অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চান্দ সদাগৰ

চান্দ সদাগৰ (Chand Sadagar) হৈছে প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগল, শিৱ পুৰাণ আদিৰ চৰিত্ৰ লখিন্দৰৰ পিতৃ আৰু বেউলাৰ শহুৰ। তেওঁ প্ৰাচীন ভাৰতৰ চম্পক নগৰৰ এজন খুব ধনী তথা ক্ষমতাশালী বণিক আছিল। চান্দ সদাগৰৰ উপাখ্যানৰ লগত সৰ্পদেৱী মনসাৰ কাহিনীও জড়িত হৈ আছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৪ ৩৯ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ
ছয়গাঁৱৰ মঠপাৰা গাঁৱত অৱস্থিত মেৰঘৰৰ ধ্বংসাৱশেষ।
ছয়গাঁৱৰ মঠপাৰা গাঁৱত অৱস্থিত মেৰঘৰৰ ধ্বংসাৱশেষ।ছবি: Thakuriadipankar · CC BY-SA 4.0

চান্দ সদাগৰ (Chand Sadagar) হৈছে প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগল, শিৱ পুৰাণ আদিৰ চৰিত্ৰ লখিন্দৰৰ পিতৃ আৰু বেউলাৰ শহুৰ। তেওঁ প্ৰাচীন ভাৰতৰ চম্পক নগৰৰ এজন খুব ধনী তথা ক্ষমতাশালী বণিক আছিল।১ চান্দ সদাগৰৰ উপাখ্যানৰ লগত সৰ্পদেৱী মনসাৰ কাহিনীও জড়িত হৈ আছে। বৰ্তমানৰ দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁৱত চান্দ সদাগৰ নিৰ্মিত মেৰঘৰৰ ধ্বংসাৱশেষ পোৱা যায়। তদুপৰি লোকগীতসমূহত বেউলা-লক্ষিন্দাৰৰ বিভিন্ন কাহিনীৰ উল্লেখে চান্দ সদাগৰৰ গুৰুত্ব বহন কৰে।

বংশধৰ

চান্দ সদাগৰৰ পত্নীৰ নাম আছিল সনেকা। লখিন্দৰ তেওঁৰ পুত্ৰ আছিল আৰু সাহেই ৰাজ্যৰ জীয়াৰী বেউলা আছিল চান্দ সদাগৰৰ বোৱাৰী তথা লখিন্দৰৰ পত্নী। পূৰ্বজন্মত বেউলা বাণাসুৰৰ জীয়েক ঊষা আৰু লখিন্দৰ প্ৰদ্যুম্নৰ পুত্ৰ তথা কৃষ্ণৰ নাতি অনিৰুদ্ধ আছিল বুলি জনা যায়।২

পঠনীয়

  • ঠাকুৰীয়া, সুৰেণ, "চম্পকৰ ঐতিহ্য"

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kaura, Atul. (12 Dec 2019). Story of Chand Sadagar
  2. ↑ দত্ত, চন্দ্ৰকান্ত. চান্দ সদাগৰ

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চান্দ সদাগৰ” প্ৰবন্ধৰ সংশোধন ৪৩২৯৭১ (২৩ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।