অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পামেলা চোপ্ৰা

পামেলা চোপ্ৰা (Pamela Chopra; জন্ম: সিং; ২৯ জুলাই ১৯৪৮ – ২০ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আছিল। তেওঁ বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ পৰিচালক যশ চোপ্ৰাৰ পত্নী, আৰু নিজস্ব অধিকাৰত এগৰাকী চলচ্চিত্ৰ লেখিকা আৰু প্ৰযোজক আছিল। চোপ্ৰাই ছবিৰ সৈতে কেইবাটাও জড়িত আছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৫ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পামেলা চোপ্ৰা (Pamela Chopra; জন্ম: সিং; ২৯ জুলাই ১৯৪৮ – ২০ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আছিল। তেওঁ বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ পৰিচালক য়শ চোপ্ৰাৰ পত্নী, আৰু নিজস্ব অধিকাৰত এগৰাকী চলচ্চিত্ৰ লেখিকা আৰু প্ৰযোজক আছিল।

চোপ্ৰাই ছবিৰ সৈতে কেইবাটাও জড়িত আছিল। কভি কভি (১৯৭৬) আৰু মুঝছে দোস্তী কৰোগেকে (২০০২) ধৰি কেইবাখনো চলচ্চিত্ৰত তেওঁ গীত গাইছিল। স্বামীয়ে নিৰ্মাণ কৰা কিছুমান বিশেষ ছবিৰ ক্ৰেডিটত ‘প্ৰযোজক’ হিচাপেও তেওঁৰ নাম প্ৰকাশ পাইছিল।১

ব্যক্তিগত জীৱন

১৯৭০ চনত পামেলা চোপ্ৰাই ছবি নিৰ্মাতা যশ চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পৰম্পৰাগত ভাৰতীয় পদ্ধতিৰে তেওঁলোকৰ পৰিয়ালে এই বিবাহৰ ব্যৱস্থা কৰিছিল। চলচ্চিত্ৰ নিৰ্মাতা ৰমেশ শৰ্মাৰ (হাম ছবিৰ প্ৰযোজক) মাতৃ দুয়োটা পৰিয়ালৰ এজন উমৈহতীয়া বন্ধু আছিল। শৰ্মাৰ মাতৃয়ে বি আৰ চোপ্ৰাৰ পত্নীৰ সৈতে যোগাযোগ কৰি পামেলা সিং বি আৰ চোপ্ৰাৰ ভায়েক যশ চোপ্ৰাৰ বাবে 'আদৰ্শ কইনা' হ'ব বুলি পৰামৰ্শ দিয়ে।২

তেওঁলোকৰ দুজন পুত্ৰ আছিল আদিত্য (জন্ম ১৯৭১) আৰু উদয় (জন্ম ১৯৭৩)।৩ আদিত্য এগৰাকী চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক। অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ সৈতে তেওঁৰ বিবাহ হয়। উদয় এজন অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক।

মৃত্যু

২০২৩ চনৰ ২০ এপ্ৰিলত, ৭৫ বছৰ বয়সত মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত নিউমোনিয়াত আক্ৰান্ত হৈ পামেলা চোপ্ৰাৰ মৃত্যু হয়। ‘বয়স সম্পৰ্কীয় সমস্যা’ৰ বাবে তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তেওঁৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিছিল, মৃত্যুৰ সময়ত তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল।৪

তথ্যসূত্ৰ

  1. ↑ Parker, Shaheen. (24 October 2012). Yashji was always Pam's priority: Simi Garewal. Mid-Day
  2. ↑ N, PATCY. 'I was told Yash and Mumtaz were 'just friends.' That wasn't the truth!'. Rediff
  3. ↑ (22 October 2012). The life and times of Yash Chopra. Pune Mirror
  4. ↑ Yash Chopra's wife Pamela Chopra passes away at 74. The Times of India

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰ প্ৰযোজকহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পামেলা চোপ্ৰা” প্ৰবন্ধৰ সংশোধন ৪৯৯৭৩২ (৩০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।