অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অম্ৰুতা ফাদনবিছ

অম্ৰুতা ফাদনবিছ (Amruta Fadnavis; জন্ম: ৯ এপ্ৰিল ১৯৭৯) এগৰাকী ভাৰতীয় বেংকাৰ, অভিনেত্ৰী, গায়িকা আৰু সমাজ কৰ্মী আৰু মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছৰ পত্নী। তেওঁ এক্সিছ বেংকৰ উপাধ্যক্ষ পদত অধিষ্ঠিত।

হালনাগাদ: ৩০ মাৰ্চ ২০২৫ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

অম্ৰুতা ফাদনবিছ (Amruta Fadnavis; জন্ম: ৯ এপ্ৰিল ১৯৭৯) এগৰাকী ভাৰতীয় বেংকাৰ, অভিনেত্ৰী, গায়িকা আৰু সমাজ কৰ্মী আৰু মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছৰ পত্নী। তেওঁ এক্সিছ বেংকৰ উপাধ্যক্ষ পদত অধিষ্ঠিত।১২ আন্তঃৰাষ্ট্ৰীয় খ্ৰীষ্টান বিশ্বাস ভিত্তিক সমাৱেশ ‘নেচনেল প্ৰেয়াৰ ব্ৰেকফাষ্ট ২০১৭’ত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৩৪৫

প্ৰাৰম্ভিক আৰু কৰ্মজীৱন

১৯৭৯ চনৰ ৯ এপ্ৰিলত মহাৰাষ্ট্ৰৰ নাগপুৰত অম্ৰুতা ৰানাডে নামেৰে জন্মগ্ৰহণ কৰে। তেওঁৰ দেউতাক চকু চিকিৎসক শৰদ ৰানাদে আৰু মাক স্ত্ৰীৰোগ বিশেষজ্ঞ চাৰুলতা ৰানাদে। তেওঁ নাগপুৰৰ ছেইণ্ট জোচেফ কনভেণ্ট স্কুলত অধ্যয়ন কৰিছিল। অম্ৰুতা ১৬ বছৰৰ তলৰ ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ আছিল।৬ নাগপুৰৰ জি.এছ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা স্নাতক ডিগ্ৰী লয়। পিছলৈ তেওঁ ফাইনেঞ্চত এম বি এ ডিগ্ৰী লাভ কৰে আৰু পুনেৰ চিম্বায়'ছিছ ল স্কুলত কৰ আইন অধ্যয়ন কৰে।৭

২০০৩ চনত ফাদনাবিছে এক্সিছ বেংকৰ কাৰ্যবাহী কেচিয়াৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু তাৰ পিছত নাগপুৰত এক্সিছ বেংকৰ ব্যৱসায়িক শাখাৰ নেতৃত্ব দিয়ে।৮

তথ্যসূত্ৰ

  1. ↑ Mehta, Tejas. (1 March 2016). This New Singer Debuting In Bollywood Is A Chief Minister's Wife. NDTV
  2. ↑ Mathur, Barkha. (29 October 2014). Fadnavis's banker wife to seek transfer from Nagpur. The Times of India
  3. ↑ (8 February 2017). Amruta Fadnavis attends 'National Prayer Breakfast' in the US. Business Standard. Press Trust of India
  4. ↑ PTI. (8 February 2017). Amruta Fadnavis attends National Prayer Breakfast in the US. India Today
  5. ↑ (7 February 2017). Amruta Fadnavis talks on drought in US. The Indian Express
  6. ↑ (31 October 2014). I used to call him sir, have never demanded his time: Amruta Fadnavis. The Indian Express
  7. ↑ Desai, Geeta. (2 November 2014). How my life changed in 24 hours: Maharashtra Chief Minister Devendra Fadnavis' wife speaks. DNA India
  8. ↑ (14 January 2015). Like being a Banker but love being a Mom more - Amruta Fadnavis. Nagpur Today

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্ৰুতা ফাদনবিছ” প্ৰবন্ধৰ সংশোধন ৪৯৯৮৪১ (৩০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।