অমৃতা কাক এগাৰকী বলীউডৰ গায়িকা, যিয়ে বহুকেইখন বলীউড চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰি আহিছে। তেওঁ ভাৰতীয় ৰাজনীতিবিদ বীনা কাকৰ কন্যা, আৰু ব্যৱসায়ী ৰিজু ঝুনঝুনৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১ অভিনেতা ছলমান খানে তেওঁক চলচ্চিত্ৰ জগতৰ সৈতে পৰিচয় কৰাই দিয়ে আৰু তেওঁলোকৰ ঘনিষ্ঠতাৰ বাবে তেওঁক চলমনৰ ৰাখী ভগ্নী বুলি কোৱা হয়।২ চলমনৰ ছবিৰ বাবে তেওঁৰ বেছিভাগ গীত গাইছে। তেওঁ নিজাকৈ ফেশ্বন ব্ৰেণ্ড "অমৃতা দ্য লেবেল" আৰম্ভ কৰিছে।৩
তেওঁ মেইনে প্যাৰ কিয়াৰ “জাষ্ট চিল চিল” ৰেডীৰ “কেৰেক্টাৰ ঢিলা”, বডীগাৰ্ডৰ “দেশী বিট”ৰ দৰে গীতৰ গায়িকা আছিল।৪৫৬ তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণো লৈছে।৭
ব্যক্তিগত জীৱন
অমৃতাৰ মাতৃ ভাৰতীয় ৰাজনীতিবিদ বীনা কাক। তেওঁৰ এজন ভাতৃ অংকুৰ কাক। অভিনেতা ছলমান খান তেওঁৰ ৰাখী ভাতৃ আৰু তেওঁৰ গুৰু। ২০১০ চনৰ ২৯ মে'ত ৰিজু ঝুনঝুনৱালাৰ সৈতে অমৃতাৰ বিবাহ হয়।
তথ্যসূত্ৰ
- ↑ (28 February 2014). Ex-minister Bina Kak celebrated her 60th birthday grandly in Delhi. The Times of India
- ↑ Kamra, Diksha. (1 June 2011). Salman's treat me like a sister. The Times of India
- ↑ url=https://amritathelabel.com/
- ↑ (29 July 2011). Review: Bodyguard music is average. Rediff
- ↑ (4 May 2011). Singer Amrita Kak is just chilling at the moment. DNA
- ↑ Shukla, Richa. (24 October 2013). Amrita Kak Jhunjhunwala performs at Sufi festival. The Times of India
- ↑ Vijayakar, Rajiv. (1 July 2011). Style & substance. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃতা কাক” প্ৰবন্ধৰ সংশোধন ৫০৭০৪০ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।