কল্পতৰু হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ লগত জড়িত ইচ্ছাপূৰ্ণ কৰিব পৰা এজোপা ঐশ্বৰিক গছ। ইয়াক কল্পবৃক্ষ, কল্পদ্ৰুম, কল্পপাদপ আদি নামেৰেও জনা যায়। সংস্কৃত সাহিত্যৰ প্ৰাচীনতম উৎসসমূহতো ইয়াৰ উল্লেখ পোৱা যায়। জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ সাহিত্যতো কল্পতৰু জনপ্ৰিয় বিষয়বস্তু। কল্পতৰুৰ উৎপত্তি সমুদ্ৰ মন্থনৰ সময়ত হৈছিল। সমুদ্ৰমন্থনত দেৱতাসকলে ইয়াক লাভ কৰে আৰু দেৱৰাজ ইন্দ্ৰয়ে গছজোপা স্বৰ্গলৈ লৈ যায়। কল্পতৰুক ভাস্কৰ্য, মূৰ্তিবিদ্যা আৰু সাহিত্যত বহুলভাৱে ব্যৱহাৰ কৰা হয়। বৰ্তমান বিভিন্ন প্ৰান্তত কিছুমান গছ যেনে পলাশ, বট গছ, মহুৱা, খেঝড়ী, চিউৰী, নুনি গছক কল্পতৰুৰ বুলি গণ্য কৰা হয়।

উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পতৰু” প্ৰবন্ধৰ সংশোধন ৩৬৯১৩৪ (১৯ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।