অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বাসুকী

হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ কিংবদন্তিসমূহৰ মতে বাসুকী হৈছে সৰ্পসমূহৰ এজন ৰজা। তেওঁ শিৱৰ ডিঙিত অৱস্থান কৰে। তেওঁৰ শিৰত নাগমণি নামৰ ৰত্ন আছে বুলি কোৱা হয়। সৰ্পৰ দেৱী মনসা বাসুকীৰ ভগ্নী। চীন আৰু জাপানৰ আখ্যান মতে বাসুকী আঠগৰাকী ড্ৰেগন ৰজাৰ অন্যতম।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ কিংবদন্তিসমূহৰ মতে বাসুকী হৈছে সৰ্পসমূহৰ এজন ৰজা। তেওঁ শিৱৰ ডিঙিত অৱস্থান কৰে। তেওঁৰ শিৰত নাগমণি নামৰ ৰত্ন আছে বুলি কোৱা হয়। সৰ্পৰ দেৱী মনসা বাসুকীৰ ভগ্নী। চীন আৰু জাপানৰ আখ্যান মতে বাসুকী আঠগৰাকী ড্ৰেগন ৰজাৰ অন্যতম।১

সমুদ্ৰ মন্থন

মূল প্ৰবন্ধ: সমুদ্ৰ মন্থন

শিৱৰ গলত অলংকাৰৰূপে আভূষিত হোৱাৰ বাবে বাসুকী জনাজাত। দেৱতা আৰু অসুৰৰ সমুদ্ৰ মন্থনৰ সময়ত বাসুকীক মন্থন দণ্ড মন্দৰ পৰ্বতক মেৰিয়াই মন্থন জৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ Eight great dragon kings. Chinabuddhismencyclopesia.com
  2. ↑ Jones, Constance. (2007). Encyclopedia of Hinduism. Infobase Publishing. পৃ. 300. ISBN 978-0-8160-5458-9

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাসুকী” প্ৰবন্ধৰ সংশোধন ৬৩১৬১২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।