পঞ্জাব, ভাৰতৰ ব্যক্তি
১৬ প্ৰবন্ধ
-
অনীত পাড্ডা
অনীত পাড্ডা (Aneet Padda; জন্ম: ১৪ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। চালাম ভেংকী (২০২২) নামৰ নাট্যধৰ্মী ছবি এখনত এটি ক্ষুদ্ৰ চৰিত্ৰত অভিনয়েৰে তেওঁ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।
-
এপি ঢিল্লোঁ
অমৃতপাল সিং "এপি" ঢিল্লোঁ (Amritpal Singh Dhillon) হৈছে পঞ্জাবী সংগীতৰ সৈতে জড়িত এগৰাকী ইণ্ডো-কানাডীয় ৰেপাৰ, কণ্ঠশিল্পী, আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁৰ পাঁচটা একক গীতে অফিচিয়েল চাৰ্টছ কোম্পানী ইউ কে এছিয়ান আৰু পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰে।
-
সুখদেৱ থাপাৰ
সুখদেৱ থাপাৰ (১৯০৭ চনৰ ১৫ মে' – ১৯৩১ চনৰ ২৩ মাৰ্চ) ভাৰতৰ স্বাধীনতাৰ বাবে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়া এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী। হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচনৰ সদস্য হিচাপে ১৯৩১ চনৰ ২৩ মাৰ্চত শিৱৰাম ৰাজগুৰু আৰু ভগত সিঙৰ সৈতে ফাঁচি দিয়া হয়।
-
ৰণবীৰ শ্ব’ৰে
ৰণবীৰ শ্ব'ৰে (Ranvir Shorey; জন্ম: ১৮ আগষ্ট ১৯৭২) এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰাক্তন ভিডিঅ' জকী। এক ছ’টিছি লাভ ষ্ট’ৰী (২০০২) ছবিত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা তেওঁ মূলসুঁতিৰ আৰু স্বতন্ত্ৰ চিনেমা দুয়োটা ক্ষেত্ৰতে কাম কৰি আহিছে।
-
এহচাছ চান্না
এহচাছ চান্না( Ahsas Channa; জন্ম:- ৫ আগষ্ট ১৯৯৯) হিন্দী চলচ্চিত্ৰ আৰু টিভি জগতত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। শিশু অভিনেত্ৰী হিচাপে তেওঁ বাস্তু শাস্ত্ৰ, কভি আলবিদা না কেহনা, মাই ফ্ৰেণ্ড গণেশ, ফুংক আদিত কাম কৰিছিল আৰু কিশোৰী অৱস্থাত তেওঁ, বিখ্যাত টিভি ধাৰাবাহিক ক্ৰাইম পেট্ৰল সতৰ্কত কাম কৰিছে।
-
কিৰণ জচল
কিৰণমীত কৌৰ জচল (ইংৰাজী: Kiranmeet Kaur Jassal; জন্ম: ১৩ মাৰ্চ ১৯৯৬), যাক সাধাৰণতে কিৰণ জচল বুলি জনা যায়, এগৰাকী মালয়েছিয়ান ভাৰতীয় মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৬ বৰ্ষৰ মিছ ইউনিভাৰ্চ মালয়েছিয়াৰ মুকুট অৰ্জন কৰিছিল।
-
কুলি কোহলী
ডাঃ কুলি কোহলী (ইংৰাজী: Dr. Kuli Kohli; জন্ম: ১৯৭০) এগৰাকী পঞ্জাবী বংশোদ্ভৱ ভাৰতীয়-ব্ৰিটিছ বিশেষভাৱে সক্ষম লেখিকা, কবি, সামাজিক সক্ৰিয় কৰ্মী আৰু উলভাৰহেম্পটন পৌৰ নিগমৰ কৰ্মচাৰী। তেওঁ নিজৰ সাহিত্যিক কৰ্মৰাজিৰ বাবে পৰিচিত আৰু কেইবাটাও লাইভ অনুষ্ঠান পৰিৱেশন কৰিছে।
-
চেলজা কুমাৰী
চেলজা কুমাৰী (Selja Kumari, জন্ম- ২৪ ছেপ্টেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সদস্য। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী পদত থকা সময়ত 'সামাজিক ন্যায় আৰু সৱলীকৰণ আৰু পৰ্যটন বিভাগ'ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ…
-
বলৱন্ত গাৰ্গী
বলৱণ্ত গাৰ্গী ( জন্ম, ৪ ডিচেম্বৰ ১৯১৬ –মৃত্যু, ২১ এপ্ৰিল ২০০৩) এজন ভাৰতীয় পাঞ্জাবী ভাষাৰ নাট্যকাৰ, নাট্য পৰিচালক, ঔপন্যাসিক, চুটিগল্প লেখক, আৰু শিক্ষাবিদ আছিল।
-
বাণী সান্ধু
বাণী সান্ধু (Baani Sandhu; জন্ম: ১৮ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ পঞ্জাবী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰত তেওঁৰ কামৰ বাবে জনাজাত।
-
ভাৰতী সিং
ভাৰতী সিং (Bharati Singh,(জন্ম ৩ জুলাই ১৯৮৪) এজন ভাৰতীয় কমেডিয়ান আৰু টেলিভিছন ব্যক্তিত্ব। সিঙে অসংখ্য কমেডী শ্ব’ সৃষ্টি কৰাৰ লগতে বিভিন্ন বঁটা-প্ৰদান অনুষ্ঠানত ঘোষক হিচাপে দায়িত্ব পালন কৰিছে।
-
মহাৰজা গুলাব সিং
মহাৰাজ গুলাব সিং (২১ অক্টোবৰ ১৭৯২ – ৩০ জুন ১৮৫৭) জম্মু-কাশ্মীৰৰ প্ৰথম মহাৰাজ আৰু ডোগ্ৰা বংশৰ প্ৰতিষ্থাপক। মূলতঃ শিখ সাম্ৰাজ্যৰ সেনাপতি হিচাপে তেওঁ প্ৰথম এংলো-শিখ যুদ্ধত ব্ৰিটিছৰপক্ষ লয় আৰু ১৮৪৬ চনত কিছুসময়ৰ বাবে শিখ]সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হয়।
-
মোহন ৰাকেশ
মোহন ৰাকেশ (৮ জানুৱাৰী ১৯২৫ – ৩ ডিচেম্বৰ ১৯৭২) ১৯৫০ চনত ভাৰতৰ হিন্দী সাহিত্যৰ ‘নয়ী কাহিনী’ সাহিত্য আন্দোলনৰ পুৰোধা লেখকসকলৰ ভিতৰত অন্যতম। সংগীত নাটক অকাডেমীৰ আয়োজন কৰা প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম আধুনিক হিন্দী নাট আছাধ কা এক দিন (১৯৫৮) ৰচনা কৰে।
-
সুনন্দা শৰ্মা
সুনন্দা শৰ্মা (Sunanda Sharma; জন্ম: ৩০ জানুৱাৰী ১৯৯২) শৰ্মাই সজ্জন সিং ৰংৰুট নামৰ ছবিখনত সহ-অভিনেতা দিলজিৎ দোচাঞ্ঝ আৰু যোগৰাজ সিঙৰ বিপৰীতে অভিনয়েৰে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। সুনন্দাই "তেৰে নাল নাচনা" শীৰ্ষক গীতটিত কণ্ঠদানেৰে বলীউডত পদাৰ্পণ কৰিছিল।
-
সুৰজিৎ সিং বৰ্ণালা
সুৰজিৎ সিং বৰ্ণলা (জন্ম, ২১ অক্টোবৰ ১৯২৫ – মৃত্যু,১৪ জানুৱাৰী ২০১৭) এজন ভাৰতীয় ৰাজনীতিবিদ আছিল যিয়ে ১৯৮৫ চনৰপৰা ১৯৮৭ চনলৈকে পঞ্জাৱ ৰাজ্যৰ ১১সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিভিন্ন পৰ্টফলিঅ’ গ্ৰহণ কৰা কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।
-
হীনা সিদ্ধু
হীনা সিদ্ধু (জন্ম: ২৯ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় শ্বুটাৰ। ২০১৪ চনৰ ৭ এপ্ৰিলত সিদ্ধু আন্তৰ্জাতিক শ্বুটিং স্পৰ্ট ফেডাৰেচনৰ (ISSF) বিশ্ব ৰেংকিঙত প্ৰথম স্থান দখল কৰা প্ৰথমগৰাকী ভাৰতীয় পিষ্টল শ্বুটাৰ হিচাপে পৰিগণিত হয়। ২০১৩ চনত সিদ্ধুৱে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক জয় কৰি আই.এছ.এছ.এফ.