অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আকৃতি কক্কৰ

আকৃতি কক্কৰ এগৰাকী ভাৰতীয় গায়িকা আৰু সুৰকাৰ। তেওঁৰ গীত হাম্পটি শৰ্মা কি দুলহানিয়া ছবিৰ "চেটাৰ্ডে চেটাৰ্ডে" আৰু ২ ষ্টেটৰ "ইস্কি উস্কি" জনপ্ৰিয় হৈ উঠে। আকৃতি জি বাংলাৰ ছাৰেগামাপা: লি'ল চেম্পছৰ বিচাৰক আছিল আৰু কালাৰছ টিভিৰ ঝলক দিখলা যাত পৰিবেশন কৰিবলৈ ওলাইছিল।

হালনাগাদ: ৬ এপ্ৰিল ২০২৬ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

আকৃতি কক্কৰ১ এগৰাকী ভাৰতীয় গায়িকা আৰু সুৰকাৰ।২ তেওঁৰ গীত হাম্পটি শৰ্মা কি দুলহানিয়া ছবিৰ "চেটাৰ্ডে চেটাৰ্ডে" আৰু ২ ষ্টেটৰ "ইস্কি উস্কি" জনপ্ৰিয় হৈ উঠে।৩ আকৃতি জি বাংলাৰ ছাৰেগামাপা: লি'ল চেম্পছৰ বিচাৰক আছিল আৰু কালাৰছ টিভিৰ ঝলক দিখলা যাত পৰিবেশন কৰিবলৈ ওলাইছিল।৪

আকৃতিয়ে তেওঁৰ নন-বলিউড প্লেবেক একক এলবাম “আকৃতি” ২০১০ চনৰ এপ্ৰিল মাহত চনী মিউজিক ইণ্ডিয়াৰ অধীনত মুক্তি পায়। গীতসমূহ ৰচনা কৰিছিল শংকৰ মহাদেৱন আৰু আকৃতি ককৰে নিজে।৫

ব্যক্তিগত জীৱন

ককৰৰ জন্ম ৭ আগষ্টত হৈছিল৬ আৰু দিল্লীত ডাঙৰ-দীঘল হৈছিল।৭ তেওঁৰ দুগৰাকী যমজ ভগ্নী আছে, সুকৃতি ককৰ আৰু প্ৰকৃতি ককৰ। আটাইকেইগৰাকীয়ে পেছাদাৰী নেপথ্য কণ্ঠশিল্পী।৮

২০১৬ চনৰ মাৰ্চ মাহত ককৰে পৰিচালক চিৰাগ অৰোৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[6] ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁলোকৰ এটা পুত্ৰ সন্তান জন্ম হয়।৯

তথ্যসূত্ৰ

  1. ↑ Akriti Kakar. akritikakar.com
  2. ↑ (25 August 2016). Akriti Kakar Turns Composer With Batti Gul. NDTV. IANS
  3. ↑ Mishra, Abhimanyu. (25 September 2014). Akriti Kakkar: Very few people in Bollywood stood by me when I was a struggler. The Times of India
  4. ↑ Maheshwari, Neha. (2 July 2014). Singer Akriti Kakar in Jhalak Dikhhla Jaa. The Times of India
  5. ↑ (April 2010). Singer Akriti with Shankar Mahadevan at the launch of her music album at Le Sutra, Mumbai. (Pic: Viral Bhayani). দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Kumar, Ramesh. (7 August 2022). Akriti Kakar Birthday Spl: जितनी बेहतरीन आवाज, उससे कहीं ज्यादा ग्लैमरस हैं आकृति, जानें सिंगर की ये खास बातें. News18 हिंदी
  7. ↑ Kamat, Payal. (5 April 2010). A sound venture. Mid Day
  8. ↑ Vajpayee, Saumya. (10 April 2023). Siblings Day: Sisters Akriti, Sukriti, Prakriti talk about their bond. Hindustan Times
  9. ↑ (3 November 2023). Singer Akriti Kakar blessed with a baby boy. The Times of India. ANI

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকৃতি কক্কৰ” প্ৰবন্ধৰ সংশোধন ৬০০০৭৫ (৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।