অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভালুকপুং

ভালুকপুং (Bhalukpong) ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে তেজপুৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত এখন অতি মনোমোহা প্ৰাকৃতিক দৃশ্যৰাজিৰে ভৰপূৰ স্থান। ভালুকপুং অসমৰ সীমাত আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ অকা পৰ্বতমালাৰ পাদ দেশত অৱস্থিত। ইয়াৰ জীয়াভৰলী নদী আৰু কাষৰ পৰ্বতমালাৰ দৃশ্য অতি মনোৰম।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০১৮ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ভালুকপুং (Bhalukpong) ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে তেজপুৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত এখন অতি মনোমোহা প্ৰাকৃতিক দৃশ্যৰাজিৰে ভৰপূৰ স্থান। ভালুকপুং অসমৰ সীমাত আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ অকা পৰ্বতমালাৰ পাদ দেশত অৱস্থিত। ইয়াৰ জীয়াভৰলী নদী আৰু কাষৰ পৰ্বতমালাৰ দৃশ্য অতি মনোৰম। প্ৰতি বছৰেই বৃহৎ সংখ্যক প্ৰকৃতিপ্ৰেমী আৰু বনভোজৰ দল ইয়াত সমাগম হয়। জীয়াভৰলী নদীত পাহাৰী মাছ ধৰা (নিয়ন্ত্ৰিত) ৰ সুবিধা থকা আৰু কাষতে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত হোৱাৰ বাবে ইয়াৰ আকৰ্ষণ আৰু বাঢ়িছে। ইয়াত এটা গৰম পানীৰ পুং (উঁহ) আছে। ইয়াত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা পৰিচালিত আৰু থকা-খোৱাৰ সুবিধা থকা এটা পৰ্যটন গৃহও ইয়াত আছে। ভালুকপুং বাণাসুৰৰ নাতি ভালুকৰ এসময়ত ৰাজধানী আছিল।১

তথ্যসূত্ৰ

  1. ↑ চিত্ৰ-বিচিত্ৰ অসম. (২০০৩). ভালুকপুং. জ্যোতি প্ৰকাশন

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভালুকপুং” প্ৰবন্ধৰ সংশোধন ১৮৬৮৮৫ (২৬ ডিচেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।