অসম বিধানসভাৰ সদস্য
১৫ প্ৰবন্ধ
-
অতুল বৰা
অতুল বৰা (Atul Bora, জন্ম: ৭ এপ্ৰিল ১৯৬০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ অসম গণ পৰিষদ নামৰ আঞ্চলিক দলৰ সৈতে জড়িত তথা বৰ্তমান ইয়াৰ সভাপতি। ২০১৪ চনৰ জুলাই মাহত তেওঁ এই দলৰ সভাপতি নিৰ্বাচিত হৈছিল।
-
উৰ্খাউ গৌড়া ব্ৰহ্ম
উৰ্খাউ গৌড়া ব্ৰহ্ম অসমৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ আছিল। ব্ৰহ্ম কোকৰাঝাৰ জিলাত জন্ম হৈছিল। তেওঁৰ পিতৃ হৰ্কেশ্বৰ ব্ৰহ্ম। তেখেতে ২০১৪ চনত তেওঁৰ বড়ো ভাষাৰ কাব্য সংকলন উদাংনিফ্ৰাই গিডিংফিন্নানেই-ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
অজন্তা নেওগ
অজন্তা নেওগ (Ajanta Neog) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ কেবিনেটত সমাজ কল্যাণ আৰু বিত্ত বিভাগৰ কেবিনেট মন্ত্ৰী। তেওঁৰ অসম চৰকাৰৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী।
-
পীযুষ হাজৰিকা
পীযুষ হাজৰিকা অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ তথা অসম চৰকাৰৰ মন্ত্ৰী।
-
অশোক সিংহল
অশোক সিংঘল (Ashok Singhal; জন্ম: ২৯ ডিচেম্বৰ ১৯৬৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী। ইয়াৰ লগতে তেওঁ অসমৰ তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
ৰোহিনী কুমাৰ চৌধুৰী
ৰোহিনী কুমাৰ চৌধুৰী (Rohini Kumar Chaudhuri; ২ এপ্ৰিল ১৮৯৯ – ১৬ ডিচেম্বৰ ১৯৫৫) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ এজন সংসদৰ সদস্য আছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে লোকসভাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভাৰো সদস্য আছিল।
-
ৱাজেদ আলী চৌধুৰী
ৱাজেদ আলী চৌধুৰী (জন্ম ১ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ব্যৱসায়। তেখেত ২০১৬ চনৰপৰা দক্ষিণ শালমাৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ সদস্য হিচাপে, আৰু ১৯৯৬ চনৰপৰা ২০০৬ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে আৰু ২০০২ চনৰপৰা ২০০৬ চনলৈ প্ৰথম তৰুণ গগৈ মন্ত্ৰ্যালয়ত অসম চৰকাৰৰ…
-
অতুল বৰা (জ্যেষ্ঠ)
অতুল বৰা (Atul Bora) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিক। ১৯৮৫, ১৯৯১, ১৯৯৬ আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল। তেওঁ অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য আছিল আৰু প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰত মন্ত্ৰী আছিল। ২০১৩ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
-
অৰুণ কুমাৰ চন্দ
অৰুণ কুমাৰ চন্দ (১৮৯৯–১৯৪৭) অসমৰ কাছাৰ জিলাৰ এগৰাকী সমাজসেৱক, সাহিত্যিক তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিল৷ ভাৰত চৰকাৰে তেওঁৰ সন্মানত এখন ডাকটিকট জাৰি কৰে।
-
হেমেন দাস (ৰাজনীতিবিদ)
হেমেন দাস (Hemen Das;জন্ম: ২ মাৰ্চ, ১৯৩১) অসমৰ এগৰাকী প্ৰখ্যাত সাম্যবাদী নেতা তথা প্ৰাক্তন বিধায়ক। তেওঁ অসম বিধানসভাৰ সৰভোগ সমষ্টিৰ পৰা চাৰিবাৰকৈ - ১৯৭৮, ১৯৮৩,১৯৮৫ আৰু ১৯৯৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।
-
আবুল কাছিম
মৌলৱী মহম্মদ আবুল কাছিম পাকিস্তানৰ তৃতীয় ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য আছিল, পূব পাকিস্তানৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জেমছ জয় মোহন নিকোল্ছ ৰায়
জেমছ জয় মোহন নিকোল্ছ ৰায় ( James Joy Mohan Nichols Roy; ১২ জুন ১৮৮৪ – ১ নৱেম্বৰ ১৯৫৯) অবিভক্ত অসমৰ (বৰ্তমানৰ মেঘালয়ৰ) এজন খ্ৰীষ্টান মন্ত্ৰী আৰু ৰাজনীতিক আছিল। স্বাধীনতাৰ পূৰ্বেই তেওঁ উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসমূহৰ স্বায়ত্তশাসনৰ বাবে আন্দোলন কৰিছিল।
-
দেৱব্ৰত শইকীয়া
দেৱব্ৰত শইকীয়া (Debabrata Saikia; জন্ম: ১৪ ডিচেম্বৰ ১৯৬৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম বিধানসভাৰ বিৰোধী দলপতি। ২০১৬ চনৰ পৰা অসম বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য।
-
পবিত্ৰ ৰাভা (ৰাজনীতিক)
পবিত্ৰ ৰাভা (PABITRA RABHA) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক। তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।
-
সুশান্ত বৰগোহাঁই
সুশান্ত বৰগোহাঁই (Sushanta borgohain; ২৭ এপ্ৰিল ১৯৭৪) অসমৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। লগতে তেওঁ এজন বাইক আৰোহীও।