হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী
৮৪ প্ৰবন্ধ
-
আমিৰবাই কৰ্ণাটকী
আমিৰবাই কৰ্ণাটকী ( Amirbai Karnataki; ১৯০৬–৩ মাৰ্চ ১৯৬৫) এগৰাকী হিন্দী চলচ্চিত্ৰৰ আৰম্ভণী কালৰ অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ 'কানাড়া ককিলা' নামে প্ৰখ্যাত আছিল। মহাত্মা গান্ধীয়ে তেওঁ গোৱা 'বৈষ্ণৱ জন তো' গীতটোৰ পৰম ভক্ত আছিল।
-
খুৰশীদ বানো
খুৰশীদ বানো (Khursheed Bano; ১৪ এপ্ৰিল ১৯১৪-১৮ এপ্ৰিল ২০০১) এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী আছিল। ১৯৩১ চনত তেওঁ নিৰ্বাক চলচ্চিত্ৰৰে কৰ্মজীৱনৰ পাতনি মেলি একে বছৰৰ ভিতৰত সবাক চলচ্চিত্ৰত জড়িত হৈছিল।
-
জোহৰাবাই অম্বালেৱালী
জোহৰাবাই অম্বালেৱালী ( Zohrabai Ambalewali; ১৯১৮-২১ ফেব্ৰুৱাৰী ১৯৯০) ১৯৩০ আৰু ১৯৪০ৰ দশকৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী তথা হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী আছিল।
-
পি. সুশীলা
পুলাপাকা সুশীলা ( Pulapaka Susheela; জন্ম: ১৩ নৱেম্বৰ ১৯৩৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী; যাৰ জনপ্ৰিয় নাম পি. সুশীলা। বিভিন্ন ভাৰতীয় ভাষাত অভিলেখ সংখ্যক গীত পৰিবেশন কৰাৰ বাবে তেওঁক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ লগতে এছিয়া বুক অৱ ৰেকৰ্ডছৰ পৰাও স্বীকৃতি দিয়া হৈছে।
-
বিনোদ ৰাথোৰ
বিনোদ ৰাথোৰ (Vinod Rathod; জন্ম: ১২ চেপ্তেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত গীত গায়। তেওঁ আছিল শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত চতুৰ্ভুজ ৰাথোৰৰ পুত্ৰ।
-
বিশাল মিশ্ৰা (সুৰকাৰ)
বিশাল মিশ্ৰা এগৰাকী ভাৰতীয় সংগীত সুৰকাৰ আৰু নেপথ্য কণ্ঠশিল্পী। তেওঁ প্ৰথমে ডিডি নেচনেলত সম্প্ৰচাৰিত এটি ৰিয়েলিটি শ্ব’ত অভিনয় কৰিছিল। সংগীত জগতৰ প্ৰাৰম্ভিক দিনবোৰত মিশ্ৰাক পৰিচালনা কৰিছিল যতীন–ললিত সুৰকাৰ যুটিৰ ললিত পণ্ডিতে।
-
শিল্পা ৰাও
শিল্পা ৰাও (Shilpa Rao; জন্ম: অপেক্ষা ৰাও; ১১ এপ্ৰিল ১৯৮৪) জামছেদপুৰত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হোৱা এগৰাকী ভাৰতীয় গায়িকা। মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা এপ্লাইড ষ্টেটিষ্টিকছত স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তিনি বছৰ জিংগল গায়িকা হিচাপে কাম কৰে।
-
কবি প্ৰদীপ
কবি প্ৰদীপ (জন্ম:ৰামচন্দ্ৰ নাৰায়ণজী দ্বিবেদী; Kavi Pradeep; ৬ ফ্ৰেব্ৰুৱাৰী ১৯১৫-১১ ডিচেম্বৰ ১৯৯৮) এজন ভাৰতীয় কবি। চীন-ভাৰত যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই লিখা য়ে মেৰে ৱতন কে লোগো নামৰ দেশপ্ৰেমমূলক গীতটোৰ বাবে কবি প্ৰদীপ বিশেষভাৱে জনাজাত।
-
কে. এচ. চিত্ৰা
কৃষ্ণন নায়াৰ শান্তাকুমাৰী চিত্ৰা (Krishnan Nair Shantakumari Chithra; জন্ম: ২৭ জুলাই ১৯৬৩) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু কৰ্ণাটকী সংগীতজ্ঞ। তেওঁ চমুকৈ কে.এচ. চিত্ৰা বা চিত্ৰা বুলি জনা যায়।
-
লাকী আলী
মকছুদ মহমুদ আলী ( ( Maqsood Mahmood Ali; জন্ম: ১৯ ছেপ্টেম্বৰ ১৯৫৮), লাকী আলী নামেৰে বেছি পৰিচিত, এজন ভাৰতীয় গায়ক, গীতিকাৰ, অভিনেতা। ভাৰতীয় সংগীতত পপ সংস্কৃতি আৰু এলবাম জনপ্ৰিয় কৰাৰ বাবে তেওঁক গুৰুত্বপূৰ্ণ শিল্পী হিচাপে গণ্য কৰা হয় আৰু ভাৰতৰ অন্যতম উন্নত শিল্পী হিচাপে গণ্য কৰা হয়।
-
সুলক্ষণা পণ্ডিত
সুলক্ষণা প্ৰতাপ নাৰায়ণ পণ্ডিত ( Sulakshana Pratap Narain Pandit; জন্ম ১৯৫৪) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু বলীউডৰ পূৰ্বৰ নায়িকা। সংগীত পৰিচালক জুটী যতীন-ললিত তেওঁৰ ভাতৃ। লাভ ষ্টোৰী ছবিৰে অভিনয় জগতত পদাৰ্পন কৰা অভিনেত্ৰী বিজয়তা পণ্ডিত তেওঁৰ ভনীয়েক।
-
আলিছা চিনাই
আলিছা চিনাই (Alisha Chinai; জন্ম: ১৮ মাৰ্চ ১৯৬৫) ১৯৮৫ চনত যাদু এলবামৰ জৰিয়তে তেওঁৰ গায়কী জীৱন আৰম্ভ হয় আৰু ১৯৯০ চনৰ ভিতৰত তেওঁ ইণ্ডি-পপৰ ৰাণী অভিধা অৰ্জন কৰে। নব্বৈৰ দশকৰ সময়ছোৱাত অনু মালিক আৰু বিদ্দুৰ প্ৰযোজনাত তেওঁৰ আটাইতকৈ পৰিচিত গীতসমূহ সৃষ্টি হৈছিল।
-
কুন্দনলাল চাইগল
কুন্দনলাল চাইগল (Kundan Lal Saigal) কুন্দনলাল চাইগল আছিল ভাৰতীয় চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতাআৰু পাৰ্শ্ব গায়ক। কুন্দন লাল চাইগল চমুকৈ কে এল চাইগলক হিন্দীচলচ্চিত্ৰ উদ্যোগৰ প্ৰথম চুপাৰষ্টাৰ হিচাপে হিচাপে গণ্য কৰা হৈছিল। সেই সময়ত কলিকতা আছিল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কেন্দ্ৰস্থল।
-
ডেনি ডেনজংপা
ডেনি ডেনজোংপা এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, গায়ক, চলচ্চিত্ৰ পৰিচালক আৰু এজন সফল ব্যৱসায়ী। তেওঁ মুখ্যতঃ বলীউডৰ চলচ্চিত্ৰত কাম কৰিছে যদিও কেইবাখনো নেপালী, তামিল, বাংলা আৰু তেলেগু চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ ১৯৭১ চনৰপৰা প্ৰায় ১৯০খন হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
সুচিত্ৰা পিল্লাই
সুচিত্ৰা পিল্লাই (Suchitra Pillai; জন্ম: ২৭ আগষ্টত ১৯৭০) হৈছে এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, মডেল, অভিযন্তা আৰু ধাৰাভাষ্যকাৰ।
-
অন্বেষা
অন্বেষা (জন্ম:অন্বেষা মিতা দত্তগুপ্ত; ১৫ ডিচেম্বৰ ১৯৯৩) হিন্দী, বাংলা, কানাড়া, তামিল, মাৰাঠী আৰু অন্যান্য ভাৰতীয় ভাষাৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু সুৰকাৰ। প্ৰথমবাৰৰ বাবে ১৩ বছৰ বয়সত ৰিয়েলিটি শ্ব’ “আমুল ষ্টাৰ ভইচ অৱ ইণ্ডিয়া, ছোটে ওস্তাদ”ত অংশ কৰিছিল। অন্বেষা কলকাতাৰ লাইচী স্কুলৰ ছাত্ৰী।
-
আৰতি অংকলীকৰ-টিকেকৰ
আৰতি অংকলীকৰ-টিকেকৰ (Arati Ankalikar-Tikekar, জন্ম: ২৭ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ লগত জড়িত আৰতিয়ে বেছিভাগ মাৰাঠী, কোংকণী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত নেপথ্য কণ্ঠশিল্পী হিচাপে জড়িত।
-
খুছবু গ্ৰেৱাল
খুছবু গ্ৰেৱাল এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ খুছবু কোছাৰ নামেৰেও পৰিচিত। B4Uত ভিজে হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত অভিনেত্ৰী হিচাপে পাঞ্জাবী আৰু হিন্দী ছবিত জড়িত হয়। ৰাজ: দ্য মিষ্ট্ৰী কন্টিনিউজৰ দৰে হিন্দী ছবি আৰু কেৰী অন জাটা আদি পাঞ্জাবী ছবিত অভিনয় কৰিছে।
-
ছাবা আজাদ
ছাবা আজাদ ( Saba Azad; জন্ম: ছাবা সিং গ্ৰেৱাল; ১ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাট পৰিচালক আৰু সংগীতজ্ঞ। মুম্বাইস্থিত ইলেক্ট্ৰ’ ফাংক যুটি মেডবয়/মিংকৰ এক অংশীদাৰ। ইণ্ডী ছবি “দিল কাবাডী”ত (২০০৮) তেওঁ অন্যতম মুখ্য ৰাগা হিচাপে বলীউডত আত্মপ্ৰকাশ কৰে।
-
ছোফী চৌধৰী
ছোফী চৌধুৰী (ইংৰাজী: Sophie Choudry; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮২) ভাৰতত থিতাপি লোৱা এগৰাকী ব্ৰিটিছ কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত সক্ৰিয় হোৱাৰ উপৰিও এগৰাকী এমটিভি ইণ্ডিয়াৰ প্ৰাক্তন ভিডিঅ' জকী (VJ), মডেল আৰু দূৰদৰ্শন উপস্থাপিকা।
-
জোনিতা গান্ধী
জোনিতা গান্ধী (Jonita Gandhi; জন্ম: ২৩ অক্টোবৰ, ১৯৮৯) ভাৰতীয় চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কৰা কামৰ বাবে পৰিচিত এগৰাকী কানাডাৰ গায়িকা। পেছাগতভাৱে জোনিতা নামেৰে জনা যায়। ২০২৪ চনৰ পৰা তেওঁ প্ৰথমবাৰৰ বাবে স্বতন্ত্ৰ ইপি ‘লাভ লাইক ডেট’ মুকলি কৰি একক পপ শিল্পী ৰূপে প্ৰদৰ্শন কৰে।
-
নিখিতা গান্ধী
নিখিতা গান্ধী (Nikhita Gandhi; জন্ম: ১ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে পাঁচটা ভাৰতীয় ভিন্ন ভাষাৰ চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ তামিল, হিন্দী, তেলেগু, বাংলা আৰু কানাড়া চলচ্চিত্ৰ প্ৰকল্পত কাম কৰিছে। তেওঁ ৰাবতাত দীপিকা পাডুকনৰ মুখ হিচাপে "ৰাবতা" টাইটেল ট্ৰেকটো গাইছিল।
-
পায়ল দেৱ
পায়ল দেৱ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু সংগীত পৰিচালক, যিয়ে হিন্দী ছবিৰ বাবে গান গায় আৰু সংগীত ৰচনা কৰে। তেওঁ বাজীৰাও মস্তানী ছবিৰ "অব তোহে জানে না দুংগী" আৰু লগতে নমস্তে ইংলেণ্ডৰ "ভৰে বজাৰ" শীৰ্ষক গীত দুটা গাইছিল। দেৱে খন্দানী ছফাখানা ছবিৰ "দিল জানিয়ে" গীতৰ সুৰকাৰ হিচাপে আত্মপ্ৰকাশ কৰে।
-
বনশ্ৰী সেনগুপ্ত
বনশ্ৰী সেনগুপ্ত (Banasree Sengupta) ভাৰতীয় গায়িকা আছিল। তেওঁ ১৯৮৬ত তৎকালীন চোভিয়েট সংঘৰ সঙ্গীত মঞ্চত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া ভাষাত গীত গাইছে।
-
য়োহানী
য়োহানী দিল'কা ডি চিলভা (Yohani Diloka de Silva, යොහානි දිලෝකා ද සිල්වා) (জন্ম ৩০ জুলাই ১৯৯৩) শ্ৰীলংকাৰ এগৰাকী গায়ক-গীতিকাৰ, ৰেপাৰ, ৰেকৰ্ড প্ৰযোজক আৰু ইউটিউবাৰ। তেওঁ ইউটিউবাৰ হিচাপে তেওঁৰ সংগীত জীৱনৰ পাতনি মেলিছিল। তেওঁৰ 'দেৱিয়াংগে বেৰে'ৰ ৰেপ কভাৰৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছিল।
-
শিপ্ৰা গোৱেল
শিপ্ৰা গোৱেল এগৰাকী ভাৰতীয় গায়িকা। তেওঁ "ইছক বুলাৱা", "অংগ্ৰেজীৱালী মেডাম", "উংলি", "টুট্টি বোলে ৱেডিং দি", "য়াদাঁ তেৰিয়াঁ", "লাভলী ভিএছ পিইউ", "মেইনু ইছক লগা" আৰু "পাৰো" আদি গীতৰ বাবে জনপ্ৰিয়।
-
শোভা গুৰ্টু
শোভা গুৰ্টু ( Shobha Gurtu; ১৯২৫–২০০৪) লঘু হিন্দুস্তানী শাস্ত্ৰীয় শৈলীৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আছিল। বিশুদ্ধ শাস্ত্ৰীয় শৈলীৰ ওপৰতো সমান আধিপত্য আছিল যদিও লঘু শাস্ত্ৰীয় সংগীতৰ দ্বাৰাহে তেওঁ খ্যাতি লাভ কৰিছিল। এটা সমৃদ্ধ কণ্ঠৰ বাবে তেওঁ থুমৰী ৰাণী হিচাপে পৰিচিত হৈছিল।
-
শ্বেতা চেট্টী
শ্বেতা চেট্টী (Shweta Shetty; জন্ম: ২০ জুন ১৯৬৯) এগৰাকী ভাৰতীয় কন্ঠশিল্পী যি তেওঁৰ এলবামৰ বাবে আৰু বলীউড চলচ্চিত্ৰ চাউণ্ডট্ৰেকলৈ তেওঁৰ অৱদানৰ বাবে জনাজাত। তাই হিন্দী আৰু কানাড়া ভাষাত গান গায়।
-
সাৰদা (কণ্ঠশিল্পী)
সাৰদা ৰাজন আয়েংগাৰ বা সাৰদা ( Sharda Rajan Iyengar; ২৫ অক্টোবৰ ১৯৩৭) ১৯৬০ আৰু ১৯৭০ দশকৰ ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। জাহাঁ প্যাৰ মিলে (১৯৭০) ছবিৰ কেবাৰে ‘বাত জৰা হ্যায় আপস কী’ৰে তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল; যদিও তেওঁৰ আটাতকৈ স্মৰণীয় গীত সুৰযৰ (১৯৬৬) ‘তিতলি উড়ি’।
-
স্বৰ্ণলতা
স্বৰ্ণলতা (Swarnalatha; ২৯ এপ্ৰিল ১৯৭৩ – ১২ ছেপ্টেম্বৰ ২০১০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৮৭ চনৰ পৰা মৃত্যুৰ আগলৈকে, প্ৰায় ২২ বছৰীয়া সাংগীতিক জীৱনত তেওঁ তামিল, মালায়ালম, তেলেগু, কানাড়া, হিন্দী, উৰ্দু, বঙালী, উড়িয়া, পাঞ্জাবী আৰু বদাগাকে ধৰি বহু ভাৰতীয় ভাষাত ১০,০০০ৰো অধিক গীত বাণীবদ্ধ…