অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চৰক

মহৰ্ষি চৰক (আনুমানিক খ্ৰীষ্টপূৰ্ব ১০০ - ২০০ খ্ৰীষ্টাব্দ) প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি আৰু পাৰম্পৰিক ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদৰ চিকিৎসাবিদ। তেওঁক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়। তেওঁ আয়ুৰ্বেদৰ প্ৰাচীন গ্ৰন্থ চৰক সংহিতা ৰচনা কৰিছিল।

হালনাগাদ: ১১ মে’ ২০২৬ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মহৰ্ষি চৰক (আনুমানিক খ্ৰীষ্টপূৰ্ব ১০০ - ২০০ খ্ৰীষ্টাব্দ)১ প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি আৰু পাৰম্পৰিক ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদৰ চিকিৎসাবিদ। তেওঁক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়। তেওঁ আয়ুৰ্বেদৰ প্ৰাচীন গ্ৰন্থ চৰক সংহিতা ৰচনা কৰিছিল। তেওঁৰ বিষয়ে ইতিহাসত বিশেষ তথ্য পোৱা নাযায় যদিও পণ্ডিত সকলৰ মতে তেওঁৰ তক্ষশিলা বা কপিস্থলত জন্ম হৈছিল। এই অঞ্চল পাঁচান্দাৰ (পঞ্জাব) ইৰাৱতী নদী (ৰাবি নদী) আৰু চন্দ্ৰবাঘা নদীৰ (চেনাব নদী) মাজত অৱস্থিত আছিল। বৌদ্ধ মঠ আৰু প্ৰাচীন শিক্ষাৰ স্থল হিচাপে তক্ষশিলায়ে তেওঁৰ জন্মস্থান হোৱাটো অধিক সম্ভাৱনাময়।২৩৪৫ কিছুমানৰ মতে চৰক কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কনিষ্কৰ ৰাজবৈদ্য আছিল॥ চৰকৰ দ্বাৰা ৰচিত চৰক সংহিতা আয়ুৰ্বেদৰ অন্যতম মূল গ্ৰন্থ।

সময়কাল

ঋষি চৰকৰ বিষয়ে সম্পূৰ্ণকৈ তথ্য পোৱা নাযায়। তেওঁৰ বিষয়ে ভিন ভিন পণ্ডিতে ভিন ভিন মত পোষণ কৰে। কেইবাটাও সমীক্ষা আৰু পূৰ্বৰ ঐতিহাসিক পাণ্ডুলিপিৰ অধ্যয়ন আৰু গৱেষণাৰ পিছত ভাৰতীয় সংস্কৃতিৰ বিদগ্ধ পণ্ডিত মিউলেনবেল্ডে তেওঁৰ বিষয়ে উল্লেখ কৰিছে,

... লেখক চৰক ১৫০-২০০ খ্ৰীষ্টাব্দৰ পিছত আৰু খ্ৰীষ্টপূৰ্ব ১০০ ৰ বহু আগতে জীয়াই থকা নাছিল।১

বৰ্তমান তেওঁৰ জীৱনকাল আনুমানিক খ্ৰীষ্টপূৰ্ব ১০০ - ২০০ খ্ৰীষ্টাব্দ বুলি ধৰি লোৱা হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Meulenbeld, Gerrit Jan. (1999). A History of Indian Medical Literature, Vol. 1A, Part 1. E. Forsten. পৃ. 114. ISBN 9069801248
  2. ↑ Martin Levey, Early Arabic Pharmacology: An Introduction Based on Ancient and Medieval Sources, Brill Archive (1973), p. 10
  3. ↑ P. N. K. Bamzai, Culture and Political History of Kashmir - Volume 1, M D Publications (1994), p.268
  4. ↑ S.K. Sopory, Glimpses Of Kashmir, APH Publishing Corporation (2004), p. 62
  5. ↑ Krishan Lal Kalla, The Literary Heritage of Kashmir, Mittal Publications (1985), p.65

সম্পৰ্কিত শ্ৰেণী

আয়ুৰ্বেদহিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰক” প্ৰবন্ধৰ সংশোধন ৬০৫৭৪৮ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।