বিক্ৰম ঔৰ বেতাল (Vikram Aur Betaal) হ’ল ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে সম্প্ৰচাৰ কৰা এখন ধাৰাবাহিক।১ ইয়াত হিন্দুু পৌৰাণিক কথা সন্নিৱিষ্ট আছে। ধাৰাবাহিকখন বেতাল পঞ্চবিংশতিৰ আধাৰত নিৰ্মিত৷ কিংবদন্তি ৰজা বিক্ৰম (বিক্ৰমাদিত্য বুলি অনুমান কৰা হয়) আৰু বেতাল২ (পশ্চিমীয়া সাহিত্যত পিশাচৰ অনুৰূপ আত্মা)-ক লৈ ২৬টা খণ্ডত ধাৰাবাহিকখন প্ৰচাৰ কৰিছে। ধাৰাবাহিকখন বিক্ৰম-বেতাল নামেৰেও জনা যায়৷ ধাৰাবাহিকখন দিনৰ চাৰি বজাত (ভাৰতীয় মান সময়) সম্প্ৰচাৰ কৰা হৈছিল।
বিক্ৰম ঔৰ বেতাল একাদশ শতাব্দীত কাশ্মীৰী কবি সোমদেব ভট্টৰ “বেতাল পঞ্চবিংশতি”ৰ আধাৰত ৰচিত।৩ এই ধাৰাবাহিকখনত মুঠ ২৬টা খণ্ড আছে।৪৫ প্ৰত্যেকটো খণ্ডতে একটাকৈ সাধু আছে।
অভিনয়ত
| ক্ৰমিক নং | চৰিত্ৰসমূহ | অভিনয়ত |
|---|---|---|
| ১ | বিক্ৰমাদিত্য | অৰুণ গোবিল |
| ২ | বেতাল | সাজ্জান |
| ৩ | তান্ত্ৰিক | অৰবিন্দ ত্ৰিবেদী |
তথ্যসূত্ৰ
- ↑ (১৪ মে ২০২০). धारावाहिक विक्रम बेताल से जुड़ी जानकारियां
- ↑ Vikram And Betaal. www.goodreads.com. Amazon Goodreads
- ↑ (১৪ মে ২০২০). Vikram aur Betal
- ↑ (১৪ মে ২০২০). Stories of Vikram Betaal
- ↑ (১৪ মে ২০২০). 25 Vikram Betal Stories
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিক্ৰম ঔৰ বেতাল (ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৪২২১১২ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।