হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী
৮৪ প্ৰবন্ধ
-
ৰাজকুমাৰী ডুবে
ৰাজকুমাৰী ডুবে ( Rajkumari Dubey; ১৯২৪-২০০০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আছিল। ৰাজকুমাৰী নামেৰে প্ৰখ্যাত, হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত কণ্ঠশিল্পীগৰাকীৰ সঙ্গীত জীৱনৰ দৈৰ্ঘ্য প্ৰায় চাৰি দশক যদিও ১৯৩০ আৰু ১৯৪০ৰ দশক দুটা তেওঁৰ বাবে উজ্জ্বলতৰ সময়।
-
ৰুনা লাইলা
ৰুনা লাইলা (Runa Laila;; ১৭ নৱেম্বৰ ১৯৫২) এগৰাকী বাংলাদেশী নেপথ্য কণ্ঠশিল্পী আৰু মিউজিক কম্পোজাৰ। ১৯৬০ চনৰ শেষৰ ফালে পাকিস্তান চলচ্চিত্ৰ জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।
-
অনাইদা
অনাইদা পৰৱানে (জন্ম: ১৯৮০) এগৰাকী ভাৰতীয় গায়িকা আৰু চেফ। ১৯৯৫ চনত ভাৰতত একক গীত মুকলি কৰা প্ৰথমগৰাকী গায়িকা। বৰ্তমান তেওঁ ছ'ডা বটল ওপেনাৰৱালা কেফে শৃংখলৰ চেফ আৰু তেওঁ চীনা হিলাৰ (healer) হিচাপে কাম কৰে।
-
অনুপমা
অনুপমা (Annupamaa) তামিলনাডুৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। বিশেষকৈ থিৰুদা থিৰুদা ছবিৰ "চন্দ্ৰলেখা" গীতটিৰ বাবে তেওঁ পৰিচিত। তেওঁ কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণো লাভ কৰিছে আৰু ট্ৰিনিটি কলেজ লণ্ডনৰ ৬ষ্ঠ গ্ৰেডৰ একক পিয়ানোবাদক।
-
অমৃতা কাক
অমৃতা কাক এগাৰকী বলীউডৰ গায়িকা, যিয়ে বহুকেইখন বলীউড চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰি আহিছে। তেওঁ ভাৰতীয় ৰাজনীতিবিদ বীনা কাকৰ কন্যা, আৰু ব্যৱসায়ী ৰিজু ঝুনঝুনৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
-
অম্ৰুতা ফাদনবিছ
অম্ৰুতা ফাদনবিছ (Amruta Fadnavis; জন্ম: ৯ এপ্ৰিল ১৯৭৯) এগৰাকী ভাৰতীয় বেংকাৰ, অভিনেত্ৰী, গায়িকা আৰু সমাজ কৰ্মী আৰু মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছৰ পত্নী। তেওঁ এক্সিছ বেংকৰ উপাধ্যক্ষ পদত অধিষ্ঠিত।
-
অৰ্পিতা চক্ৰৱৰ্তী
অৰ্পিতা চক্ৰৱৰ্তী এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু লাইভ পৰিবেশক। তেওঁ সত্যাগ্ৰহ ছবিৰ "ৰস কে ভৰে তোৰে নেইন", ৰাগিনী এম এম এছ ২ ছবিৰ "লৰি অৱ ডেথ", টোটেল ধমাল ছবিৰ "পেইছা য়ে পেইছা", হিৰো ছবিৰ "খোয়া খোয়া", বেজুবান ইছক ছবিৰ টাইটেল ট্ৰেক, তেলেগু ছবি জগাথা নেন্দুদলীৰ "কনাবাদুনা" আৰু "মনাছে…
-
আকৃতি কক্কৰ
আকৃতি কক্কৰ এগৰাকী ভাৰতীয় গায়িকা আৰু সুৰকাৰ। তেওঁৰ গীত হাম্পটি শৰ্মা কি দুলহানিয়া ছবিৰ "চেটাৰ্ডে চেটাৰ্ডে" আৰু ২ ষ্টেটৰ "ইস্কি উস্কি" জনপ্ৰিয় হৈ উঠে। আকৃতি জি বাংলাৰ ছাৰেগামাপা: লি'ল চেম্পছৰ বিচাৰক আছিল আৰু কালাৰছ টিভিৰ ঝলক দিখলা যাত পৰিবেশন কৰিবলৈ ওলাইছিল।
-
আস্থা গিল
আস্থা গিল (Aastha Gill; জন্ম: ২৪ জুন ১৯৯১) বলীউড আৰু পাঞ্জাবী পপ সংগীতৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় গায়িকা আৰু গীতিকাৰ। ফুগলীৰ (২০১৪) "ধুপ চিক", খুবছুৰতৰ (২০১৪) "অভি তো পাৰ্টি চুৰু হুই হ্যায়" আৰু "ডিজে ৱালে বাবু"কে (২০১৫) ধৰি চলচ্চিত্ৰৰ গীত গাই জনপ্ৰিয়তা লাভ কৰে।
-
চন্দনা দীক্ষিত
চন্দনা দীক্ষিত এগৰাকী নেপথ্য কণ্ঠশিল্পী। তেওঁ ১৯৯৫ চনত গোবিন্দ আৰু কৰিশ্মা কাপুৰ অভিনীত কুলি নম্বৰ ১ শীৰ্ষক হিন্দী ছবিৰ "হুছন হ্যায় ছুহানা" গীতটো গোৱাৰ বাবে বিখ্যাত। তেওঁৰ আন এটা জনপ্ৰিয় গীত হৈছে ১৯৯৬ চনৰ ৰক্ষক ছবিৰ "ছেহৰ কি লড়কী"।
-
চেলিম-চুলেমান
চেলিম-চুলেমান (Salim–Sulaiman) হৈছে ভাৰতীয় সুৰকাৰৰ এটি যুটি। এই দুয়ো ককাই-ভাই হ'ল ক্ৰমে চেলিম মাৰ্চেণ্ট আৰু চুলেমান মাৰ্চেণ্ট। দুয়োৱে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰে।
-
ছুজেন ডি'মেলো
ছুজেন ডি'মেলো বলীউড আৰু অন্যান্য আঞ্চলিক ছবিৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যি পূৰ্বতে ছুজি কিউ নামেৰে পৰিচিত আছিল। তেওঁ টেলিভিছনৰ বিজ্ঞাপনৰ বাবেও জিংগল গাইছে। যোৱা কিছু বছৰৰ পৰা ছুজেনে এ.আৰ.
-
ধ্বনি ভানুশালী
ধ্বনি ভানুশালী (জন্ম: ২২ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় পপ গায়িকা আৰু অভিনেত্ৰী। মুম্বাইত জন্মগ্ৰহণ কৰা ভানুশালীয়ে ২০১৯ চনত তেওঁৰ একক ‘বাস্তে’ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰে, যিয়ে ইউটিউবত ১.৭ বিলিয়ন ভিউ অতিক্ৰম কৰি ইউটিউবত ১ বিলিয়ন ভিউ লাভ কৰা আটাইতকৈ কম বয়সীয়া আৰু দ্ৰুততম ভাৰতীয় পপ তাৰকা হিচাপে…
-
নাটালি ডি লুচিঅ’
নাটালি ডি লুচিঅ’ (Natalie Di Luccio; জন্ম: ২৯ জুন ১৯৮৯) অন্টাৰিঅ'ৰ টৰন্টোৰ এগৰাকী ইটালীয়-কানাডিয়ান শাস্ত্ৰীয়-ক্ৰছঅভাৰ গায়িকা। ভাৰতীয় শাস্ত্ৰীয় গীতৰ অনন্য পৰিবেশনৰ বাবে তেওঁক প্ৰায়ে "বলিউডৰ ছ'প্ৰানো" বুলি কোৱা হয়।
-
নাৰ্গিছ বাঘেৰী
নাৰ্গিছ বাঘেৰী এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু গায়িকা, যিয়ে বলীউড আৰু কলিউড ছবিত অভিনয় কৰিছিল আৰু বলীউডৰ এখন ছবিৰ বাবে গীত গাইছিল। তেওঁক বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ দৰে একে নাৰ্গিছ নামেৰে জনা যায়। বাঘেৰীৰ ঘৰ পুনেত। ২০০৫ চনত মুক্তি পোৱা গৰম মছলা আছিল তেওঁৰ প্ৰথম ছবি।
-
পামেলা চোপ্ৰা
পামেলা চোপ্ৰা (Pamela Chopra; জন্ম: সিং; ২৯ জুলাই ১৯৪৮ – ২০ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আছিল। তেওঁ বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ পৰিচালক যশ চোপ্ৰাৰ পত্নী, আৰু নিজস্ব অধিকাৰত এগৰাকী চলচ্চিত্ৰ লেখিকা আৰু প্ৰযোজক আছিল। চোপ্ৰাই ছবিৰ সৈতে কেইবাটাও জড়িত আছিল।
-
প্ৰকৃতি কক্কৰ
প্ৰকৃতি কক্কৰ এগৰাকী ভাৰতীয় গায়িকা। নতুন দিল্লীত জন্মগ্ৰহণ কৰা কক্কৰৰ কেৰিয়াৰ ২০১২ চনৰ বলীউড ছবি তুতিয়া দিলৰ টাইটেল গীত গোৱাৰ পৰা আৰম্ভ হৈছিল। ইয়াৰ পিছত ২০১৩ চনত মুক্তি পোৱা ছবিৰ বাবে কিছু ট্ৰেকত কণ্ঠদান কৰে, বেছিভাগেই বেকিং ভোকেলছ দিছিল।
-
প্ৰিয়ংকা বাৰ্ৱে
প্ৰিয়ংকা বাৰ্ৱে এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী। বাৰ্ৱে মাৰাঠী, হিন্দী আৰু আন কিছুমান ভাৰতীয় ভাষাত গীত গাইছে, অৱশ্যে মাৰাঠী চলচ্চিত্ৰ উদ্যোগত তেওঁ আটাইতকৈ সক্ৰিয়। ফিৰোজ খানৰ “মোগল ই আজম”ৰ বহল অভিযোজনত আনাৰকলীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বাৰ্ৱে পৰিচিত।
-
লীলা ৰায় ঘোষ
লীলা ৰায় ঘোষ ( Leela Roy Ghosh; ১৯৪৭ বা ১৯৪৮ – ১১ মে' ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কণ্ঠ ডাবিঙৰ পাৰদৰ্শী আছিল। তেওঁ হিন্দী, বাংলা, ইংৰাজী, মাৰাঠী আৰু উৰ্দু ভাষাত ডাবিং কৰিছিল। তেওঁ এগৰাকী ডাবিং পৰিচালকও আছিল। তেওঁৰ কন্যা মোনা ঘোষ শ্বেট্টি এগৰাকী কণ্ঠ অভিনেত্ৰী আৰু গায়িকা।
-
শক্তিশ্ৰী গোপালন
শক্তিশ্ৰী গোপালন এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, কম্পোজাৰ, গীতিকাৰ আৰু পৰিবেশক, যি এ.আৰ. ৰহমানৰ দৰে দক্ষিণ ভাৰতৰ শীৰ্ষ সংগীত পৰিচালকৰ সৈতে সহযোগিতাৰ বাবে জনাজাত। চলচ্চিত্ৰীয় সংগীতৰ বাহিৰেও তেওঁ স্বতন্ত্ৰ সংগীত জগততো নিয়মীয়া অৱদান ৰাখিছে।
-
শশা তিৰুপতি
শশা কিৰণ তিৰুপতি (Shashaa Kiran Tirupati; জন্ম: ২১ ডিচেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় বংশোদ্ভূত, কানাডিয়ান নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ আৰু সংগীত প্ৰযোজক। জনপ্ৰিয়ভাৱে "হাম্মা গাৰ্ল" নামেৰে পৰিচিত তিৰুপতিয়ে ২০১৮ চনত তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে কাট্ৰু ভেলিয়িদাই…
-
ৰংকিনী গুপ্তা
ৰংকিনী গুপ্তা (Ronkini Gupta; জন্ম: ১৯৮৪) এগৰাকী হিন্দুস্তানী শাস্ত্ৰীয় আৰু নেপথ্য কণ্ঠশিল্পী, যিয়ে ২০০৪ চনত জি টিভিত প্ৰচাৰিত সাৰেগামাপা ৱৰ্ল্ড ছিৰিজৰ ৰিয়েলিটি শ্ব'ত জয়ী হৈছিল।
-
ৰাম্যা বেহাৰা
ৰাম্যা বেহাৰা এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে মূলতঃ তেলেগু ছবিত কাম কৰে। তেলেগু, কানাড়া, তামিল, মালয়ালম আৰু হিন্দী ছবিত তেওঁ ১৮০ টাতকৈও অধিক গীত গাইছে। তেলেগু ছবি “বাহুবলী: দ্য বিগিনিঙ”ৰ (২০১৫) "ধীৱৰা" তেওঁৰ সফল গীত আছিল।
-
ৰূপৰেখা বেনাৰ্জী
ৰূপৰেখা বেনাৰ্জী ( Ruprekhay Banerjee) এগৰাকী ভাৰতীয় সংগীতকাৰ। তেওঁ ভাৰতৰ জনপ্ৰিয় টেলিভিছন শ্ব’ ফেম গুৰুকুলৰ তিনিগৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম, য’ত আন দুজন আছিল ৰেক্স ডিছুজা আৰু কাজী তৌকিৰ। ২০০৫ চনৰ ২০ অক্টোবৰত তেওঁ তৌকিৰৰ সৈতে শীৰ্ষ পুৰস্কাৰ লাভ কৰে।