অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শক্তিশ্ৰী গোপালন

শক্তিশ্ৰী গোপালন এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, কম্পোজাৰ, গীতিকাৰ আৰু পৰিবেশক, যি এ.আৰ. ৰহমানৰ দৰে দক্ষিণ ভাৰতৰ শীৰ্ষ সংগীত পৰিচালকৰ সৈতে সহযোগিতাৰ বাবে জনাজাত। চলচ্চিত্ৰীয় সংগীতৰ বাহিৰেও তেওঁ স্বতন্ত্ৰ সংগীত জগততো নিয়মীয়া অৱদান ৰাখিছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

শক্তিশ্ৰী গোপালন এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, কম্পোজাৰ, গীতিকাৰ আৰু পৰিবেশক, যি এ.আৰ. ৰহমানৰ দৰে দক্ষিণ ভাৰতৰ শীৰ্ষ সংগীত পৰিচালকৰ সৈতে সহযোগিতাৰ বাবে জনাজাত।১ চলচ্চিত্ৰীয় সংগীতৰ বাহিৰেও তেওঁ স্বতন্ত্ৰ সংগীত জগততো নিয়মীয়া অৱদান ৰাখিছে। যোৱা কিছু বছৰ ধৰি তেওঁ পপ, আৰ'এন'বি, ট্ৰিপ-হপ আৰু জাজ বিভিন্ন বেণ্ডৰ সৈতে প্ৰদৰশন কৰিছে।২

একাধিক ভাষাত স্বতন্ত্ৰভাৱে সংগীত পৰিবেশন আৰু মুক্তি দি আহিছে। পেছাত তেওঁ এগৰাকী স্থপতিবিদ, স্কুল অৱ আৰ্কিটেকচাৰ এণ্ড প্লেনিঙৰ স্নাতক।

প্ৰাৰম্ভিক জীৱন

শক্তিশ্ৰী গোপালন কেৰেলাৰ কোচিত ডাঙৰ-দীঘল হয়। তেওঁ স্কুলীয়া শিক্ষা কালামছেৰীৰ ৰাজাগিৰি পাব্লিক স্কুলত সম্পন্ন হয়। স্কুলৰ পিছত চেন্নাইলৈ গুচি যায় আৰু আন্না বিশ্ববিদ্যালয়ৰ স্কুল অৱ আৰ্কিটেকচাৰ এণ্ড প্লেনিঙত স্থাপত্যত ডিগ্ৰী লয়।৩

১৩ বছৰ ধৰি কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণ লৈছিল। একাদশ শ্ৰেণীত পঢ়ি থাকোঁতে এছ এছ মিউজিকে ভইচ হাণ্ট ১ আয়োজন কৰিছিল। যিহেতু তেওঁৰ বয়স ১৮ বছৰৰ তলৰ আছিল, সেয়েহে তেওঁ অডিচন দিয়ে ক্ষান্ত থাকিবলগীয়া হৈছিল। ২০০৮ চনত এছ এছ মিউজিকৰ ভইচ হাণ্টৰ দ্বিতীয় ছিজনত তেওঁ জয়ী হয়। ২০০৮ চনৰ নৱেম্বৰ মাহত তেওঁ প্ৰথমবাৰৰ বাবে অডিচন দিয়ে আৰু টেক্সি ৪৭৭৭ ছবিখনৰ বাবে প্ৰথম গীত গোৱাৰ সুযোগ পায়।৪৫

তথ্যসূত্ৰ

  1. ↑ (July 15, 2017). Narrow-minded and insensitive: Singer Shakthisree Gopalan on Rahman concert walk out. New Indian Express
  2. ↑ Know your stars: Shakthisree Gopalan. Indian Rock MP3
  3. ↑ (15 November 2012). Singing away to glory. The Hindu
  4. ↑ Kamath, Sudhish. (13 January 2011). Three's Company. The Hindu
  5. ↑ Ramanujam, Srinivasa. (2015-11-05). Taking the retro route. The Hindu

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শক্তিশ্ৰী গোপালন” প্ৰবন্ধৰ সংশোধন ৬৪০২২৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।