হিন্দু কিংবদন্তি
১০৬ প্ৰবন্ধ
-
অৰুণ
অৰুণ (अरुण) হৈছে সূৰ্যদেৱতাৰ ৰথৰ সাৰথি। অৰুণ শব্দৰ অৰ্থ ৰক্তবৰ্ণ বা পিঙ্গল। বৌদ্ধ আৰু জৈন সাহিত্য আৰু কলাসমূহতো অৰুণৰ চিত্ৰায়ন দেখা পোৱা যায়। তেওঁ গৰুড়ৰ জ্যেষ্ঠ ভ্ৰাতৃ। তেওঁলোক দুয়োজন ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী বিনতাৰ পুত্ৰ।
-
বাসুকী
হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ কিংবদন্তিসমূহৰ মতে বাসুকী হৈছে সৰ্পসমূহৰ এজন ৰজা। তেওঁ শিৱৰ ডিঙিত অৱস্থান কৰে। তেওঁৰ শিৰত নাগমণি নামৰ ৰত্ন আছে বুলি কোৱা হয়। সৰ্পৰ দেৱী মনসা বাসুকীৰ ভগ্নী। চীন আৰু জাপানৰ আখ্যান মতে বাসুকী আঠগৰাকী ড্ৰেগন ৰজাৰ অন্যতম।
-
চান্দ সদাগৰ
চান্দ সদাগৰ (Chand Sadagar) হৈছে প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগল, শিৱ পুৰাণ আদিৰ চৰিত্ৰ লখিন্দৰৰ পিতৃ আৰু বেউলাৰ শহুৰ। তেওঁ প্ৰাচীন ভাৰতৰ চম্পক নগৰৰ এজন খুব ধনী তথা ক্ষমতাশালী বণিক আছিল। চান্দ সদাগৰৰ উপাখ্যানৰ লগত সৰ্পদেৱী মনসাৰ কাহিনীও জড়িত হৈ আছে।
-
জয়-বিজয়
হিন্দু পুৰাণ অনুসৰি, জয় আৰু বিজয় আছিল শ্ৰীবিষ্ণুৰ আবাস ক্ষেত্ৰ বৈকুণ্ঠৰ দুজন দ্বাৰপাল বা দুৱৰী। ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ ক্ৰমে সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰৰ অভিশাপ মৰ্মে তেওঁলোক তিনিটা যুগত মৰ্ত্যলোকত জন্মগ্ৰহণ কৰিবলগীয়া হৈছিল।
-
নৱদুৰ্গা
হিন্দু ধৰ্মত নৱ দুৰ্গা (नवदुर्गा) হৈছে দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপ বা অৱতাৰ। সাধাৰণতে নৱৰাত্ৰিত এই নটা ৰূপৰ অৰ্চনা কৰা হয়। প্ৰতিগৰাকী দেৱীকে নটা ভিন্ন দিনত পৃথকে পৃথকে পূজা কৰা হয়।
-
ৰেণুকা
ৰেণুকা মহাৰ (Reṇukā Mahar) হৈছে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্য, তামিলনাডু, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত পূজা কৰা এগৰাকী হিন্দু দেৱী৷ তেওঁক ৰেণুগা মহাৰ আৰু ৰেণুমাতা মহাৰ নামেৰেও জনা যায়৷ প্ৰাচীন ৰেণুকা মহাৰ/য়েল্লাম্মা দেৱীৰ মন্দিৰ হৈছে কৰ্ণাটকৰ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম, মহাৰ ৰেণুকাৰ…
-
ঐৰাৱত
ঐৰাৱত (সংস্কৃত: ऐरावत, ৰোমানীকৃত: airāvata, আক্ষৰিক অৰ্থ: 'ইৰাৱতীৰ সৈতে সম্পৰ্কীত') হিন্দু ধৰ্মৰ কিংবন্তিত বৰ্ণনা কৰা শুভ্ৰ বৰণৰ এটা ঐশ্বৰিক হাতী৷ ইয়াৰ বৈশিষ্ট্য হৈছে ইয়াৰ চাৰিটা দাঁত আৰু সাত ডাল শুৰ থাকে। "হস্তীৰ ৰজা" বুলি খ্যাত এই হাতীটোৱে ইন্দ্ৰ দেৱতা মূল বাহন হিচাপে কাম কৰে।
-
কল্পতৰু
কল্পতৰু হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ লগত জড়িত ইচ্ছাপূৰ্ণ কৰিব পৰা এজোপা ঐশ্বৰিক গছ। ইয়াক কল্পবৃক্ষ, কল্পদ্ৰুম, কল্পপাদপ আদি নামেৰেও জনা যায়। সংস্কৃত সাহিত্যৰ প্ৰাচীনতম উৎসসমূহতো ইয়াৰ উল্লেখ পোৱা যায়। জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ সাহিত্যতো কল্পতৰু জনপ্ৰিয় বিষয়বস্তু।
-
চিত্ৰলেখা
চিত্ৰলেখা (चित्रलेखा; Chitralekha) আছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী ঊষাৰ সখী। তেওঁৰ দেউতাক আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) -ৰ ৰজা বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ড। চিত্ৰলেখা এগৰাকী চিত্ৰকৰ আছিল।
-
জটায়ু
জটায়ু (जटायु) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত শগুণ বা ঈগলৰূপী এক অৰ্ধদেৱতা। তেওঁ অৰুণ আৰু শ্যেনীৰ কনিষ্ঠ সন্তান আৰু সম্পাতিৰ ভ্ৰাতৃ। জটায়ু ৰামৰ পিতৃ দশৰথৰ পুৰণি বন্ধু।
-
জলন্ধৰ
জলন্ধৰ (সংস্কৃত: जलन्धर) বা চলন্তৰণ (সংস্কৃত: चलन्तरण) হৈছে হিন্দু ধৰ্মৰ এজন অসুৰ। ইন্দ্ৰই বজ্ৰৰে আঘাত কৰাত শিৱই ক্ৰোধত তৃতীয় নয়ন মেলাৰ ফলত তেওঁৰ জন্ম হৈছিল। অৱশ্যে শিৱৰ তৃতীয় নয়নৰ পৰা নিৰ্গত শক্তি সমুদ্ৰত প্ৰক্ষেপিত কৰাৰ বাবে ইন্দ্ৰ ৰক্ষা পৰে।
-
যক্ষিণী
যক্ষিণী (यक्षिणी) বা যক্ষি হৈছে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ পৌৰাণিক আখ্যানসমূহত উল্লেখ থকা এক শ্ৰেণীৰ জীৱ। যক্ষিণীসকল যক্ষসকলৰ সহচৰী। তেওঁলোক দেৱতা), অসুৰ, ৰাক্ষস, আৰু গন্ধৰ্ব বা অপ্সৰাসকলতকৈ ভিন্ন।
-
ৰক্তবীজ
ৰক্তবীজ ( रक्तबीज, ) হিন্দু ধৰ্মৰ এটা অসুৰ। পুৰাণ অনুসৰি তেওঁ শুম্ভ আৰু নিশুম্ভৰ সৈতে দুৰ্গাৰ দুয়োটা ৰূপ কালি আৰু চণ্ডী দেৱীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ৰক্তবীজে শিৱৰ পৰা এটা বৰ লাভ কৰিছিল যিটোৰ মতে তেওঁৰ শৰীৰৰ পৰা এটোপাল তেজ যুদ্ধক্ষেত্ৰত পৰিলেই সেই তেজৰ পৰা আৰু বহুতো ৰক্তবীজৰ সৃষ্টিহৈ শত্ৰুৰ লগত…
-
ৰতি
ৰতি বা ৰতিদেৱী (रति) হৈছে হিন্দুসকলৰ প্ৰেম, জৈৱিক কামনা-বাসনা আৰু যৌন তৃপ্তিৰ দেৱী। ৰতিত প্ৰায়েই হাতত এখন তৰোৱাল লৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়। তেওঁ প্ৰেমৰ অধিষ্ঠাতা দেৱতা কামদেৱৰ সহধৰ্মিণী তথা প্ৰজাপতি দক্ষৰ জীয়ৰী।
-
বসুদেৱ
বসুদেৱ ( সংস্কৃত: वसुदेव), যাক অনকদুণ্ডুভি বুলিও কোৱা হয় (অনক আৰু দুণ্ডুভি দুয়োটাই ঢোল বুজায়, তেওঁৰ জন্মৰ সময়ত এই বাদ্য বজোৱা সংগীতজ্ঞসকলৰ নামেৰে), হিন্দু দেৱতা কৃষ্ণ (বাসুদেৱ, অৰ্থাৎ "বসুদেৱৰ পুত্ৰ"), বলোৰাম আৰু সুভদ্ৰাৰ পিতৃ। তেওঁ বৃষ্ণীসকলৰ ৰজা আছিল।
-
মকৰ
মকৰ (मकर) হিন্দুধৰ্মৰ আখ্যানসমূহৰ এক কিংবদন্তিমূলক সামুদ্ৰিক প্ৰাণী। হিন্দু জ্যোতিষশাস্ত্ৰৰ মতে মকৰ হৈছে মকৰ ৰাশিৰ চিহ্ন। ই গংগা দেৱী, নৰ্মদা দেৱী আৰু জলভাগৰ অধিপতি দেৱতা বৰুণৰো বাহন। মকৰক তোৰণ আৰু দুৱাৰদলিৰ ৰক্ষক হিচাপে গণ্য কৰা হয়।
-
লখিন্দৰ
লখিন্দৰ (Lakshindar) হৈছে প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগল, শিৱ পুৰাণ আদিৰ চৰিত্ৰ চান্দ সদাগৰৰ পুত্ৰ আৰু বেউলাৰ পতি। তেওঁ প্ৰাচীন ভাৰতৰ চম্পক নগৰৰ এজন খুব ধুনী তথা ক্ষমতাশালী বণিকৰ পুত্ৰ আছিল।
-
ৰোহিনী (বাসুদেৱৰ পত্নী)
হিন্দু মহাকাব্যসমূহত, ৰোহিণী (रोहिणी) হৈছে বাসুদেৱৰ প্ৰথমা পত্নী আৰু হিন্দু দেৱতা বলোৰাম আৰু সুভদ্ৰাৰ মাতৃ। কৃষ্ণৰ প্ৰতিপালনত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
চৰক
মহৰ্ষি চৰক (আনুমানিক খ্ৰীষ্টপূৰ্ব ১০০ - ২০০ খ্ৰীষ্টাব্দ) প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি আৰু পাৰম্পৰিক ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদৰ চিকিৎসাবিদ। তেওঁক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়। তেওঁ আয়ুৰ্বেদৰ প্ৰাচীন গ্ৰন্থ চৰক সংহিতা ৰচনা কৰিছিল।
-
বকাসুৰ
বকাসুৰ (बकासुर, ),হিন্দু মহাকাব্য মহাভাৰতৰ উল্লেখ থকা এটা অসুৰ। ইয়াক বকা নামেৰেও জনা যায়। ই বৰ্তমান পশ্চিমবংগৰ গড়বেটাৰ সমীপৰ অৰণ্য অঞ্চলত বাস কৰিছিল বুলি উল্লেখ আছে। ৰাজ্য বিস্তাৰ আৰু নিজৰ পৰাক্ৰম দেখুৱাৰ বাবে বকাসুৰে প্ৰজাক অত্যাচাৰ কৰিছিল।
-
বল্লম
বল্লম (তামিল- வேல், lit. 'Vél') হৈছে হিন্দু যুদ্ধৰ দেৱতা মুৰুগান বা কাৰ্তিকৰ সৈতে জড়িত এটা ঐশ্বৰিক অস্ত্ৰ।
-
বৈকুণ্ঠ
বৈকুণ্ঠ (সংস্কৃত: वैकुण्ठ, ৰোমানীকৃত: Vaikuṇṭha) হিন্দু ধৰ্মৰ বৈষ্ণৱ পৰম্পৰাৰ পৰম দেৱতা বিষ্ণু আৰু তেওঁৰ পত্নী লক্ষ্মীৰ নিবাস৷ বৈকুণ্ঠ বিষ্ণুলোক (বিষ্ণুলোক) বুলিও কোৱা হয়, আৰু তামিল ভাষাত তিৰুণাতু (Tirunāṭu) বুলি কোৱা হয়৷ ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ তথা সমাজ সংস্কাৰক ৰামানুজৰ মতে বৈকুণ্ঠ হৈছে পৰম…
-
মেৰু পৰ্বত
যাক সুমেৰু, চিনেৰু বা মহামেৰু বুলিও কোৱা হয় – হিন্দু, জৈন আৰু বৌদ্ধ ব্ৰহ্মাণ্ডবিজ্ঞানৰ এটা পৱিত্ৰ, পাঁচটা শৃংগযুক্ত পৰ্বত, যিটো সকলো ভৌতিক, আধ্যাত্মিক আৰু আধ্যাত্মিক বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ হিচাপে পূজন কৰা হয়।
-
সম্পাতি
বৈদিক গ্ৰন্থসমূহত সম্পাতি (सम्पाति) হৈছে অৰুণ আৰু শ্যেনীৰ জ্যেষ্ঠ সন্তান তথা জটায়ুৰ ভ্ৰাতৃ। তেওঁৰ অৱয়ব এক শগুনৰ দৰে। ব্ৰহ্ম পুৰাণৰ মতে, বব্ৰু নামেৰে সম্পাতিৰ এক পুত্ৰ আছে যি অতি বেগবান আৰু খাতিমান। শৈশৱ কালতে সম্পাতিয়ে নিজৰ ডেউকা দুখন হেৰুৱায়।
-
চাৰি কুমাৰ
হিন্দুসকলৰ পৌৰাণিক একাধিক গ্ৰন্থ অনুযায়ী চাৰি কুমাৰ হ’ল চাৰিজন ঋষি, যিয়ে শিশুৰ ছদ্মবেশেৰে গোটেইবিশ্ব ভ্ৰমণ কৰি ফুৰিছিল। তেওঁলোকৰ নামবোৰ হ’ল যথাক্ৰমে- সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰ। তেওঁলোকক সৃষ্টিকৰ্তা ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ বুলি অভিহিত কৰা হয়।
-
চিৰঞ্জীৱী
চিৰঞ্জীৱী ( 'দীৰ্ঘজীৱী, অমৰ') হিন্দু ধৰ্মশাস্ত্ৰত উল্লেখ থকা আৰু বৰ্তমানৰ যুগ কলিযুগৰ শেষলৈকে পৃথিৱীত জীয়াই থাকিব বুলি বৰদান পোৱা এক অমৰ পুৰুষৰ এটা গোট।
-
বিনতা
বিনতা (সংস্কৃত: विनता) আছিল প্ৰজাপতি দক্ষৰ কণ্যা আৰু ঋষি কাশ্যপৰ পত্নী। বিনতা প্ৰজাপতি দক্ষৰ তেৰগৰাকী কন্যাৰ মাজৰ এগৰাকী আছিল আৰু ১২ গৰাকী ভগ্নীৰ সৈতে কাশ্যপৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। বিনাতাক চৰাই বা পক্ষীকুলৰ মাতৃ বুলিও কোৱা হয়।
-
শৈলপুত্ৰী
শৈলপুত্ৰী (शैलपुत्री) হৈছে হিন্দু দেৱী দুৰ্গাৰে এক ৰূপ। শৈলপুত্ৰীৰ আক্ষৰিক অৰ্থ হৈছে পৰ্বতৰ জীয়ৰী। তেওঁক সতী, ভৱানী, পাৰ্বতী বা হেমৱতী নামেৰেও জনা যায়। তেওঁক প্ৰকৃতিৰ পৰম স্বৰূপ হিচাপে গণ্য কৰা হয়।
-
হলাহল
হলাহল (हलाहल) বা কালকুট (कालकूटं, আক্ষৰিক অৰ্থত: 'ক'লা ভৰ' বা 'সময়ৰ প্ৰহেলিকা') হিন্দু আখ্যানসমূহত উল্লেখ থকা এবিধ বিষৰ নাম। অমৃত লাভৰ উদ্দেশ্যে দেৱতা আৰু অসুৰে লগ হৈ সমুদ্ৰ মন্থন কৰাত ক্ষীৰ মহাসাগৰৰ পৰা ইয়াৰ সৃষ্টি হৈছিল।
-
হিন্দু শ্ৰুতিকথা
হিন্দু শ্ৰুতিকথা (ইংৰাজী: Hindu mythology) বা হিন্দু পৌৰাণিক কাহিনী বুলিলে বিভিন্ন হিন্দু গ্ৰন্থ আৰু পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা হিন্দু ধৰ্মৰ সৈতে জড়িত কিংবদন্তি আৰু শ্ৰুতিকথাৰ সংগ্ৰহক বুজায়। এই শ্ৰুতিকথাবোৰ পবিত্ৰ গ্ৰন্থ যেনে বেদ, মহাকাব্য (মহাভাৰত আৰু ৰামায়ণ), আৰু পুৰাণ আদিত পোৱা যায়।