চন্দনা দীক্ষিত এগৰাকী নেপথ্য কণ্ঠশিল্পী। তেওঁ ১৯৯৫ চনত গোবিন্দ আৰু কৰিশ্মা কাপুৰ অভিনীত কুলি নম্বৰ ১ শীৰ্ষক হিন্দী ছবিৰ "হুছন হ্যায় ছুহানা" গীতটো গোৱাৰ বাবে বিখ্যাত।
তেওঁৰ আন এটা জনপ্ৰিয় গীত হৈছে ১৯৯৬ চনৰ ৰক্ষক ছবিৰ "ছেহৰ কি লড়কী"।১ আবেলিৰ শ্লটত ষ্টাৰ প্লাছত সম্প্ৰচাৰিত টেলিভিছন ধাৰাবাহিক ছগুনৰ টাইটেল ট্ৰেকও তেওঁৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল।
২০০২ চনত দীক্ষিতে স্বামীৰ সৈতে আমেৰিকাৰ ৱাশ্বিংটন ৰাজ্যলৈ গুচি যায়। তাত তেওঁ "স্ৱৰংগন স্কুল অৱ মিউজিক" খুলি শাস্ত্ৰীয় সংগীতৰ শিক্ষা দিয়ে।২৩
কণ্ঠদান কৰা ছবিৰ তালিকা
- ১৯৯৫: কুলি নম্বৰ ১
- ১৯৯৬: ৰক্ষক
- ১৯৯৬: দানবীৰ
- ১৯৯৭: ভাই
- ১৯৯৭: ঔজাৰ
- ১৯৯৮: চৰ উঠা কে জিও
- ১৯৯৮: জানে জিগৰ
- ১৯৯৯: ৰাৱয়ী চন্দামামা
- ২০০১: বগাৱত এক জংগ
- ২০০৩: আঁচ
- ২০১৯: খান্দানী ছফাখানা
- ২০২০: কুলি নম্বৰ ১
তথ্যসূত্ৰ
- ↑ About Chandana Dixit. Chandana Dixit
- ↑ (7 August 2014). Embracing the Bollywood phenomenon. The Seattle Times
- ↑ Welcome to Swarangan School of Music. Swarangan School of Music
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দনা দীক্ষিত” প্ৰবন্ধৰ সংশোধন ৪৯৯৮৩৫ (৩০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।