অনুপমা (Annupamaa) তামিলনাডুৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। বিশেষকৈ থিৰুদা থিৰুদা ছবিৰ "চন্দ্ৰলেখা" গীতটিৰ বাবে তেওঁ পৰিচিত। তেওঁ কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণো লাভ কৰিছে আৰু ট্ৰিনিটি কলেজ লণ্ডনৰ ৬ষ্ঠ গ্ৰেডৰ একক পিয়ানোবাদক। ১
১৯৬৮ চনৰ ২ ছেপ্টেম্বৰত ভাৰতৰ তামিলনাডুৰ চেন্নাইত জন্মগ্ৰহণ কৰা অনুপমা কৃষ্ণস্বামীয়ে চাৰি বছৰ বয়সৰ পৰাই কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিল আৰু আঠ বছৰ বয়সৰ পৰাই স্কুলীয়া প্ৰতিযোগিতাত গান গাবলৈ আৰম্ভ কৰিছিল। নতুন দিল্লীৰ ছেইণ্ট এন্থনীছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ১৯৮৯ চনত নতুন দিল্লীৰ কমলা নেহৰু কলেজৰ পৰা ইংৰাজী বিষয়ত বি এ ডিগ্ৰী লাভ কৰি গায়িকা হোৱাৰ আকৰ্ষণৰ বাবে নতুন দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচনৰ পৰা গণসংযোগ পাঠ্যক্ৰম এৰি দিয়ে।
অনুপমাই অপ্টিমা ৰেচপন্সৰ কাৰ্যবাহী উপাধ্যক্ষ আৰু নেচনেল ক্ৰিয়েটিভ ডাইৰেক্টৰ জে মুৰলী কৃষ্ণনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোক চেন্নাইত থাকে। ২
গণসংযোগ বিভাগৰ ছাত্ৰী হৈ থকা দিনত অনুপমাই কলেজৰ প্ৰতিযোগিতাত অংশ লৈছিল। এড এজেন্সীৰ কপি ট্ৰেইনী হিচাপে তেওঁ বিজ্ঞাপন উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিল। ৩
তথ্যসূত্ৰ
- ↑ Saravanan, T. (2015-10-30). In her own style. The Hindu
- ↑ 'CHANDRALEKHA Anupama
- ↑ (12 February 2002). Singer with style. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপমা” প্ৰবন্ধৰ সংশোধন ৫০৭০১৪ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।