ সংশোধন ৬৩৬৮০১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।