ৰাধা আৰু ৰুক্মিণী( Radha and Rukmini) আহোম ৰাজত্বকালত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ দুই মহিলা ৰণুৱা৷ এওঁলোক দুয়ো মৰাণ সেনাপতিৰ পত্নী আছিল৷১এই দুই নাৰীক লৈ ৰজনীকান্ত বৰদলৈয়ে “অসম হিতৈষী’’ নামৰ কাকতত “ৰাধা-ৰুক্মিণীৰ ৰণ’’ নামৰ এখন উপন্যাস ৰচনা কৰিছিল৷ আন এখন অসমীয়া উপন্যাস দণ্ডিনাথ কলিতাৰ “গণবিপ্লৱ’’তো২ ৰাধা আৰু ৰুক্মিণীৰ ৰণকুশলতাৰ কথা বৰ্ণনা কৰা হৈছে৷
মোৱামৰীয়া বিদ্ৰোহত ৰাধা-ৰুক্মিণীৰ লগতে আন কেইবাগৰাকী মহিলাৰ অংশগ্ৰহণে দেশৰ প্ৰথম নাৰীবাহিনীৰ ৰূপ লৈছিল৷ ইতিহাসত বহুল উল্লেখ নথকা এইসকল ৰমণীৰ সাহস আৰু ৰণকৌশলে প্ৰতাপী আহোম ৰজাৰ বিপক্ষে যুঁজ দিয়াত মোৱামৰীয়া বাহিনী সফল হৈছিল৷ ৰাধা আৰু ৰুক্মিণীৰ দৃঢ় মনোবলে মোৱামৰীয়া সৈন্যবাহিনীক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল৷৩
মোৱামৰীয়া প্ৰধান সেনাপতি মোহনমালাৰ তলতীয়া সেনাপতি আছিল ৰাঘৱ মৰাণ আৰু নাহৰ খোৰা৷ এই নাহৰ খোৰাৰে (পদ্মনাথ গোহাঞিবৰুৱাৰ ’অসম বুৰঞ্জীম’তে “ৰাঘৱ মৰাণ’’ৰ পত্নী আছিল ৰাধা-ৰুক্মিণী) দুই পত্নী ভাতুকী আৰু ভাবুলী৷ যুঁজৰ সময়ত এই দুই পত্নী সৈন্যসকলৰ সৈতে ৰণ কৰিছিল৷ তেওঁলোকৰ পূৰ্বৰ নাম গুচাই ৰাধা আৰু ৰুক্মিণী ৰখা হৈছিল৷ সৈন্যবাহিনীৰ মাজত সোমাই তেওঁলোকে এনে তীব্ৰৰূপত ৰণ কৰিছিল যে, প্ৰতিপক্ষই ক’বলৈ বাধ্য হৈছিল যে, ৰাধা-ৰুক্মিণীয়ে বন্দুকৰ গুলী আঁচল পাতি ধৰিব পাৰে, কোনো অস্ত্ৰ-শস্ত্ৰই তেওঁলোকক আঘাত কৰিব নোৱাৰে৷৪ ৰাধা আৰু ৰুকুণী বা ৰুক্মিণী বৰ চতুৰা নাৰী আছিল৷ তেওঁলোকে সৈন্যৰ সকলো ৰণকৌশল আয়ত্ব কৰি যুঁজত পুৰুষৰ সমানে সমানে অংশ লৈ ৰণ জয় কৰিছিল৷ আহোম সেনাৰ মাজত প্ৰচাৰ হৈছিল যে, ৰাধা আৰু ৰুক্মিণীয়ে সাক্ষাৎ ৰণচণ্ডীৰ ৰূপ লৈ এফালৰ পৰা সকলোকে নিধন কৰি গৈছে৷ অস্ত্ৰ-শস্ত্ৰই আঘাত নকৰা দুই নাৰীৰ বিষয়ে অন্ধবিশ্বাস বিয়পি পৰাত সৈন্যসকল পিছ হুঁহুকি যাবলৈ ধৰিলে৷ যুঁজত জয়লাভ কৰাৰ পিছত নাহৰ খোৰাৰ পুত্ৰ ৰমাকান্ত ৰজা হোৱাত ৰাঘৱ মৰাণ বৰবৰুৱা হৈ বহিল৷ ৰমাকান্তই মৰাণ সম্প্ৰদায়ৰে বিভিন্ন জনক বিভিন্ন বিষয়বাব দি নগৰত ৰাঘৱ বৰবৰুৱাক থৈ ৰমাকান্ত পাত্ৰ-মন্ত্ৰীসহিতে খুটিয়াপোতালৈ গ’ল৷ ৰুক্মিণী ৰাঘৱৰ সৈতে ৰংনাথত(ৰংপুৰ) থাকিল আৰু ৰাধা গ’ল গৌৰিসাগৰলৈ৷ ৰমাকান্তই আন বৈষ্ণৱ সত্ৰবোৰত নিৰ্যাতন কৰিবলৈ ধৰিলে৷ অতিষ্ঠ হৈ আহোম ডা-ডাঙৰীয়াসকলে আলচ কৰি ৰাঘৱ মৰাণে বলপূৰ্বক পত্নী কৰি ৰখা কুঁৱৰী কুৰংগনয়নীৰ সৈতে গোপনে ষড়যন্ত্ৰ কৰিলে৷ তাৰ ফলস্বৰূপে ৰাঘৱ মৰাণক বধ কৰিবলৈ সক্ষম হ’ল আৰু তাৰ পিছত হৰ-গৌৰী দ’লত থকা ৰাধাক বেৰি ধৰি হানি-খুচি বধ কৰা হ’ল৷ ইয়াৰ পিছত ৰাুক্মিণীকো আন আন মৰাণ বিষয়াসকলৰ লগত বেৰি ধৰি বধ কৰা হ’ল৷৫
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধা আৰু ৰুক্মিণী” প্ৰবন্ধৰ সংশোধন ৩৫৪৩৭৯ (১৬ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।