অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ৰোহিনী (বাসুদেৱৰ পত্নী)

হিন্দু মহাকাব্যসমূহত, ৰোহিণী (रोहिणी) হৈছে বাসুদেৱৰ প্ৰথমা পত্নী আৰু হিন্দু দেৱতা বলোৰাম আৰু সুভদ্ৰাৰ মাতৃ। কৃষ্ণৰ প্ৰতিপালনত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৫ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

হিন্দু মহাকাব্যসমূহত, ৰোহিণী (रोहिणी) হৈছে বাসুদেৱৰ প্ৰথমা পত্নী আৰু হিন্দু দেৱতা বলোৰাম আৰু সুভদ্ৰাৰ মাতৃ। কৃষ্ণৰ প্ৰতিপালনত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।১২

জীৱন

ৰোহিণীক ৰজা বাহ্লীকাৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে। তেওঁ যাদৱ ৰাজকুমাৰ বাসুদেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।৩

বাসুদেৱে মথুৰাৰ ৰাজকুমাৰী দৈৱকীকো বিয়া কৰাইছিল। ইয়াৰ পিছতেই দৈৱকীসহ বাসুদেৱে কংসৰ কাৰাগাৰত বন্দী জীৱন কটাব লগা হয়। তেওঁলোকৰ বিবাহৰ পিছতে এক ঐশ্বৰিক বাণীত দৈৱকীৰ অষ্টম পুত্ৰৰ দ্বাৰা কংসৰ মৃত্যুৰ ভৱিষ্যতবাণী কৰা হৈছিল। যেতিয়া বাসুদেৱক বন্দী কৰা হয়, ৰোহিণী বজ্ৰত তেওঁৰ সম্পৰ্কীয় ভাই নন্দৰ ঘৰত থাকে। দৈৱকীয়ে প্ৰথম অৱস্থাত জন্মদিয়া ছয় পুত্ৰক কংসই হত্যা কৰে সেয়ে কংসৰ অজ্ঞাতে দৈৱকীৰ সপ্তম ভ্ৰূণটো ৰোহিণীৰ গৰ্ভলৈ স্থানান্তৰ কৰোৱাত ৰোহিনীয়ে বলোৰামক জন্ম দিয়ে।৩

দৈৱকীৰ অষ্টম সন্তান কৃষ্ণৰ সৈতে নন্দ আৰু যশোদাৰ কন্যা সন্তানৰ সৈতে গোপনীয়তাৰে সালসলনি কৰা হৈছিল। যশোদা (কৃষ্ণৰ পালক-মাতৃ) আৰু ৰোহিনীয়ে কৃষ্ণ আৰু বলৰামৰ লালন-পালন কৰে। ৩

কৃষ্ণ আৰু বলোৰামৰ দ্বাৰা বসুদেৱক মুক্ত কৰাৰ পিছত, ৰোহিনীয়ে এগৰাকী কন্যা সুভদ্ৰাক জন্ম দিয়ে।৪

মহাভাৰত মহাকাব্যত, যাদৱ বংশৰ ধ্বংসৰ সময়তেই বাসুদেৱৰ মৃত্যু হয় ৰোহিনীয়ে বাসুদেৱৰ আন কেইগৰাকী পত্নী দৈৱকী, ভদ্ৰা আৰু মাদেইৰাৰ সৈতে বাসুদেৱৰ চিতা জুইত নিজকে সমৰ্পন কৰে।৫

বলোৰামৰ মাতৃ

বলোৰামক ম্যাট্ৰোনমিক বিশেষণ ৰৌহিণ্য "ৰোহিণী পুত্ৰ" দিয়া হয়। ব্ৰহ্মবৈৱৰ্ত পুৰাণত, ৰোহিণীক সৰ্পৰ মাতৃ কাদ্ৰুৰ অৱতাৰ বুলি কোৱা হয়; বলৰামক ঐশ্বৰিক নাগ শেষৰ অৱতাৰ বুলি গণ্য কৰা হয়।৩

জৈন ধৰ্ম

কৃষ্ণ আৰু বলোৰামৰ সৈতে সম্পৰ্কিত জৈন কাহিনীত, ৰোহিণী হৈছে কোশল ৰাজ্যৰ ৰাজকুমাৰী। তেওঁ স্বয়ম্বৰ অনুষ্ঠানত বসুদেৱক তেওঁৰ স্বামী হিচাপে বাছনি কৰে। তেওঁ সৌৰপুৰত বাসুদেৱৰ সৈতে জীৱন অতিবাহিত কৰে, য'ত তেওঁ পুত্ৰ বলোৰামক জন্ম দিয়ে। জৈন বৰ্ণনা অনুসৰি তেওঁ চাৰিটা সপোন দেখিছিল: এটা সিংহ, এটা বগা হাতী, চন্দ্ৰ আৰু সাগৰ; এই সমূহ হিন্দু ধৰ্মৰ লগতে জৈন ধৰ্মতো বলোৰামৰ সৈতে সম্পৰ্কিত প্ৰতীক। জৈন মত অনুসৰি ৰোহিনীয়ে ব্ৰজত কৃষ্ণৰ লালন-পালনত কোনো ভূমিকা পালন কৰা নাছিল; তেওঁ সৌৰাপুৰত বলোৰামৰ যত্নহে লৈছিল। প্ৰাপ্তবয়স্ক বলোৰামে কৃষ্ণক সহায় কৰিবলৈ ব্ৰজধামলৈ যায়।৩

তথ্যসূত্ৰ

  1. ↑ Flueckiger, Joyce Burkhalter. (2013). When the World Becomes Female: Guises of a South Indian Goddess. Indiana University Press. ISBN 978-0-253-00960-9
  2. ↑ Patel, Vijay. (2011). Corrupt Practice. AuthorHouse. ISBN 978-1-4567-9304-3
  3. ↑ Vemsani, Lavanya. (2016). Krishna in History, Thought, and Culture: An Encyclopedia of the Hindu Lord of Many Names. ABC-CLIO. পৃ. 233–4. ISBN 978-1-61069-211-3
  4. ↑ Vemsani, Lavanya. (2016). Krishna in History, Thought, and Culture: An Encyclopedia of the Hindu Lord of Many Names. ABC-CLIO. পৃ. 195. ISBN 978-1-61069-211-3
  5. ↑ The Mahabharata, Book 16: Mausala Parva: Section 7. Sacred-texts.com

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোহিনী (বাসুদেৱৰ পত্নী)” প্ৰবন্ধৰ সংশোধন ৫৬৪৫৮৩ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।