হিন্দু কিংবদন্তি
১০৬ প্ৰবন্ধ
-
চতুৰ্ভূজ ৰূপ
চতুৰ্ভুজ ৰূপ হিন্দু কাল্পনিক চিত্ৰণৰ এক ধাৰণা, য’ত এজন দেৱতাক চাৰিখন বাহুৰে চিত্ৰিত কৰা হয়। কেইবাজনো হিন্দু দেৱতাক তেওঁলোকৰ কাল্পনিক চিত্ৰত প্ৰায়ে চাৰিখন বাহুৰে চিত্ৰিত কৰা হয়, যিবোৰ হিন্দু সাহিত্যত দেখা যায়।
-
চিন্তামণি
চিন্তামণি (সংস্কৃত: चिन्तामणि), হিন্দু আৰু বৌদ্ধ পৰম্পৰাত ইচ্ছা পূৰণ কৰে বুলি বিশ্বাস কৰা এক প্ৰকাৰৰ ৰত্ন বা মুকুতা। বৌদ্ধ শাস্ত্ৰত বৰ্ণনা কৰা বহু কেইটা আচৰ্যকৰ মণিৰ ভিতৰত ই অন্যতম। হিন্দু ধৰ্মত বিষ্ণু আৰু গণেশ দেৱতাৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।
-
দ্বিবিদ
দ্বিবিদ হিন্দু ধৰ্মত প্ৰচলিত বিভিন্ন বান্দৰ সদৃশ এটা চৰিত্ৰৰ নাম। ব্ৰহ্ম পুৰাণ আৰু হিন্দু সাহিত্যৰ অন্যান্য গ্ৰন্থত তেওঁৰ অসুৰ। এই অসুৰক বলোৰামে বধ কৰে। ৰামায়ণ মতে ৰাম আৰু ভায়েক লক্ষ্মণক ৰাৱণক পৰাস্ত কৰাত সহায় কৰা মৈন্দাৰ অন্যতম ভাতৃ।
-
পদ্ম (বিষ্ণু)
পদ্ম (पद्म) হৈছে বিষ্ণুৱে ধাৰণ কৰা চাৰিটা বৈশিষ্ট্যৰ ভিতৰত অন্যতম। ইয়াৰ সৈতে জলভাগৰ ওপৰত অৱস্থিত বিষ্ণুৰ বাসস্থানৰ লগতে সৃষ্টি আৰু জন্মৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা জড়িত হৈ আছে।
-
পৰশু
পৰশু সংস্কৃত ভাষাৰ শব্দ, যাৰ অৰ্থ যুদ্ধ-কুঠাৰ, যিটো এখন হাত বা দুয়োহাতেৰে ব্যৱহাৰ কৰিব পাৰি।
-
ভানুমতী (যাদৱবংশী)
ভানুমতী হিন্দু সাহিত্যৰ উল্লেখযোগ্য সংকলন গ্ৰন্থ আৰু মহাভাৰতৰ পৰিশিষ্ট হৰিবংশত উল্লেখ কৰা এক নাৰী চৰিত্ৰ। তেওঁক যাদৱ বংশৰ বিশিষ্ট নেতা ভানুৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে। আখ্যানত অভিশাপৰ বাবে ভানুমতীক নিকুম্ভ নামৰ অসুৰে অপহৰণ কৰি লৈ যায়।
-
মিত্ৰবিন্দা
মিত্ৰবিন্দা (Mitravinda) হৈছে দেৱতা শ্ৰীবিষ্ণুৰ অৱতাৰ আৰু দ্বাপৰ যুগৰ দ্বাৰকাৰ ৰজা তথা কৃষ্ণৰ আঠজন প্ৰধান অষ্টভাৰ্যাৰ ষষ্ঠতম ৰাণী।
-
ললিতা (গোপী)
ললিতা পৰম্পৰাগত হিন্দু ধৰ্মৰ অন্তৰ্গত ৰাধা-কৃষ্ণৰ উপাসনাৰ গৌড়ীয় বৈষ্ণৱবাদৰ ধাৰাত বৰ্ণিত নগৰাকী মুখ্য গোপীৰ ভিতৰত অন্যতম। অষ্টসখী নামেৰে জনাজাত আঠগৰাকী জ্যেষ্ঠ গোপীৰ ভিতৰত ললিতাই হৈছে সৰ্বাগ্ৰগণ্য। স্বৰ্গীয় প্ৰেমাস্পদ-যুগল শ্ৰী শ্ৰী ৰাধা-কৃষ্ণৰ তেওঁ এগৰাকী সুহৃদ সখী।
-
হিন্দু মহাকাব্যৰ এলজিবিটি বিষয়বস্তু
হিন্দু মহাকাব্যৰ এলজিবিটি বিষয়বস্তুত হিন্দু দেৱতা বা পুৰাণ আদিৰ নায়ক সকল অন্তৰ্ভুক্ত হৈছে যাৰ গুণাগুণ বা আচৰণক সমকামী (লেচবিয়ান, গে), উভকামী, ট্ৰান্সজেণ্ডাৰ, বা লিংগ বিভাজন আৰু অবিষমকামী যৌনতাৰ উপাদান হিচাপে ব্যাখ্যা কৰিব পাৰি।
-
ৰৈৱতক
ৰৈৱতক পৰ্বত মহাভাৰত মহাকাব্য আৰু হৰিৱংশ-পুৰাণ ২.৫৫.১১১ত উল্লেখ কৰা পৰ্বত আছিল। মহাভাৰতত ইয়াক অনৰ্ত ৰাজ্যত অৱস্থিত বুলি উল্লেখ কৰা হৈছে। হৰিৱংশ-পুৰাণত ইয়াক "ৰজা ৰৈৱতকৰ ক্ৰীড়াক্ষেত্ৰৰ ওচৰত" (২.৫৬.২৯) আৰু ইয়াক "দেৱতাৰ বাসস্থান" (২.৫৫.১১১) বুলি কোৱা হয়।
-
কেশৰী
কেশৰী এক পুৰুষ বানৰ আৰু হিন্দু ধৰ্মৰ এক চৰিত্ৰ। তেওঁ হনুমানৰ পিতৃ আৰু অঞ্জনাৰ স্বামী।
-
ত্ৰিশংকু
ত্ৰিশংকু (त्रिशङ्कु), জন্মনাম সত্যব্ৰত, সূৰ্য্যবংশ (সৌৰ বংশ)ৰ এজন ৰজা যি হিন্দু গ্ৰন্থসমূহত বৰ্ণিত হৈছে। তেওঁৰ কিংবদন্তি ৰামায়ণমহাকাব্যত বৰ্ণনা কৰা হৈছে। তেওঁ ৰজা হৰিশ্চন্দ্ৰৰ পিতৃ।
-
নন্দক
নন্দক (नन्दक) বা নন্দকী হৈছে হিন্দুসকলৰ ত্ৰিদেৱৰ অন্যতম দেৱতা বিষ্ণুৰ তৰোৱাল। সাধাৰণতে বিষ্ণুক তেওঁৰ সচৰাচৰ চতুৰ্ভুজতকৈ অধিক হাতৰ সৈতে প্ৰতিনিধিত্ব কৰা চিত্ৰত নন্দকক চিত্ৰিত কৰা হয়। হিন্দু শাস্ত্ৰত তৰোৱালক জ্ঞানৰ লগত তুলনা কৰা হৈছে।
-
বিন্ধ্যাৱলী
বিন্ধ্যাৱলী (সংস্কৃত: विन्ध्यावलि, ৰোমানীকৃত: Vindhyāvalī) আশ্ৰমা, বালিকা বা চাৰুথি নামেৰেও জনাজাত হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা অসুৰ ৰজা মহাবলিৰ পত্নী৷ হিন্দু গ্ৰন্থ অনুসৰি বিন্ধ্যাৱলীৰ দুজন পুত্ৰ বাণাসুৰ আৰু নমসুকে ধৰি এশজন সন্তান আছিল, লগতে ৰত্নমালা নামৰ এগৰাকী কন্যা আছিল।
-
হিন্দু শ্ৰুতিকথামূলক যুদ্ধ
হিন্দু শ্ৰুতিকথামূলক যুদ্ধ (ইংৰাজী: Hindu mythological wars) বুলিলে প্ৰাচীন ভাৰতৰ হিন্দু গ্ৰন্থত বৰ্ণনা কৰা যুদ্ধ সমূহক বুজা যায়। এই যুদ্ধবোৰত মহাশক্তিশালী মৰ্ত্যলোকৰ লগতে দেৱতা আৰু অলৌকিক সত্তা উভয়কে চিত্ৰিত কৰা হৈছিল, যিবোৰে প্ৰায়ে মহাশক্তিৰ অলৌকিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল।
-
হিৰণ্যগৰ্ভ
হিৰণ্যগৰ্ভ (আক্ষৰিক অৰ্থত 'সোণালী গৰ্ভ') হৈছে বৈদিক দৰ্শনত বিশ্বব্ৰহ্মাণ্ড বা প্ৰকাশিত মহাবিশ্ব সৃষ্টিৰ উৎস। হিৰণ্যগৰ্ভ সূক্ত নামেৰে জনাজাত ঋগবেদৰ এটা শ্লোকত (ঋ.ব ১৯.১২১) ইয়াৰ উল্লেখ পোৱা যায়, য'ত একক সৃষ্টিকৰ্তা দেৱতাৰ ইংগিত পোৱা যায় আৰু তেওঁক প্ৰজাপতি বুলি চিনাক্ত কৰা হৈছে।