অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাধা বিনোদ বৰ্মন

ড০ ৰাধা বিনোদ বৰ্মন (Dr Radha Binod Barman) হৈছে অসম, ভাৰতৰ এগৰাকী পৰিসংখ্যাবিদ৷ তেখেতে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত উপ-অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ অধ্যক্ষ হিচাপেও কৰ্ম-নিৰ্বাহ কৰিছিল৷ চৰকাৰী পৰিসংখ্যা শিতানলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ড০ বৰ্মনলৈ ২০২১ চনৰ অধ্যাপক পি চি…

হালনাগাদ: ২ নৱেম্বৰ ২০২৫ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

ড০ ৰাধা বিনোদ বৰ্মন (Dr Radha Binod Barman) হৈছে অসম, ভাৰতৰ এগৰাকী পৰিসংখ্যাবিদ৷ তেখেতে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত উপ-অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ অধ্যক্ষ হিচাপেও কৰ্ম-নিৰ্বাহ কৰিছিল৷ চৰকাৰী পৰিসংখ্যা শিতানলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ড০ বৰ্মনলৈ ২০২১ চনৰ অধ্যাপক পি চি মাহালানবিছ ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰা হয়৷ তেখেতৰ একাধিক গৱেষণা-পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকতাদিত প্ৰকাশিত হৈছে৷

পৰিয়াল আৰু শিক্ষা

ড০ ৰাধা বিনোদ বৰ্মনৰ পিতৃ প্ৰয়াত যোগেন্দ্ৰ নাথ বৰ্মন আছিল এগৰাকী কৃষক৷ আনহাতে মাতৃৰ নাম হৈছে হিৰণবালা বৰ্মন৷

১৯৬৪ চনত ড০ বৰ্মনে বৰপেটাস্থিত সজনীকান্ত হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত প্ৰাক্-বিশ্ববিদ্যালয় শিক্ষা গ্ৰহণ কৰে৷ তেখেতে পৰিসংখ্যা বিজ্ঞানত স্নাতকসহ ১৯৬৮ চনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰে৷ ১৯৭০ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে৷ ইয়াতো তেখেতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অৰ্জন কৰে৷ পৰৱৰ্তী কালত আইআইটি চেন্নাইৰ পৰা ডক্টৰেট ডিগ্ৰী দখল কৰি ১৯৭৫ চনত আইএছএছত যোগদান কৰে৷

কৰ্মজীৱন

ড০ ৰাধা বিনোদ বৰ্মনে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক আৰু উপ-অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ পৰৱৰ্তী কালত তেখেত ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ অধ্যক্ষৰ আসনো অলংকৃত কৰে৷ তেখেতৰ কেইবাখনো গৱেষণা-পত্ৰ দেশ-বিদেশৰ কাকত-পত্ৰিকাত প্ৰকাশিত হৈছে৷

বঁটা আৰু সন্মান

ভাৰত চৰকাৰৰ চৰকাৰী পৰিসংখ্যা শিতানত ২০২০ চনত পোনপ্ৰথমবাৰৰ বাবে অধ্যাপক পি চি মহালানবিছ ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তন কৰা হৈছিল৷ পৰিসংখ্যাৰ ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিক উক্ত সন্মান প্ৰদান কৰা হয়৷ ২০২১ চনৰ বাবে এই বঁটাটি আগবঢ়োৱা হৈছে ড০ ৰাধা বিনোদ বৰ্মনলৈ৷ ভাৰতৰ চৰকাৰী পৰিসংখ্যা পদ্ধতিৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতলৈ এই বঁটাটি আগবঢ়োৱা হয়৷ ভাৰত চৰকাৰৰ সচিব আৰু ভাৰতৰ মুখ্য পৰিসংখ্যাবিদ ড০ জি পি সামন্তই ড০ ৰাধা বিনোদ বৰ্মনলৈ প্ৰেৰণ কৰা চিঠিত উক্ত কথা সদৰী কৰে৷

ব্যক্তিগত জীৱন

বৰ্তমান ৰাধা বিনোদ বৰ্মন মুম্বাইৰ নিবাসী৷

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধা বিনোদ বৰ্মন” প্ৰবন্ধৰ সংশোধন ৫৪৬৮৮৬ (২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।